দেউতাকে ক’লে-
-“এৰা; সিহঁতেও বৰ ফুৰ্তি পালে। তাৰ পিছত দুয়ো ভাই বেলুন বনোৱা আৰু গৰম ধোঁৱাৰ বায়ু ভৰাই উৰোৱা কামত লাগি গ’ল৷ সঁচাকৈয়ে কাপোৰৰ বেলুন আকাশত উৰি ফুৰিল। তাকে চাবলৈ মানুহৰ ভিৰ লাগিল।”
-“বেলুনত সিহঁতো গৈছিলনে দেউতা?” কণমানি মুনে সুধিলে। তাইৰো হেঁপাহ দেখি দেউতাকে হাঁহিলে। ক’লে - “প্ৰথমে ভেৰা আৰু পাতিহাঁহ দুটামানহে উঠিল। গোটোং ধৰণৰ সিহঁতে এলুমিনিয়ামৰ চৰিয়া এটা তাত বান্ধি হাঁহ কেইটা তুলি দি - চালে - জীৱ যাব পাৰে নে নোৱাৰে। এই কথাশুনি চাবলৈ ফ্ৰান্সৰ ৰজা লুইও ঢপলিয়াই আহিছিল। ৮ মিনিট সময়ত আকাশত উৰি সিহঁতে ডেৰমাইলমান দূৰত গৈ মাটিত পৰিলহি। পিছে একো হানি বিঘিনি নহ’ল দেই-।”
-“আঁও -!! বিধুকায়ে বিচূৰ্ত্তি খালে।
দেউতাকে পুনৰ কৈ গ’ল-
-“জন যোচেকৰ সাহস বাঢ়িল। এইবাৰ সিহঁতে মানুহ পঠিয়াবলৈ যো-জা কৰিলে! ৰজাইও টকা-পইচাৰে সহায় কৰিলে। বেলুনত যাবলৈ মৰিলেও মৰিব বুলি আচামী এটাও দিলে। তাকে দেখি মহা পণ্ডিত এজনে বোলে- প্ৰথম আকাশলৈ কয়দীহে যাবনে? মই যাম। তেওঁৰ লগত ডেকাল'ৰা এটাও যাবলৈ ওলাল। জনহঁতে নিখুঁত বেলুন এটা তৈয়াৰ কৰি গৰম ধোঁৱা বায়ু ভৰালে। ভালদৰে বান্ধি তলত মানুহ যাব পৰা ব্যৱস্থা কৰিলে। দুয়োজন বেলুনত উঠিল। শশ মানুহে চাবলৈ