আব্ৰাহাম লিঙ্কনৰ বক্তৃতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]
 
 

আব্ৰাহাম লিঙ্কনৰ
বক্তৃতা

 

[  ]
 

এই পুস্তিকাখনিৰ প্ৰচ্ছদপটত দিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ষোড়শ প্ৰেচিডেণ্ট আব্ৰাহাম
লিঙ্কনৰ প্ৰতিকৃতিটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চতুস্ত্ৰিংশতম প্ৰেচিডেণ্ট ডিৱাইট্ ডি.
আইচেনহাওৱাৰে আঁকিছে। ছৱি আঁকাটো মিঃ আইচেনহাওৱাৰৰ অন্যতম নিছা।

 

[  ]
 

আব্ৰাহাম লিঙ্কনৰ বক্তব্য

এগৰাকী মহান মাৰ্কিন নেতাৰ নিৰ্ব্বাচিত
ভাষণ, বাণী আৰু ৰচনাৱলী

 

[  ]
 

ভূমিকা

 

 “এই ঠাইত আমি যি কেই-আষাৰ কথা কম, বিশ্ববাসীয়ে তাৰ লেখ নলয় আৰু কোনেও বেছিদিনলৈ মনতো নেৰাখিব।”

 যোৱা ১৮৬৩ চনৰ ১৯ নবেম্বৰৰ দিনা পেন্‌চিল্‌ভেনিয়াৰ গেটীচ্‌বাৰ্গত আব্ৰাহাম লিঙ্কনে এইদৰে অতি বিনম্ৰভাবে ভাষণ দিয়ে। এইটো আছিল তেওঁৰ আন্তৰিক অভিমত। তেওঁৰ কেইষাৰিমান সাধাৰণ কথাকে ৰাইজে নো সুৱঁৰি থাকিব কেলেই? কিয়নো এই ঠাইতেই এখন তয়াময়া ৰণত ভালেমানে প্ৰাণ বিসৰ্জন দিলে আৰু মাথোন এই ৰণৰ কাৰণেই গেটীচ্‌বাৰ্গৰ নাম চিৰস্মৰণীয় হৈ থাকিব।

 তথাপিও কিন্তু লিঙ্কনে এই খিনিতে এনে ভবাটো অমূলক আছিল। সেইদিনা তেওঁ যি কেই আষাৰ সাধাৰণ কথা কৈছিল, আজিও তাক ৰাইজে সুৱঁৰি আছে আৰু আগলৈকেও থাকিব— যেতিয়ালৈকে তেওঁৰ এই ভাষণপ্ৰসূত আদৰ্শসমূহ মানুহৰ কাম্য হৈ থাকিব। প্ৰসিদ্ধ গেটীচবাৰ্গ ভাষণত বাগ্মিতাপূৰ্ণ অথচ সংক্ষিপ্তভাৱে এইবোৰ আদৰ্শকেই দাঙি ধৰা হৈছিল।

 গেটীচবাৰ্গ ভাষণৰ দৰে লিঙ্কনে তেওঁৰ জীৱিত কালত দিয়া আনবোৰ ভাষণ আৰু লিখা ৰচনাৱলীও “যাউতি যুগীয়া হৈ থাকিব” বুলি আশা কৰা নাছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ পিছত জাতিৰ অতিশয় সঙ্কটপূৰ্ণ কালছোৱাত তেওঁ দেশৰ প্ৰেচিডেণ্ট পদত অধিষ্ঠিত আছিল। তেওঁ অৱশ্যে জানিছিল যে তেওঁ বুৰঞ্জীৰ গঢ় দিব ধৰিছে। তেওঁৰ ওপৰত ন্যস্ত এই মহান্ দায়িত্ব সম্পৰ্কে তেওঁ সম্পূৰ্ণভাবেসচেতন আছিল আৰু দেশবাসীৰ আগত ভাষণ দিওঁতে শব্দ-বাচনিত সতৰ্ক হৈছিল। কিন্তু সেই বুলি তেওঁৰ ভাষণে ৰাইজৰ অন্তৰ পৰশিব পাৰিছিল।

 “ৰাইজৰ কাৰণে, ৰাইজৰ দ্বাৰা নিৰ্ব্বাচিত, ৰাইজৰ চৰকাৰ”ৰ মুখ্য কম্মকৰ্ত্তা হিচাবে দেশবাসীৰ ওঁপৰত এনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰিছিল যাতে তেওঁলোকে উচিত সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাক মানি চলে। এয়েই আছিল তেওঁৰ বক্তৃতা আৰু ৰচনাৰ মূল [  ] লক্ষ্য। অকল মাৰ্কিন যুক্তৰাষ্ট্ৰৰেই নহয়, লগতে সমগ্ৰ বিশ্বৰেই অগনণ ভাবী বংশধৰসকলে যে তেওঁৰ ভাষণবোৰ পঢ়িব আৰু অনুশীলন কৰিব আৰু সেইবোৰ লৈ দকৈ চিন্তা কৰিব সেই কথা এই সৰল মানুহ গৰাকীৰ মনলৈ অহা নাছিল। মাথোঁ কেই বছৰমান আগতে তেওঁ বন্ধু এজনলৈ এইদৰে লিখিছিল—

 “মই সৰল সহজভাৱে এই কথা কবই লাগিব যে মই প্ৰেচিডেণ্ট পদৰ কাৰণে নিজকে উপযুক্ত বুলি বিবেচনা নকৰোঁ।”

 কিন্তু আজি লিঙ্কন ইহলোকৰ পৰা বিদায় লোৱাৰ প্ৰায় এশবছৰ হল আৰু এই সময়ছোৱাৰ ভিতৰত অকল প্ৰেচিডেণ্ট হৈ থকা সময়তেই নহয় জীৱনৰ আন সময়তো তেওঁ যিবোৰ কথা কৈছিল বা লিখিছিল সেইবোৰ অতি আগ্ৰহেৰে সংগ্ৰহ কৰা হৈছে, যতনেৰে সংৰক্ষণ কৰা হৈছে, প্ৰকাশ কৰা হৈছে আৰু পুনঃপ্ৰকাশ কৰা হৈছে। কাৰ্ল চেণ্ডবাৰ্গ নামৰ তেওঁৰ এগৰাকী প্ৰসিদ্ধ জীৱনী-লিখোঁতাই আঙুলিয়াই দিছে যে, লিঙ্কনৰ ছপা হৈ ওলোৱা ভাষণ আৰু ৰচনাৱলীৰ শব্দৰ সংখ্যা সম্প্ৰতি মুঠ ১,০৭৮,৩৬৫টা হব।

 লিঙ্কচৰ ভাষণ আৰু ৰচনাণাৱলী মাৰ্কিন ৰাইজৰ মহান্ ঐতিহ্য সমৃদ্ধ কৰি তুলিছে। তেওঁৰ দেড়শ বছৰীয়া জন্মদিবস উপলক্ষ্যে যুগুত কৰা এই পুস্তিকাখনিত ইয়াৰে নিৰ্ব্বাচিত কেইটিমান ৰচনা উদ্ধত কৰি দিয়া হল।

 লিঙ্কনৰ সম্পূৰ্ণ ৰচনাৱলীৰ বিশিষ্ট সম্পাদক ৰয় পি বেছলাৰৰ ভাষাত কবলৈ গলে— “ইয়াত প্ৰকাশ পাইছে মহান্ অন্তৰৰ বৈশিষ্ট্য য’ৰ পৰা তেওঁ আদৰ্শত অটল অচল, থাকিবলৈ, কৰ্ত্তব্যত ন্যায় পৰায়ণ হবলৈ আৰু ভাষণত মাধুৰ্য্য দিয়াৰ প্ৰেৰণা পাইছে। তেওঁৰ বিবেকত আছিল নবযুগ সৃষ্টিৰ প্ৰেৰণা আৰু তেওঁতেই এতিয়াও মূৰ্ত্ত হৈছে উনবিংশ শতাব্দীৰ আমেৰিকা। লিঙ্কনৰ আন্তৰিক দেশাত্মবোধৰ কথাত যেনেকৈ সন্দেহৰ অৱকাশ নাই আৰু তাৰ প্ৰকাশভঙ্গীও যেনেকৈ অননুকৰণীয়, তেনেকৈ তেওঁৰ মুখনিঃসৃত কথাবোৰো তেওঁৰ যুগৰ স্থায়ী প্ৰতিভূ হিচাবে বৰ্ত্তমান থাকিব। এইদৰে আমি তেওঁক যিমানেই দকৈ অনুশীলন কৰোঁ তিমানেই পৌৰাণিক চৰিত্ৰৰ দৰে তেওঁক মানুহতকৈ এধাপ ওপৰত আসন দিবলৈ বিচাৰোঁ। ব্যক্তিগত নাগৰিক আৰু প্ৰেচিডেণ্ট হিচাবে তেওঁৰ কীৰ্ত্তিসমূহৰ ঘটনাগত তাৎপৰ্য্য সময়ৰ সোঁতত বিলীন হৈ যাব পাৰে, কিন্তু তেওঁৰ ভাষণ সমূহৰ চিৰন্তন সত্য আমি সদায় উপলব্ধি কৰি থাকিম।”

দ্ৰঃ ওপৰত মিঃ ৰয় পি বেছলাৰৰ উদ্ধৃত কথাখিনি ‘এব্ৰাহাম লিঙ্কন: তেওঁৰ ভাষণ আৰু ৰচনাৱলী’— কিতাপখনিৰ পাতনিৰ পৰা তুলি দিয়া হৈছে। কিতাপখন মিঃ বেছলাৰৰ দ্বাৰা সম্পাদিত আৰু ‘দি ৱাৰ্ল্ড পাব্লিশিং কোম্পানী’ৰ দ্বাৰা প্ৰকাশিত। আৰু তেওঁলাকৰ অনুমোদন ক্ৰমে ইয়াত পুনমুদ্ৰন কৰা হৈছে। (চি) ১৯৪৬, “দি ৱাৰ্ল্ড পাব্লিশ্বিং কোম্পানী”।
 

জীৱনৰ আগছোৱা

[  ]
 

১। জীৱনৰ আগছোৱা

 

[  ]
 
 
[ ১০ ]
 

প্ৰথম ৰাজহুৱা বিবৃতি

 

 লিঙ্কনে ইলিনয়চ্ সাধাৰণ পৰিষদৰ এটি আসনৰ প্ৰাৰ্থী হৈ দিয়া বিবৃতিটোৰেই তেওঁৰ প্ৰথম ৰাজহুৱা বিবৃতি বুলি জনাজাত। তেওঁ এই বিবৃতি দিছিল ১৮৩২ চনত; তেতিয়া তেওঁৰ বয়স মাথোন ২৩ বছৰ। স্থানীয় আইন সম্পৰ্কে তেওঁৰ অভিমতৰ বিতং বিবৰণী বাদ দি বিবৃতিৰ বাকী অংশ ইয়াত তুলি দিয়া হ’ল। ইয়াৰ পৰা সেই সময়ত তেওঁৰ ৰাপ আৰু মনোবৃত্তিৰ পৰিচয় পোৱা যায়।

 

ৰাইজসকল,

 এই ৰাজ্যৰ অহা সাধাৰণ পৰিষদত আপোনালোকৰ এগৰাকী প্ৰতিনিধিৰ সম্মানিত আসনৰ কাৰণে মই প্ৰাৰ্থী হিচাবে থিয় হৈছোঁ। গতিকে চিৰাচৰিত প্ৰথা আৰু প্ৰকৃত গণৰাজ্যিক নীতি অনুসৰি আপোনালোকৰ আগত— যিসকল ৰাইজৰ হৈ মই প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰিছোঁ— স্থানীয় বিষয় সম্পৰ্কত মোৰ মনোভাব ব্যক্ত কৰা মোৰ কৰ্ত্তব্য বুলি বিবেচনা কৰোঁ।

 বহুযুগৰ অভিজ্ঞতাই আভ্যন্তৰীণ উন্নয়নৰ ৰাজহুৱা সাৰ্থকতা প্ৰমাণিত কৰিছে। এই কথা কোনেও অস্বীকাৰ নকৰিব যে, অতিকৈ দুখীয়া আৰু জনসংখ্যা-বিৰল দেশবোৰো ভাল আলিবাট নিৰ্মাণ আৰু নৌপথ মুকলি কৰাৰ ফলত বৰকৈ লাভবান হব। কিন্তু সেইবুলি এইবোৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিব পৰা সম্ভৱ হয় নে নহয়, তাৰ গম নোলোৱাকৈ তেনেবোৰ কামত হাত দিয়াটো ভুল হব, কিয়নো আধৰুৱা কাম সাধাৰণতে ব্যৰ্থশ্ৰম বুলিয়েই প্ৰমাণিত হয়......।

 শিক্ষাসম্পৰ্কত মোৰ নিজৰ কোন আচনি অথবা পদ্ধতি মই জাপি দিবলৈ খোজা নাই। মই অকল ইয়াকেই কব খোজোঁ যে, এইটো ৰাইজৰ পক্ষে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়ত মনোযোগ দিয়াটো এটা জাতীয় কৰ্ত্তব্য বুলি মই অভিমত পোষণ কৰোঁ। প্ৰতি গৰাকী নাগৰিকে অন্ততঃ নিজৰ আৰু আনদেশৰ বুৰঞ্জী পঢ়িব পৰাকৈ শিক্ষালাভ কৰিব লাগে যাতে তেওঁ আমাৰ স্বাধীন প্ৰতিষ্ঠানবোৰৰ মূল্য যথাৰ্থভাবে উপলব্ধি কৰিব পাৰে। ধৰ্মীয় আৰু নৈতিক বিষয়ৰ আন আন কিতাপ পঢ়ি লাভ কৰা সুযোগ-সুবিধা আৰু তৃপ্তিৰ কথা এৰি দিলেও অকল উপৰোক্ত কাৰণতেই শিক্ষাৰ গুৰুত্ব প্ৰতিপন্ন হয়। মই এনে [ ১১ ] এটা দিনৰ কাৰণে আশা কৰি আছোঁ যিদিনা শিক্ষা আৰু ইয়াৰ আহিলাৰ ফলত নৈতিকতা, সংযম, উদ্যোগ আৰু শিল্প বৰ্ত্তমানৰ তুলনাত অধিক ব্যাপক হৈ পৰিব। এনেকুৱা দিন এটাত সোনকালে উপনীত হোৱাৰ যি কোনো প্ৰচেষ্টাতেই অধানিমানো অৰিহনা যোগোৱাৰ ক্ষমতা পালে মই কৃতজ্ঞ বোধ কৰিম।......

 তৰুণৰ পক্ষে যিখিনি বিনয়ৰ প্ৰয়োজন বোধ হয় মই তাতোকৈ বেছি বিনয় দেখুৱাইছোঁ। অৱশ্যে এই বিষয়বোৰৰ সম্বন্ধে মই যিদৰে ভাবিছোঁ তাকেহে কৈছোঁ। ইয়াৰ কোনো এটা কথা বা আটাইবোৰৰ ক্ষেত্ৰতেই মোৰ ভুল হব পাৰে কিন্তু সকলোসময়তে ভুল কৰাতকৈ মাজেসময়ে নিৰ্ভুল হোৱাটোও ভাল— এই নীতিকে সাৰোগত কৰি মই যেতিয়াই মোৰ ভুল বুজিব পাৰিম তেতিয়াই তাক পৰিহাৰ কৰিবলৈ সাজু থাকিম।

 প্ৰতিজন মানুহৰ হেনো বিশেষ আকাঙ্ক্ষা আছে। এই কথা সঁচা হক বা মিছা হক মই হলে ন দি কব পাৰোঁ যে, মোৰ সহগামীসকলৰ শ্ৰদ্ধাৰ যোগ্য পাত্ৰ বুলি বিবেচিত হৈ তেওঁলোকেৰ প্ৰকৃত শ্ৰদ্ধা লাভ কৰাতকৈ মোৰ আন কোনো ডাঙৰ আকাঙ্ক্ষা নাই। এই আকাঙ্ক্ষা পূৰণত কিমানখিনি সফলকাম হম সি এতিয়াও ভবিষ্যতৰ গৰ্ভত নিহিত। মই তৰুণ, আপোনালোকৰ ভালেমানে মোক চিনি নেপায়। মই তেনেই সাধাৰণ ঘৰত জন্মিছিলোঁ আৰু এতিয়াও সেইদৰেই আছোঁ; পৰিচয় দিবলৈ মোৰ কোনো ধনী অথবা জনপ্ৰিয় আত্মীয়-কুটুম নাই। মই সম্পূৰ্ণভাৱে এই দেশৰ স্বতন্ত্ৰ ভোটাৰসকলৰ ওপৰতেই নিৰ্ভৰ কৰিছোঁ আৰু যদি নিৰ্ব্বাচিত হওঁ তেওঁলোকৰ অনুগ্ৰহতেই; আৰু এই অনুগ্ৰহৰ প্ৰতিদান হিচাবে মই অবিৰত ভাৱে তেওঁলোকৰ সেৱা কৰি থাকিম। কিন্তু যদি সদাশয় ৰাইজে মোক আঁৰ-কাপোৰৰ আঁৰতেই ৰখাটো যুক্তিযুক্ত বুলি ভাবে তাত মোৰ দুখ কৰিবলগীয়া একো নাই, কিয়নো হতাশাই মোৰ চিৰ-লগৰী।

 নিউ চালেম্
৯ মাৰ্চ্চ, ১৮৩২ চন।

আপোনালোকৰ বন্ধু আৰু সহ-নাগৰিক
এ. লিঙ্কন 

 
[ ১২ ]
 

ৰাজনৈতিক প্ৰশ্নৰ বিষয়ে

 

 ১৮৩৯ চনৰ ডিচেম্বৰ মাহত স্প্ৰীংফিল্ডত প্ৰতিনিধি-সভাৰ হলঘৰত তেতিয়াৰ দিনৰ ৰাজনৈতিক প্ৰশ্ন সম্পৰ্কে লিঙ্কনে ভাষণ এটি দিয়ে। তেতিয়ামানে তেওঁ ৰাজ্যৰ এগৰাকী বিশিষ্ট ৰাজনৈতিক ব্যক্তি হিচাবে খ্যাতি অৰ্জন কৰিছে। ৩০ বছৰীয়া লিঙ্কনৰ এইটো এটা দলীয় ভাষণ, কিয়নো তেওঁ তেতিয়া সেই যুগৰ হুইগ্‌ দলৰ এজন উৎসাহী সদস্য আছিল। এতিয়া আৰু মাৰ্কিন যুক্ত ৰাষ্ট্ৰত সেইদলৰ অস্তিত্ব নাই। তথাপিও এই ভাষণটোত তেওঁৰ নীতি সম্পৰ্কীয় আন্তৰিক দৃঢ়তা প্ৰতিফলিত হৈছে। ভাষণৰ সামৰণিত কোৱা হয়:

 

 “মিঃ লেম্বোৰ্ণে দেশৰ শেহতীয়া নিৰ্ব্বাচনৰ কথা উল্লেখ কৰিছে আৰু তাৰ ফলাফলৰ পৰা সুদৃঢ়ভাবে ভবিষ্যৎ-বাণী কৰিছে যে, ইউনিয়নৰ প্ৰতিখন ৰাজ্যই অহা প্ৰেচিডেণ্ট নিৰ্বাচনত মিঃ ভান বাৰেনক ভোট দিব।” কাপুৰুষ আৰু প্ৰতাৰকসকলৰ ওচৰত এই যুক্তি খাটিব পাৰে, কিন্তু স্বাধীন আৰু সাহসীসকলৰ মনত এই যুক্তিয়ে অকণো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে। এইটো সঁচা হব পাৰে আৰু হয়েই যদি হওক। ভালেমান স্বাধীন দেশে স্বাধীনতা হেৰুৱাইছে আৰু আমাৰ দেশৰো তেনেকুৱা দুৰৱস্থা হব পাৰে। কিন্তু যদি সঁচাকৈ দেশমাতৃকাই স্বাধীনতা হেৰুৱায় তেনেহলে মই এই কথাতেই গৌৰৱ বোধ কৰিম যে, মই মাতৃভূমিৰ প্ৰতি কৰ্তব্যচ্যুত হোৱা দূৰৰ কথা, কাহানিও কৰ্ত্তব্যচ্যুত হোৱাৰ কথা ভবাও নাছিলোঁ। ৱাশ্বিংটনত শাসনক্ষমতাত অধিষ্ঠিত দুৰাত্মাসকলে বিৰাট আগ্নেয়গিৰি এটা সৃষ্টি কৰিছে। আগ্নেয়গিৰিৰ মুখনিঃসৃত বহল আৰু গভীৰ ৰাজনৈতিক দুৰ্নীতিৰ সোঁতে ভয়ানক বেগেৰে গোটেই দেশকে প্লাৱিত কৰিছে— এই প্ৰলয়ঙ্কৰী সোঁতে যেনিবা জীৱনৰ শেষ চিহ্ন বিলীন কৰি দিব! ইয়াৰ বুকুত বিচৰণ কৰিছে নৰকৰ কীট্ দুৰাত্মাহঁত— সিহঁতে অগ্ন্যুদ্‌গাৰৰ তাণ্ডৱ-নৃত্যত ব্যৰ্থকাম প্ৰচেষ্টাৰে বাধা দিবলৈ অহা সকলক বিদ্ৰূপ কৰিছে। এই কথা জানিও মই অস্বীকাৰ কৰিব নোৱাৰোঁ যে, আমি সকলোৱেই উটি ভাঁহি যাম। মোৰ সকলো লণ্ড-ভণ্ড হৈ যাব পাৰে, কিন্তু মই কেতিয়াও ইয়াৰ ওচৰত মূৰ নোদোঁৱাওঁ। যুদ্ধত পৰাজিত হোৱা সম্ভাৱনাই আমাক ন্যায়পথৰ পৰা বিচলিত কৰিব নেলাগে; মই বিচলিত নহওঁ। যেতিয়া মই দেশৰ কথা চিন্তা কৰোঁ, যেতিয়া মই মনতে ভাবোঁ সমগ্ৰ বিশ্বই মোৰ দেশক পৰিত্যাগ কৰিছে আৰু মই অকলে বিজয়ী উৎপীড়কসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ, তেতিয়া মই মোৰ আত্মাক পৰমাত্মাৰ অংশ বুলি অনুভৱ কৰোঁ। ঈশ্বৰক সাক্ষী কৰি আৰু বিশ্ববাসীৰ সন্মুখত [ ১৩ ] মই শপথ খাই কওঁ যে, মোৰ দেশ, মোৰ জীৱন, মোৰ স্বাধীনতা আৰু দেশপ্ৰেমৰ কাৰণে মই যিটো ন্যায় বুলি বিবেচনা কৰিম তাৰ কাৰণে চিৰদিন সংগ্ৰাম চলাই যাম— ফলাফল যিয়েই নহওক লাগিলে। মোৰ দৰেই যি সকলে চিন্তা কৰে তেওঁলোকেনো নিৰ্ভীকভাবে মোৰ দৰেই শপথ গ্ৰহণ নকৰিব কেলেই? নিজকে ন্যায়নিষ্ঠ বুলি ভাবিলে ইতস্ততঃ কৰাৰ কোনো কাৰণ নাই আৰু আমি সফলকাম হবও পাৰোঁ। কিন্তু যদি শেষত গৈ আমি ব্যৰ্থতাকে বৰণ কৰিবলগীয়া হওঁ তাতো দুখ কৰিবলগীয়া একো নাই। তেতিয়াও আমি এই দৰে গৰ্ব্ব অনুভৱ কৰিম যে, দুৰ্গতি, দাসত্ব, উৎপীড়ন আৰু মৃত্যুৰ মাজতো আমি আমাৰ বিচাৰ-শক্তিৰে অনুমোদিত আৰু হৃদয়ত পূজিত আদৰ্শ অক্ষুন্ন ৰখাত কেতিয়াও বিচলিত হোৱা নাই। ইয়াকে কৈ আমাৰ বিবেকক আৰু দেশৰ অবলুপ্ত স্বাধীনতাক সান্ত্বনা দিম।

 

ধৰ্ম্মৰ বিষয়ত অভিমত

 

 ১৮৪৬ চনত লিঙ্কন মাৰ্কিন কংগ্ৰেছৰ সদস্য পদৰ প্ৰাৰ্থী হিচাবে থিয় হৈছিল। পিছত তেওঁ কংগ্ৰেছলৈ নিৰ্ব্বাচিত হয়। তেওঁ ধৰ্ম্মক লৈ উপহাস কৰিছিল বুলি নিৰ্ব্বাচনৰ সময়ত অভিযোগ শুনা গৈছিল। ৰাজহুৱাভাবে এই অভিযোগৰ সমুচিত উত্তৰ দিয়াটো তেওঁ আৱশ্যক বুলি বিবেচনা কৰিছিল।

 

৭ম ‘কংগ্ৰেছনাল ডিষ্ট্ৰিক্ট’ৰ ভোটাৰসকললৈ

 

বন্ধুসকল,

 এই ‘ডিষ্ট্ৰিক্ট’ৰ ওচৰে-কাষৰে সম্প্ৰতি কিছুমান ঠাইত মোৰ বিষয়ে এটা অভিযোগ প্ৰচাৰিত হৈছে। এই অভিযোগৰ মূল কথা হ’ল— মই খৃষ্টধৰ্ম্মক উপহাস কৰোঁ। মোৰ কিছুমান সহৃদয় বন্ধুৰ পৰামৰ্শক্ৰমে অভিযোগৰ মূল বিষয়টো এই বুলিয়েই ধৰি লৈছোঁ। মই যে খৃষ্টধৰ্ম্মৰ কোনো সম্প্ৰদায়ভুক্ত নহওঁ এই কথা সঁচা, কিন্তু মই কেতিয়াও পবিত্ৰ ধৰ্মগ্ৰন্থৰ সত্যতা অস্বীকাৰ কৰা নাই আৰু কেতিয়াও ইচ্ছাকৃতভাবে ধৰ্ম্মৰ— বিশেষকৈ খৃষ্টধৰ্ম্মৰ কোনো মতবাদৰ প্ৰতি অশ্ৰদ্ধাও দেখুৱা নাই। এইটো সঁচা যে, জীৱনৰ আগছোৱাত মই জনাহিচাবে ‘ডক্‌ট্ৰিন অব্ নেছেচিটি’ৰ বিষয়ে (আৱশ্যকতাৰ মতবাদ) বিশ্বাস কৰিবলৈ মোৰ মন ঢাল লৈছিল। এই মতবাদৰ দ্বাৰা মই ইয়াকেই বুজিছিলোঁ যে, মানুহৰ মনটো কোনোবা অদৃশ্য [ ১৪ ] শক্তিৰ দ্বাৰা পৰিচালিত যাৰ ওপৰত মনৰ কোনো আধিপত্য নাই। কেতিয়াবা কেতিয়াবা দুই এজনৰ লগত যুক্তিৰে এই অভিমত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টাও কৰিছিলোঁ— ৰাজহুৱা ভাৱে কাহানিও আলোচনা কৰা নাছিলোঁ। অৱশ্যে আজি ৫ বছৰৰো অধিক হ’ল মই এই লৈ তৰ্ক কৰাৰ অভ্যাস একেবাৰে এৰি পেলাইছোঁ। মই আৰু কব খোজোঁ যে, খৃষ্টধৰ্ম্মৰ বহুত সম্প্ৰদায়ে মোৰ দৰেই অভিমত পোষণ কৰে। মুঠতে চমুকৈ কবলৈ গলে এইটোৱেই হ’ল আচল কথা।

 যিজনক ধৰ্ম্মৰ শত্ৰু আৰু উপহাসক বুলি জানোঁ তেওঁক ময়ো সদস্যপদৰ বাবে সমৰ্থন কৰিব পাৰিলোঁহেঁতেন বুলি মোৰ মনে নধৰে। স্ৰষ্টা আৰু সৃষ্টিৰ মাজত চিৰন্তন সম্পৰ্কৰ বিষয়টো উচ্চখাপৰ। এই আধ্যাত্মিক কথাবোৰ বাদ দিলেও মই কেতিয়াও নেভাবোঁ‌ যে, কোনো মানুহৰেই তেওঁৰ সম্প্ৰদায়ৰ মনোভাৱ লৈ বিদ্ৰূপ কৰা আৰু নৈতিকতাক আঘাত কৰাৰ অধিকাৰ আছে। তথাপিও যদি মই এনেকুৱা অসৎ আচৰণত লিপ্ত বুলি দোষী সাব্যস্ত হওঁ, মোক গৰিহণা-দিওঁতাৰ ওপৰত দোষাৰোপ নকৰোঁ। কিন্তু যিসকলে— তেওঁলোক যিয়েই নহক লাগিলে— মোৰ বিৰুদ্ধে মিছা অভিযোগ আনে তেওঁলোকক দোষী সাব্যস্ত নকৰি নোৱাৰোঁ।

এ. লিঙ্কন

৩১ জুলাই, ১৮৬৪ চন।

 

আত্মীয়জনলৈ উপদেশ

 

 লিঙ্কনৰ জন্ম যে দুখীয়াৰ ঘৰত এই কথা সকলোৱে জানে। তেওঁ পৃথিবীত প্ৰতিপত্তি লাভ কৰাৰ লগে লগে তেওঁৰ পৰিয়ালৰ আন আন লোকে প্ৰায়েই তেওঁৰ পৰা সহায় বিচাৰিছিল। তেওঁৰ ধনৰ মোনাটো টনকিয়াল নাছিল যদিও সাধাৰণতে তেওঁ‌ উদাৰভাবেই পৰিয়ালবৰ্গক সহায় কৰিছিল। ১৮৪৮ চনত ৱাশ্বিংটনত কংগ্ৰেছৰ সদস্য হিচাবে থাকোঁতে সম্বন্ধীয় ভাই এজনে তেওঁৰ পৰা সহায় বিচাৰি পঠিয়াইছিল। তাৰ উত্তৰত লিঙ্কনে যি উপদেশ দিছিল তাত পৰিণত মনৰ সন্ধান পোৱা যায়।

 

মৰমৰ জন্‌ষ্টন্‌,

 তুমি ৮০ ডলাৰ (মাৰ্কিন টকা) বিচাৰি পঠিয়াইছাঁ। মই কিন্তু তোমাৰ অনুৰোধ ৰক্ষা কৰাটো সম্প্ৰতি সমীচীন নহব বুলি বিবেচনা কৰোঁ। কেবাবাৰো মই যেতিয়া তোমাক সামান্যভাবে সহায় কৰিছিলোঁ তুমি মোক কৈছিলা— “এতিয়াৰ পৰা আমি ভালদৰে চলিব পাৰিম”, কিন্তু অলপ কেইদিন মানৰ ভিতৰতেই তোমাৰ অৱস্থা আকৌ একেধৰণে আহুকলীয়া [ ১৫ ] দেখিবলৈ পাওঁ। গতিকে তোমাৰ আচৰণত কিবা খুঁত থাকিবই লাগিব। সেইটো নো কি বোধ কৰোঁ মই ধৰিব পাৰিছোঁ। তুমি এলেহুৱা নোহোৱা তথাপিও তুমি কাম কৰাত হেলা কৰা। মই তোমাক দেখাৰে পৰা তুমি কোনো এটা দিনেই পূৰা কাম কৰিছানে নাই মোৰ সন্দেহ হয়। কাম কৰিবলৈ তুমি বেয়া নোপোৱা তথাপি তুমি বেছি কাম নকৰা। কিয়নো তুমি ভাবা, বেছিকৈ কাম কৰিলে তোমাৰ লাভ বেছি নহব। তোমাৰ আহুকালৰ মুলতে হ’ল সময়ৰ এই দৰে অপব্যৱহাৰ কৰাটোৱে। তোমাৰ পক্ষে বিশেষকৈ তোমাৰ লৰাছোৱালী সকলৰ কাৰণে তুমি এই কুঅভ্যাস এৰাটো অতিশয় গুৰুত্বপূৰ্ণ। লৰাছোৱালীসকলৰ কথা কৈছোঁ‌ এই কাৰণে যে, তেওঁলোকে তোমাতকৈও বেছিদিন জীয়াই থাকিব লাগিব আৰু এলাহৰ বশীভূত হোৱাৰ পিছত তাৰ হাত সৰাতকৈ এই কুঅভ্যাসৰ পৰা আঁতৰি থকাটো তেওঁলোকৰ পক্ষে বেছি উজু হব।

 সম্প্ৰতি তোমাৰ সহজলভ্য ধনৰ প্ৰয়োজন আৰু সেই গতিকে মই পৰামৰ্শ দিওঁ যে তুমি এনে এজনৰ হৈ কায়মনোবাক্যে কাম কৰিবা, যিয়ে তোমাক টকা দিব। তোমাৰ দেউতা আৰু পুতেকহঁতে ঘৰৰ কাম চাওক— খেতিবাতিৰ কাম কৰক আৰু তুমি এনে ঠাইত কাম কৰাগৈ য’ত ভালদৰে ধন ঘটিব পাৰিবা অথবা আগধৰি লোৱা ঋণ শোধ কৰিব পাৰিবা। ইয়াকে যদি কৰা তাৰ পুৰস্কাৰ হিচাবে মই তোমাক এতিয়াই প্ৰতিশ্ৰুতি দিওঁ যে আজিৰ পৰা অহা পহিলা মে’ৰ ভিতৰত কাম কৰি তুমি যি ধন ঘটিবা অথবা যিখিনি ঋণ শোধ কৰিবা তাৰ প্ৰতি ডলাৰৰ কাৰণে মই তোমাক এক ডলাৰকৈ দিম। অৰ্থাৎ তুমি যদি এমাহত দহ ডলাৰ উপাৰ্জন কৰা তেনেহলে তুমি মোৰ পৰা আৰু দহ ডলাৰ পাবা। গতিকে, কাম কৰি তুমি এমাহত ২০ ডলাৰ পাবা। সেই বুলি মই তোমাক সৌ দূৰণিৰ চেইণ্ট্ লুইচ্ অথবা সীহৰ খনি অথবা কালিফৰ্ণিয়াৰ সোণৰ খনিলৈ কাম কৰিবলৈ যাবলৈ কোৱা নাই। কোল্‌ছ্ কাউণ্টিত ঘৰৰ ওচৰতে— যত ভাল বানচ পাব পাৰি ত’তেই কাম কৰিবলৈ কৈছো। এতিয়া তুমি যদি ইয়াকে কৰা তেনেহলে সোনকালে ঋণমুক্ত হবা আৰু তাতোকৈ ভাল হব— ইয়াৰ ফলত তুমি টকা ধাৰে লোৱা অভ্যাসৰ পৰা মুক্তি পাবা। কিন্তু এতিয়াই যদি মই তোমাৰ ঋণবোৰ শোধ কৰি দিওঁ তেনেহলে অহাবছৰত পুনৰায় তুমি ঋণত পোঁত যাবা। তোমাৰ গোটেইখিনি পুণ্যৰ বিনিময়ত তুমি ৭০ অথবা ৮০ ডলাৰ বিচাৰিছা। পুণ্য ইমানেই সস্তিয়া বুলি ভাবিছাঁ? মই নিশ্চিত যে, মই তোমাক যি পৰামৰ্শ দিছোঁ সেইদৰে কাম কৰিলে চাৰি-পাঁচ মাহৰ ভিতৰতে ৭০/৮০ ডলাৰ পাবা। টকা দিলে মোৰ ওচৰত তুমি মাটি বন্ধক থবা বুলি কৈছাঁ আৰু এইদৰে লিখিছা যে তুমি টকা দিব নোৱাৰিলে মাটিডোখৰ মোৰ নামত কৰি দিবা। বলীয়া হৈছা নেকি? যদি মাটিডোখৰ থাকোঁতেই এতিয়া চলিব নোৱাৰা হৈছাঁ, নেথাকিলে তেতিয়া তুমি চলিবা কেনেকৈ? তুমি মোলৈ সদায় মৰম দেখুৱাইছাঁ আৰু ময়ো তোমালৈ অমৰমীয়াল হবলৈ নিবিচাৰো। আনহাতে তুমি যদি মোৰ পৰামৰ্শমতে কাম কৰা তেনেহলে দেখিবা যে ইয়াৰ মূল্য ৮০ ডলাৰৰ আঠগুণৰো বেছি।

তোমাৰ মৰমৰ 

এ. লিঙ্কন 

 

বিতৰ্কৰ সময়ছোৱা

[ ১৬ ]
 

২। বিতৰ্কৰ সময়ছোৱা

 

[ ১৭ ]
 

লিঙ্কনৰ এই প্ৰতিকৃতিটো ১৮৬০ চনৰ জুনমাহত এই
‘মহান মুক্তিদাতা’ই প্ৰেচিডেন্ট পদৰ বাবে মনোনয়ন পত্ৰ
পোৱাৰ এমাহ পিছত আলেক্‌জেণ্ডাৰ ফেচলাৰে আঁকে।

 
[ ১৮ ]
 

দাসত্ব সম্বন্ধে প্ৰথম ভাষণ

 

 ১৮৫৪ চনমানে মাৰ্কিন ৰাজনীতি মহলত দাসত্বৰ প্ৰশ্নটোৱে প্ৰাধান্য লাভ কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত ইউনিয়নৰ পৰিধি পশ্চিমৰ পিনে বাঢ়িবলৈ ধৰিছিল আৰু যিবোৰ নতুন ৰাজ্য ইউনিয়নভূক্ত হৈছিল প্ৰধানকৈ সেইবোৰ ৰাজ্য লৈয়েই দাসত্বৰ প্ৰশ্ন দেখা দিছিল। ১৮৫৪ চনৰ অক্টোবৰ মাহত ইলিনয়চৰ পিয়ৰিয়াত চিনেটৰ ষ্টীফেন্ এ, ডগলাচৰ ভাষণ এটাৰ উত্তৰত লিঙ্কনে এই বিষয় লৈ প্ৰথম গুৰুত্বপূৰ্ণ ভাষণ দিয়ে। পিছৰ কেবাবছৰতো এই চিনেটৰ গৰাকী লিঙ্কনৰ প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আছিল। এই সভাত ডগলাচৰ দৰে লিঙ্কনেও তিনঘণ্টাৰো অধিক সময় বক্তৃতা দিছিল। তলত উদ্ধত ভাষণখিনিত দাসত্ব সম্পৰ্কে তেওঁৰ মূল চিন্তাধাৰা প্ৰকাশ পাইছে।

 

 “দক্ষিণ অঞ্চলৰ প্ৰতি ন্যায় বিচাৰ” কৰিবলৈ গলে নতুন ৰাজ্যবোৰতো দাসপ্ৰথা প্ৰবৰ্ত্তন কৰাত আমি সম্মত হব লাগে। অৰ্থাৎ মই মোৰ গাহৰিটো লৈ নেব্ৰাস্কালৈ যোৱাত আপুনি আপত্তি নকৰিব আৰু ময়ো আপুনি দাস লগত লৈ অহাত আপত্তি নকৰিম। এইটো তেনেই যুক্তিপূৰ্ণ কথা— মই স্বীকাৰ কৰোঁ, যদিহে গাহৰি আৰু নিগ্ৰোৰ মাজত কোনো পাৰ্থক্য নাই বুলি ধৰি লোৱা হয়। কিন্তু ইয়াকে মানি লবলৈ হলে নিগ্ৰো যে মানুহ নহয়, তাকো মানি লব লাগিব। আপোনালোক দক্ষিণ অঞ্চলবাসীয়ে এই কথা মানি লব জানোঁ? এইটো বৰ সুখৰ কথা যে, আমাৰ ভিতৰত বৰ ক্ষুদ্ৰ অংশ এটাহে স্বভাৱতে অত্যাচাৰী। দাসপ্ৰথা প্ৰৱৰ্ত্তিত হোৱা ৰাজ্যসমূহত এইবিধ লোকৰ সংখ্যা আনবোৰ ৰাজ্যতকৈ সৰহ নহয়। দক্ষিণ আৰু উত্তৰ অঞ্চলৰ সৰহভাগেই মানুহৰ প্ৰতি সমবেদনশীল। তেওঁলোকে নিজৰ দুখৰ দৰে আনৰ দুখত দুখী হয়। দক্ষিণ অঞ্চলৰ ৰাইজৰ বুকুত লুকাই থকা এই সমবেদনাৰ ভাৱ ভিন ভিন ফালৰ পৰা পৰিস্ফুট হোৱা দেখিবলৈ পাই। তেওঁলোকৰ বিবেকে কয় যে, দাসসকলৰ প্ৰতি অন্যায় কৰা হৈছে আৰু নিগ্ৰোসকলৰো মানৱাত্মা আছে। যদি তেওঁলোকে এই কথা অস্বীকাৰ কৰে, তেনেহলে মই তেওঁলোকক কেইটিমান কথা স্পষ্টভাবে সুধিব খোজোঁ। ১৮২০ চনত আফ্ৰিকান দাস-ব্যৱসায়ক দস্যুতা বুলি ঘোষণা কৰাত আৰু এই অপৰাধৰ কাৰণে মৃত্যুদণ্ড বিহাত আপানালোকে প্ৰায় সৰ্বসম্মতিক্ৰমে উত্তৰাঞ্চলৰ লগত যোগদান কৰিছিল কেলেই? এই দাস-ব্যৱসায় অন্যায় বুলি যদি [ ১৯ ] আপোনালোকে অনুভৱ কৰা নাছিল, তেনেহলে এই বিষয়ত অপৰাধীসকলক ফাঁচী দিয়াত আপোনালোকে একমত হৈছিল কেলেই? আফ্ৰিকাৰ পৰা ‘বনৰীয়া’ নিগ্ৰোসকলক ধৰি আনি বজাৰত বিক্ৰি কৰাই হৈছে দাস-ব্যৱসায়। কিন্তু বনৰীয়া ঘোঁৰা, ম’হ অথবা ভালুক ধৰি আনি বিক্ৰি কৰিলে ফাঁচী দিয়াৰ কথা আপোনালোকে তো কাহানিও ভবা নাই।

 আপোনালোকৰ মাজত ‘দাস বেপাৰী’ বুলি জনাজাত স্থানীয় লোক কিছুমানো আছে। তেওঁলোক নীচ— অত্যাচাৰী। এই শ্ৰেণীৰ লোকে আপোনালোকৰ প্ৰয়োজন বুজি আপোনালোকৰ পৰা ফটকা বজাৰৰ দৰে দাস কিনিবলৈ বিচাৰে। যদি আপুনি নিৰুপায় তেনেহলে আপুনি বিক্ৰি কৰে, নহলে সিহঁতক কুকুৰৰ দৰে খেদি দিয়ে। এই শ্ৰেণীৰ লোকক আপোনালোকে সকলোৱে ঘিনায়। সিহঁতক আপুনি বন্ধু বুলি, এনেকি সৎ বুলিও স্বীকাৰ নকৰে। সিহঁতৰ লৰা-ছোৱালীৰ লগত আপোনালোকৰ লৰা-ছোৱালীক উমলিবলৈ নিদিয়ে। নিগ্ৰো লৰা-ছোৱালীহঁতৰ লগতো আপোনালোকৰ লৰা-ছোৱালীয়ে খেল-ধেমালি কৰাত কোনো বাধা নাই, কিন্তু এই দাস-বেপাৰীবোৰৰ লৰা-ছোৱালীৰ লগত খেল-ধেমালি কৰাত আপত্তি আছে। সিহঁতৰ লগত কিবা কাম কৰাৰ আৱশ্যক হলে সিহঁতক হাতেৰে নুচুৱাকৈ কাম সমাধা কৰিবলৈ বিচাৰে। বাটত কাৰোবাৰ লগত ভেটাভেটি হলে হাত মিলোৱাটো সাধাৰণ কথা। কিন্তু দাস-বেপাৰীৰ লগততো আপুনি হাত নিমিলায়; বৰং সাপৰ নিচিনা জ্ঞান কৰি সিহঁতৰ পৰা আঁতৰত থাকে। সিহঁত যদি ধনীও হয় আৰু বেপাৰৰ পৰা অৱসৰো লয়, তথাপিও আপুনি সিহঁতৰ অতীতৰ কথা নেপাহৰে আৰু আগৰ দৰেই সিহঁত আৰু সিহঁতৰ পৰিয়ালবৰ্গক অস্পৃশ্য জ্ঞান কৰে। ইয়াৰ কাৰণ কি? শইচ্, গৰু, ম’হ বা ধপাতৰ বেপাৰীৰ লগততো আপুনি এনেকুৱা ব্যৱহাৰ নকৰে!

 আনহাতে, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু কলম্বিয়া জিলাকে আদি কৰি যুক্তৰাষ্ট্ৰৰ আন আন অঞ্চলত ৪৩৩,৬৪৩ জন স্বাধীন নিগ্ৰো আছে। তেওঁলোকৰ মূল্য জনমূৰি ৫০০ ডলাৰ হিচাবত ২০০ কৌটি ডলাৰৰ বেছি হব। ইমান মূল্যৰ সম্পত্তি মালিকবিহীন হৈ আছে কেনেকৈ? ঘোঁৰা অথবা আন আন পশু মালিকৰিহীন হৈ ঘুৰি ফুৰাতো নেদেখোঁ! এইটো কেনেকুৱা কথা? এই আটাইবোৰ স্বাধীন নিগ্ৰোৰ দেউতা-ককাদেউতাহঁত দাস আছিল অথবা তেওঁলোক নিজেই দাস আছিল। এতিয়াও হয়তো তেওঁলোকে দাস হৈয়েই থাকিলেহেঁতেন কিন্তু তেওঁলোকৰ ‘বগামালিক’ সকল কিবা এটি দিব্যজ্যোতিৰ পৰশ পাই আৰ্থিক ক্ষতি স্বীকাৰ কৰিও তেওঁলোকক দাসত্বৰ পৰা মুক্তি দিলে। এই কিবাটো কি; কিবা এটি যে হয় তাত জানোঁ কোনো সন্দেহ আছে? এই আটাইবোৰ ক্ষেত্ৰতে ন্যায়পৰায়ণতা আৰু মানুহৰ প্ৰতি সমবেদনশীলতাই আপোনাক অহৰহ সোঁৱৰাই দিছে যে বেচেৰা নিগ্ৰোসকলৰো কিছুমান স্বাভাৱিক অধিকাৰ আছে আৰু যিসকলে এই অধিকাৰ অস্বীকাৰ কৰে আৰু নিগ্ৰোসকলক পণ্য-সামগ্ৰীৰ নিচিনা ব্যৱহাৰ কৰে তেওঁলোকৰ পক্ষে ঘৃণা আৰু মৃত্যু বাঞ্ছনীয়।
[ ২০ ]  তেনেহলে দাসসকলক মানুহ বুলি জ্ঞান নকৰিবলৈ আৰু গাহৰিৰ সমতুল্য বিবেচনা কৰিবলৈ আপোনালোকেনো আমাক কৈছে কেলেই? যি কাম আপোনালোকে নিজেই নকৰে তাকে কৰিবলৈ আমাক পাচিছে কেলেই? ২০০ কোটি ডলাৰৰ লোভত আপোনালোকে যি কাম কৰা নাই আমি নো এনেই সেই কাম কৰিম কেলেই?

 ‘মিচৌৰী আপোচ’ প্ৰত্যাহাৰ কৰাৰ সপক্ষে এতিয়াও এটা ডাঙৰ যুক্তি দেখুৱাবলৈ বাকী আছে। স্বায়ত্তশাসনৰ পৱিত্ৰ অধিকাৰেই হৈছে এই মহান্ যুক্তি। আমাৰ বিশিষ্ট চিনেটৰ গৰাকীৰ এই যুক্তি তেওঁৰ প্ৰতিদ্বন্দ্বীসকলে আনকি চিনেটতো খণ্ডন কৰাত বৰ অসুবিধা পাইছে যেন অনুমান হয়। কোনোবা এজন কবিয়ে কৈছে—

 “জ্ঞানীয়ে যি কামতে হাত দিবলৈ দ্বিধা কৰে; মূৰ্খই তাত জপিয়াই পৰে।”

 মানুহে হয়তো মোক উৰ্দ্ধৃত বাক্যৰ মূৰ্খ বুলিয়েই ভাবিব পাৰে, তথাপিও মই এই যুক্তি খণ্ডন কৰিবলৈ ওলাইছোঁ— বিৰোধী পক্ষৰ আগত থিয় হৈছোঁ।

 স্বায়ত্ত-শাসনৰ অধিকাৰত মোৰ বিশ্বাস আছে, মই ইয়াক উপলব্ধি কৰোঁ আৰু সঁচাকৈয়ে— ইয়াক মৰ্য্যাদা দিওঁ। প্ৰতিজন মানুহে সম্পূৰ্ণভাবে তেওঁৰ নিজৰ বিষয় সম্পৰ্কত নিজে ইচ্ছানুযায়ী কাম কৰিব লাগে। এইটোৱেই হ’ল ন্যায়ভাৱৰ ভিত্তি আৰু মোৰ ইয়াত পূৰা আস্থা আছে। মানুহ সম্প্ৰদায়ৰ লগেলগে ব্যক্তিবিশেষৰ ক্ষেত্ৰতো মই এই নীতি প্ৰয়োগ কৰিবলৈ বিচাৰোঁ। কিয়নো ৰাজনীতিৰ ফালৰ পৰা এইটো সুনিশ্চিত আদৰ্শ আৰু স্বাভাবিকতে ন্যায়সঙ্গত। যিবোৰ বিষয় লৈ আমাৰ মূৰ ঘমোৱাৰ আৱশ্যক নাই, সেইবোৰৰ পৰা এই নীতিয়ে আমাক আঁতৰাই ৰাখে কাৰণে ই সুনিশ্চিত। ইয়াত অথবা ৱাশ্বিংটনত, ভাৰ্জিনিয়াৰ ‘ওয়্‌ষ্টাৰ আইন’ অথবা ইণ্ডিয়ানাৰ ‘ক্ৰেনবেৰী আইন’ লৈ মই মূৰ নঘমাওঁ।

 স্বায়ত্তশাসনৰ নীতি নিৰ্ভুল— সম্পূৰ্ণ আৰু চিৰন্তন। কিন্তু ইয়াত যিদৰে এই নীতি প্ৰয়োগ কৰা হৈছে ই ঠিক হোৱা নাই। অথবা আনভাবে কবলৈ গলে মই বৰং কোৱা উচিত যে, নিগ্ৰো এজন মানুহ হয়নে নহয়, তাৰ ওপৰতেই এই নীতিৰ প্ৰয়োগ নিৰ্ভৰ কৰে। নিগ্ৰোজন যদি মানুহ নহয়, তেনেহলে স্বায়ত্ত-শাসনৰ অধিকাৰী হিচাবে আন মানুহে নিগ্ৰোজনক লৈ যি ইচ্ছা তাকে কৰিব পাৰে। কিন্তু নিগ্ৰোজন যদি মানুহ হয়, তেনেহলে তেওঁক নিজৰ কাম নিজে চলাবলৈ নিদিয়াৰ দ্বাৰা স্বায়ত্তশাসনৰ নীতি সম্পূৰ্ণভাবে উলাই কৰা নহব জানো? বগা মানুহে নিজৰ কাম নিজে চলোৱাটো হলে স্বায়ত্তশাসন; কিন্তু যেতিয়া তেওঁ নিজৰ কাম চলোৱাৰ লগতে আন এজনৰ ওপৰতো প্ৰভুত্ব চলায়, সেইটো স্বায়ত্ত-শাসনতকৈ বেছি— অৰ্থাৎ স্বৈৰতন্ত্ৰ। নিগ্ৰো এজন যদি মানুহ হয়, তেনেহলেনো আমি এই পুৰণি কথাষাৰ পাহৰি যাওঁ কেলেই যে “সকলো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰিছে”? এজন মানুহক আন এজনৰ দাস কৰি লোৱা সম্পৰ্কত কোনো ৰকমৰ নৈতিক অধিকাৰ থাকিব নোৱাৰে।
[ ২১ ]  বিচাৰপতি ডগলাচে ঠাট্টা কৰি আমাৰ যুক্তিকেই চমুকৈ কৈছে: “নেব্ৰাস্কাৰ বগালোকসকল নিজকে নিজে শাসন কৰাৰ উপযোগী, কিন্তু কেইটিমান অভাগা নিগ্ৰোৰ শাসনভাৰ গ্ৰহণৰ উপযুক্ত নহয়।”

 নেব্ৰাস্কাৰ ৰাইজ আন ঠাইৰ সাধাৰণ ৰাইজৰ দৰেই ভাল আৰু আগলৈকো যে ভাল হৈয়েই থাকিব তাত কোনো সন্দেহ নাই। এই কথাৰ মই প্ৰতিবাদ নকৰো। মই মাথোঁ ইয়াকেই কওঁ— কোনো মানুহেই আন এজনক সেইজনৰ সম্মতি নোহোৱাকৈ শাসন কৰাৰ উপযুক্ত নহয়। মাৰ্কিন গণৰাজ্যিক আদৰ্শৰ এইটোৱেই মূল ভেটি বুলি মই বিবেচনা কৰোঁ। আমাৰ স্বাধীনতা ঘোষণাপত্ৰত কোৱা হৈছে:

 “আমি এই কথা স্বতঃসিদ্ধ বুলি ধৰি লৈছোঁ যে, সকলো মানুহেই সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰিছে। ভগবানে সকলোকে কিছুমান অধিকাৰ দিয়ে। সেই অধিকাৰ বোৰৰ পৰা তেওঁলোকক বিচ্ছিন্ন কৰিব নোৱাৰি। এই অধিকাৰবোৰৰ ভিতৰত আছে জীৱন; স্বাধীনতা আৰু সুখী হোৱাৰ প্ৰচেষ্টা। এই অধিকাৰবোৰ প্ৰতিষ্ঠা কৰিবনৈকে ৰাইজৰ মাজত চৰকাৰ গঠিত হয় আৰু ৰাইজৰ সন্মতিক্ৰমেহে চৰকাৰে ক্ষমতা লাভ কৰে।”

 ইমানবোৰ কথা উদ্ধত কৰাৰ উদ্দেশ্য হৈছে— আমাৰ প্ৰাচীন বিশ্বাসমতে ৰাইজৰ সম্মতিক্ৰমেহে চৰকাৰে ন্যায়সম্মত ক্ষমতাবোৰ পাইছে এইটো প্ৰতিপন্ন কৰা। এতিয়া এই প্ৰভু অৰু দাসৰ সম্পৰ্কটো এই নীতিৰ সম্পূৰ্ণ পৰিপন্থী। প্ৰভুৱে অকল যে দাসৰ সম্মতি নোহোৱাকৈয়েই তেওঁক শাসন কৰে এনে নহয়, লগতে এনে কিছুমান আইনেৰে দাসক শাসন কৰে যিবোৰ আইন নিজৰ ওপৰত প্ৰযোজ্য আইনৰ পৰা সম্পূৰ্ণ পৃথক। শাসিত সকলোকেই শাসন পৰিচালনাত নিজৰ অভিমত ব্যক্ত কৰাৰ সমান সুযোগ দিয়ক— সেইটোৱেই হ’ল স্বায়ত্ত-শাসন।

 সেইবুলি আপনালোকে ধৰি নলব যে, মই বগা আৰু ক’লা সকলৰ মাজত সমান ৰাজনৈতিক আৰু সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ হকে যুক্তি দেখুৱাইছোঁ। আগতেই মই ইয়াৰ বিৰুদ্ধে কৈছোঁ। ক’লা লোকসকল আমাৰ মাজত আছে কাৰণে যি প্ৰয়োজনীয়তা দেখা গৈছে তাৰ বাবে যুক্তি আগবঢ়োৱা নাই। মই এটা নৈতিক যুক্তিহে দেখুৱাইছোঁ। ক’লালোকসকলে যি মৰ্য্যাদা এতিয়াও পোৱা নাই তেওঁলোকক সেই মৰ্য্যাদা দিয়াটো নৈতিকতাসঙ্গত। আৰু এই নৈতিকতাবিৰোধি ব্যবহাৰৰহে মই বিৰোধিতা কৰিছোঁ। য’ত এই ব্যৱস্থা এতিয়াও প্ৰচলিত আছে ত’ত যথাসম্ভৱ ইয়াৰ বিৰোধিতা কৰাটো আমাৰ পক্ষে একান্ত প্ৰয়োজনীয়।

 

দাসপ্ৰথাৰ বিষয়ে : এজন বন্ধুলৈ

 

 ১৮৫৫ চনৰ আগস্ট মাহত লিঙ্কনে তেওঁৰ অতি পুৰণি বন্ধু এজনলৈ লিখা চিঠি এখনত দাসপ্ৰথাৰ বিষয়ে তেওঁৰ মনোভাৱ সংযতভাবে বিশ্লেষণ কৰি দেখুৱাইছিল।

 

স্প্ৰীং ফিল্ড, ২৪ আগস্ট, ১৮৫৫ চনত

মৰমৰ স্পীড্,

 তুমি জানা মোৰ চিঠি লিখাৰ অভ্যাস তেনেই কম। তোমাৰ ২২ মে’ৰ মনোৰম চিঠিখনি পোৱাৰে পৰা মই তাৰ উত্তৰত তোমালৈ লিখিম লিখিম কৰিও লিখা হৈ উঠা নাই। [ ২২ ] তুমি কৈছাঁ ৰাজনৈতিক কৰ্ম্মপন্থাত এতিয়া তুমি আৰু মই একমত হব নোৱাৰিম। আমাৰ মাজত মতৰ মিল নহব পাৰে, কিন্তু তুমি যিমান বেছি ভাবিছাঁ সিমান নহয়। তুমি জানা, মই দাসপ্ৰথা ভাল নেপাওঁ; আৰু এই প্ৰথা যে মূলতঃ অবৈধ, তাক তুমিও স্বীকাৰ কৰা। এই বিষয়ে আমি দুয়ো একমত। তুমি কৈছাঁ আনৰ নিৰ্দ্দেশত বিশেষকৈ যিসকলৰ ইয়াত কোনো স্বাৰ্থ জড়িত নাই তেওঁলোকৰ নিৰ্দ্দেশত দাসবোৰৰ প্ৰতি তোমাৰ আইনসঙ্গত অধিকাৰ বিসৰ্জন দিয়াৰ লগে লগেই যুক্তৰাষ্ট্ৰও থানবান হৈ যাব। মই নেজানোঁ কোনে তোমাক সেই অধিকাৰ বিসৰ্জন দিবলৈ কৈছে– মই নিশ্চয় কোৱা নাই। এই বিষয়ে সম্পূৰ্ণ তোমাৰ ওপৰতেই নিৰ্ভৰ কৰে। দাসবোৰৰ বিষয়ে সংবিধান মতে ময়ো তোমাৰ অধিকাৰ আৰু মোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰোঁ। এই দুৰ্ভগীয়াহঁতক খেদি খেদি ধৰি লৈ আহি হালৰ গৰুৰ দৰে আনৰ কামত লগাবলৈ দেখিলে মই সঁচাকৈ দুখ পাওঁ, কিন্তু মই ওঁঠ কামুৰি নিমাতে থাকোঁ। ১৮৪১ চনত তুমি আৰু মই লুই ভাইলৰ পৰা চেইণ্ট্‌লুইলৈ তৰাং পানীৰ ওপৰেদি জাহাজেৰে যাওঁতে কিমান কষ্ট পাইছিলোঁ তোমাৰ নিশ্চয় মনত আছে। লুই ভাইলৰ পৰা ওহিও নৈৰ মোহনালৈকে জাহাজখনত দহজন অথবা বাৰজন দাসক শিকলিৰে সাঙুৰি থোৱা আছিল। এই হৃদয় বিদাৰক দৃশ্য এতিয়াও মই পাহৰা নাই আৰু যেতিয়াই ওহিও অথবা দাসপ্ৰথা প্ৰচলিত কোনো সীমান্তত পদাৰ্পণ কৰোঁ তেতিয়াই এই দৃশ্যবোৰ মোৰ চকুৰ আগত ভাহি উঠে। যি বিষয়ে মোৰ মনত ইমান দুখ দিছে আৰু এতিয়াও দুখ দি আছে সেই বিষয়ত মোৰ আগ্ৰহ নাই বুলি ধৰি লোৱাটো তোমাৰ পক্ষে ঠিক নহব। উত্তৰ অঞ্চলৰ ৰাইজে সংবিধান আৰু ইউনিয়নৰ প্ৰতি আনুগত্য অটুট ৰাখিবলৈ নিজৰ অনুভূতি যে কিমান বিসৰ্জন দিছে তাৰ শলাগ লোৱাটো উচিত।

 মই এজন ‘নো নাথিং’⁕ নহওঁ— এইটো নিশ্চিত জানিবা। কেনেকৈনো হম? যিজনে নিগ্ৰোৰ ওপৰত অত্যাচাৰ কৰাটো ঘিণায় তেওঁনো কেনেকৈ বগাসকলৰ অধঃপতিত শ্ৰেণী এটাক সমৰ্থন কৰিব? মোৰ অনুমান হয় যেনিবা অধঃপতনৰ ফালে আমি দ্ৰুত গতিত আগবাঢ়িছো। “সকলো মানুহে সমান অধিকাৰ লৈ জন্মিছে” বুলি জাতি হিচাবে আমি সূচনাতেই ঘোষণা কৰিছিলোঁ কিন্তু এতিয়া এই ঘোষণা প্ৰকৃততে আমি এনেকুৱা বুলিহে ধৰি লৈছোঁ যে “নিগ্ৰোসকলৰ বাহিৰে সকলো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰিছে।” ‘নো নাথিং’ সকলে যদি ক্ষমতা লাভ কৰে তেওঁলোকে আৰু এধাপ উধাব। তেওঁলোকে কব যে, “নিগ্ৰোসকলৰ বাহিৰে আৰু বিদেশী আৰু কেথোলিক সকলৰ বাহিৰে সকলো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰিছে।” যদি কেতিয়াবা এনেকুৱা হয় তেনেহলে মই আন কোনোবা এখন দেশলৈ গুচি যোৱাটোহে বেছি ভাল পাম– যি দেশ স্বাধীনতা ভাল পায় বুলি ভাও ধৰা নহয়। উদাহৰণ স্বৰূপে ৰুচিয়াৰ কথাই ধৰা। তাত ভণ্ডামিৰ আশ্ৰয় নোলোৱাকে স্বৈৰতন্ত্ৰ পূৰ্ণ পয়ভৰে চলিছে।

তোমাৰ প্ৰিয়বন্ধু 

এ. লিঙ্কন 

 সেই সময়ৰ এটি ক্ষুদ্ৰ, ৰাজনৈতিক দলৰ নাম দিয়া হৈছিল ‘নো নাথিং'। অন্ধবিশ্বাসৰ ওপৰতেই এই দলৰ মতবাদ প্ৰতিষ্ঠিত হৈছিল। অতি সোনকালেই ইয়াৰ অস্তিত্ব নোহোৱা হয়।

 
[ ২৩ ]
 

তৰুণ এগৰাকীলৈ উপদেশ

 

 আব্ৰাহাম লিঙ্কন আইনজীৱী হিচাবে খ্যাতি অৰ্জন কৰিছিল। কিছুমান ডেকালৰাই তেওঁৰ অফিচত আইন অধ্যয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি মাজে-সময়ে চিঠি দিছিল। ১৮৫৫ চনত তেওঁলোকৰ এজনলৈ লিঙ্কনে কিছুমান মূল্যবান্ উপদেশ দি লিখিছিল।

 

স্প্ৰীং ফিল্ড, ৫ নভেম্বৰ, ১৮৫৫ চনত

ইশ্বাম ৰিয়াভিচ্

প্ৰিয় মহাশয়,

 মই ঘৰলৈ আহিয়েই আপোনাৰ যোৱামাহৰ ২৩ তাৰিখৰ চিঠিখন পালোঁ। মই বেছিৰভাগ সময় ঘৰৰ পৰা বাহিৰত থাকোঁ গতিকে মোৰ লগত বহি আপোনাৰ নিচিনা উদ্যোগী ডেকালৰা এজনে আইন অধ্যয়ন কৰাটো বৰ সুবিধাজনক নহব। আপুনি যদি এজন আইনজীৱী হবলৈ দৃঢ়প্ৰতিজ্ঞ তেনেহলে আপোনাৰ এই দৃঢ়প্ৰতিজ্ঞাই আপোনাৰ কাম আধাতকৈ বেছি সম্পন্ন কৰি দিছেই। আপুনি কাৰোবাৰ ওচৰত পঢ়ে নে নপঢ়ে সেইটো বৰ বিশেষ ধৰিবলগীয়া কথা নহয়। মই নিজেওতো কাৰো ওচৰত পঢ়া নাছিলোঁ। কিতাপবোৰ গোটাই লওক, আৰু কিতাপৰ মূল কথাবোৰ ভালকৈ নুবুজালৈকে পঢ়ক– অধ্যয়ন কৰক। এইটোৱেই হৈছে আচল কথা। পঢ়াশুনা কৰিবলৈ যে কোনো ডাঙৰ চহৰত থাকিব লাগে, এইটো বৰ প্ৰয়োজনীয় কথা নহয়। মই নিউ চালেমত পঢ়িছিলোঁ; তাৰ জনসংখ্যা তিনিশৰ বেছি নাছিল। কিতাপ আৰু কিতাপৰ কথাবোৰ বুজিব পৰা ক্ষমতা সকলো ঠাইতে সমানে থাকে। মিঃ ড্ৰামাৰ এগৰাকী টেঙৰ মানুহ আৰু বৰ ভাল উকীল (আইনৰ কথা মোতকৈ বহুত বেছি জানে) আৰু মই এই বিষয়ে নিঃসন্দেহ যে আপুনি কি কি কিতাপ পঢ়িব লাগিব তেওঁ আনন্দেৰে আপোনাক কব আৰু আৱশ্যক হলে কিতাপো ধাৰে দিব।

 সদায় মনত ৰাখিব হে, সফলকামৰ কৃতসঙ্কল্পই হৈছে গুৰুত্বপূৰ্ণ কথা, আন একোৱেই ইয়াতকৈ বেছি হব নোৱাৰে।

প্ৰকৃততে আপোনাৰ বন্ধু 

এ. লিঙ্কন 

 

মানুহৰ সমান অধিকাৰৰ বিষয়ে

 

 ১৮৫৭ চনত যুক্তৰাষ্ট্ৰৰ চুপ্ৰিম কোৰ্টে তথাকথিত ‘ড্ৰেড্ স্কট্ কেচ’ত ভোটাধিক্যৰ দ্বাৰা এটা ৰায় দিয়ে। সেই ৰায়ৰ বিষয়ে বহুতেই একমত হব পৰা নাই। এই ৰায়ে দাসপ্ৰথাৰ প্ৰশ্নটো আৰু বেছি জটিল আৰু

[ ২৪ ]

বিতৰ্কমূলক কৰি তোলে, কিয়নো ইয়াৰ দ্বাৰা নিগ্ৰোসকলৰ অধিকাৰ বহুলাংশে খৰ্ব্ব কৰা হৈছিল। সেই বছৰৰ জুন মাহৰ এখন ৰাজহুৱা সভাত লিঙ্কনে আকৌ চিনেটৰ ডগলাচৰ যুক্তিৰ উত্তৰত মানুহৰ সমান অধিকাৰৰ বিষয়ে তেওঁৰ ব্যক্তিগত অভিমতকেই দাঙি ধৰে।

 ......বিচাৰপতি ডগলাচে দেখিবলৈ পাইছে যে ৰিপাব্লিকানসকলৰ মতে বগা কলা সকলো মানুহেই স্বাধীনতাৰ ঘোষণা পত্ৰৰ পৰিধিৰ ভিতৰত পৰে। ডগলাচে লগতে দৃঢ়তাৰে এই কথাৰ আপত্তি কৰি কয় যে, নিগ্ৰোসকল কোনোদিনেই এই ঘোষণাপত্ৰৰ ভিতৰত নপৰে। তেওঁ আকৌ গহীন হৈ যুক্তি দেখুৱায় যে নিগ্ৰোসকলৰ বিষয়ে কিছুমানে তেনে ভাৱ পোষণ কৰাৰ কাৰণ হল— তেওঁলোকে নিগ্ৰোৰ লগত ভোট দিবলৈ, খাবলৈ, শুবলৈ আৰু বিয়া-বাৰু কৰাবলৈ ইচ্ছা কৰে। তেওঁ এই যুক্তি দেখুওৱাটো স্বাভাবিক, কিয়নো আন কোনো যুক্তিয়েই নেখাটে। এতিয়া মই তেওঁৰ কৃত্ৰিম যুক্তিৰ প্ৰতিবাদ কৰোঁ‌। তেওঁৰ যুক্তিয়ে এই সিদ্ধান্তলৈকে আনি দিয়ে যে যিহেতু মই এগৰাকী নিগ্ৰো তিৰোতাক দাসী হিচাবে লব নোখোজোঁ‌, সেইহেতুকে তেওঁক মই মোৰ ঘৈনীয়েক হিচাবে পাবলৈ নিশ্চয় আশা কৰো। এই কোনো এটাৰ কাৰণেও মই নিগ্ৰো তিৰোতা বিচৰা নাই। কোনো কোনো বিষয়ত নিগ্ৰো তিৰোতা এগৰাকী নিশ্চয় মোৰ সমতুল্য নহয়, কিন্তু কাৰো অনুমতি নোলোৱাকৈ নিজে স্বাধীনভাৱে কাম কৰি খোৱাৰ স্বাভাবিক অধিকাৰখিনি তেওঁৰ নিশ্চয় আছে। এই বিষয়ে তেওঁ মোৰ- লগত আৰু আন আন সকলোৰে লগত সমান।

 ......প্ৰধান ৰিচাৰপতি টেনীয়ে ‘ড্ৰেড্ স্কট্ কেচ’ত কয় যে, ঘোষণাপত্ৰেৰ ভাষা এনে পৰিব্যাপ্ত যে পৃথিবীৰ গোটেই মানুহ জাতিকেই ইয়াৰ পৰিধিৰ ভিতৰত ধৰি লব পাৰি। কিন্তু তেওঁ আৰু বিচাৰপতি ডগলাচে যুক্তি দেখুৱাই কয়, এই দলিল ৰচোঁতাসকলে নিগ্ৰোসকলক ইয়াৰ ভিতৰত ধৰিবলৈ ইচ্ছা কৰা নাছিল আৰু তেনে কৰাহেঁতেন প্ৰকৃততে নিগ্ৰোসকলক বগাসকলৰ লগত তেতিয়াই সমান অধিকাৰ দিলেহেঁতেন। এই গুৰুত্বপূৰ্ণ যুক্তিটোকো ফঁহিয়াই চালে তেনেই অন্তঃসাৰশূন্য হৈ পৰে। কিয়নো তেওঁলোকে বগালোক সকলকো তেতিয়াই তেতিয়াই এনেকি পিছত প্ৰকৃততে এজন বগা আনজনৰ সমান বুলি ঘোষণা কৰা নাই আৰু তেওঁলোকৰ এই প্ৰধান যুক্তিটোকে দেখুৱাই প্ৰধান বিচাৰপতি আৰু চিনেটৰে ঘোষণাপত্ৰৰ সৰল আৰু নিৰ্ভুল ভাষাৰ অপব্যৱহাৰ কৰিবলৈ ওলাইছে। মোৰ বোধেৰে এই বিখ্যাত দলিলখনি ৰচোঁ‌তাসকলে সকলো মানুহকেই ইয়াৰ পৰিধিৰ ভিতৰত ৰাখিবলৈ ইচ্ছা কৰিছিল কিন্তু তেওঁলোকে সকলো মানুহ সকলো বিষয়তে সমান বুলি ঘোষণা কৰিবলৈ বিচৰা নাছিল। তেওঁলোকে ইয়াকো কবলৈ বিচৰা নাছিল যে ৰং, আকাৰ, বুদ্ধি, নৈতিক উন্নতি আৰু সামাজিক দক্ষতা ইত্যাদিবোৰ বিষষত সকলো মানুহ সমান। কোনো কোনো বিষয়ত মানুহ সমান এই কথা সুস্পষ্টভাৱে ব্যাখ্যা কৰি তেওঁলোকে কৈছে যে— “জীৱন, স্বাধীনতা আৰু সুখ শান্তিৰ প্ৰচেষ্টাত মানুহৰ সদায় অবিচ্ছেদ্য অধিকাৰ আছে।” এইটোকে তেওেঁলাকে বুজিছিল আৰু তেওঁলোকৰ উদ্দেশ্যও আছিল এয়েই। তেতিয়া [ ২৫ ] সকলো মানুহেই সমান অধিকাৰ ভোগ কৰিব পাৰিছিল বা তেওঁলোকক সোনকালেই এই অধিকাৰ দিয়া ব্যৱস্থা হাতত লোৱা হব ধৰিছিল— এনে ধৰনৰ জল্‌জল্ পট্‌পট্‌কৈ মিছা কথা দলিল ৰচোঁ‌তা সকলে দাঙি ধৰা নাছিল। প্ৰকৃতপক্ষে এনে অধিকাৰ দিয়াৰ ক্ষমতা তেওঁলোকৰ নাছিল। তেওঁলোকে অধিকাৰটোহে ঘোষণা কৰিছিল যাতে পৰিস্থিতিৰ ক্ৰমোন্নতিৰ লগে লগে যিমান সোনকালে সম্ভৱ সেই অধিকাৰবোৰ প্ৰয়োগ কৰা সম্ভৱ হয়। তেওঁলোকে স্বাধীন সমাজৰ নীতিৰ এটা আদৰ্শ মান নিৰ্ণয় কৰি যাব খুজিছিল যিটো সকলোৱে বুজিব আৰু শ্ৰদ্ধাৰে মানি চলিব, আৰু যাৰ ওপৰত সদায় ভৰসা কৰিব পাৰিব, সদায় কঠোৰ পৰিশ্ৰম কৰিও যাক সম্পূৰ্ণৰূপে পাব নোৱাৰিব অথচ যথাসম্ভৱ ওচৰলৈ আহিব পাৰিব যাৰ ফলত ইয়াৰ প্ৰভাৱ দৈনন্দিন বাঢ়ি গৈ সকলোৰে মনত সেই আদৰ্শ শিপাব আৰু লগে লগে সকলো ঠাইৰ সকলো বৰ্ণৰ মানুহৰ জীৱনৰ মূল্য আৰু সুখ-শান্তি ক্ৰমাৎ বাঢ়ি গৈ থাকিব। ‘সকলো মানুহে সমান অধিকাৰ লৈ জন্ম গ্ৰহণ কৰিছে’– এই অতি সঁচা কথাষাৰে অমোক গ্ৰেট্ ব্ৰিটেনৰ পৰা আঁতৰি অহাত কোনোপ্ৰকাৰে সহায় কৰা নাই আৰু এই কথাষাৰ ঘোষণাপত্ৰতো সেই কাৰণে লিখা নাই; ভবিষ্যতৰ কথা ভাবিহে এই কথাষাৰ লিখা হৈছিল। ইয়াৰ ৰচোঁ‌তা সকলৰ উদ্দেশ্য এয়েই আছিল যে যিসকল মানুহে স্বাধীন জাতি এটাক স্বেচ্ছাচাৰী শাসনৰ তলতীয়া ঘৃণনীয় বাটত লৈ যাবলৈ বিচাৰে তেওঁলোকৰ পক্ষে এইটো এটা বিৰাট বাধাস্বৰূপ হব। ভগবানক ধন্যবাদ যে এই কথা সম্প্ৰতি ফালিয়াবলৈ আৰম্ভ কৰিছে।

 

বিভক্ত বিধানমণ্ডল

 

 দাসত্বৰ প্ৰশ্নটো লৈ বাদ-বিসম্বাদ বৃদ্ধি পোৱাৰ লগে লগে দেশৰ ৰাজনৈতিক দলসমূহৰো কিছু সালসলনি হল। আগৰ হুইগ্ পাৰ্টিটোৰ অস্তিত্ব নাইকীয়া হল। লিঙ্কন এই দলৰে সদস্য আছিল। লিঙ্কনক অন্যতম নেতা হিচাবে লৈ এটা নতুন দল— ৰিপাব্লিকান পাৰ্টী গঠন কৰা হল। ১৮৫৮ চনৰ জুন মাহত ৰিপাব্লিকান ৰাষ্ট্ৰীয় অভিবৰ্ত্তনৰ সামৰণিত লিঙ্কনে ভাষণ এটি দিয়ে। এই ভাষণৰ দ্বাৰা তেওঁ সেই সময়ৰ সৰহভাগ ৰাজনৈতিক নেতাৰ তুলনাত ইমান ধুনীয়াকৈ আৰু ইমান সাহসেৰে দেশৰ সন্মুখত দেখা দিয়া প্ৰশ্নবোৰ দাঙি ধৰে যাৰ ফলত এইবাৰেই প্ৰথম তেওঁক জাতীয় নেতা হিচাবে স্বীকৃতি দিয়া হয়। ভাষণটোৰ আৰম্ভণিৰ কথাখিনিয়ে প্ৰকৃততে কবলৈ গলে গোটেই জাতিটোকে চকখুৱাই দিয়ে।

 

 আমি কেনেকুৱা অৱস্থাত আছোঁ, কোন ফালে যাবলৈ বিচাৰিছোঁ‌ যদি এই কথা জানিব পাৰোঁ তেনেহলে আমি কি কৰা উচিত আৰু কেনেকৈ কৰা উচিত সেইবিষয়ে ভালদৰে বিবেচনা কৰিব পাৰিম।
[ ২৬ ]  দাসপ্ৰথা সম্পৰ্কীয় অভিযানৰ সমাপ্তি ঘটাবলৈ অঙ্গীকাৰ কৰি আৰু প্ৰতিশ্ৰুতি দি যি নীতি গ্ৰহণ কৰিছিলোঁ আজি সেই নীতি গ্ৰহণৰ পঞ্চম বছৰ চলিছে।

 এই নীতি গ্ৰহণ কৰা সত্ত্বেও উক্ত অভিযান বন্ধ হোৱা দূৰৰ কথা, বৃদ্ধিই পাইছে।

 মোৰ মতে এটা সঙ্কটত উপনীত নোহোৱা লৈকে আৰু তাক পাৰ হৈ নোয়াৱালৈকে এই অভিযান বন্ধ নহয়।

 “স্ববিৰোধী বিধানমণ্ডল চিৰস্থায়ী নোৱাৰে।”

 মই বিশ্বাস কৰোঁ‌ এই চৰকাৰে অৰ্দ্ধদাসত্ব আৰু স্বাধীনতা স্থায়ীভাবে প্ৰৱৰ্তিত হোৱাটো সহ্য কৰিব নোৱাৰে।

 ইউনিয়ন ভঙ্গ হৈ যোৱাটো অথবা বিধান মণ্ডলৰ পতন হোৱাটো মই আশা নকৰোঁ। মই ইয়াকে আশা কৰোঁ‌ ইউনিয়ন আৰু বিধান মণ্ডলত এই বিষয়লৈ বহুমত নেথাকিব।

 ইউনিয়ন আৰু বিধান মণ্ডল অনুকূলে বা প্ৰতিকূলে একমত হব।

 হয় দাসপ্ৰথাৰ বিৰোধী সকল ইয়াৰ সম্প্ৰসাৰণ বন্ধ কৰাত সক্ষম হব আৰু দাসপ্ৰথা শেষত গৈ নিৰ্ম্মূল হব ৰাইজৰ মনত এনেকুৱা বিশ্বাস আনিব পাৰিব অথবা দাসপ্ৰথাৰ সমৰ্থক সকলে ইয়াৰ আৰু সম্প্ৰসাৰণ কৰি নতুন আৰু পুৰণি, উত্তৰ আৰু দক্ষিণ আটাইবোৰ ৰাজ্যতে এই প্ৰথা বৈধ কৰি তুলিব পাৰিব।

 

দাসপ্ৰথা সম্পৰ্কে বিস্তাৰিত অভিমত

 

 ‘বিভক্ত বিধানমণ্ডল’ শীৰ্ষক অগ্নিময়ী ভাষণৰ পিছতেই বহুতেই লিঙ্কনক গৰিহনা দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ পুৰণি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী চিনেটৰ ডগলাচ এওঁলোকৰ ভিতৰত অন্যতম। সেই বছৰৰে জুলাই মাহত চিকাগোত দিয়া এটা ভাষণেৰে লিঙ্কনে তেওঁৰ অভিমত বিস্তাৰিতভাৱে ব্যাখ্যা কৰে।

 

 ......মই এই কথা নজনা নহওঁ যে যোৱা ৮২ বছৰ ধৰি এই চৰকাৰে অৰ্দ্ধদাসত্ব আৰু অৰ্ধস্বাধীনতা সহ্য কৰি আহিছে। এই কথা মই ভালদৰেই জানোঁ। দেশৰ বুৰঞ্জীৰ লগত মোৰ ভাল পৰিচয় আছে আৰু নই জানোঁ দেশে ৮২ বছৰ ধৰি অৰ্দ্ধদাসত্ব আৰু অৰ্দ্ধস্বাধীনতা সহ্য কৰিছে। ইয়াৰ দ্বাৰা মই ইয়াকে বুজাব খোজোঁ যে, মোৰ বিশ্বাস, দেশৰ এই সহনশীলতাৰ কাৰণ এয়ে যে ‘নেব্ৰাস্কা বিল’ৰ প্ৰবৰ্ত্তনলৈকে এই গোটেইখিনি সময় ধৰি ৰাইজে এই আশাতেই নিমাত হৈ আছিল যে দাসপ্ৰথাৰ এদিন বিলোপ হবই। এই কাৰণেই যোৱা [ ২৭ ] ৮২ বছৰ ধৰি আমি হাত সাৱটি বহি আছিলোঁ বুলি বিশ্বাস কৰো। দাসপ্ৰথা বিলোপৰ যি কোনো সমৰ্থনকাৰীৰ দৰে মই এই কথা ঘিণাও। মই এজন পূৰনি হুইগ পন্থী। মই সদায় দাসপ্ৰথা ঘিণাই আহিছোঁ‌। কিন্তু ‘নেব্ৰাস্কা বিল’ প্ৰৱবৰ্ত্তনৰ পিছত নতুন যুগৰ সূচনা হোৱালৈকে মই মনে মনে আছিলোঁ। মই সদায় বিশ্বাস কৰোঁ‌ প্ৰত্যেকেই এই প্ৰথাৰ বিৰোধী আৰু শেহত গৈ এই প্ৰথা বিলোপ হবই। জাতিৰ সৰহভাগ লোকেই এদিন যে দাসপ্ৰথা বিলোপ হব তাকেই বিশ্বাস কৰি নিশ্চিন্ত আছিল। তেনেকৈ বিশ্বাস কৰাৰ কাৰণো আছে।

 সংবিধান গ্ৰহণ আৰু ইয়াৰ পিছৰ বুৰঞ্জীয়ে ৰাইজৰ মনত এই বিশ্বাস সুমুৱাই দিছে আৰু সংবিধান ৰচোঁ‌তা সকলোৱে তেনেকুৱাই বিশ্বাস কৰিছিল। সংবিধান গ্ৰহণৰ সময়ত প্ৰবীণ লোকসকলে নো এই দৰে ৰায় দিছিল কেলেই যে যিবোৰ নতুন অঞ্চলত দাসপ্ৰথাৰ প্ৰচলন নাই সেইবোৰ অঞ্চলত দাসপ্ৰথা প্ৰৱৰ্ত্তিত হব নেলাগে। কেলেইনো ঘোষণা কৰা হৈছিল যে দাসৰ যোগানবাহী আফ্ৰিকান দাসব্যৱসায়ক ২০ বছৰৰ ভিতৰতে কংগ্ৰেছে নিশ্চিহ্ন কৰি দিব পাৰে? এইবোৰ আইন প্ৰণয়ণৰ কাৰণ কি? মই তেনে ধৰণৰ বহুত আইনৰ কথা উনুকিয়াব পাৰোঁ, কিন্তু বোধ কৰো এয়েই যথেষ্ট। এইবোৰেই স্পষ্ট আভাষ দিয়ে যে সংবিধান ৰচোঁ‌তা সকলে দাসপ্ৰথা বিলোপেই কামনা কৰিছিল। ময়ো এতিয়া ইয়াকেই কওঁ যে দাসপ্ৰথাৰ দাসপ্ৰথাৰ বিৰোধী সকলে ইয়াৰ সম্প্ৰসাৰণত বাধা দিব লাগে আৰু ৰাইজৰ মনত এনেকৈ আস্থা জন্মাব লাগে যে এদিন গৈ দাসপ্ৰথা বিলোপ হব। বিচাৰপতি ডগলাচে মোৰ কথাখিনিকে উদ্ধৃত কৰিছে। এই চৰকাৰ প্ৰতিষ্ঠাতা সকলে এই কথাটো যি দৰে ব্যাখ্যা কৰিছিল মোৰ কথাৰো ব্যাখ্যা সেইদৰে দয়ো হব বুলি মই আশা কৰোঁ।

 

দাসপ্ৰথা সম্পৰ্কে এটি বিখ্যাত উক্তি

 

 যেতিয়াই কোনো কথা লিঙ্কনৰ মনলৈ আহিছিল তেতিয়াই তেওঁ কাগজত টুকি ৰাখিছিল আৰু এইবোৰ টোকা সযত্নে ৰখা হৈছিল। এনে এটা টোকা যিটো বেছিকৈ উদ্ধত কৰা হয় সেইটো ১৮৫৮ চনৰ আগষ্ট মাহত লিখা হৈছিল বুলি অনুমান হয়।

 

 যিহেতু মই দাস নহম্ সেই কাৰণে মই প্ৰভুও নহম। মই গণতন্ত্ৰৰ অৰ্থ মই যি বুজোঁ এই কথাষাৰেই তাক প্ৰকাশ কৰিছে। এই মতৰ লগত যিটোৰ অনৈক্য সেই অনৈক্যখিনিলৈকে সেইটো গণতন্ত্ৰ নহয়।

এ. লিঙ্কন।

 
[ ২৮ ]
 

মুক্তিৰ সাহস

 

 ১৮৫৮ চনৰ চেপ্টেম্বৰ মাহত লিঙ্কনে ইলিনয়চৰ এড্‌‌ৱাৰ্ডভাইল্‌চত এটা ভাষণ দিয়ে। তেওঁৰ ভাষণৰ দুই-এটা খণ্ডহে সংৰক্ষণ কৰা হৈছে। ইয়াৰে এটা খণ্ড লিঙ্কনৰ বাগ্মিতাৰ পৰিচয় দিয়ে।

 

 ......আপোনালোকে এতিয়া নিগ্ৰোসকল মানুহ নহয় বুলি প্ৰমাণ কৰাত সক্ষম হৈছে; পথাৰৰ পশুৰ মৰ্য্যাদাৰ বাহিৰে আন কোনো মৰ্য্যাদা পোৱাটো সিহঁতৰ কাৰণে চিৰদিনলৈ অসম্ভৱ কৰি তুলিছে; সিহঁতৰ জীবনৰ বন্তি নুমাই দিছে আৰু নিৰাশাৰ এন্ধাৰে সিহঁতক আৱৰি ধৰিছে— যি এন্ধাৰত যেনিবা ঘৃণিত, নিন্দিত সকলৰ প্ৰেতাত্মা হে বিচৰণ কৰিছে। ইয়াৰ দ্বাৰা আপোনালোকে যি অসুৰ শক্তিক জগাই তুলিছে, সেই শক্তিয়ে যে আপোনালোকক এদিন আক্ৰমণ নকৰিব আৰু আপোনালোকক টুকুৰা টুকুৰ কৰি নিদিব সেই বিষয়ে আপোনালোক জানো নিশ্চিত? আমাৰ স্বাধীনতাৰ মূলশক্তি কি? যুদ্ধৰ বিপুল সাজ-সৰঞ্জাম, বিশাল সমুদ্ৰপাৰ, যুদ্ধজাহাজৰ বৰতোপ অথবা সাহসী আৰু শৃঙ্খলাবদ্ধ সেনাবাহিনীয়ে আমাৰ স্বাধীনতাৰ মূল শক্তি নহয়। স্বৈৰতন্ত্ৰৰ অত্যাচাৰৰ পৰা আমাৰ মাতৃভূমিক ৰক্ষা কৰিবৰ কাৰণে এই বিলাক বহিঃশক্তিয়েই নিৰ্ভৰযোগ্য ৰক্ষাকবচ নহয়। কিয়নো আত্মৰক্ষাৰ কাৰণে আমাক সবল বা দুৰ্বল নকৰাকৈয়ে এইবিলাক আমাৰ প্ৰকৃত স্বাধীনতাৰ বিৰুদ্ধে প্ৰযুক্ত হব পাৰে। প্ৰকৃত স্বাধীনতা ৰক্ষাৰ শক্তি নিহিত আছে— আমাৰ স্বাধীনতা প্ৰেমত; ঈশ্বৰে আমাৰ অন্তৰত এই প্ৰেম সিঁচি দিছে। যি আত্মাই সকলো সময়তে, সকলো ঠাইতে, সকলো মানুহৰ ঐতিহ্য হিচাবে স্বাধীনতাক আসন দিয়ে সেই আত্মাৰ সংৰক্ষণেই হল প্ৰকৃত প্ৰতিৰক্ষা। এই আত্মাক ধ্বংস কৰাৰ অৰ্থই হল নিজকে নিজে স্বৈৰতন্ত্ৰৰ কৰাল গ্ৰাসলৈ ঠেলি দিয়া। পৰাধীনতাৰ শিকলিৰ লগত পৰিচয় হোৱা মানে এই শিকলি পিন্ধিবলৈকো সাজু হোৱা। চুবুৰীয়াৰ অধিকাৰ ক্ষুণ্ণ কৰি আপোনালোকে নিজৰ স্বাধীনতাৰ প্ৰতিভা হেৰুৱাইছে। গতিকে আপোনালোক নব অভ্যুত্থিত স্বৈৰতন্ত্ৰী অত্যাচাৰী শাসকৰ উপযুক্ত প্ৰজাৰূপে পৰিগণিত হৈছে......!

 

দাসপ্ৰথাৰ সমৰ্থক ধৰ্ম্মমত

 

 লিঙ্কনৰ ভাষণৰ আন এটা উদ্ধত খণ্ডৰ পৰা বুজিব পাৰি যে সেই বছৰত তেওঁ দাসপ্ৰথাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিছিল। এইবোৰ ১৮৫৮ চনৰ চেপ্টেম্বৰত লিখা বুলি বিশ্বাস হয়।

 
[ ২৯ ]  এইটো সচাঁ‌ বুলি ধৰি লোৱা যক যে নিগ্ৰোসকল প্ৰকৃতিৰ দানত বগাসকলতকৈ নিকৃষ্ট।

এই যুক্তিৰ আলমলৈ নিগ্ৰোসকলে যিখিনি পাইছে তাৰ কোনো অংশ বগাসকলে কাঢ়িলোৱাটো জানো ঠিক ওলোটা বিচাৰ নহয়? ‘যি অভাৱী তাক দিয়া’ এইটোৱেই হল খৃষ্টানসকলৰ দানৰ নীতি। কিন্তু ‘যি অভাৱী তাৰ পৰা কাঢ়ি লোৱা’ এইটো হল দাসপ্ৰথাৰ নীতি।

 দাসপ্ৰথাৰ সমৰ্থক ধৰ্ম্মমতৰ মূল কথা হল এইটো— “দাসপ্ৰথা সাৰ্ব্বজনীন অধিকাৰ নহয়, আৰু সাৰ্ব্বজনীন অন্যায়ও নহয়। কিছুমান মানুহৰ কাৰণে দাস হোৱাটো ভাল আৰু তেনেবোৰ ক্ষেত্ৰত সিহঁত দাস হোৱাটো ভগবানৰ ইচ্ছা।"

 নিশ্চয় ভগবানৰ ইচ্ছাৰ ওপৰত কাৰো হাত নাই; কিন্তু এইটো নিৰ্ধাৰণ কৰা আৰু কোনো নিৰ্দিষ্ট ক্ষেত্ৰত খটোৱাত অলপ অসুবিধা আছে। উদাহৰণ স্বৰূপে ধৰিলোৱা যক— ৰেভাৰেণ্ড ডাঃ ৰোছৰ শ্বাম্বো নামেৰে এজনা দাস আছে। এতিয়া কথা হল— “শ্বাম্বো দাস হৈয়েই থাকিব নে মুক্তিলাভ কৰিব— কোনটো ভগবানৰ ইচ্ছা? সৰ্ব্বশক্তিমান্ ভগবানে আমি শুনিবপৰাকৈ এই প্ৰশ্নৰ উত্তৰ নিদিয়ে। ভগবানৰ প্ৰত্যাদেশ— বাইবেলো ইয়াৰ উত্তৰ নিদিয়ে আৰু অন্ততঃ বিতৰ্কমূলক উত্তৰৰ বাহিৰে এই বিষয়ে কোনো নিশ্চিত উত্তৰ দিব নোৱাৰে। এই বিষয়ে শ্বাম্বেৰ অভিমত লোৱাৰ কথা কোনেও নেভাবে। গতিকে শেহত গৈ এই খিনি গোৱা হল যে ডাঃ ৰোছেই এই প্ৰশ্নৰ সিদ্ধান্ত লব লাগে আৰু টেংটেঙীয়া ৰদত মূৰৰ ঘাম ভৰিত পেলাই অৰ্জন কৰা শ্বাম্বোৰ ৰুটিৰ ওপৰতেই জীৱন নিৰ্ব্বাহ কৰি, হাতমোজা পিন্ধি, ছাঁ‌ত আৰামে বহি লৈ তেওঁ এই সিদ্ধান্তৰ কথা বিবেচনা কৰিব লাগে। তেওঁ যদি এই সিদ্ধান্তলৈ আহে যে শ্বাম্বো দাসহৈ থকাটো ভগবানৰ অভিপ্ৰেত, তেন্তে সেই সিন্ধান্তৰ পৰা তেওঁৰ নিজৰ আৰামদায়ক অৱস্থাটো ৰক্ষা কৰাৰ সুবিধা হয়। কিন্তু যদি এই সিদ্ধান্তলৈ আহে যে শ্বাম্বো মুক্ত হোৱাটোৱেই ভগবানৰ অভিপ্ৰেত, তেন্তে তেওঁ ছাঁ‌ৰ পৰা ওলাই গৈ হাতমোজা খুলি থৈ পেটৰ ভাত মোকলাবলৈ পৰিশ্ৰম কৰিবলগাত পাৰে। পক্ষপাতিত্বহীন সঠিক সিদ্ধান্তলৈ অহাত ডাঃ ৰোছৰ সুমতি হবনে?

 কিন্তু কিছুমান মানুহৰ কাৰণে দাস প্ৰথা ভাল!!! ভাল বস্তু হিচাবে দাস প্ৰথাৰ মনকৰিবলগীয়া আচৰিত কথা এয়ে যে— এইটো এনে ভাল বস্তু যাক কোনেও নিজৰ বেলিকা পাবলৈ আশা নকৰে।

 অৰ্থহীন কথা! কুকুৰনেচীয়া বাঘে ছাগলী খায় তাৰ লুভীয়া পেটৰ কাৰণে নহয়— কিন্তু ছাগলীৰ ভালৰ কাৰণেহে!!!

 

প্ৰেচিডেণ্ট পদৰ বিষয়ে এখন চিঠি

 

 মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিনেটত ১৮৫৮ চনত লিঙ্কনে ডগলাচৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰাজ্য বিধানসভাই তেওঁক নিৰ্ব্বাচন নকৰিলে সঁচা, কিন্তু

[ ৩০ ]

চিনেটৰলৈ আগবঢ়োৱা তেওঁৰ যুক্তিবোৰ আৰু আন আন ৰাজহুৱা ভাষণবোৰ এনে প্ৰসিদ্ধ হৈ উঠিল যে তেওঁক বহুতেই প্ৰেচিডেণ্টৰ প্ৰাৰ্থী হিচাবে আঙুলিয়াবলৈ ধৰিলে।

 

স্প্ৰীং ফিল্ড, ১৬ এপ্ৰিল, ১৮৫৯ চন

মাননীয় টি, জে, পীকেট্
প্ৰিয় মহাশয়,

 আপোনাৰ ১৩ তাৰিখৰ চিঠিখন এই মাত্ৰকে পালোঁ। মই ইমান ব্যস্ত যে, মই— কোনো ভাষণ দিবলৈ বা আন কোনো কাৰণেও অতি সোনকালে ৰোক আইলেগুলৈ যাব পৰাৰ কোনো আশা দেখা নাই।

 আপুনি উনুকিওৱা আন কথাষাৰৰ বিষয়ে মই ইয়াকেই অতি সৰল ভাৱেই কব খোজোঁ‌ যে মই প্ৰেচিডেণ্ট পদৰ যোগ্য প্ৰাৰ্থী নহওঁ। মোৰ কিছুমান পক্ষপাতী বন্ধুৱে সেই বিষয়ে মোৰ কথা চিন্তাকৰাত মই গৌৰৱ আৰু কৃতজ্ঞতা অনুভৱ কৰিছোঁ। কিন্তু মই সচাঁকৈ ভাৱোঁ যে আমাৰ মহান্ উদ্দেশ্যৰ সাফল্যৰ কাৰণে আপুনি কোৱা মতে কোনো যুক্ত প্ৰচেষ্টা চলোৱাটো যুগুত নহব।

 এইখিনি গুপুত কথা বুলি ধৰি লব।

আপোনাৰ বিশ্বাসী 

এ. লিঙ্কন 

 

কৃষিৰ বিষয়ে

 

যদিও দাসপ্ৰথাৰ প্ৰশ্নই সেই সময়ত ডাঙৰ প্ৰশ্ন হিসাবে দেখা দিছিল তথাপিও লিঙ্কনে আন আন বহুত বিষয়ে গভীৰভাৱে চিন্তা কৰিছিল। সেই দেশৰ আৰু ক্ৰমবৰ্ধমান সীমান্ত ৰাজ্যৰ মানুহ হিচাবে তেওঁ সদায় বিশেষকৈ কৃষিৰ উন্নতিৰ কাৰণে আগ্ৰহী আছিল। কেউ বছৰ মান পিছত তেওঁ প্ৰেচিডেণ্ট হৈ থাকা কালছোৱাত যিটো প্ৰথম ‘গৱৰ্ণমেন্ট বুৰো' গঠন কৰা হৈছিল সেইটোৱেই অৱশেষত মাৰ্কিন যুক্তৰাষ্ট্ৰ কৃষিবিভাগত পৰিণত হয়গৈ। ১৮৫৯ চনৰ সেপ্টেম্বৰ মাহত উইচ্‌কন্‌চিন্ ৰাজ্যৰ মেডিচন নামে

[ ৩১ ]

ঠাইত উইচ্‌কন্‌চিন্ ৰাজ্যিক কৃষি সমিতিত তেওঁ বছৰেকীয়া ভাষণ দিয়ে। কৃষি শিক্ষাৰ অগ্ৰগতিৰ বহুবছৰ আগতেই তেওঁ সেই শিক্ষাৰ আৱশ্যকতা আৰু তাৰ প্ৰসাৰ সম্ভৱ বুলি ভাবিছিল। ইয়াত উদ্ধত ভাষণৰ পৰা সেইভাৱৰেই ওৰিচয় পোৱা যায়।

 

 ......শাৰীৰিক পৰিশ্ৰম আৰু মানসিক চিন্তাৰ লাভজনক আৰু মনোৰম মিলন কৃষিৰ বাহিৰে আন কোনো কামতেই দেখা নেযায়। যি কোনো নতুন আৰু মূল্যবান্ বস্তু আবিষ্কাৰ কৰাত যিমান আনন্দ পোৱা যায় সিমান আনন্দ আন কোনো কামত পোৱা যায় বুলি মই নেজানো। আৰু এনে আবিষ্কাৰৰ কাৰণে যি প্ৰচেষ্টা সেয়ে পৰিশ্ৰম লাঘৱ আৰু মধুৰ কৰি তোলে। আৰু এই কৃষিয়েই তেনে বিচিত্ৰ আবিষ্কাৰৰ কাৰণে সুবৃহৎ ক্ষেত্ৰ। গাৱঁলীয়া বা চহৰীয়া শিক্ষাৰ সাঁচেৰে গঢ়া মনে ইয়াক হিতকৰ আনন্দৰ অফুৰন্ত উৎস বুলি ধৰি লবলৈ অসমৰ্থ নহয়। প্ৰতি পাহি ঘাঁহেই অধ্যয়নৰ বিষয়। এপাহি ঘাঁ‌হক দুপাহি কৰিব পৰাটো হিতকৰ আৰু নিৰ্ম্মল আনন্দদায়ক। কেৱল ঘাঁহেই নহয়, মাটি, বীজ, ঋতু, বেৰ, খাল, হেঙাৰ জলসিঞ্চন, হালবোৱা, মৈ দিয়া, বনবছা, শস্যকটা, মৰনীমৰা, শস্যবোৰক নানা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰা, শস্যৰ বেমাৰ আৰু তাৰ প্ৰতিকাৰৰ উপায়, হালৰ আহিলা-পাতি, বাচন-বৰ্ত্তন আৰু যন্ত্ৰ আৰু তাৰ উন্নতি বিধান, গাহৰি ঘোৰা, গৰু, ভেৰা, ছাগলী আৰু হাঁহকুকুৰা, গছ-গছনি, ফলফুল আৰু তেনেকুৱা হেজাৰ হেজাৰ বস্তুৰ প্ৰতিটোৱেই একোটা অধ্যয়নৰ বিষয়।

 এই সকলোবোৰ বিষয়তেই পুথিগত বিদ্যাৰ অভাৱ নাই। কিতাপ পঢ়াৰ নিচা আৰু ক্ষমতাৰ দ্বাৰা আনে ইতিমধ্যে আবিষ্কাৰ কৰা বস্তুবোৰৰ বিষয়ে জানিব পৰা যায়। ইতিমধ্যে সমাধান কৰা সমস্যাবোৰ জানিবলৈ হলে এইটোৱেই হল চাবিকাঠি। কেৱল এয়েই নহয় ইয়ে এতিয়াও অমীমাংসিত অৱস্থাত থকা বহুতো সমস্যাৰ সমাধানত সহায় কৰে। বিজ্ঞানৰ মূল্যবান মূলসূত্ৰবোৰৰ বিষয়ে জ্ঞান বিশেষে কাৰ্য্যকৰী হয়। উদ্ভিদবিজ্ঞানৰ বিষয়ে জানিলে শাক-পাছলী আৰু আন আন শস্যৰ বিষয়ে চিন্তাকৰাত সহায় হয়। ৰসায়ন বিদ্যাত জ্ঞান থাকিলে মাটি বিশ্লেষণ কৰাত, সাৰ বাচি লোৱাত আৰু দিয়াত আৰু তেনেকুৱা নানা বিষয়ত সহায় হয়। প্ৰাকৃতিক দৰ্শনৰ যন্ত্ৰবিজ্ঞানৰ ফালটোৱে সকলো সময়তে আৰু বিশেষকৈ আহিলা-পাতি আৰু যন্ত্ৰৰ বিষয়ে সহায় কৰে।

 এইটো সততে মন কৰিবলগীয়া কথা যে শিক্ষা— পৰিণত চিন্তাধাৰা আৰু কৃষিজীৱি সকলৰ অক্লান্ত পৰিশ্ৰমৰ মিলনৰ ভিত্তি হব লাগিব সম্পূৰ্ণ নিখুঁ‌ত। অসাৱধান, অমনোযোগী আৰু আধৰুৱা কামৰ সৈতে জ্ঞানৰ কেতিয়াও মিলন সম্ভৱ নহয়। নিখুঁতভাবে কাম কৰিবলৈ হলে অকনমানি এডোখৰ মাটিয়েই প্ৰত্যেকৰ কাৰণে যথেষ্ট। এই কথা এনেখন বিশ্বৰ ঘটনাপ্ৰবাহৰ লগত ৰজিতা খায়— যিখন বিশ্বত আগৰ তুলনাত যুদ্ধৰ হাবিয়াহ কম আৰু শান্তিৰ [ ৩২ ] প্ৰতি হাবিয়াহ বেছি। জনসংখ্যা অভূতপূৰ্বভাবে বৃদ্ধি পাবই আৰু অদূৰ ভবিষ্যতে এনে এটা মূল্যবান্ কৌশলৰ উদ্ভাৱন হব যাৰ দ্বাৰা অকনমানি এডোখৰ মাটিৰ পৰা সুচলভাবে জীৱন নিৰ্ব্বাহ কৰা যাব। যি সমাজত প্ৰতিজন নাগৰিকে এই কৌশলৰ অধিকাৰী হব, সেই সমাজ কোনো ৰকমৰ উৎপীড়নৰ সম্মুখীন কাহানিও হবলগাত নপৰে; এনেকুৱা সমাজ, মুকুটধাৰী ৰজা, ধনৰ ৰজা আৰু মাটিৰ ৰজা কাৰোৰেই পৰাধীন নহয়......।

 

আত্মজীৱনী

 

 প্ৰেচিডেণ্ট পদৰ সম্ভাৱ্য প্ৰাৰ্থীহিচাবে লিঙ্কনৰ প্ৰতি ৰাইজৰ আগ্ৰহ বঢ়াৰ লগে লগে তেওঁৰ জীৱনী লিখিবলৈ সা-সম্বল বিচাৰি ভালেমানে অনুৰোধ জনাবলৈ ধৰে। এজন বন্ধুৰ অনুৰোধত তেওঁ তলৰ কথা কেইটিৰে লক্ষণীয়ভাবে চমুকৈ নিজৰ জীৱনৰ বিৱৰণী দিয়ে।

 

 কেণ্টাকীৰ হাৰ্ডিন কাউণ্টিত ১৮০৯ চনৰ ১২ ফেব্ৰুয়াৰীৰ দিনা মই জন্মগ্ৰহণ কৰোঁ‌। মোৰ আইবোপাই দুজনেই ভাৰ্জিনিয়াত সাধাৰণ পৰিয়ালত— মোৰ বোধেৰে কবলৈ গলে ২য় খাপৰ পৰিয়ালত জন্মগ্ৰহণ কৰে। মোৰ বয়স যেতিয়া দহ বছৰ আছিল তেতিয়াই মই মাউৰা হওঁ‌। তেওঁ হেঙ্কছ্ নামৰ পৰিয়ালৰ ছোৱালী আছিল। এই পৰিয়ালৰ কিছুমানে এতিয়া আদম্‌চত আৰু আনসকল ইলিনয়চৰ মেকেন কাউণ্টিত বসবাস কৰিছে। মোৰ ককাদেউতা (দেউতাৰ দেউতা) আব্ৰাহাম লিঙ্কন ভাৰ্জিনিয়াৰ ৰকিংহাম কাউণ্টিৰ পৰা ১৭৮১ অথবা ১৭৮২ চন মানত কেণ্টাকীলৈ গুচি আহে। তাতেই দুই বছৰৰ পিছত ‘ইণ্ডিয়ান’সকলে দেউতা হাবিত মাটি ভাঙি থকা অৱস্থাতে তেওঁক পিছফালৰ পৰা হত্যা কৰে। তেওঁৰ পূৰ্ব্বপুৰুষসকল ‘কোয়েকাৰ’ আছিল আৰু পেনিছিলভেনিয়াৰ বাৰ্কছ কাউণ্টিৰ পৰা ভাৰ্জিনিয়ালৈ যায়। তেওঁলোকৰ পৰিয়ালটোক একে নামৰ ‘নিউ ইংলণ্ডে’ পৰিয়াল বুলি সাব্যস্ত কৰিবলৈ চেষ্টা হৈছিল, কিন্তু দুয়োটা পৰিয়ালৰ এনোক, লেভি, মৰ্ডেকাই, ছ’লোমন, আব্ৰাহাম ইত্যাদি উপাধিৰ দৰে একে উপাধিৰ বাহিৰে নিশ্চিত একোকে সাব্যস্ত কৰিব পৰা হোৱা নাই।
[ ৩৩ ]  মোৰ দেউতাৰ বয়স তেওঁৰ দেউতাকৰ মৃত্যুৰ সময়ত ৬ বছৰ আছিল। প্ৰকৃততে কোনো ৰকমৰ শিক্ষা নোপোৱাকৈ তেওঁৰ ডাঙৰ দীঘল হয়। মোৰ বয়স যেতিয়া ৮ বছৰ তেতিয়া তেওঁ ইণ্ডিয়ানাৰ এতিয়াৰ স্পেন্সাৰ কাণ্টিলৈ গুচি যায়। ৰাজ্যখন ইউনিয়নৰ অন্তৰ্ভুক্ত হোৱাৰ সময়তেই আমি আমাৰ নতুন বাসস্থানত উপস্থিত হলোঁ‌। অঞ্চলটো তেতিয়াও হাবিৰে ভৰি আছিল, হাবিত বনৰীয়া ভালুক আৰু আন আন জীৱজন্তু পোৱা গৈছিল। তাতেই মই ডাঙৰ দীঘল হওঁ। তাত কেইখন মান তথাকথিত স্কুল আছিল সঁচা, কিন্তু এই স্কুলৰ শিক্ষকতাৰ কাৰণে সাধাৰণ লিখাপঢ়া আৰু অঙ্ক জনাৰ যোগ্যতাই যথেষ্ট আছিল। ওচৰে-কাষৰে কোনোবাই যদি ‘লেটিন’ জানিছিল তেওঁক যাদুকৰ বুলিহে মানুহে ভাবিছিল। কবলৈ গলে শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱাৰ কাৰণে একোৱেই নাছিল। মই জনাবুজা হোৱালৈকে আচলতে মই একোকে শিকা নাছিলোঁ। তথাপিও মই কোনোমতে লিখিব পঢ়িব আৰু সাধাৰণ অঙ্ক কৰিব পাৰিছিলোঁ— অকল সেয়েহে, তাৰ বেছি নহয়। তেতিয়াৰে পৰা মই আৰু স্কুললৈ যোৱা নাই। এতিয়া মই যি অকনমানি শিক্ষাৰ পোহৰ পাইছোঁ‌ সিও প্ৰয়োজনৰ খাতিৰতহে অৰ্জন কৰা।

 মই পাথৰৰ কামত লাগি যাওঁ আৰু ২২ বছৰ বয়সলৈকে এই কামকে কৰিছিলোঁ‌। ২১ বছৰ বয়সত মই ইলিনয়চলৈ আহোঁ‌ আৰু মেকোন কাউণ্টিত প্ৰথম বছৰটো কটাওঁ। তাৰ পৰা নিউ চালেমলৈ যাওঁ। (নিউ চালেম তেতিয়া চেঙ্গামনত আছিল আৰু এতিয়া মেনাৰ্ড কাউণ্টিৰ অন্তৰ্ভুক্ত। তাত মই গুদাম এটাত এবছৰমান কেৰাণীৰ বিধৰ কাম কৰিছিলোঁ)। তাৰ পৰা ব্লেক হকৱাৰলৈ আহোঁ আৰু স্বেচ্ছাসেৱকসকলৰ ‘কেপ্টেইন’ নিৰ্ব্বাচিত হওঁ। ইয়াৰ আগলৈকে আন একোতেই এই সাফল্যৰ নিচিনা আনন্দ পোৱা নাছিলোঁ। মই অভিযান আৰম্ভ কৰিলোঁ, ওপৰলৈ উধালোঁ আৰু সেই বছৰতেই (১৮৩২ চন) বিধান মণ্ডলৰ সদস্যপ্ৰাৰ্থী হিচাবে থিয় দি পৰাজয় বৰণ কৰিবলগাত পৰিলোঁ। অকল এই বাৰেহে ৰাইজে মোক ভোট দিয়া নাছিল। পিছৰ বছৰত আৰু দুবছৰৰ পিছে পিছে আন তিনিবাৰৰ নিৰ্ব্বাচনত মই বিধানমণ্ডললৈ নিৰ্ব্বাচিত হওঁ। পিছত আৰু মই প্ৰাৰ্থী হিচাবে থিয় হোৱা নাছিলোঁ। বিধানমণ্ডলৰ সদস্য হিচাবে থাকোঁতে মই আইন অধ্যয়ন কৰোঁ‌ আৰু আইন ব্যৱসায় কৰিবলৈ স্প্ৰীংফিল্ডলৈ বাসস্থান সলনি কৰোঁ‌। ১৮৪৬ চনত মই এবাৰ কংগ্ৰেছৰ নিম্নসদনৰ সদস্য নিৰ্ব্বাচিত হওঁ আৰু পুনৰ নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী হোৱা নাছিলোঁ। ১৮৪৯ চনৰ পৰা ১৮৫৪ চনলৈকে এই ছবছৰ কাল আগৰ তুলনাত বেছি একাণপতীয়াকৈ আইনৰ ব্যৱসায় কৰোঁ‌। ৰাজনীতিত মই সদায় এজন হুইগ্ আৰু সাধাৰণতে হুইগ্‌দলৰ মনোনীত প্ৰাৰ্থী হিচাবে নিৰ্ব্বাচনত থিয় হৈছিলোঁ‌ আৰু নিৰ্ব্বাচনৰ অভিযানত সক্ৰিয় অংশ গ্ৰহণ কৰিছিলোঁ। ৰাজনীতিত মোৰ আগ্ৰহ কমি আহিছিল কিন্তু ‘মিচৌৰী আপোচ্’ প্ৰত্যাহাৰ কৰাত মোৰ আগ্ৰহ আকৌ বাঢ়ি আহিল। তাৰ পিছৰ পৰা মই কি কৰিছোঁ‌ ৰাইজে ভালদৰে জানে।

 মোৰ ব্যক্তিগত বৰ্ণনা যদি আৱশ্যক বুলি ভাবে, তেনেহলে কওঁ মই দীঘলে প্ৰায় ৬ ফুট ৪ ইঞ্চি কিন্তু গতে মঙ্গহ কম, ওজন গঢ়ে ১৮০ পাউণ্ড, গাৰ বৰণ বৰ উজ্বল [ ৩৪ ] নহয়, চুলি থিয় আৰু ক’লা আৰু চকুজুৰি ধোঁৱা বৰণীয়া-আন কোনো বিশেষত্ব মনত নপৰে।

 

ৰাষ্ট্ৰশাসন-দৰ্শন

 

লিঙ্কনে ৰাষ্ট্ৰ শাসন দৰ্শনত বিশেষকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰযোজ্য এই দৰ্শনৰ প্ৰতি যথেষ্ট ধিয়ান দিছিল। তেওঁৰ টোকা এটাত এই বিষয়ত তেওঁৰ চিন্তাধাৰা প্ৰকাশ পাইছে। ১৮৬০ চনত এই টোকাটো লিখা হৈছিল বুলি অনুমান হয়।

 

 এই আটাইবোৰেই হঠাতে হৈ উঠা নাই, ইয়াৰ মূলতে আছে দৰ্শনসন্মত কাৰণ। সংবিধান আৰু ইউনিয়ন ব্যতিৰেকে আমি এই সুফল লাভ কৰিব নোৱাৰিলোঁহেঁতন। কিন্তু এইবোৰৰ আমাৰ বিৰাট সমৃদ্ধিৰ প্ৰাথমিক কাৰণ নহয়। ইয়াৰ মূলতে লুকাই আছে এনে কিবা এটি,— যিটো মানুহয় অন্তৰৰ লগত ওতপ্ৰোত ভাৱে জড়িত। সেইটোৱে হৈছে স্বাধীনতাৰ আদৰ্শ— যি স্বাধীনতা উপভোগ কৰিবলৈ সকলোৰে অধিকাৰ আছে; যি স্বাধীনতাৰ আদৰ্শই সকলোৰে উদ্গতিৰ পথ মুক্ত কৰি দিয়ে, সকলোৰে বুকুত আশাৰ সঞ্চাৰ কৰে আৰু তাৰ ফল স্বৰূপে সকলোৱে উদ্যোগী, উৎসাহী হৈ মাতৃভূমিক শিল্পসমৃদ্ধ কৰিব খোজে।

 আমাৰ স্বাধীনতা ঘোষণাপত্ৰত এই আদৰ্শৰ প্ৰকাশ অতি সন্তোষ আৰু সৌভাগ্যৰ পৰিচয়। এই আদৰ্শ আগত ৰাখি বা নেৰাখি আমি গ্ৰেটব্ৰিটেনেৰ হাতৰ পৰা আমাৰ স্বাধীনতা ঘোষণা কৰিব পাৰিলোঁহেঁতেন। কিন্তু এই আদৰ্শ ব্যতিৰেকে মোৰ মতে আমি আমাৰ স্বাধীন চৰকাৰ প্ৰতিষ্ঠা কৰিব আৰু তাৰ ফলত সমৃদ্ধিলাভ কৰিব নোৱাৰিলোঁহেঁতেন। অকল শাসকৰ সালসলনিৰ বাহিৰে আন কিবা মঙ্গলৰ আশা নোহোৱা হলে আমাৰ পূৰ্ব্বপুৰুষসকলৰ দৰে আন কোনো নিপীড়িত জাতিয়ে যুদ্ধ নকৰিলেহেঁতেন আৰু দুখদুৰ্গতি সহ্য কৰি নেথাকিলেহেঁতন।

 তেতিয়াৰ দিনত এই আদৰ্শ গ্ৰহণে দূৰদৰ্শিতাৰ পৰিচয় দিয়ে। আৰু আজি আমি তাৰ সুফল উপভোগ কৰিছোঁ‌। এই আদৰ্শক ৰূপায়িত কৰা হৈছে আমাৰ বহুমূলীয়া ইউনিয়ন আৰু সংবিধানত। এই আদৰ্শক লুকাই ৰাখিবলৈ বা নষ্ট কৰি দিবলৈ তেনে কৰা হোৱা নাছিল— তাৰ যথাযোগ্য মৰ্য্যাদা দিবলৈ আৰু অটুট ৰাখিবলৈহে আমাৰ ইউনিয়ন আৰু সংবিধানত তাক ৰূপায়িত কৰি তোলা হৈছে। আদৰ্শৰ কাৰনেহে এই ৰূপায়ণ, ৰূপায়ণৰ কাৰণে এই আদৰ্শ নহয়।

 গতিকে ৰূপায়ণ অথবা আদৰ্শ কোনোটোৱেই হাতে নষ্ট নহয় তাৰহকে যত্ন কৰোঁ‌ আহক।
[ ৩৫ ]  এনে কৰিবলৈ হলে আমি আমাৰ বিপদসমূহৰ বিষয়ে ভাবি-চিন্তি, অনুশীলন কৰি, প্ৰকৃত সত্য উপলব্ধি কৰিব লাগিবই।

 

কুপাৰ প্ৰতিষ্ঠানত দিয়া ভাষণ

 

বুৰঞ্জীত তেওঁ ‘মহান্ মুক্তিদাতা’ বুলি জনাজত কিয়নো তেওঁ দাসসকলক স্বাধীন কৰি দিয়ে আৰু তাৰ দ্বাৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কলঙ্ক-স্বৰূপ দাসপ্ৰথাৰ বিলোপ সাধন কৰে। কিন্তু গৃহযুদ্ধৰ আগৰ কালছোৱাত লিঙ্কনৰ লক্ষ্য আছিল চৰকাৰৰ আদেশৰ জৰিয়তে অবিলম্বে দাসপ্ৰথা বিলোপ সাধন কৰাতকৈ ৰাইজৰ চেতনাবোধ জগাই তুলি ক্ৰমে ক্ৰমে ইয়াৰ বিলোপ সাধন কৰা। তেওঁ এইটোকেই আশা কৰিছিল যে অনিচ্ছাসত্ত্বে হলেও দাসপ্ৰথা প্ৰৱৰ্ত্তিত ৰাজ্যসমূহে এনেকুৱা পৰিকল্পনা এখন গ্ৰহণ কৰিব আৰু তাৰ ফলতে ইউনিয়ন অক্ষুণ্ন থাকিব। এনেদৰে আশা কৰিছিল যদিও দাস প্ৰথাৰ নৈতিকতাৰ ফালৰ পৰা নিন্দনীয় দাসপ্ৰথাক গৰিহনা দি তেওঁ যি মৰ্ম্মস্পৰ্শী ভাষণ দিছিল সমগ্ৰ দেশতে তাৰ ধ্বনি-প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছিল। নিউইয়ৰ্কৰ পূবফালে ভ্ৰমণ কৰোঁতে দিয়া ভাষণটো এই প্ৰসঙ্গত উল্লেখযোগ্য। কুপাৰ প্ৰতিষ্ঠানত ৰিপাব্লিকান সকলৰ সভা এখনত তেওঁ এই ভাষণৰ সামৰণিত কোৱা হয়:—

 

 যদি দাসপ্ৰথা নিৰ্ভুল হয়, তেনেহলে ইয়াৰ বিৰুদ্ধে কোৱা সকলোবোৰ কথা, গ্ৰহণ কৰা সকলোবোৰ আইন আৰু সংবিধানেই ভুল আৰু সেইবোৰৰ কণ্ঠৰোধ কৰিব লাগে আৰু দলিয়াই পেলাই দিব লাগে। যদি এই প্ৰথা নিৰ্ভুল হয় তেনেহলে ইয়াক জাতীয় আৰু সাৰ্ব্বজনীন প্ৰথা বুলি ধৰি লোৱাত আমি প্ৰতিবাদ কৰাটো অনুচিত। কিন্তু যদি ভুল হয় তেনেহলে ইয়াৰ সমৰ্থকসকলে এই প্ৰথাৰ বিস্তাৰ বা সম্প্ৰসাৰণত জোৰ দিব নোৱাৰে। আমি যদি দাসপ্ৰথাক নিৰ্ভুল বুলিয়েই ধৰি লওঁ, তেনেহলে তাৰ সমৰ্থকসকলে বিচৰা সকলোবোৰ অধিকাৰতেই আমি অনুমোদন জনাব লাগিব। কিন্তু তেওঁলোকে যদি এই প্ৰথা ভুল বুলি ভাবে তেনেহলে আমি বিচৰা অধিকাৰত তেওঁলোক সম্মত হব লাগে। তেওঁলোকৰ চিন্তাধাৰা ভুল নে আমাৰেই ভুল— তাৰ ওপৰতেই নিৰ্ভৰ কৰিছে এই গোটেই খিনি বাদ বিসম্বাদ। তেওঁলোকে ইয়াক নিৰ্ভুল বুলি ভাবে যেতিয়া ইয়াৰ পূৰ্ণ স্বীকৃত প্ৰদানৰ কাৰণে ইচ্ছুক হোৱাত আমি তেওঁলোকক দোষ দিব নোৱাৰোঁ। কিন্তু আমি ইয়াক ভুল বুলি ভাবোঁ যেতিয়া [ ৩৬ ] তেওঁলোকৰ কথাত সৈমান যাম কেলেই? তেওঁলোকৰ মতামতৰ সপক্ষে আমাৰ নিজৰ মতামতৰ বিপক্ষে আমি ভোট দিব পাৰোঁনে? আমাৰোতো নৈতিক, সামাজিক আৰু ৰাজনৈতিক দায়িত্ব আছে।

 দাসপ্ৰথা ভুলবুলি ভাবিলেও যিবোৰ ঠাইত দাসপ্ৰথা চলি আছে সেইবোৰত চলি থকাত আমি আপত্তি নকৰিব পাৰোঁ কিয়নো দেশৰ কিছুমান ঠাইত এই ব্যৱস্থা প্ৰকৃততে চলিয়েই আছে। কিন্তু আমাৰ ভোটৰ সকলৰ আপত্তি সত্ত্বেও জাতীয় অঞ্চল সমূহত দাসপ্ৰথা সম্প্ৰসাৰিত হবলৈ আৰু এই স্বাধীন ৰাজ্যবোৰত এই প্ৰথাক আমাৰ ওপৰত প্ৰভুত্ব কৰিবলৈ দিব পাৰোঁ জানো? যদি আমাৰ কৰ্ত্তব্যজ্ঞানে এই কামত আমাক বাধা দিয়ে তেনেহলে নিৰ্ভীক আৰু কাৰ্য্যকৰী ভাবে আমাৰ কৰ্ত্তব্যত অচল অটল থাকোঁ আহক। ভুল আৰু নিৰ্ভুলৰ মাজত মধ্যপন্থা বিচৰাৰ দৰে, কূট অথচ ভ্ৰান্ত প্ৰথাৰে আমাৰ মন আনফালে ঢাল নিয়াব নেলাগে। এনে কৰাটো ব্যৰ্থ শ্ৰমহে হব। কিয়নো জীৱন্তও নহয়, মৃতও নহয় এনেকুৱা মানুহ বিচাৰি উলিওৱাৰ নিচিনা প্ৰচেষ্টা পণ্ডশ্ৰমহে। এনেকুৱা নীতিৰ অৰ্থ হৈছে— প্ৰকৃত মানুহে যিবোৰ প্ৰশ্নলৈ চিন্তা কৰে সেইবোৰ প্ৰশ্নত বেপৰোৱা থকা। ইয়াৰ অৰ্থ হব ষিবোৰ ক্ষেত্ৰত ইউনিয়নে ৰাইজৰ মাজত প্ৰকৃত ঐক্য প্ৰতিষ্ঠাৰ আহ্বান জানায় সেইবোৰ ক্ষেত্ৰত অনৈক্য মানি লোৱা আৰু পবিত্ৰ আইনক থানবান কৰি দিয়া আৰু পাপীসকলক নহয়— পুণ্যবান সকলকহে অনুতাপ কৰিবলৈ আহ্বান জনোৱা। অৰ্থাৎ ৱাশ্বিংটনে যি কৈছিল বা কৰিছিল তাকে নকবলৈ বা নকৰিবলৈ ৰাইজৰ ওচৰত আহ্বান জনোৱাৰ বাবে বাশ্বিংটনৰ ওচৰতেই প্ৰাৰ্থনা কৰা।

 মিছা অভিযোগৰ দ্বাৰা যেন আমি কৰ্ত্তব্যচ্যুত নহওঁ। চৰকাৰৰ পতন আৰু নিজে শাস্তি পোৱাৰ ভয়তো যেন আমি আতঙ্কিত নহওঁ। এই কথাত যেন আমি বিশ্বাস নেহেৰুৱাওঁ যে ন্যায়পৰায়ণতাই শক্তিৰ উৎস আৰু এই বিশ্বাসকেই সাৰোগত কৰি যিটো আমি কৰ্ত্তব্য বুলি উপলব্ধি কৰোঁ তাত যেন শেষলৈকেও অচল-অটল থাকোঁ।

 

প্ৰেচিডেণ্ট হৈ থকা বছৰকেইটা

[ ৩৭ ]
 

৩। প্ৰেচিডেণ্ট হৈ থকা বছৰকেইটা

 
 

শিল্পীৰ দৃষ্টিত আব্ৰাহাম লিঙ্কনে ৱাশ্বিংটন ডি. চি.ৰ আইগেইট্
হাউচত তেওঁৰ মন্ত্ৰীসভাৰ আগত এখন মুছাবিদা পাঢ়ি শুনাইছে।
এইখনেই পৃথিবীত জনাজাত “(দাসসকলৰ) মুক্তিৰ ঘোষণাপত্ৰ”।

 

[ ৩৮ ]
 

মনোনয়নপত্ৰ গ্ৰহণ

 

 ১৮৬০ চনৰ মে’ মাহত ‘ৰিপাব্লিক নেচনেল্ অভিবৰ্ত্তনে’ ইলিনয়চৰ চিকাগোতে বহা মিটিঙৰ সিদ্ধান্তক্ৰমে লিঙ্কনক প্ৰেচিডেণ্টৰ আসনৰ বাবে মনোনীত কৰে। লিঙ্কনে অতি বিনম্ৰভাৱে সেই মনোনয়ন গ্ৰহণ কৰে।

 
স্প্ৰীংফিল্ড, ইলিনয়চ,
২৩মে, ১৮৬০ চন।

মাননীয় জৰ্জ আস্মুন
‘ৰিপাব্লিক নেচনেল্ অভিবৰ্ত্তন’ৰ সভাপতি

 

মহোদয়,

 মই অভিবৰ্ত্তনে দিয়া মনোনয়ন-পত্ৰ গ্ৰহণ কৰিলোঁ‌। আপুনি এই অভিবৰ্ত্তনত সভাপতিত্ব কৰিছিল আৰু অভিবৰ্ত্তনে আপোনাক আৰু আন কেইজনমানকলৈ মনোনয়ন-পত্ৰ সম্পৰ্কীয় কমিটি এখন গঠন কৰি দিছিল। আপোনালোকৰ চিঠিৰে মোক আনুষ্ঠানিকভাবে মনোনয়ন-পত্ৰ দিয়া হৈছে।

 চিঠিত যি নীতি আৰু মনোভাৱ ব্যক্ত কৰা হৈছে তাত মোৰ অনুমোদন আছে আৰু এইবোৰ যাতে অৱজ্ঞা বা লঙ্ঘন কৰা নহয় তালৈ মই দৃষ্টিদিম।

 ভগবানক চিন্তি আৰু অভিবৰ্ত্তনত উপস্থিত প্ৰতিনিধিসকলৰ অভিমত আৰু মনোভাব, আটাইবোৰ ৰাজ্যৰ, অঞ্চলৰ আৰু জাতিৰ অধিকাৰ, সংবিধানৰ অলঙ্ঘনীয়তা আৰু চিৰস্থায়ী ইউনিয়ন, সকলোৰে সম্প্ৰীতি আৰু সমৃদ্ধিৰ কথা যথাযোগ্যভাবে বিবেচনা কৰি অভিবৰ্ত্তনত ঘোষিত নীতিসমূহৰ বাস্তৱ সাফল্যত সহযোগিতা কৰিবলৈ পাই মই অতিকৈ সন্তোষ পাইছোঁ‌।

আপোনাৰ কৃতজ্ঞ বন্ধু আৰু সহনাগৰিক,
এ. লিঙ্কন
 
[ ৩৯ ]
 

বিদায় ভাষণ : স্প্ৰীংফিল্ড

 

 ১৮৬১ চনৰ ফেব্ৰুয়াৰী মাহত ৱাশ্বিংটন প্ৰেচিডেণ্টৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ লিঙ্কনে ইলিনয়চৰ স্প্ৰীংফিল্ডৰ বাসভবনৰ পৰা বিদায় লয়। তেতিয়া তেওঁ যি চমু ভাষণটো দিছিল, গৃহযুদ্ধ আৰু হত্যা আদি পিছৰ ঘটনাৱলীৰ আধাৰত পঢ়ি চালে তাৰ তাৎপৰ্য বেছি স্পষ্ট হৈ ফুটি ওলায়।

 

বন্ধুসকল,

 আজিৰ এই বিদায়-পৰত মই যি দুখ পাইছোঁ মোৰ অবস্থাত নপৰিলে কোনেও তাক অনুভৱ কৰিব নোৱাৰিব! এই ঠাইডোখৰ আৰু আপোনালোকৰ ওচৰত মই সকলোফালৰ পৰাই ঋণী। ইয়াতেই মই জীৱনৰ ২৫ বছৰ কাল কটালোঁ আৰু যৌৱনৰ পৰা বাৰ্দ্ধক্যত পদাৰ্পণ কৰিলোঁ। ইয়াতেই মোৰ সন্তান-সন্ততিসকলে প্ৰথম সুৰুযৰ মুখ দেখিলে আৰু এজনে শেষ নিশ্বাসো ত্যাগ কৰিলে। এতিয়া মই বিদায় মাগিছোঁ‌— কব নোৱাৰোঁ কাহিনীকৈ উভতি আহিম, নে একেবাৰে নাহোঁৱেই। মোৰ ওপৰত জৰ্জ ৱাশ্বিংটনতকৈও এটি গধূৰ কামৰ দায়িত্ব পৰিছে। ঈশ্বৰৰ আশীৰ্ব্বাদ নহলে মই ব্যৰ্থ নহম। ভগবানে যেন মোক সহায় কৰে, আপোনালোকক সহায় কৰে আৰু সকলো সজলোককে সহায় কৰে। ৺ৰ ওপৰত ভৰসা কৰি আমি নিশ্চিতভাবে আশাকৰোঁ‌হক যেন সকলো কাম সুকলমে সমাধা হয়। মই প্ৰাৰ্থনা কৰোঁ, ভগবানে আপোনালোকৰ মঙ্গল কৰক আৰু আশা কৰো, আপোনালোকেও মোৰ হকে প্ৰাৰ্থনা কৰিব। আপোনালোকৰ সম্প্ৰীতি কামনা কৰি বিদায় মাগিলোঁ‌।

 

‘ইন্‌ডিপেন্‌ডেন্‌চ্ হল’ত দিয়া ভাষণ

 

 লিঙ্কনৰ নিৰ্ব্বাচনত দাসপ্ৰথা প্ৰচলিত থকা ৰাজ্যসমূহ তিক্তবিৰক্ত আৰু আশঙ্কিত হৈ উঠিল। এনেকি তেওঁ স্প্ৰীংফিল্ডৰ পৰা যাত্ৰা কৰাৰ আগতে এই ৰাজ্যসমূহে ইউনিয়নৰ পৰা আঁতৰি যাব বুলি ঘোষণা কৰিবলৈ আৰম্ভ কৰে। ৱাশ্বিংটন অভিমুখে ফিলাডেলফিয়াৰ ‘ইন্‌ডিপেন্‌ডেন্‌চ্ হল’ত লিঙ্কনে এটি চমু ভাষণ প্ৰসঙ্গত গণ্ডগোলিয়া পৰিস্থিতি সম্পৰ্কে মনোভাৱ ব্যক্ত কৰে। এই ‘ইন্‌ডিপেন্‌ডেন্‌চ্ হল’তেই বহুবছৰ আগতে স্বাধীনতাৰ ঘোষণাপত্ৰ স্বাক্ষৰিত কৰা হৈছিল।

 
[ ৪০ ]

 মই আজি এই ঠাইত ভাষণ দিবলৈ থিয় হৈ গভীৰ আবেগত অভিভূত হৈ পৰিছোঁ‌। ইয়াতেই এসময়ত জ্ঞান, স্বাধীনতা, প্ৰেম আৰু আদৰ্শনিষ্ঠাৰ মিলন হৈছিল— যাৰ পৰায়ে আমি বৰ্ত্তমানৰ ৰাষ্ট্ৰ আৰু সমাজ ব্যৱস্থা লাভ কৰিছোঁ‌। আপোনালোকে আভাষ দিছে যে, দেশৰ বৰ্তমানৰ গণ্ডগোলীয়া অৱস্থাত শান্তি পুনৰস্থাপন কৰাৰ ভাৰ মোৰ ওপৰতেই পৰিছে। মই ইয়াকেই কব পাৰোঁ, মই এতিয়ালৈকে যিখিনি ৰাজনৈতিক মনোভাৱ গ্ৰহণ কৰিছোঁ‌ তাৰ উৎস এই ইন্‌ডিপেন্‌ডেন্‌চ্ হলটোৱেই। স্বাধীনতা ঘোষণা পত্ৰত সন্নিৱিষ্ট নোহোৱা কোনো ৰাজনৈতিক মনোভাৱ মই গ্ৰহণ কৰা নাই। ইয়াত যি সকল জ্ঞানী লোক সমবেতহৈ স্বাধীনতা ঘোষণাপত্ৰ যুগুত কৰি গ্ৰহণ কৰিছিল তেওঁলোকে লগতে যিবোৰ বিপদ স্বীকাৰ কৰিছিল সেইবোৰৰ কথা মই প্ৰায়েই চিন্তা কৰোঁ। যিসকল বিষয়া আৰু সৈনিকে স্বাধীনতা লাভ কৰিলে তেওঁলোকৰ পৰিশ্ৰমৰ কথাও মই ভাৱোঁ‌। কি মহান্ নীতি বা আদৰ্শৰ বলত ইমানদিন ধৰি আমাৰ ‘কন্‌ফেডাৰেচী’ অক্ষুণ্ন আছে তাৰ ভূলবলৈ মই যত্ন কৰিছোঁ‌। অকল মাতৃভূমিৰ পৰা উপনিৱেশ সমূহক পৃথক কৰাৰ কথাই নহয়, যি আদৰ্শৰ অনুধ্যান প্ৰতিফলিত হৈছে স্বাধীনতাৰ ঘোষণা পত্ৰত তাৰ কথাকে মই ভাবো। এই ঘোষণাপত্ৰই অকল দেশবাসীকেই নহয়, মোৰ বোধেৰে ভবিষ্যতলৈ সমগ্ৰ পৃথিবীকেই স্বাধীনতা প্ৰদান কৰিব। ইয়াতে এই প্ৰতিশ্ৰুতি দিয়া হৈছে যে যথাসময়ত সকলোকেই পৰাধীনতাৰ শিকলিৰ পৰা মুক্তি দিয়া হব। স্বাধীনতা ঘোষণাপত্ৰত এই মনোভাৱ নিহিত আছে। বন্ধুসকল, ইয়াৰ ভিত্তিত দেশক ৰক্ষা কৰিব পাৰিনে? যদি পাৰি আৰু যদি তাকে কৰোঁ‌তে মই কিবা সহায় কৰিব পাৰোঁ তেনেহলে মোতকৈ আন কোনোৱে বেছি সুখী নহব। এই আদৰ্শৰ ভিত্তিত যদি দেশক ৰক্ষা কৰিব নোৱাৰি তেনেহলে ই সচাঁকৈ দুখৰ কথা। কিন্তু যদি আদৰ্শক বিসৰ্জন নিদিয়াকৈ দেশক ৰক্ষা কৰিব নোৱাৰি তেনেহলে মই প্ৰায় ইয়াকে কব খোজোঁ যে এই আদৰ্শ বিসৰ্জন দিয়াতকৈ বৰং মোক ইয়াতেই হত্যা কৰা হক। মোৰ বোধেৰে বৰ্ত্তমান পৰিস্থিতিত ৰক্তপাত অথবা যুদ্ধৰ প্ৰয়োজন নহব— ইয়াৰ কোনো প্ৰয়োজন নাই। মই এনেকুৱা অৱস্থা সমৰ্থন নকৰোঁ‌ আৰু আগতীয়াকৈ ইয়াকে কব পাৰো যে চৰকাৰক বাধ্য কৰা নহলে ৰক্তপাত নহব। বাধ্যত পৰিলেহে চৰকাৰে আত্মৰক্ষাৰ অৰ্থে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব।

 বন্ধুসকল, মোৰ ভাষণটো তেনেই অপ্ৰত্যাশিত আৰু মই যেতিয়া ইয়ালৈ আহিছিলোঁ‌ তেতিয়া মই ভাষণ দিব লাগিব বুলি আশা কৰা নাছিলোঁ‌। পতাকা উত্তোলন সম্পৰ্কীয় কিবা কাম কৰিব লাগিব বুলিয়েই মই ধৰি লৈছিলোঁ‌। গতিকে মই কিবা অসংযত কথা কবও পাৰোঁ। যি আদৰ্শত মই বিশ্বাসী আৰু ভগবানৰ অভিপ্ৰেত হলে যাৰ হকে মই প্ৰাণ বিসৰ্জন দিব পাৰোঁ‌, তেনেকুৱা কথাৰ বাহিৰে মই আন একোকে কোৱা নাই।

 
[ ৪১ ]
 

প্ৰথম উদ্বোধনী ভাষণ

 

 ১৮৬১ চনৰ ৪ মাৰ্চ্চৰ দিনা দিয়া প্ৰথম উদ্বোধনী ভাষণ-প্ৰসঙ্গত লিঙ্কনে দক্ষিণ অঞ্চলৰ ৰাজ্যসমূহক ধৈৰ্য্যসহকাৰে বুজাই-বঢ়াই ইউনিয়নভুক্ত কৰি ৰাখিবলৈ পন্থা এটিৰ থুলমূল বিৱৰণী দিয়ে আৰু এই ৰাজ্যসমূহক গৃহযুদ্ধত লিপ্ত নহবলৈ আহবান জনায়।

 

 ......মুখ্য বিচাৰকে তেওঁৰ গোটেইখিনি ক্ষমতা ৰাইজৰ পৰাই লাভ কৰে। ৰাইজে ৰাজ্যসমূহকে বিভক্তকৰাৰ কোনো ক্ষমতাকেই তেওঁক দিয়া নাই। ৰাইজে যদি বিচাৰে তেনেহলে তেওঁলোকে নিজেই এই কাম সমাধা কৰিব পাৰে। কিন্তু প্ৰধান কাৰ্য্যনিৰ্ব্বাহক বিষয়াৰ এই বিষয়ত কৰিবলগীয়া একোনাই। তেওঁৰ কৰ্ত্তব্য হৈছে বৰ্ত্তমান চৰকাৰটোক যিদৰে পাইছে সেইদৰে পৰিচালনা কৰা আৰু অক্ষুণ্ন অৱস্থাত উত্তৰাধিকাৰীৰ হাতত শোধাই দিয়া।

 শেহান্তৰত ৰাইজে যে ন্যায় বিচাৰ কৰিব সেই কথাৰ ওপৰত ধৈৰ্য্যেৰে আস্থা নৰখাৰ কাৰণ কি থাকিব পাৰে? পৃথিবীত ইয়াৰ সমান অথবা ইয়াতকৈ ভাল কিবা আশা আছেনে? আমাৰ বৰ্ত্তমান মতানৈক্যত উভয় দলেই জানো নিজকে অভ্ৰান্ত বুলি বিশ্বাস কৰা নাই? সৰ্ব্বশক্তিমান্ সৰ্ব্বনেতা ঈশ্বৰ চিৰন্তন সত্য আৰু ন্যায় সহকাৰে আপোনালোকৰ উত্তৰ পক্ষকেই সমৰ্থন কৰক অথবা দক্ষিণ পক্ষকেই সমৰ্থন কৰক, মহান্ মাৰ্কিন ৰাইজৰ সুবিচাৰে চিৰন্তন সত্য আৰু ন্যায়ৰ জয় কৰিবই।

 আমি যেনেকুৱা শাসন ব্যৱস্থাৰ অধীনত আছোঁ এই ব্যৱস্থা অনুসৰি ৰাইজে সুচিন্তিতভাবে চৰকাৰী বিষয়া সকলক ক্ষমতা অপব্যৱহাৰেৰ সুবিধা দিয়াই নাই বুলিয়েই কব পাৰি আৰু যিখিনি দিছে তাকো বৰ কমসময়ৰ ভিতৰতেই ওভোতাই নিয়াৰ ব্যৱস্থা কৰি ৰাইজে নিজৰ জ্ঞান গৰিমাৰহে পৰিচয় দিছে।

 এহাতে ৰাইজে নিজৰ হাতত প্ৰকৃত ক্ষমতা আৰু সতৰ্ক তত্ত্বাবধানৰ ক্ষমতা ন্যস্ত ৰাখিছে আৰু আনহাতে কোনো প্ৰশাসকেই মাত্ৰ চাৰিবছৰ সময়ৰ ভিতৰত চৰম নিৰ্বুদ্ধিতা আৰু দুষ্টালিৰ দ্বাৰা চৰকাৰৰ গুৰুতৰ ক্ষতি কৰিব নোৱাৰে।

 হে মোৰ দেশবাসী সকল, আপোনালোক সকলোৱে এই গোটেই বিষয়টো লৈ ভালদৰে আৰু শান্তভাৱে চিন্তা কৰক। চিন্তা কৰোঁতে সময় গলেও আমাৰ বৰ লোকচান নহব। লৰাধপৰাকৈ উপনীত হব লগা লক্ষ্যত লৰাধপৰা ন কৰিলে লক্ষ্যভ্ৰষ্ট হব পাৰে, কিয়নো ভালদৰে ভাবিচিন্তি ললে আপুনি হয়তো সেইপিনে মুখেই নকৰিলেহেঁতেন। কিন্তু লক্ষ্য যদি ভাল হয় তেনেহলে সি কেতিয়াও ভ্ৰষ্ট নহয়। আপোনালোকৰ যিসকলে বৰ্ত্তমানে অসন্তুষ্ট তেওঁলোকৰ আগত এতিয়াও পুৰণি সংবিধানখনেই আছে আৰু এই সংবিধান অনুসৰি প্ৰনয়ণ কৰা আইনবোৰো বাতিল হোৱা নাই। আনহাতে নতুন প্ৰশাসনে এই সংবিধান আৰু আইনবোৰৰ সাল সলনি ততাতৈয়াকৈ কৰিব নোৱাৰে। যদি স্বীকাৰ কৰি লোৱা হয় যে [ ৪২ ] আপোনালোক অসন্তুষ্ট হৈছে, তেনেহলে বিৰোধৰ অভ্ৰান্ত পক্ষটোতেই আপোনালোকে ধৰি থাকক, ততাতৈয়াকৈ প্ৰতিব্যৱস্থা গ্ৰহণৰ এতিয়াও কোনো কাৰণ দেখা দিয়া নাই। বুদ্ধিমত্তা, স্বদেশ প্ৰেম, স্বধৰ্ম্ম, আৰু ঈশ্বৰৰ ওপৰত অচলা বিশ্বাস এতিয়াও আমাৰ বৰ্ত্তমান আহুকলীয়া পৰিস্থিতিক সুচাৰু কৰি দিব পাৰে— আমাৰ মাতৃভূমি ঈশ্বৰৰ কৃপাৰ পৰা এতিয়ালৈকে বঞ্চিত হোৱা নাই।

 হে মোৰ বিতুষ্ট ভাইভনীসকল, গৃহযুদ্ধৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো আপোনালোকৰ হাততে নিৰ্ভৰ কৰিছে— মোৰ হাতত নহয়। চৰকাৰে আপোনালোকৰ ওপৰত আক্ৰমণাত্মক ব্যৱস্থা গ্ৰহণ নকৰে। আপোনালোকে আৰম্ভ নকৰিলে কোনো বিবাদেই দেখা নিদিব। ভগবানক সাক্ষী কৰি আপোনালোকে চৰকাৰক থানবান কৰি দিবলৈ শপথ গ্ৰহণ কৰা নাই, আনহাতে মই চৰকাৰক ৰক্ষা কৰিবলৈ অতি পবিত্ৰ শপথ গ্ৰহণ কৰিছোঁ।

 মই ইয়াতেই সামৰণি মাৰিবলৈ বিচাৰোঁ। আমি শত্ৰু নহওঁ— মিত্ৰহে। আমি শত্ৰু হোৱাটো কেতিয়াও উচিত নহব। ভাবাবেগৰ বশীভূত হৈছে যদিও আমাৰ প্ৰীতিৰ সম্পৰ্ক বিচ্ছিন্ন হব নেলাগে। স্বাধীনতা-যুদ্ধৰ স্মৃতি, স্বদেশপ্ৰেমিক শহীদসকলৰ স্মৃতিয়ে আমাক উদ্বুদ্ধ কৰি তোলক আৰু আত্মাৰূপী পৰমাত্মাৰ অংশই আমাক সুবুদ্ধি দিয়ক, সমগ্ৰ দেশতেই ইউনিয়নৰ সমবেত ধ্বনিয়ে আকাশ-পাতাল মুখৰিত কৰক। এইটো নিশ্চিত বুলি মোৰ ধ্ৰুব বিশ্বাস।

 

যুদ্ধ : কংগ্ৰেছলৈ দিয়া বাণী

 

 ১৮৬১ চনৰ এপ্ৰিলমাহত ইউনিয়নৰ পৰা ওলাই যোৱা ৰাজ্য সমূহৰ সেনাবাহিনীয়ে ফৰ্ট চাম্‌টাৰৰ যুক্তৰাষ্ট্ৰীয় দুৰ্গৰক্ষী সৈন্যবাহিনীৰ ওপৰত গুলীবৰ্ষণ কৰে আৰু ইয়াৰ ফলত যুদ্ধ অনিবাৰ্য্য হৈ উঠে। সেই বছৰৰে জুলাইৰ ৪ তাৰিখে কংগ্ৰেছলৈ দিয়া এটা বাণীত লিঙ্কনে গভীৰভাবে পৰিস্থিতি পৰ্য্যালোচনা কৰে।

 

 ফৰ্ট চাম্‌টাৰৰ ঘটনাৱলীয়ে...... চৰকাৰৰ ওপৰত আক্ৰমণৰ ফলত দেশৰ সন্মুখত এটা সুস্পষ্ট প্ৰশ্নই দেখা দিছে। প্ৰশ্নটো হৈছৈ অবিলম্বে ইউনিয়ন ভঙ্গ অথবা ৰক্তপাত।

 আৰু এই প্ৰশ্নৰ লগত অকল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভাগ্যই নহয়, লগতে আন এটা ডাঙৰ বিষয়ো জড়িত আছে। সমগ্ৰ মানৱ জাতিৰেই সম্মুখত আজি এই প্ৰশ্ন দেখা দিছে— সাংবিধানিক গণৰাজ্য অথবা ৰাইজৰ দ্বাৰা নিৰ্ব্বাচিত গণতান্ত্ৰিক চৰকাৰে আভ্যন্তৰীণ শত্ৰুৰ বিৰুদ্ধে আঞ্চলিক অখণ্ডতা বহাল ৰাখিব পাৰে নে নোৱাৰে। এই প্ৰশ্ন উপস্থাপিত কৰা হৈছে যে মূল আইনৰ দৃষ্টিত শাসন নিৰ্ব্বাহৰ ক্ষেত্ৰত তেনেই সংখ্যালঘিষ্ঠ কেইজনমানলোকে অসন্তুষ্ট হৈ বৰ্ত্তমানৰ বিষয়টোত দেখুৱা অজুহাত অথবা আন কোনো অজুহাত দেখুৱাই অথবা [ ৪৩ ] কোনো অজুহাত নেদেখুৱাকৈ স্বেচ্ছাচাৰীভাৱে নিজৰ চৰকাৰৰ ভাঙি থানবান কৰি দি পৃথিবীত প্ৰকৃততে স্বাধীন চৰকাৰৰ মষিমূৰ কৰি দিব পাৰেনে নোৱাৰে। আমি এই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ: “আটাইবোৰ গণৰাজ্যতেই এনেকুৱা জন্মগত আৰু মাৰাত্মক দুৰ্বলতা আছে নে?” “চৰকাৰ এটাই প্ৰয়োজনবশত: দেশবাসীৰ স্বাধীনতাৰ কাৰণে অতি শক্তিশালী হব লাগে নে নিজৰ অস্তিত্ব বজায় ৰাখিবলৈ অতি দুৰ্ব্বল হৱ লাগে।”

 প্ৰশ্নটো এইফালৰ পৰা বিবেচনা কৰিলে চৰকাৰৰ সমৰশক্তিক জগাই তোলাৰ বাহিৰে আন কোনো পন্থা দেখিবলৈ পোৱা নেযায়। ইয়াৰ অৰ্থ হল এয়ে যে চৰকাৰক ধ্বংস কৰিবলৈ অহা শক্তিক প্ৰতিৰোধ কৰিব লাগে আৰু নিজৰ অস্তিত্ব বজায় ৰাখিবলৈ শক্তিপ্ৰয়োগ কৰিব লাগে।......

 আমাৰ জনপ্ৰিয় চৰকাৰক প্ৰায়েই পৰীক্ষামূলক বুলি কোৱা হয়। আমাৰ ৰাইজে ইতিমধ্যে দুটা প্ৰশ্নৰ মীমাংসা কৰিছে— সফলজনকভাবে জনপ্ৰিয় চৰকাৰ প্ৰতিষ্ঠা আৰু ইয়াৰ পৰিচালনা। এটা প্ৰশ্নৰ এতিয়াও মীমাংসা কৰিবলৈ বাকী আছে— এই চৰকাৰক ওফৰাই দিবলৈ কৰা আভ্যন্তৰীণ ভীষণ প্ৰচেষ্টাৰ বিৰুদ্ধে সফলজনক ভাবে ইয়াক অব্যাহত ৰখা। এতিয়া ৰাইজে বিশ্ববাসীকে দেখুৱাই দিব লাগে যে যিসকল লোকে সুকলমে নিৰ্ব্বাচন চলাব পাৰে তেওঁলোকে বিদ্ৰোহ দমনো কৰিব পাৰে: গুলীতকৈ বেলট-কাকতৰ অধিকাৰ বেছি আৰু শান্তিপূৰ্ণ। আৰু বেলট কাকতে যি প্ৰশ্নই ন্যায়সঙ্গত আৰু সংবিধান সম্মত ভাবে মীমাংসা কৰিব নোৱাৰি: পিছৰ নিৰ্ব্বাচনবোৰত বেলট-কাকতৰ দ্বাৰাহে পুনৰ এই প্ৰশ্নলৈ বিচাৰ কৰিব পাৰি, তাৰ বাহিৰে আন কোনো সফলজনক পন্থা নাই। এইটোৱেই হল শান্তিৰ মহান দৃষ্টান্ত। ইয়াৰ পৰা মানুহে শিকিব পাৰিব যে নিৰ্ব্বাচনেৰে যি সাফল্যলাভ কৰিব নোৱাৰি যুদ্ধৰ দ্বাৰাও তাক পৰা নেযাব। যুদ্ধ এখন আৰম্ভ কৰাটো যে কিমাম মূৰ্খালিৰ পৰিচায়ক তাক মানুহে বুজিব পাৰিব......

 

প্ৰাৰ্থণা কৰিবলৈ ঘোষণা জাৰী

 

 দেশত গৃহযুদ্ধৰ ছাঁ বিয়পি পৰিবলৈ আৰম্ভ কৰিলে। এই দুখলগা অথচ বাস্তৱ ঘঠনা অনুভূত হৈ অহাৰ লগে লগে লিঙ্কনে জাতীয় অনশন আৰু প্ৰাৰ্থনাৰ দিন এটাৰ কাৰণে আহ্বান জনায়।

 

 মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেসিডেণ্টৰ দ্বাৰা ঘোষিত:

ঘোষণা পত্ৰ

 যিহেতু, কংগ্ৰেছৰ উভয় সদনৰ যুটীয়া কমিটি এখনৰ সদস্য সকলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্টৰ লগত সাক্ষাৎ কৰিছে আৰু যুক্তৰাষ্ট্ৰৰ ৰাইজে ধৰ্ম্মীয় অনুষ্ঠান সহকাৰে পালন [ ৪৪ ] কৰিবলৈ ৰাজহুৱা বিনয়, প্ৰাৰ্থনা আৰু অনশনৰ এনে দিন এটা ধাৰ্য্য কৰি দিবৰ বাবে তেওঁক অনুৰোধ কৰিছে— যিদিনা ৰাইজে যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা আৰু মঙ্গলৰ অৰ্থে সৰ্ব্বশক্তিমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব আৰু বাহুত শক্তি দিবলৈ আৰু শান্তি পুনৰ প্ৰতিষ্ঠিত হবলৈ ভগবানৰ আশীৰ্ব্বাদ মাগিব;

 আৰু যিহেতু, সৰ্ব্বশক্তিমান্ ভগবানক স্বীকাৰ কম আৰু ৺ৰ প্ৰতি শ্ৰদ্ধা জনোৱাটো, কৰুণাময় ভগবানৰ ওচৰত সবিনয়ে আত্মসমৰ্পণ কৰাটো, ঈশ্বৰভীতিয়েই জ্ঞানৰ সূৰুয এই বিশ্বামত নিজৰ পাপ আৰু পদস্খলন স্বীকাৰ কৰা আৰু গৰিহনা দিয়াটো, অতীতৰ দোষত্ৰুটিৰ কাৰণে ক্ষমা বিচাৰি আৰু বৰ্ত্তমান আৰু ভবিষ্যতৰ কাৰণে আশীৰ্ব্বাদ মাগি আগ্ৰহ আৰু অনুতাপ সহকাৰে প্ৰাৰ্থনা কৰাটো সকলো সময়তে সকলো লোকৰ পক্ষে সমুচিত;

 আৰু যেহেতু, ঈশ্বৰৰ আশীৰ্ব্বাদত আমাৰ প্ৰিয় যি মাতৃভূমি এসময়ত ঐক্যবদ্ধ, সমৃদ্ধিশালী আৰু সুখী দেশ ৰূপে পৰিগণিত হৈছিল আৰু সেই মাতৃভূমি যেতিয়া দলাদলি আৰু গৃহযুদ্ধত লিপ্ত হৈছে, তেতিয়া এনেকুৱা ভয়ানক পৰিস্থিতিত আমি জাতি আৰু ব্যক্তি হিচাবে নিজৰ দোষ আৰু অপৰাধ সুৱষি ঈশ্বৰৰ শক্তি স্বীকাৰ কৰাটো আৰু যাতে ভগবানে আমাক ন্যায়সঙ্গত প্ৰাপ্য শাস্তিৰ পৰা অব্যাহতি দিয়ে, সমগ্ৰ দেশতে আইন শৃঙ্খলা আৰু শান্তি পুনৰ স্থাপনৰ কাৰণে আমাৰ বাহুত যথেষ্ট পৰিমাণে কাৰ্য্যক্ষম শক্তি দিয়ে, ভগবানৰ সহায়ত আৰু আমাৰ পূৰ্ব্বপুৰুষ সকলৰ অশেষ কষ্টলব্ধ ব্যক্তি আৰু ধৰ্ম্মীয় স্বাধীনতা পূৰ্ব্বৰ দৰে অক্ষুণ্ন থাকে তাৰ কাৰণে কৃপাময়ৰ কৃপাবিচাৰি প্ৰাৰ্থনা কৰাটো আমাৰ পক্ষে বিশেষভাৱে প্ৰয়োজনীয় হৈ পৰিছে।

 সেইগতিকে, মই, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেসিডেণ্ট আব্ৰাহাম লিঙ্কনে অহা চেপ্তম্বৰ মাহৰ শেষ বৃহস্পতিবাৰৰ দিনটো দেশৰ সকলো লোকৰ কাৰণে বিনয়, প্ৰাৰ্থনা আৰু অনশনৰ দিন ধাৰ্য্য কৰি দিলোঁ আৰু মই একান্তভাৱে সকলোলোকৰ ওচৰত বিশেষকৈ ভিন্ ভিন্ মতাৱলম্বী ধৰ্ম্মীয় গুৰু আৰু শিক্ষক সকল আৰু পৰিয়ালৰ বৰমূৰীয়া সকলৰ ওচৰত আহবান জনাওঁ যেন তেওঁলোক নিজৰ নিজৰ ধৰ্ম্মমত অনুসৰি এই দিনটো পালন কৰে যাতে সমূহীয়া প্ৰাৰ্থনা ঈশ্বৰৰ কাষ পায়গৈ আৰু আমাৰ দেশৰ ওপৰত ঈশ্বৰে আশীৰ্ব্বাদ বৰষে।

 ১৮৬১ চনৰ ১২ আগষ্ট আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰেৰ স্বাধীনতা লাভৰ ৮৬তম বছৰত মই এই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিলোঁ আৰু যুক্তৰাষ্ট্ৰৰ চিলমোহৰ লগালোঁ।

এব্ৰাহাম লিঙ্কন 

 
[ ৪৫ ]
 

মূলধন আৰু বনুৱা সম্পৰ্কে

 

 ১৮৬১ চনৰ ডিসেম্বৰমাহত কংগ্ৰেছলৈ দিয়া প্ৰথম বছৰেকীয়া বাণী প্ৰসঙ্গত লিঙ্কনে যুদ্ধৰ বাহিৰেও জাতিৰ মঙ্গল সংক্ৰান্ত ভালেমান বিষয়ৰ পৰ্য্যালোচনা কৰে। ইয়াৰে এটা হ’ল মূলধন আৰু বনুৱাৰ সম্পৰ্ক।

 

 ...বনুৱাৰ স্থান মূলধনৰ আগত আৰু ই মূলধনৰ পৰা স্বতন্ত্ৰ। মূলধন অকল্ শ্ৰমৰ ফলতহে ওপজে আৰু যদি বনুৱা প্ৰথমতে নেথাকিলেহেঁতেন তেনেহলে মূলধনো কাহানিও সৃষ্টি নহলহেঁতেন। বনুৱা মূলধনতকৈ শ্ৰেষ্ঠ আৰু এই বিষয়ত বেছি ধিয়ান দিব লাগে। মূলধনৰ নিজস্ব অধিকাৰ আছে আৰু আনবোৰ অধিকাৰৰ দৰে সেইবোৰৰো ৰক্ষণাবেক্ষণ কৰিব লাগে। এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে বনুৱা আৰু মূলধনৰ মাজতে পাৰস্পৰিক কল্যাণপ্ৰসূত এটা বিশেষ সম্পৰ্ক আছে আৰু বোধ হয় সদায় এই সম্পৰ্ক চলি থাকিব। এইদৰে ধৰি লোৱাটোহে প্ৰকৃততে ভুল যে এই সম্পৰ্কৰ পৰিধিৰ ভিতৰতেই সমগ্ৰ বনুৱা সম্প্ৰদায়ৰ অস্তিত্ব নিৰ্ভৰ কৰে। মুষ্টিমেয় লোকৰহে মূলধন আছে আৰু তেওঁলোকে পৰিশ্ৰম কৰিবলৈ নিবিচাৰে। তেওঁলোকৰ মূলধনেৰে আন কিছুমান মুষ্টিমেয় শ্ৰমিক ভাড়া কৰি অথবা কিনি তেওঁলোকৰ হকে কাম কৰোৱাবলৈ যত্ন কৰে। কিন্তু বেছিৰ ভাগ মানুহেই এই দুই শ্ৰেণীৰ কোনোটোতে নপৰে— লোকৰ কাৰণে খাটিও নিদিয়ে আৰু আনকো নিজৰ কামত নখটুৱায়। দক্ষিণ অঞ্চলৰ ৰাজ্যসমূহত বৰ্ণনিৰ্বিশেষে বেছি ভাগ মানুহ দাসও নহয় আৰু প্ৰভুও নহয়। আনহাতে উত্তৰ অঞ্চলৰ সৰহভাগ লোক ভাড়াও নকৰে আৰু ভাড়ালৈও নেযায়। সকলোবোৰ মানুহে তেওঁলোকৰ ঘৈণীয়েক, লৰাছোৱালী আদি কৰি সপৰিয়ালে নিজৰ কাৰণেই তেওঁলোকৰ খেতিপথাৰত, ঘৰত আৰু দোকান পোহাৰত কাম কৰে আৰু তাৰ ফলভোগও তেওঁলোকে নিজেই কৰে। এহাতে তেওঁলোকে যেনেকৈ মূলধনৰ আশা নকৰে আনহাতে তেনেকৈ শ্ৰমিক বা দাসৰো মুখাপেক্ষী নহয়। এই কথা আত্তকান কৰা নাই যে, যথেষ্ট সংখ্যক মানুহে তেওঁলোকৰ শ্ৰম আৰু মূলধনৰ মিলন ঘটায়। অৰ্থাৎ তেওঁলোকে নিজেও কাম কৰে আনকো ভাড়া কৰি আনি কামত খটুৱায়। কিন্তু সেইটোক নতুন শ্ৰেণী এটা বুলি ধৰি লব নোৱাৰি— দুটাৰ মিলনহে। এই মিশ্ৰিত শ্ৰেণীটোৰ অস্তিত্বৰ কাৰণে কোনো নীতিৰেই লঙ্ঘন হোৱা নাই।

 আকৌ, আগতেই কোৱা হৈছে যে দৰাচলতে স্বাধীন ভেৰণীয়া বনুৱা বুলি মানুহৰ জীৱনত কোনো স্তৰ নাই। এই ৰাজ্যসমূহত বহুত ঠাইত বহুত স্বাধীন মানুহে কেবছৰমান আগতেই ভেৰনীয়া বনুৱা হিচাবে কাম কৰিছিল। পৃথিবীৰ প্ৰত্যেক ৰিক্তহস্ত আৰু বুদ্ধিমান মানুহেই কিছুদিনৰ কাৰণে বানচলৈ কাম কৰে, তাৰে অলপ সাঁচে আৰু সেই ধনেৰে নিজাকৈ আহিলা-পাতি আৰু মাটি কিনি লয়। তাৰ পিছত তেওঁ নিজৰ মাটিত আৰু কিছুদিন কাম [ ৪৬ ] কৰে আৰু অৱশেষত তেওঁক সহায় কৰিবলৈ এজন মানুহ ভাড়া কবে। এইটোৱেই ন্যায়, উদাৰ আৰু উন্নত উপায়। এয়েই সকলোফাললৈ বাট মুকলি কৰি দিয়ে— সকলোৰে মনত আশাৰ সঞ্চাৰ কৰে যাৰ ফলত কৰ্ম্মশক্তি বাঢ়ে, অগ্ৰগতিৰ পথত সহায় হয় আৰু সকলোৰে অৱস্থাৰ উন্নতি হয়। যিবোৰ মানুহে নিজে পৰিশ্ৰম কৰি দৈন্যতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হয় আৰু যিবোৰ মানুহ নিজৰ সদুপাৰ্জিত ধনৰ বাহিৰে লোকৰ বস্তুৰ ওপৰত চকু নিদিয়ে তেওঁলোকতকৈ আন কোনো মানুহেই বেছি বিশ্বাসভাজন হব নোৱাৰে......।

 

ফেডাৰেল ডিষ্ট্ৰিক্টৰ দাসবোৰৰ মুক্তি

 

 ১৮৬২ চনৰ এপ্ৰিবমাহত ফেডাৰেল ডিষ্ট্ৰীক্টৰ দাসবোৰক মুক্তি দিয়া হয়। দাসপ্ৰথা বিলোপৰ পথত এয়েই প্ৰথম পদক্ষেপ বুলি কব পাৰি। লিঙ্কনে ততাতৈয়াকৈ আইনখন চহী কৰে আৰু কংগ্ৰেছত ঘোষণা কৰে।

 

চিনেট আৰু প্ৰতিনিধি সভাৰ সদস্যসকল :

 “কলম্বিয়া জিলাৰ কিছুমান মানুহ বা বনুৱাক কামৰ পৰা মুক্তি দিয়াৰ আইন”— এই শীৰ্ষক আইনখন অনুমোদিত আৰু স্বাক্ষৰিত হল।

 এই জিলাত দাসপ্ৰথা বিলোপ কৰি দিয়াত কংগ্ৰেছৰ যে সাংবিধানিক অধিকাৰ আছে তাত মই কেতিয়াও সন্দেহ কৰা নাই। আৰু এই জাতীয় ৰাজধানী কিবা সন্তোষজনক উপায়েৰে দাসপ্ৰথাৰ পৰা মুক্ত হব বুলি মই সদায় আশা কৰিছিলোঁ। গতিকে এই বিষয় লৈ মোৰ মনত কোনো প্ৰশ্নই দেখা দিয়া নাছিল। এটা মাত্ৰ কথা মনলৈ আহিছিল যে সকলো পৰিস্থিতিকেই বিবেচনা কৰি কিমান দ্ৰুতভাবে এই প্ৰথা বিলোপ সাধন কৰা যায়। এই কাম সংক্ৰান্ত কোনো বিষয় যদি মোৰ বিচাৰতকৈও বেছি সন্তোষজনক ভাৱে আগবাঢ়িছে তাক মই বিশেষভাবে উল্লেখ কৰিবলৈ নিবিচাৰোঁ।

 

(দাসসকলৰ) মুক্তিৰ ঘোষণা পত্ৰ

 

 ১৮৬২ চনৰ ২২ চেপ্টেম্বৰৰ দিনা লিঙ্কনে তেওঁৰ মন্ত্ৰীসভাৰ বৈঠক আহ্বান কৰে আৰু বৈঠকত এখন দলিল পাঠ কৰি শুনায়। দলিলখন তেওঁ নিজেই যুগুত কৰিছিল। এইখনেই হল গুৰুত্বপূৰ্ণ (দাসসকলৰ) মুক্তি ঘোষণা পত্ৰ।

 
[ ৪৭ ]

 মই, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট আৰু সেনা আৰু নৌবাহিনীৰ সৰ্ব্বাধিনায়ক এব্ৰাহাম লিঙ্কনে ঘোষণা কৰোঁ যে আগৰদৰে এতিয়াৰে পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ যিবোৰ ৰাজ্যত সাংবিধানিক সম্পৰ্ক স্থগিত ৰখা হৈছে বা ক্ষুণ্ন হৈছে সেই বোৰৰ প্ৰতিখন ৰাজ্য আৰু তাৰ অধিবাসীসকলৰ মাজত সাংবিধানিক সম্পৰ্ক পুনৰ প্ৰতিষ্ঠাৰ অৰ্থে যুদ্ধ চলাই যোৱা হব।

 মোৰ উদ্দেশ্য হল এয়ে যে কংগ্ৰেছৰ অহা অধিবেশনত এটা বাস্তৱ ৰৱস্থাৰ পৰামৰ্শ পুনৰ দাঙি ধৰিম। এই ব্যৱস্থা অনুসৰি তথাকথিত দাসপ্ৰথা প্ৰচলিত ৰাজ্যসমূহক আৰ্থিক সাহায্য দিয়া হব যাতে এই ৰাজ্যবোৰৰ অধিবাসীসকলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিপক্ষে বিদ্ৰোহ নকৰে। এইবোৰ ৰাজ্যই আৰ্থিক সাহায্য গ্ৰহণ কৰা নকৰাটো তেওঁলোকৰ ওপৰতেই নিৰ্ভৰ কৰে। এই ব্যৱস্থাৰ ফলত উক্তৰাজ্যবোৰে ইচ্ছাকৃতভাবে তেতিয়াই বা তাৰ পিছত অবিলম্বে বা লাহে ধীৰে নিজৰ নিজৰ অঞ্চলত দাসপ্ৰথা বিলোপ সাধনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।......

 ১৮৬৩ খৃষ্টাব্দৰ পহিল জানুৱাৰীৰ দিনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহত লিপ্ত যি কোনো ৰাজ্য অথবা ৰাজ্যৰ অংশবিশেষত দাসহিচাবে ৰখা লোকসকল স্বাধীন হব আৰু চিৰদিন স্বাধীন হৈয়েই থাকিব আৰু সামৰিক আৰু নৌ-কৰ্ত্তৃপক্ষকে ধৰি যুক্তৰাষ্ট্ৰৰ কাৰ্য্যনিৰ্ব্বাহক চৰকাৰে এনেকুৱা লোকসকলৰ স্বাধীনতা স্বীকাৰ কৰিব আৰু তেওঁলোকক প্ৰকৃত স্বাধীনতা লাভৰ প্ৰচেষ্টাত সহায় কৰিব...

 

ঈশ্বৰৰ অভিপ্ৰেত

 

 এনেকি হোৱাইট্ হাউচত থকা কালছোৱাতো লিঙ্কনে তেওঁৰ চিন্তাধাৰাৰ বিষয় বস্তুবোৰ লিখি ৰাখিছিল। যেতিয়া এখনৰ পিছত এখনকৈ যুদ্ধত হাৰি হতাশহৈ পৰিলে তেতিয়া তেওঁ ১৮৬২ চনৰ চেপ্টেম্বৰৰ দিনাখন ভগবানৰ অভিপ্ৰায়ৰ বিষয়ে কিছুমান কথা লিখে।

 

 ভগবানৰ ইচ্ছাৰেই জয় হয়। ডাঙৰ ডাঙৰ প্ৰতিযোগিতাত প্ৰত্যেক দলে ভগবানৰ ইচ্ছানুযায়ী কাম কৰিছে বুলি দাবী কৰে। দুয়ো ভুল নহলেও এটা দল নিশ্চয় ভুল হবই। ভগবান একেসময়তে একেটা বস্তুৰ সপক্ষে আৰু বিপক্ষে যাব নোৱাৰে। বৰ্ত্তমানৰ এই গৃহযুদ্ধত ভগবানৰ কিবা বেলেগ উদ্দেশ্য নিহিত থকাটো সম্ভৱ যিটো দুটাদলৰ কোনোটোৰে উদ্দেশ্য নহয়। আৰু তথাপিও ভগবানৰ মানুহৰূপী এই যন্ত্ৰীসকল [ ৪৮ ] ভগবানৰ উদ্দেশ্য পূৰা কৰিবলৈ আটাইতকৈ বেছি উপযোগী। কথাষাৰ সম্ভৱতঃ সচাঁ বুলিয়েই কব খোজা যে এই বিবাদ ভগবানৰেই অভিপ্ৰেত আৰু ভগবানৰ ইচ্ছাৰ কাৰণেই ই এতিয়াও শেষ হোৱা নাই। এই বিবাদত অংশগ্ৰহণকাৰীসকলৰ মনৰ ওপৰত তেওঁৰ যি প্ৰভাৱ আছে অকল সেই শক্তিৰেই তেওঁ আমাৰ ইউনিয়নখনক ৰক্ষা অথবা ধ্বংস কৰি দিব পাৰে— কোনো মানুহৰ প্ৰতিযোগিতাৰ দৰকাৰ নপৰে। তথাপিও এই প্ৰতিযোগিতাৰ সূচনা হল। আৰু আৰম্ভনিৰ পিছতো তেওঁ যি কোনো দিনেই দুটো দলৰ এটাক জয়ী কৰি দিব পাৰিলেহেঁতেন। তথাপিও এই প্ৰতিযোগিতা চলি আছে।

 

দাসৰ মালিক সকললৈ ক্ষতিপূৰণ

 

 (দাসসকলৰ) মুক্তিৰ ঘোষণাপত্ৰত দিয়া প্ৰতিশ্ৰুতি মতে লিঙ্কনে ১৮৬২ চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছলৈ দিয়া তেওঁৰ ২য় বাণীত সংবিধানৰ এটা সংশোধন দাঙি ধৰে। এই সংশোধনমতে যিবোৰ দাসপ্ৰথা প্ৰচলিত ৰাজ্যই ইচ্ছাকৃতভাবে দাসপ্ৰথাৰ বিলোপ সাধন কৰে সেইবোৰ ৰাজ্যক দাসবোৰক মুক্তি দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ দিব। তেওঁ তেতিয়াও আশা কৰিছিল যে যুক্তি আৰু শুভেচ্ছাৰ দ্বাৰা দাসপ্ৰথা প্ৰচলিত ৰাজ্যসমূহক ইউনিয়নৰ ভিতৰলৈ আনিব পাৰিব আৰু বাণীত তেওঁ এই আশাকেই ফুটাই তুলিছিল।

 

 মোৰ দৃঢ়বিশ্বাস, কেৱল শক্তিপ্ৰয়োগৰ দ্বাৰা যিমান সম্ভৱ তাতোকৈ আচনিটোৱে দ্ৰুত শান্তি প্ৰতিষ্ঠা কৰিব আৰু তাক চিৰস্থায়ী কৰি তুলিব।

 এতেকে মই যি আচনি দাঙি ধৰিছোঁ আৰু যদি তাক গ্ৰহণ কৰা হয় তেনেহলে যুদ্ধ সোনকালেই শেষ হব আৰু তাৰ ফলত ধনজনৰ ক্ষতিও কমি আহিব। এই বিষয়ে কাৰোবাৰ সন্দেহ আছেনে? ইয়ে জাতীয় ক্ষমতা আৰু জাতীয় ঐশ্বৰ্য্য সুপ্ৰতিষ্ঠিত আৰু চিৰস্থায়ী কৰিব এই বিষয়ে জানো সন্দেহৰ অৱকাশ আছে? আমি— কংগ্ৰেছ আৰু কাৰ্য্যকৰী সভাই যে এই আচনিখন গ্ৰহণ কৰিৱ পাৰোঁ ইয়াত সন্দেহৰ উদ্ৰেক হয়নে? ঐক্যবদ্ধ আৰু অকপটচিত্তে যদি আমি প্ৰাৰ্থনা জনাওঁ তেনেহলে সৎ মানুহ সকলৰ সহযোগিতা নেপামনে? আমি অথবা তেওঁলোকেও আন কোনো উপায়ে সোনকালে এই গুৰুত্বপূৰ্ণ সুফল পাবলৈ নিশ্চয়কৈ আশা দিব পাৰেনে? আমি গাইগুটীয়াভাবেহে সাফল্য অৰ্জন কৰিব পাৰোঁ। এইটো ‘আমাৰ ভিতৰত কোনোবাই বেছি ভালকৈ কল্পনা কৰিব পৰা বস্তু’ নহয়। ‘আমি আটায়ে মিলি বেছি ভালকৈ কৰিব পাৰোঁ নে’ এই কথাষাৰ হে ইয়াত খাটে। ‘আমি আটায়ে মিলি বেছি ভালকৈ কৰিব পাৰোঁনে’– এনেদৰে ভাবিলে যি কোনো উদ্দেশ্যই অতি সহজ হৈ পৰে। [ ৪৯ ] শান্ত অতীতৰ সূত্ৰবোৰ এতিয়াৰ বিপদবহুল বৰ্ত্তমানৰ কাৰণে যথেষ্ট নহয়। আমাৰ উদ্দেশ্য কণ্টকাকীৰ্ণ আৰু এই উদ্দেশ্য সফলৰ কাৰণে আমি সজাগ হব লাগিব। আমাৰ কামটো যেতিয়া নতুন, আমি নতুনৰ দৃষ্টিভঙ্গিৰে তাক চিন্তা কৰিব লাগিব আৰু নতুনভাবে কাম কৰিব লাগিব। আমি নিজকে বন্ধনমুক্ত কৰিবই লাগিব— তেতিয়াহলেহে আমি আমাৰ দেশৰক্ষা কৰিব পাৰিম।

 সহনাগৰিক বন্ধুসকল, আকি বুৰঞ্জীৰ ঘটনাৱলীৰ পৰা ফালৰি কাটি যাব নোৱাৰোঁ। আমাক, এই কংগ্ৰেছ আৰু প্ৰশাসনৰ লোকসকলক সকলোৱে মনত ৰাখিব। ব্যক্তিগতভাবে ডাঙৰেই হওঁ বা সৰুৱেই হওঁ কোনেও এই বুৰঞ্জীৰ বিচাৰৰ পৰা হাত সাৰিব নোৱাৰিম। আমি যি অগ্নি পৰীক্ষাৰ মাজেৰে যাব ধৰিছোঁ— ইয়ে আমাক শেষ উত্তৰাধিকাৰীজনলৈকে মৰ্য্যাদ বা অমৰ্য্যাদাৰে জীৱন্ত কৰি ৰাখিব। আমি কৈছোঁ যে আমি ইউনিয়নৰ সপক্ষে। আমাৰ এই কথাষাৰ পৃথিবীয়ে নেপাহৰে। ইউনিয়নক কেনেকৈ ৰক্ষা কৰিব লাগে, আমি জানোঁ। পৃথিবীয়েও জানে— ইউনিয়নক ৰক্ষা কৰাৰ উপায় আমি জানোঁ। আমি, এনেকি আমালৌক যি কেইজনে ইয়াত গোট খাইছোঁ, শক্তিৰ অধিকাৰী বুলি এই দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। দাসসকলক স্বাধীনতা দিওঁতে আমি স্বাধীনসকলৰো স্বাধীনতা অক্ষুণ্নৰখাৰ প্ৰতিশ্ৰুতি দিছোঁ। আমি যি দিওঁ আৰু আমি যিটো ৰক্ষা কৰিব লাগে দুয়োটা ক্ষেত্ৰতে সমান দায়িত্বশীল। আমি মহত্বক ৰক্ষা কৰিম আৰু নীচতাক বিসৰ্জন দিম— এইটোৱে পৃথিবীৰ শেষ শ্ৰেষ্ঠ আশা। অন্য পন্থা কাৰ্য্যকৰী হবও পাৰে, কিন্তু এই পন্থা অব্যৰ্থ। ই সাধাৰণ, শান্তিপূৰ্ণ উদাৰ আৰু ন্যায় পন্থা। যদি ইয়াক অনুসৰণ কৰা হয় পৃথিবীয়ে আমাকে চিৰদিনলৈ হৰ্ষধ্বনীৰে অভিনন্দ জনাব আৰু আমি সদায় ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিম।

 

সামৰিক অধিনায়ক এজনলৈ লিখা চিঠি এটি

 

 যুদ্ধৰ প্ৰথম কেইবছৰত সামৰিক অধিনায়কসকলৰ নেতৃত্বত লিঙ্কন কিমান হতাশ হৈছিল ই বুৰঞ্জীত জনাজাত। অধিনায়কসকলৰ কেবাবাৰো সালসলনি কৰা হয় আৰু এবাৰ এজন নবনিযুক্ত সেনাপতিলৈ তেওঁ বিশেষত্ব পূৰ্ণ স্পষ্ট চিঠি এখন লিখিছিল।

 
“এক্সিকিউটিভ্ মেন্‌চন্”
বাশ্বিংটন, ২৬ জানুৱাৰী, ১৮৬৩ চন

মেজৰ জেনাৰেল হুকাৰলৈ,
জেনাৰেল,

 মই আপোনাক পাটোমেকৰ সেনাবাহিনী প্ৰধান নিয়োগ কৰিছোঁ। মোৰ বোধেৰে যথেষ্ট যুক্তি থকাৰ কাৰণে মই এই কাম কৰিছোঁ; কিন্তু তথাপিও মই ভাবোঁ, আপুনি এই কথা জনাটো উচিত হব যে কিছুমান বিষয়ত মই আপোনাৰ ওপৰত সম্পূৰ্ণভাবে সন্তুষ্ট নহওঁ। [ ৫০ ] আপুনি এগৰাকী সাহসী আৰু দক্ষ সৈনিক বুলি মই বিশ্বাস কৰোঁ আৰু এই কথা ভাবি মই ভালো পাও। আপোনাৰ জীৱিকাৰ লগত ৰাজনীতি লিপ্ত নাই বুলি মই বিশ্বাস কৰোঁ। এইটো আপুনি ঠিক পন্থাকে গ্ৰহণ কৰিছে। নিজৰ ওপৰত আপোনাৰ বিশ্বাস আছে— এইটো অপৰিহাৰ্য্য নহলেও মূল্যবান্ কথা। আপুনি উচ্চাকাঙ্খী; যুক্তিসঙ্গত সীমালৈকে উচ্চাকাঙ্খী হলে ক্ষতিতকৈ লাভহে বেছি হয়। কিন্তু মই ভাবোঁ, জেনাৰেল বাৰ্নচাইড্ যেতিয়া এই সেনাবাহিনীৰ অধিনায়ক আছিল তেতিয়া আপুনি নিজৰ উচ্চাকাঙ্খৰ প্ৰৰোচনা অনুসৰি কাম কৰিছিল আৰু তেওঁক ব্যৰ্থকাম কৰিবলৈ আপুনি যৎপৰনাস্তি চেষ্টা কৰিছিল। ইয়াৰে আপুনি দেশৰ বিৰাট ক্ষতি কৰিছে আৰু এগৰাকী কৃতিত্বশীল সম্মানিত, সহানুগামী বিষয়াৰো বিৰাট ক্ষতি কৰিছে। আপুনি এইদৰে কৈছে বুলি শুনিবলৈ পাইছোঁ যে সেনাবাহিনী আৰু চৰকাৰৰ কাৰণে এজন স্বেচ্ছাচাৰী একনায়ক শাসকৰ আৱশ্যক। কথাষাৰি মই এনে ধৰনে শুনিবলৈ পাইছোঁ যাক মই বিশ্বাস নকৰি নোৱাৰোঁ। আপুনি ধৰি নলব যে মই এই কথাষাৰিৰ কাৰণে আপোনাক অধিনায়কত্ব দিছোঁ,— এই বুলিতে ধৰি লব যে কথাষাৰি শুনাসত্ত্বেও আপোনাক নতুন অধিনায়ক নিযুক্ত কৰিছোঁ। যি সকল সামৰিক অধিনায়কে সাফল্যলাভ কৰিব পাৰে সেই সকলেহে স্বেচ্ছাচাৰী শাসনব্যৱস্থা প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে মই আপোনাৰ পৰা সামৰিক সাফল্যহে বিচাৰিছোঁ আৰু তাৰ দ্বাৰা মই ভবিষ্যতে স্বেচ্ছাচাৰী শাসন-ব্যৱস্থা প্ৰৱৰ্ত্তনৰ সম্ভাব্য বিপদ মূৰত চপাই লৈছোঁ। চৰকাৰে আপোনাক যথাসাধ্য সহায় কৰিব। আন অধিনায়কসকলকো চৰকাৰে সিমান সহায় কৰিয়েই আছে আৰু আগলৈকো কৰিব। মই এই ভাবিহে ভয় কৰিছোঁ যে অধিনায়কৰ সমালোচনা কৰা আৰু অধিনায়কৰ ওপৰত বিশ্বাস হেৰোৱাৰ যি মনোভাৱৰ বীজ আপুনি সেনাবাহিনীত সিঁচিছে তাৰ প্ৰতিফল হয়তো আপুনিও ভোগ কৰিবলগা হব পাৰে। এই মনোভাৱ দমন কৰাত মই আপোনাক যিমানখিনি পাৰোঁ সহায় কৰিম। সেনাবাহিনীত এনেকুৱা মনোভাৱ এটা চলি থাকিলে তাৰ পৰা আপুনি কোনো সুফল লাভ কৰিব নোৱাৰে, আনকি নেপোলিয়ন যদি আজি জীয়াই থাকিলেহেঁতেন তেৱোঁ কোনো সুফল লাভ কৰিব নোৱাৰিলেহেঁতেন।

 গতিকে এতিয়া কোনো কাম কৰাৰ আগতে ভালদৰে ভাবিচিন্তি লব। হঠকাৰিতাৰ বিষয়ত সাৱধান হব, আৰু সদায়েই সকলো সময়তে সতৰ্ক দৃষ্টি ৰাখিব। উৎসাহেৰে আগবাঢ়ি যাওক আৰু আমাক বিজয়ী কৰক।

আপোনাৰ বিশ্বাসী
এ, লিঙ্কন
 

ধন্যবাদ জ্ঞাপনৰ দিবস ঘোষণা

 

 যুদ্ধৰ দুখদুৰ্গতি আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজত লিঙ্কনে ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰাপ্ত দেশবাসীক ঈশ্বৰৰ আশীৰ্ব্বাদ লাভৰ অৰ্থে ধন্যবাদ জ্ঞাপনৰ দিন এটা পালন কৰিবলৈ আহ্বান জনায়। তেতিয়াৰে পৰা আজিলৈকো মাৰ্কিন যুক্তৰাষ্ট্ৰত ধন্যবাদ জ্ঞাপনৰ দিনটো বছৰেকীয়া জাতীয় ছুটিৰ দিন বুলি পৰিগণিত হৈ আহিছে।

 
[ ৫১ ]

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্টৰ দ্বাৰা ঘোষিত:

এখন ঘোষণা-পত্ৰ

 বছৰটো শেষ হৈ আহিছে আৰু গোটেই বছৰটোতে আমি আকাশে-পথাৰে ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিছোঁ। ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰসূত সুফল সমূহ ভোগ কৰোঁতে আমি সেই সুফলৰউৎসৰ কথা পাহৰি যাব পাৰোঁ। ইয়াৰ লগত ঈশ্বৰৰ আশীৰ্ব্বাদ স্বৰূপ আন আন বিশেষ ধৰণৰ বিষয়ো সংযুক্ত হৈছে। এইবোৰে সাধাৰণতঃ ভগবানৰ ক্ষমতাত অবিশ্বাসী সকলৰ অন্তৰকো পৰশ কৰিছে। এখন অসাধাৰণ ভাবে প্ৰবল আৰু তীব্ৰ গৃহযুদ্ধ চলিছে। কেতিয়াবা কেতিয়াবা ইয়ে বিদেশী ৰাজ্যক যুদ্ধৰ পক্ষ লবলৈ আমন্ত্ৰণ জানাৱাৰ নিচিনা অৱস্থা এটাৰ সৃষ্টি কৰিছে। তথাপিও আটাইবোৰ জাতিৰ লগতেই শান্তি ৰক্ষা কৰি চলা হৈছে, প্ৰকৃত যুদ্ধক্ষেত্ৰৰ বাহিৰে দেশৰ সকলো ঠাইতে শৃঙ্খলা অব্যাহত ৰখা হৈছে আৰু ঐক্য অক্ষুণ্ন আছে। ইউনিয়নৰ সেনা আৰু নৌবাহিনীৰ অগ্ৰগতিয়ে যুদ্ধক্ষেত্ৰৰ পৰিধিও বৰকৈ কমাই আনিছে। শান্তিপূৰ্ণ শিল্পৰ সম্পদ আৰু শক্তি জাতীয় প্ৰতিৰক্ষাত ব্যৱহাৰ কৰাটো আৱশ্যকীয় হৈ পৰিছে। তথাপিও পথাৰৰ হাল, শালৰ মাকো অথবা সাগৰৰ জাহাজ বন্ধ হোৱা নাই। আনহাতে আমাৰ খেতি-পথাৰৰ আয়তন বৃদ্ধিহে পাইছে আৰু খনি, লো, কয়লা আৰু মূল্যবান ধাতু উৎপাদন আগতকৈ বেছিহে হৈছে। জনসংখ্যা ক্ৰমে বাঢ়ি আহিছে— যদিও যুদ্ধক্ষেত্ৰৰ আক্ৰমণ প্ৰত্যাক্ৰমণত জনসংখ্যাৰ ক্ষতি হৈছে। ৰাইজ নিজৰ শক্তি বৃদ্ধিত সচেতন হৈছে আৰু অধিকতৰ স্বাধীনতাৰে দিন যাপন কৰাৰ আশা দেখিবলৈ পাইছে। কোনো মানুহৰ পৰামৰ্শক্ৰমে অথবা মৰণশীল লোকৰ দ্বাৰা এই কামবোৰ হোৱা নাই— এইবোৰ হল ভগবানৰেই দান। আমাৰ পাপৰ কাৰণে তেওঁ আমাক শাস্তি দিছে যদিও আমাৰ ওপৰত দয়াও কম কৰা নাই। গতিকে মোৰ বোধেৰে মাৰ্কিন ৰাইজে একমনে এককণ্ঠে ভগবানৰ দয়াৰ প্ৰতি সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰাটো সমুচিত হব। মই মোৰ দেশবাসী সকলৰ ওচৰত— যিসকল মাৰ্কিন যুক্তৰাষ্ট্ৰত আছে, যি সকল সমুদ্ৰত বিচৰণ কৰিছে আৰু যি সকল বিদেশ ভ্ৰমণ কৰিছে– তেওঁলোকক অহা নবেম্বৰ মাহৰ শেষ বৃহস্পতিবাৰ দিনটো পৰমপিতা পৰমেশ্বৰৰ ওচৰত শলাগ আৰু ধন্যবাদ জ্ঞাপনৰ দিন হিচাবে পালন কৰিবলৈ আমন্ত্ৰণ জনাওঁ। আৰু তেওঁলোকৰ ওচৰত এইদৰেও আহ্বান জনাওঁ যে ঈশ্বৰৰ আশীৰ্ব্বাদ আৰু কৃপাদৃষ্টিৰ কাৰণে ৺ৰ ওচৰত প্ৰাৰ্থনা জনাওঁতে তেওঁলোকে যেন জাতীয় অৱনতি আৰু ঔদ্ধত্যৰ কাৰণে আৰু শোচনীয় গৃহযুদ্ধৰ ফলত হোৱা বিধবা, মাউৰা, দুখী অথবা দুৰ্গতসকলৰ ওপৰত ঈশ্বৰৰ কৃপাদৃষ্টি বৰষিবলৈকো বিনয় সহকাৰে প্ৰাৰ্থনা জনায়। অনিবাৰ্য্য কাৰণ বশতঃ আমি গৃহযুদ্ধত লিপ্ত হৈছোঁ আৰু ৰাইজে যেন ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে মৰ্ম্মবিদ্ধ জাতিৰ ক্ষতস্থলত ভগবানে কৰুণাৰ হাত বুলাই দিয়ে আৰু ভগবানে যিমান সোনকালে বিচাৰে সিমান সোনকালে যেন পূৰ্ণ-শান্তি, ঐক্য, প্ৰশান্তি আৰু ইউনিয়ন পুনৰ প্ৰতিষ্ঠিত হয়।
[ ৫২ ]  ৱাশ্বিংটন চহৰত ১৮৬৩ খৃষ্টাব্দৰ অক্টোবৰৰ ৩ তাৰিখে আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভৰ ৮৮ তম্ বছৰত মই এই ঘোষণা-পত্ৰত স্বাক্ষৰ কৰিলোঁ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিলমোহৰ লগালোঁ।

এব্ৰাহাম্ লিঙ্কন 

 

গেটীচবাৰ্গ ভাষণ

 

 ১৮৬৩ চনৰ ১৯ নবেম্বৰৰ দিন এটা কবৰৰ উছৰ্গা উপলক্ষে অনুষ্ঠান এটাত যোগদান কৰিবলৈ লিঙ্কনে পেন্‌চিলভেনিয়াৰ গেটীচ্‌বাৰ্গলৈ যায়। সেই সময়ৰ প্ৰসিদ্ধ বক্তা এডৱাৰ্ড এভাৰেটে মুখ্য ভাষণ দিয়াৰ কথা আছিল; কিন্তু প্ৰেচিডেণ্টকো কেইটিমান কথা কবলৈ অনুৰোধ জনোৱা হয়। এই কথা কেইটিয়ে বুৰঞ্জীত “গেটীচ্‌বাৰ্গ ভাষণ” বুলি জনাজাত।

 

 ৮৭ বছৰ আগত আমাৰ পূৰ্ব্বপুৰুষসকলে এই মহাদেশত এটা নতুন জাতিৰ সৃষ্টি কৰিলে। এই জাতিটোৰ ভিত্তি হল স্বাধীনতা আৰু আদৰ্শ হল সকলো মানুহৰ সমান জন্মগত অধিকাৰ।

 সম্প্ৰতি আমি এখন বিৰাট গৃহযুদ্ধত লিপ্ত হৈছোঁ। এই ভিত্তি আৰু আদৰ্শত প্ৰতিষ্ঠিত আমাৰ জাতিটো অথবা আন যি কোনো জাতি টিকি থাকিব পাৰেনে নোৱাৰে এই গৃহযুদ্ধই তাকেহে প্ৰমাণ কৰিব। আমি গৃহযুদ্ধৰ এখন বিৰাট সমৰক্ষেত্ৰত সমবেত হৈছোঁ, আৰু এই সমৰক্ষেত্ৰৰ এটা অংশক সেই লোকসকলৰ অন্তিমশয্যাৰ কাৰণে উছৰ্গা কৰিবলৈ আহিছোঁ যি সকলে এই জাতিটোক জীয়াই ৰখাৰ কাৰণে প্ৰাণ বিসৰ্জন দিছে। এনে কৰাটো আমাৰ পক্ষে তেনেই সমুচিত।

 কিন্তু বৃহত্তৰ অৰ্থৰ পৰা বিবেচনা কৰিলে আমি ন কৈ এই ভূমি উছৰ্গা কৰিব নোৱাৰোঁ,— পবিত্ৰ কৰিব নোৱাৰোঁ। যিসকল— জীৱস্ত অথবা মৃত সাহসী পুৰুষে ইয়াত যুদ্ধ কৰিছে তেওঁলোকেই এই ভূমিক পবিত্ৰ কৰি তুলিছে। ইয়াক কম বা বেছি পবিত্ৰ কৰাৰ ক্ষমতা আমাৰ নাই।

 আমি ইয়াত যিখিনি কথা কৈছোঁ বিশ্বই তাৰ বৰ কমেই লেখ লব অথবা বেছিদিনলৈ সুঁৱৰি নেথাকিব। কিন্তু আমাৰ সাহসী সৈনিকসকলৰ কীৰ্ত্তি বিশ্বই কাহানিও নেপাহৰে। সৈনিকসকলে যি কাম আগুৱাই থৈ গৈছে তাক সমাপ্ত কৰিবলৈ নিজকে উছৰ্গা কৰাটোহে বৰং [ ৫৩ ] আমাৰ জীৱন্তসকলৰ কৰ্ত্তব্য। আমাৰ কৰ্ত্তব্য হৈছে আমাৰ সন্মুখত থকা অসমাপ্ত কামত নিজকে উছৰ্গা কৰা; আমাৰ সম্মানিত সৈনিকসকলে জীৱনৰ শেষ নিশ্বাসলৈকে অনুগতভাবে যিকাম কৰি গল সেই কামত অধিক অনুগত হোৱা। আহক, ইয়াতেই আমি দৃঢ়তাৰে শপথ গ্ৰহণ কৰো যে এই সৈনিকসকলৰ প্ৰাণ বিসৰ্জন বৃথা নহব; ঈশ্বৰৰ কৃপাত আমাৰ দেশত স্বাধীনতাৰ নবজন্ম হব আৰু ৰাইজৰ হকে, ৰাইজৰ দ্বাৰা নিৰ্ব্বাচিত ৰাইজৰ চৰকাৰ চন্দ্ৰসূৰ্য্য থাকেমানে পৃথিবীত চলি থাকিব।

 

মানৱ হিতৈষী লিঙ্কন

 

 প্ৰেসিডেণ্টৰ পদৰ গধূৰ দায়িত্ব লৈ থকা সত্ত্বেও লিঙ্কনে তেওঁৰ মানৱ প্ৰেমৰ ওচৰত আবেদন জনোৱা সাধাৰণ অজ্ঞাত লোকসকলৰহৈ হস্তক্ষেপ কৰাৰ সময় উলিয়াইছিল।

 
“এক্সিকিউটিভ্ মেন্‌‌চন্”
ৱাশ্বিংটন, ১মাৰ্চ্চ, ১৮৬৪ চন।

অবৈতনিক সমৰ সচিবলৈ:

মহাশয়,

 বেয়াৰ্ড নামৰ এজনী দুখীয়া বিধবাৰ লৰা এটি সেনাবাহিনীত কাম কৰে। কিবা অপৰাধৰ কাৰণে এই সৈনিকটিৰ ওপৰত বিনা দৰমহাত অথবা হয়তো বৰ কম দৰমহাত দীৰ্ঘমিয়াদী ফাটেক বিহা হৈছে। এনেকুৱা দৰমহা নিদিয়াকৈ শাস্তি দিয়াটো মই পছন্দ নকৰোঁ, কিয়নো তাৰ ফলত দুখীয়া পৰিয়ালে বৰ কষ্ট পায়। সৈনিকটিয়ে কেবা মাহো এইদৰে ফাটেক খটাৰ পিছত তাৰ মাকে চকুলো টুকি মোৰ ওচৰত আবেদন জনোৱাত, আনসকলৰ দৰে তেওঁৰ ওপৰতো নতুন মিয়াদৰ শাস্তি বিহিবলৈ মই নিৰ্দ্দেশ দিছিলোঁ। মাকজনী মোৰ ওচৰলৈ আকৌ আহিছে আৰু তেওঁ কৈছে যে মোৰ নিৰ্দ্দেশ কাৰ্য্যকৰী কৰিব পৰা নাই। অপুগ্ৰহ কৰি সেই নিৰ্দ্দেশ কাৰ্য্যকৰী কৰিব।

আপোনাৰ বিশ্বাসী—
এ, লিঙ্কন।
 
[ ৫৪ ]
 

স্বাধীনতা সম্পৰ্কীয় অভিমত

 

 ১৮৬৪ চনৰ এপ্ৰিলমাহত বাল্টিমোৰৰ চাফ্‌চিকোণতা সম্পৰ্কীয় প্ৰদৰ্শনীত লিঙ্কনে যি ভাষণ দিছিল সেই ভাষণৰ উদ্ধত অংশটিত তেওঁ কিভাবে স্পষ্টৰূপে ৰূপক অলঙ্কাৰ ব্যৱহাৰ কৰিছিল তাৰ পৰিচয় পোৱা যায়।

 

 ‘স্বাধীনতা’ শব্দটিৰ ভাল সংজ্ঞা পৃথিবীত এতিয়াও পোৱা নেয়ায় আৰু সম্প্ৰতি মাৰ্কিন ৰাইজৰ ভাল সংজ্ঞা এটি প্ৰয়োজন হৈছে। আমি সকলোৰে স্বাধীনতাৰ কথা ঘোষণা কৰোঁ, কিন্তু সেই একে শব্দ ব্যৱহাৰ কৰোঁতে আমি একে অৰ্থকে নুবুজাওঁ। কিছুমানৰ ক্ষেত্ৰত স্বাধীনতাৰ অৰ্থহল প্ৰতিজন লোকে নিজৰ পছন্দ বা ইচ্ছা অনুসৰি কাম কৰা আৰু সেই কামৰ পৰা পোৱা ফলাফল। আনহাতে কিছুমানে ইয়াৰ অৰ্থ এই বুলি ধৰি লয় যে তেওঁলোকে আনৰ হতুৱাই যিমান ইচ্ছা কাম কৰিব পাৰে আৰু আনলোকৰ শ্ৰমৰ ফল্ ভোগ কৰিব পাৰে। এই দুটা অৰ্থ অকল পৃথকেই নহয়, এটৰে লগত আনটো ৰজিতাও নেখায়। অথচ্ দুয়োটা ক্ষেত্ৰতেই ‘স্বাধীনতা’ শব্দটো ব্যৱহাৰ কৰা হৈছে। আৰু ইয়াক এইদৰে ব্যাখ্যা কৰিব পাৰি যে সংশ্লিষ্ট দলে একেটা কথাকে স্বাধীনতা অথবা অত্যাচাৰ বুলি অভিহিত কৰিব পাৰে, যদিও দুটা শব্দৰেই অৰ্থ তেনেই বিপৰীত।

 ভেড়াৰখীয়াই কুকুৰনেচীয়া বাঘক খেদি দি ভেড়াৰ প্ৰাণ ৰক্ষা কৰে আৰু সেইবাবে ভেড়াই ৰখীয়াক মুক্তিদাতা বুলি ধন্যবাদ দিয়ে। আনহাতে বাঘে ভেড়াৰখীয়াক সেই একে কামৰ কাৰণে স্বাধীনতা ধ্বংসকাৰী বুলি গৰহিনা দিয়ে বিশেষকৈ ভেড়াৰ গাৰবৰণ যদি ক’লা হয়। সাধাৰণ কথাত কবলৈ গলে ভেড়া আৰু বাঘে স্বাধীনতা শব্দৰ সংজ্ঞাত একমত নহয়; আৰু সংক্ষেপে কবলৈ গলে আমাৰ বৰ্ত্তমান মানৱ সমাজ তো আন কি উত্তৰ অঞ্চলতো আৰু স্বাধীনতাপ্ৰেমিক বুলি প্ৰচাৰকাৰী সকলৰ মাজত অনুৰূপ মতানৈক্যই চলি আছে। গতিকে আমি এনে এটা ব্যৱস্থা দেখিবলৈ পাইছোঁ যি ব্যৱস্থাত হেজাৰ হেজাৰ লোক দাসত্বৰ শিকলিৰ পৰা মুক্তি পাইছে আৰু কিছুমানে ইয়াক স্বাধীনতাৰ অগ্ৰগতি বুলি অভিহিত কৰিছে, কিছুমানে আকৌ স্বাধীনতাৰ বিনাশ হল বুলি চকুলো টুকিছে।

 

ৰণত অভিজ্ঞসকললৈ উপদেশ

 

 ১৮৬৪ চনৰ মাজভাগতমানত যুদ্ধৰ গতি ইউনিয়নৰ অনুকূলে ঢাল লয় আৰু লিঙ্কনক প্ৰেচিডেণ্ট পদৰ কাৰণে পুনৰ মনোনীত কৰা হয়। সেই বছৰে আগষ্ট মাহত চাকৰীৰ পৰা অৱসৰ লবলগীয়া ৰণত অভিজ্ঞ সেনাদল এটাৰ আগত এটি চমুভাষণ দিয়ে।

 
[ ৫৫ ]

 আপোনালোক নিজৰ পৰিয়ালবৰ্গ আৰু বন্ধুবান্ধৱ সকলৰ লগত দেখা কৰিবলৈ যাবলৈ ওলাইছে বুলি অনুমান কৰোঁ। আমি সম্প্ৰতি যি বিৰাট সংগ্ৰামত লিপ্ত হৈছোঁ তাত আপোনালোকে যিখিনি সহায় কৰিছে তাৰ কাৰণে মই মোৰ দেশৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ। সৈলিকসকলৰ আগত মই যেতিয়া কিবা কথা কওঁ তেতিয়া তেওঁলোকক আমাৰ বৰ্ত্তমান যুদ্ধত সাফল্যৰ গুৰুত্ব সম্পৰ্কে উপলব্ধি কৰাবলৈ মোৰ ইচ্ছা হয়। অকল বৰ্ত্তমানৰ কাৰণে নহয়, ভবিষ্যতৰ কাৰণেও আমি আমাৰ জীৱনত যি মহান্ আৰু স্বাধীন চৰকাৰ পাইছোঁ তাক আমাৰ লৰাছোৱালী, নাতি-পুতি সকলৰ কাৰণে স্থায়ী কৰি ৰাখিব লাগে। আপোনালোকে এই কথা অকল মোৰ কাৰণেই নহয়— আপোনালোকৰ নিজৰ কাৰণেও মনত ৰাখিব। মই এই বিশাল হোৱাইট হাউচটো অস্থায়ীভাবে অধিকাৰ কৰি আছোঁ। মই এটা জীৱন্ত প্ৰমাণ যে মোৰ দেউতাৰ লৰাৰ দৰে আপোনালোকৰো লৰাছোৱালীয়ে ইয়াত আহিবলৈ আশা কৰিব পাৰে। এইটো সঠিক কথা যে আমি যি স্বাধীন চৰকাৰৰ সুবিধা পাইছোঁ সেই চৰকাৰৰ জৰিয়তে আপোনালোকৰ প্ৰত্যেকে শিল্প, উদ্যোগ আৰু বুদ্ধি খটোৱাৰ এটি অবাধ আৰু ন্যায়সঙ্গত সুযোগ পাব; আপোনালোকে মানসম্মত উচ্চাকাঙ্খাৰে জীৱনৰ প্ৰতিযোগিতাত সমান সুযোগ পাব। উদ্দেশ্য বা লক্ষ্য সাধনৰ অৰ্থে এবছৰ নহয়, দুইতিনিবছৰো যুদ্ধ কৰিব লগা হব পাৰে— যাতে আমি আমাৰ জন্মগত অধিকাৰ হেৰুৱাবলগা নহয়। এনেকুৱা অমূল্য সম্পদ লাভৰ অৰ্থে যুদ্ধ কৰাটো জাতিৰ পক্ষে লাভজনক।

 

অদৃশ্য শক্তি

 

 ১৮৬৪ চনৰ চেপ্টেম্বৰ মাহত বন্ধু এজনলৈ লিখা চিঠি এখনত যুদ্ধ-পৰীক্ষাৰ মাজেদি মনত যি বিশ্বাস উপজিছিল তাক প্ৰকাশ কৰে।

 
“এক্সিকিউটিভ্ মেন্‌‌চন্”
ৱাশ্বিংটন, ৪ চেপ্টেম্বৰ, ১৮৬৪ চন

এলিজা পি গাৰ্ণীলৈ:
মাননীয় বন্ধুবৰ,

 দুবছৰ আগতে এদিনাখন দেওবাৰে দুপৰীয়া আপুনি আৰু আপোনাৰ বন্ধুসকল মোৰ ইয়ালৈ অহাৰ কথাটো মই পাহৰা নাই আৰু বোধ কৰোঁ কেতিয়াও নেপাহৰোঁ। প্ৰায় এবছৰ পিছত লিখা চিঠিখনৰ কথাও মই পাহৰা নাই। মুঠতে কবলৈ গলে ভগবানৰ ওপৰত মোৰ আস্থা বঢ়োৱাটোৱেই আপোনালোকৰ উদ্দেশ্য। দেশৰ সজ্জন খৃষ্টান ৰাইজৰ ওচৰত [ ৫৬ ] মই তেওঁলোকৰ প্ৰাৰ্থনা আৰু সান্ত্বনাৰ কাৰণে যথেষ্ট ঋণী। তেওঁলোকতকৈ আপোনাৰ ওচৰত বেছি ঋণী। আমি মৰণশীল নৰগণে ৺ৰ ইচ্ছা আগধৰি সঠিকভাবে ধৰিব নোৱাৰিব পাৰোঁ। কিন্তু সৰ্ব্বশক্তিমান ভগবানৰ উদ্দেশ্য বিশুদ্ধ আৰু সি সাধিত হবই। এই প্ৰলয়ঙ্কৰ যুদ্ধৰ ভালেদিন আগতেই শুভ অৱসান হব বুলি আমি আশা কৰিছিলোঁ, কিন্তু ভগবানৰ অভিপ্ৰায় ভগবানেহে জানে আৰু এই অভিপ্ৰায় আমাৰ অভিপ্ৰায়ৰ লগত মিলা নাই। তথাপিও পৰমপিতাৰ সূক্ষ্মবিচাৰ আৰু আমাৰ নিজৰ ভুল স্বীকাৰ কৰিম। ইতিমধ্যে আমি কৃপাময়ৰ কৃপা অনুসৰি ঐকান্তিকভাবে কাম কৰি কাবই লাগিব— কাম কৰোঁতে এইদৰে বিশ্বাস কৰিম যে দয়াময়ৰ নিৰ্দ্দেশত কিবা এটি মহান্ উদ্দেশ্য সাধনৰ অৰ্থে মি কাম কৰি গৈছোঁ। নিশ্চয় কৃপাসিন্ধুই এই প্ৰৱল আন্দোলনৰ পৰা কিবা এটি মহান সুফল দিবলৈ বিচাৰিছে, আমি অধম সন্তানসকলে তাক ৰোধ কৰিব নোৱাৰোঁ।

 এই দেশৰ ৰাইজ আপোনাৰ বন্ধুবৰ্গই— এটা বিৰাট পৰীক্ষাৰ সম্মুখীন হৈছে। নীতিগত আৰু বিশ্বাসগত ভাবে তেওঁলোক যুদ্ধ আৰু উৎপীড়নৰ বিৰোধী। এতিয়া তেওঁলোকে প্ৰকৃততে অকল যুদ্ধৰ দ্বাৰাহে উৎপীড়নৰ প্ৰতিৰোধ কৰিব পাৰে। এই উভয় সঙ্কটত কিছুমানে এফালে গৈছে কিছুমানে আনফালে গৈছে। যি সকলে মোৰ বিবেকৰ দোহাই দি আহ্বান জনাইছে তেওঁলোকৰ কাৰণে মই আইনতঃ গ্ৰহণ কৰা শপথ অনুসৰি মোৰ বিবেকসম্মত কৰিবলগীয়া কামখিনি মই যথাসাধ্যে চেষ্টা কৰিছোঁ আৰু আগলৈকো কৰি থাকিম। আপোনালোকে এই কথা বিশ্বাস কৰে, মোৰ তাত অকনো সন্দেহ নাই। আৰু তাকে বিশ্বাস কৰি আমাৰ দেশৰ হকে আৰু মোৰ হকে পৰমপিতাৰ ওচৰত আপোনালোকৰ ঐকান্তিক প্ৰাৰ্থনা মই এতিয়াও লাভ কৰিম।

আপোনাৰ ঐকান্তিক বন্ধু
এ, লিঙ্কন।
 

অবাধ নিৰ্ব্বাচন

 

 ১৮৬৪ চনৰ নবেম্বৰ মাহত এখন সান্ধ্য-সঙ্গীত সভাত লিঙ্কনে তেওঁৰ পুনৰ নিৰ্ব্বাচন সম্পৰ্কে ব্যাখ্যা কৰে।

 

 ৰাইজৰ স্বাধীনতা ৰক্ষাৰ কাৰণে যথেষ্ট শক্তি নেথাকিলে কোনোবা চৰকাৰে বিৰাট জৰুৰীকালীন অৱস্থাত নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ যথেষ্ট শক্তিশালী হয়নে নহয়, বহুদিনৰ পৰা এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আহিছে।

 এই প্ৰশ্নসম্পৰ্কত আমাৰ গণৰাজ্যই বৰ্ত্তমান বিদ্ৰোহৰ এটা প্ৰৱল পৰীক্ষাৰ সম্মুখীন হৈছে। আৰু বিদ্ৰোহৰ সময়ত স্বাভাৱিক পদ্ধতিত প্ৰেচিডেণ্টৰ নিৰ্ব্বাচন বৰ সাধাৰণ কথা নহয়। বিদ্ৰোহৰ বিৰুদ্ধে আমাৰ অনুগত ৰাইজ সঙ্ঘবদ্ধ হৈ সৰ্ব্বশক্তি প্ৰয়োগ কৰিছে [ ৫৭ ] কিন্তু এই ৰাজনৈতিক যুদ্ধৰ ফলত তেওঁলোকৰ মাজত যেতিয়া ভেদাভেদৰ সৃষ্টি হব আৰু আংশিকভাবে নিষ্ক্ৰিয় হৈ পৰিব তেতিয়া তেওঁলোকৰ জানো পতন নহব?

 কিন্তু নিৰ্ব্বাচন একান্ত প্ৰয়োজনীয়।

 নিৰ্ব্বাচন নহলে স্বাধীন চৰকাৰ পাব নোৱাৰি আৰু যদি বিদ্ৰোহৰ ফলত আমি জাতীয় নিৰ্ব্বাচন পৰিহাৰ কৰিবলৈ অথবা স্থগিত ৰাখিবলৈ বাধ্য হওঁ, তেনেহলে বিদ্ৰোহী সকলে আমাক ইতিমধ্যে জয় কৰিছে আৰু ধ্বংস কৰিছে বুলি দাবী কৰাৰ যুক্তি আছে। নিৰ্ব্বাচনত সংগ্ৰাম কৰাটো মানুহৰ স্বভাব আৰু নিৰ্ব্বাচনৰ উদ্দেশ্য আৰু বিষয়বস্তুৰ লগত ইয়াৰ সঙ্গতি আছে। বৰ্ত্তমানৰ ক্ষেত্ৰত যিবোৰ ঘটনা ঘটিছে অনুৰূপ ক্ষেত্ৰতো তেনেবোৰ ঘটনা ঘটি থাকিব। মানুহৰ স্বভাৱৰ সলনি নহয়। বৰ্ত্তমানৰ জাতীয় নিৰ্ব্বাচনৰ এইবাৰৰ লোকসকলৰ তুলনাত ভবিষ্যতৰ যিকোনো বিৰাট জাতীয় পৰীক্ষাত আমি দুৰ্ব্বল বা সবল, মূৰ্খ বা জ্ঞানী ভাল আৰু বেয়া সকলোৰকমৰ মানুই সমানেই দেখিবলৈ পাম। গতিকে বৰ্ত্তমানৰ ঘটনাৱলীক প্ৰতিশোধ লব লগা ভুল হিচাবে নলৈ জ্ঞান অৰ্জ্জনৰ উপায় হিচাবে অনুশীলন কৰোঁ আহক।

 কিন্তু অপ্ৰীতিকৰ আৰু অবাঞ্ছিত ঘটনাসত্ত্বেও নিৰ্ব্বাচনে আমাৰ মঙ্গলেই কৰিছে। ইয়ে প্ৰমাণ কৰি দিছে যে ৰাইজৰ চৰকাৰে প্ৰবল গৃহযুদ্ধৰ মাজতো জাতীয় নিৰ্ব্বাচন পাতিব পাৰে। নিৰ্ব্বাচন নোহোৱালৈকে এইটো সম্ভৱপৰ বুলি বিশ্বই জানিব পৰা নাছিল। আমি এতিয়াও কিমান সুস্থ আৰু শক্তিশালী তাকো এই নিৰ্ব্বাচনে প্ৰমাণ কৰি দিছে। ইয়ে দেখুৱাই দিছে যে আনকি একেটি দলৰে প্ৰাৰ্থীসকলৰ মাজত যিয়ে ইউনিয়নৰ প্ৰতি সৰ্ব্বাধিক অনুগত আৰু ৰাজদ্ৰোহৰ সৰ্ব্বাধিক বিৰোধী তেওঁ ৰাইজৰ সৰ্ব্বাধিক ভোট পাব পাৰে। নিৰ্ব্বাচনে এইদৰেও প্ৰমাণ কৰিছে, যুদ্ধ আৰম্ভ হোৱাৰ সময়ত আমাৰ যিমান মানুহ আছিল এতিয়া তাতোকৈ বেছি মানুহ আছে। সোণৰ মূল্য আছে কিন্তু জীৱন্ত স্বাধীন আৰু স্বদেশপ্ৰেমিকলোকৰ মূল্য সোণতকৈ বেছি।

 বিদ্ৰোহ এতিয়াও চলি আছে আৰু এতিয়া যিহেতু নিৰ্ব্বাচন সমাপ্ত হৈছে তেতিয়া জানো আকৌ উমৈহতীয়া স্বাৰ্থৰ হকে আমাৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ উমৈহতীয়া প্ৰচেষ্টাত পুনৰ সংঙ্ঘবদ্ধ হব নোৱাৰে? মোৰ ফালৰ পৰা মই সকলোৰকমৰ বাধাবিপত্তি আঁতৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কৰি থাকিমও। আজি যিমানদিন মই ইয়াত আছোঁ মই কাৰো বুকুত ইচ্ছা কৰি হুল বিন্ধি দিয়া নাই।

 পুনৰ নিৰ্ব্বাচিত হোৱাৰ কাৰণে মোক ওলগণি জনোৱাত মই আপোনালোকৰ গভীৰ শলাগ লৈছোঁ আৰু মোৰ দেশবাসীক তেওঁলোকৰ নিজৰ মঙ্গলৰ অৰ্থে সুপথে পৰিচালনা কৰা কাৰণে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। সেই বুলি নিৰ্ব্বাচনৰ ফলাফলত কোনোবাই হতাশ আৰু দুঃখিত হোৱাৰ কাৰণে মই অকনো দুখ পোৱা নাই।

 মোৰ লগত যিসকলৰ মতানৈক্য নাই তেওঁলোকে মোৰ দৰে মোৰ লগত মতানৈক্য থকা সকলৰ প্ৰতিও অনুৰূপ মনোভাৱ জ্ঞাপন কৰিবনে?

 আমাৰ সাহসিক সৈনিক আৰু নাবিক আৰু তেওঁলোকৰ নিৰ্ভীক আৰু সুদক্ষ অধিনায়ক সকললৈ তিনিবাৰ হৰ্ষধ্বনি কৰিবলৈ অনুৰোধ জনাই মই মোৰ ভাষণৰ সামৰণি মাৰিলোঁ।

 
[ ৫৮ ]
 

এগৰাকী মাকলৈ লিখা চিঠি

 

 এগৰাকী মাকৰ পাঁচোটা লৰাই যুদ্ধত নিহত হয়। লিঙ্কনে তেওঁলৈ সহানুভূতি জানাই চিঠি দিয়ে। এই চিঠিখন যেতিয়া প্ৰকাশিত হৈছিল তেতিয়াৰ পৰা লোকসকলে যেনেকৈ অতি আগ্ৰহ আৰু শ্ৰদ্ধাৰে পঢ়িছিল বোধ কৰোঁ লিঙ্কনৰ আন কোনো চিঠিকেই তেনেকৈ পঢ়া নাছিল আৰু তেওঁৰ কোনো চিঠিয়েই তেনেকৈ বিখ্যাত হোৱা নাছিল।

 
“এক্সিকিউটিভ্ মেন্‌‌চন্”
ৱাশ্বিংটন, ২১ নবেম্বৰ, ১৮৬৪ চন

মহাশয়া,

 যুদ্ধৰ বিভাগীয় দপ্তৰৰ মেচাছুচেটৰ এড্‌জুটেণ্ট জেনাৰেলে এখন ফাইলৰ পৰা মোক দেখুৱাইছে আপোনাৰ ৫ জন সুযোগ্য সন্তানে হেনো যুদ্ধত গৌৰৱেৰে প্ৰাণ বিসৰ্জন দিছে।

 মই অনুভৱ কৰিব পাৰোঁ আপোনাৰ এই অপূৰণীয় ক্ষতিত আপোনাক মৌখিক সান্ত্বনা দিবলৈ যোৱাটো বৃথা। তথাপিও আপোনাক এই কথাৰেই সান্ত্বনা দিবলৈ বিচাৰিছোঁ যে তেওঁলোকে গণতন্ত্ৰ ৰক্ষাৰ হকে প্ৰান বিসৰ্জন দিছে।

 মই ইয়াকেই প্ৰাৰ্থনা কৰোঁ যেন পৰম পিতাই আপোনাৰ এই গভীৰ দুখ পাতলাই দিয়ে। অপুনি স্বাধীনতাৰ কাৰণে— আপোনাৰ জীৱনৰ আটাইতকৈ বেছি মূল্যবান্ আৰু মৰমৰ বস্তু বলিদান দিছে— এই মহান্ গৌৰৱৰ কথাই যেন আপোনাৰ সকলো দুখ পাহৰিবলৈ সহায় কৰে।

আপোনাৰ বিশ্বাসী আৰু অনুগত
এ, লিঙ্কন
 

সাংবাদিক হিচাবে

 

 ১৮৬৪ চনৰ ডিচেম্বৰ মহিত এদিনাখন লিঙ্কনে এজন সাংবাদিকৰ লগত দেখা কৰে আৰু তেওঁ নিজ হাতে লিখা শিৰোনামাযুক্ত গল্প এটা প্ৰকাশ কৰিবলৈ দিয়ে।

 
[ ৫৯ ]
 

প্ৰেচিডেণ্টৰ শেষ, চুটি আৰু শ্ৰেষ্ঠ বক্তৃতা

 

 যোৱা সপ্তাহত বৃহস্পতিবাৰে টেনেচীৰ দুগৰাকী মহিলা প্ৰেচিডেণ্টৰ লগত সাক্ষাৎ কৰে আৰু জন্‌চন্‌চ্‌ দ্বীপত যুদ্ধবন্দীহিচাবে আটক ৰখা তেওঁলোকৰ স্বামীদুজনক এৰি দিবলৈ অনুৰোধ কৰে। তেওঁলোকক শুক্ৰবাৰে আহিবলৈ কোৱা হয় আৰু সেইদিনা আহিলত শনিবাৰে আকৌ দেখা কৰিবলৈ কোৱা হয়। প্ৰতি সাক্ষাৎকাৰতেই মহিলা দুগৰাকীৰ এগৰাকীয়ে এই দৰে কৈছিল যে তেওঁৰ স্বামী হেনো এজনা ধাৰ্মিক মানুহ। শনিবাৰে প্ৰেচিডেণ্ট এই যুদ্ধবন্দী দুজনক এৰি দিবলৈ আদেশ দিয়ে আৰু সেই মহিলা গৰাকীক এইদৰে কয়— “আপুনি কৈছে— আপোনাৰ স্বামী এজনা ধাৰ্ম্মিক মানুহ। আপুনি যেতিয়া তেওঁক লগ পায় মোৰ কথা এইদৰে কব যে মই ধৰ্ম্মৰ বিচাৰক নহওঁ কিন্তু চৰকাৰে এজনে আনজনৰ শ্ৰমৰ ওপৰত খাবলৈ নিদিয়াৰ কাৰণে যিধৰ্ম্মই মানুহক সেই চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ শিকায় মোৰ বোধেৰে সেই ধৰ্ম্মই স্বৰ্গৰ দুৱাৰ মুকলি কৰি নিদিয়ে।

এ, লিঙ্কন 

 

দ্বিতীয় উদ্বোধনী ভাষণ

 

 ১৮৬৫ চনৰ ৪ মাৰ্চ্চৰ দিনা লিঙ্কনে ২য় বাৰ প্ৰেচিডেণ্ট হিচাবে শপথ গ্ৰহণ কৰি তেওঁৰ ২য় উদ্বোধনী ভাষণ দিয়ে। যদিও যুদ্ধ চলিয়েই আছিল, তাৰ মাজেৰে জয়ৰ আশা সুনিশ্চিত হৈ উঠিছিল, আৰু যিসকল এদিনাখন তেওঁৰ শত্ৰু আছিল ‘কাৰোপ্ৰতি হিংসা পোষণ নকৰি আৰু সকলোৰে প্ৰতি সদ্ভাৱ লৈ’ তেওঁলোকক লিঙ্কন আকৌ ইউনিয়নলৈ ওভোতাই আনিবলৈ আশা কৰিছিল। এই চমুভাষণটোয়ে লিঙ্কনৰ মহত্বৰ পৰিচয় দিয়ে।

 
[ ৬০ ]  আজি মই দ্বিতীয়বাৰেৰ কাৰণে প্ৰেচিডেণ্ট হিচাৱে শপথ গ্ৰহণ কৰিবলৈ ওলাই প্ৰথম

বাৰৰ দৰে দীঘল ভাষণ দিয়াৰ কোনো কাৰণ দেখা নাই। তেতিয়াহলে আমি কি পন্থা অনুসৰণ কৰিম তাৰেই অলপ বিশদ বিৱৰণী দি এটা বিবৃতি দিয়াটো বোধকৰোঁ সমুচিত। যোৱা চাৰি বছৰ ধৰি প্ৰতিটো জৰুৰী বিষয়ত যিবোৰ ঘোষণা জাৰী কৰা হৈছে আৰু যিবোৰ সমস্যাই এতিয়াও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিয়েই আছে আৰু জাতিৰ শক্তি সম্পূৰ্ণৰূপে নিমগ্ন কৰি ৰাখিছে, তেনে ক্ষেত্ৰত আজি নতুন কিবা দঙি ধৰিবলৈ একো নাই। আমাৰ শক্তিৰ অগ্ৰগতি যাৰ ওপৰতেই আন আন সকলোৰে মূলতঃ নিৰ্ভৰ কৰে তাৰ কথা মোৰ দৰে আপোনালোকেও ভালকৈয়েই জানে। মোৰ বিশ্বাস এই অগ্ৰগতি যুক্তিযুক্ত আৰু সন্তোষজনক আৰু সকলোৰে পক্ষে উৎসাহজনক। ভবিষ্যৎসম্পৰ্কে অতি উচ্চ আশা কৰোঁ যদিও এই বিষয়ে কোনো ভবিষ্যৎবাণী কৰিব লোখোজোঁ

 চাৰিবছৰ আগতে আজিৰ দিনত সকলোৰে মনত গৃহযুদ্ধৰ আশঙ্কা এটাই দেখা দিছিল। সকলোৰে ইয়াক ভয় কৰিছিল আৰু ইয়াৰ পৰা হাত মাৰিবলৈ বিচাৰিছিল। বিনাযুদ্ধে ইউনিয়নক ৰক্ষা কৰাৰ নীতিকে সাৰোগত কৰি যেতিয়া এই ঠাইতেই প্ৰথম উদ্বোধনী ভাষণ দি আছিলোঁ সেই সময়তেই বিনাযুদ্ধে ইউনিয়নক ধ্বংস কৰি দিবলৈ চহৰত বিদ্ৰোহীসকল ঘূৰি ফুৰিছিল আৰু আপোচ আলোচনাৰ দ্বাৰা দেশখনক বিভক্ত কৰিবলৈ বিচাৰিছিল। দুয়োদলেই যুদ্ধৰ বিৰোধী আছিল কিন্তু তাৰে এটা দলে জাতিক বচাই ৰখাতকৈ যুদ্ধহে কৰিব আৰু আনটোৱে জাতিক ধ্বংস হবলৈ দিয়াতকৈ যুদ্ধহে কৰিব। এনেকৈ যুদ্ধৰ আৰম্ভ।

 সমগ্ৰ জনসংখ্যাৰ এক অষ্টমাংশ বৰ্ণকায় দাস আৰু তেওঁলোক গোটেই ইউনিয়নটোত সাধাৰণভাবে সিঁচৰতি হৈ থকা নাই; ইউনিয়নৰ দক্ষিণ অঞ্চলতহে তেওঁলোকৰ ঘাই বসতি। এই দাসসকলক লৈ এটি বিশেষ ধৰণৰ আৰু শক্তিশালী স্বাৰ্থই মূৰ দাঙি উঠিছে। সকলোৱে জানে এই স্বাৰ্থই এই যুদ্ধৰ ঘাই কাৰণ। এই স্বাৰ্থ শক্তিশালী, স্থায়ী আৰু সম্প্ৰসাৰিত কৰাই হল বিদ্ৰোহীসকলৰ লক্ষ্য আৰু এই লক্ষ্য সাধন কৰিবলৈ তেওঁলোকে আনকি যুদ্ধৰ দ্বাৰাও ইউনিয়নক থানবান কৰি দিবলৈ কুন্ঠিত নহয়। আনহাতে চৰকাৰে ইয়াৰ আঞ্চলিক সম্প্ৰসাৰণ সীমাবদ্ধ কৰাৰ বাহিৰে আন একোকে কৰিবলৈ বিচৰা নাই আৰু কোনোকালেই বৰ্ত্তমান যুদ্ধ, যুদ্ধৰ বৰ্ত্তমান ব্যাপকতা আৰু এই যুদ্ধ যিমানদিন ধৰি চলিছে তাক বিচৰা নাছিল। কোনোদলেই আশা কৰা নাছিল যে যুদ্ধ সমাপ্ত হোৱাৰ লগে লগে আনকি ইয়াৰ আগতেও যিকাৰণত যুদ্ধ কৰা হৈছিল সেই কাণৰটোৱেই নাইকীয়া হৈ যাব। প্ৰত্যেকে সহজে জয়লাভ কৰিবলৈ আৰু অপেক্ষাকৃত কম মৌলিক আৰু উল্লেখযোগ্য ফলাফলৰ আশা কৰিছিল। দুয়োদলে একে বাইবেলকে পঢ়িছিল, একেজনা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু প্ৰত্যেকে প্ৰত্যেকেৰ বিৰুদ্ধে ভগবানৰ আশীৰ্ব্বাদ কামনা কৰিছিল। এইটো আচৰিত যেন লাগিব যে এজনৰ মূৰৰ ঘাম ভৰিত পেলাই— আন এজনে সুখেৰে খাবলৈ লবলৈ কোনোবাই ভগবানৰ সাহায্যও বিচাৰিব পাৰে। আমি নিজকে বৰ ন্যায়পৰায়ণ ভাবি

 
[ ৬১ ] আনক বিচাৰ নকৰোঁহঁক। দুয়োপক্ষৰে প্ৰাৰ্থনা ফলিয়াব নোৱাৰে আৰু কোনোপক্ষৰে প্ৰাৰ্থনা

সম্পূৰ্ণভাবে ফলিওৱা নাই ঈশ্বৰৰ অভিপ্ৰায় কোনেও বুজিব নোৱাৰে।

 “পৃথিবীত পাপ আছে কাৰণে দুখ দুৰ্গতি আছে আৰু পৃথিবীত পাপ থাকিবই। কিন্তু যিজনে পাপ কৰে তেওঁৰ দুখ-দুৰ্গতি হক।” আমি ধৰি লওঁ যে মাৰ্কিন দাসপ্ৰথা পাপস্বৰূপ আৰু এই পাপ অহা যদি ইশ্বৰৰ অভিপ্ৰেত আৰু তেওঁৰ অভিপ্ৰায় অনুসৰি নিৰ্দ্দিষ্ট সময়লৈকে চলি আছিল, এতিয়া তেওঁ ইয়াক আতৰ কৰাবলৈ বিচাৰিছে আৰু যিসকলে এই পাপ কৰিছে তেওঁলোকৰ শাস্তি হিচাবে দেশৰ উত্তৰ আৰু দক্ষিণ দুই অঞ্চলতেই ভগবান এখন ভয়ানক যুদ্ধ সংঘটিত কৰিলে। তেনেহলে আমি জানোঁ ভগৰদ্‌‌বিশ্বাসী লোকসকলে তেওঁক কৃপাময় বুলি কোৱা কথাষাৰি অস্বীকাৰ কৰিবলৈ লম? অতি বিশ্বাসেৰে আমি আশা কৰিছোঁ আৰু অতি ব্যগ্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, যেন এই অভিশপ্ত যুদ্ধৰ সোনকালেই অৱসান তথাপিও যদি ভগবানৰ ইচ্ছা যে যুদ্ধ চলি থাকক যেতিয়ালৈকে দাসসকলৰ আঢ়ৈশ বছৰৰ অক্লান্ত পৰিশ্ৰমেৰে গঢ়ি তোলা ধন শেষ হৈ নেযায়, যেতিয়ালৈকে চাবুকৰ কোবত ওলোৱা দাসসকলৰ প্ৰতিবিন্দু তেজৰ তিনি হেজাৰ বছৰ আগেয়ে কোৱা দৰে মূল্য তৰোয়ালৰ আঘাতত ওলোৱা তেজেৰে পৰিশোধ কাৰ নহয়, তথাপিও কব লাগিব— “ভগবানৰ বিচাৰ সম্পূৰ্ণ সত্য আৰু ন্যায়।”

 কাৰো প্ৰতি বিদ্বেষ পোষণ নকৰি আৰু সকলোৰে প্ৰতি সদ্ভাৱ ৰাখি ন্যায়পথত অবিচলিত থাকি আমাবোৰ অসমাপ্ত কাম শেষ কৰিবলৈ আগুৱাই যাওঁ আহক; জাতিৰ ক্ষতস্থান বান্ধি দিওঁ আহক আহক যিসকলে দেশৰ মঙ্গলৰ হকে যুদ্ধত প্ৰাণ বিসৰ্জন দিছে তেওঁলোকৰ বিধবালোক মাউৰা লৰাছোৱালীবোৰৰ যত্ন লওঁ আহক। ইয়াকেই কৰিলে আমাৰ মাজত আৰু সকলো জাতিৰ মাজত প্ৰকৃত শান্তি, চিৰস্থায়ী শান্তি প্ৰতিষ্ঠাত সফলকাম হবও পাৰোঁ।

 

সংগঠনৰ বিষয়ে

 

 ১৮৬৫ চনৰ এপ্ৰিলমাহত যুদ্ধ শেষ হয় আৰু শত্ৰুৰ আত্মসমৰ্পনৰ ঠিক দুটা ৰাতিৰ পিছতে লিঙ্কনে হোৱাইট হাউচলৈ সান্ধ্য-সঙ্গীতানুষ্ঠানত যোগদান কৰিবলৈ অহা দল এটাৰ আগত কেই আষাৰমান কষা কয়। জনতাই লিঙ্কনৰ মুখত আনন্দৰ ৰেখা বিৰিঙি উঠিৰ বুলি ভাবিছিল কিন্তু

[ ৬২ ]

 লিঙ্কনক প্ৰশান্ত আৰু সংযত দেখা গৈছিল, কিয়নো লিঙ্কনে তেতিয়া গভীৰভাৱে চিন্তা কৰিছিল কেনেকৈ কাৰো মনত কষ্ট নিদিয়াকৈ সকলোৰে সম্বন্ধ পুনৰ প্ৰতিষ্ঠা কৰিব পাৰি। যুদ্ধজয়ৰ বিষয়ে তেওঁ একোকে কোৱা নাছিল বুলি ধৰিব পাৰি, কিন্তু সম্মুখত কি কি কাম কৰিবলগীয়া আছিল তাকেহে বেছিকৈ কৈছিল। কোনেও জনা নাছিল যে লিঙ্কনে যি কাম কৰোঁ বুলি সেই নিশাত আত্মোৎসৰ্গ কৰিলে তাৰ ঠিক তিনিটা কালনিশাৰ পিছতেই তেওঁ আততায়ীৰ গুলীত প্ৰাণ বিসৰ্জন দিব। এইটোৱেই তেওঁৰ শেষ ৰাজহুৱা ভাষণ।

 

 আমি আজি এই সন্ধিয়া গেটে খাইছোঁ শোকত অভিভূত হৈ নহয়— আনন্দোৎফুল্ল হৈহে। পিটাচ্‌বাৰ্গ আৰু ৰিছমণ্ডৰ পৰা অপসাৰণ আৰু প্ৰধান বিদ্ৰোহীদলৰ আত্মসমৰ্পণৰ পৰা যি ন্যায়সঙ্গত আৰু দ্ৰুত শান্তিপ্ৰতিষ্ঠাৰ আশা দেখিবলৈ পোৱা গৈছে তাৰ বাবে আমি সকলোৱে অতি আনন্দলাভ কৰিছোঁ। এই আনন্দৰ মাজত যাৰ আশীৰ্ব্বাদতহে সকলো সম্ভৱ তেওঁৰ কথা পাহৰি যোৱাটো উচিত নহব। জাতীয় ধন্যবাদ জ্ঞাপনৰ দিবস এটা পালনৰ ব্যৱস্থা কৰা হব ধৰিছে আৰু সেইমতে ঘোষণা কৰি জনাই দিয়া হব।

 জাতীয় শক্তিৰ পুনৰ প্ৰতিষ্ঠা— সংগঠন যি বিষয়লৈ আমি প্ৰথমৰ পৰাই চিন্তা কৰি আহিছোঁ তাৰ কথা এইবোৰ নতুন সাফল্যই আমাক দকৈ চিন্তা কৰিবলৈ সোৱঁৰাই দিছে। এই কাম নানা বাধা-বিঘিনিৰে ভৰপূৰ। ভিন ভিন স্বাধীন জাতিৰ ভিতৰত হোৱা যুদ্ধ এখনৰ দৰে এইবোৰ বিষয় আলোচনা কৰিবলৈ আমাৰ তেনে কোনো ক্ষমতাপ্ৰাপ্ত অনুষ্ঠান নাই। কোনো এজন মানুহৰেই আন কোনো মানুহৰ হকে বিদ্ৰোহ পৰিহাৰ কৰাৰ ক্ষমতা বা অধিকাৰ নাই। আমি কিছুমান বিশৃঙ্খল আৰু মিলহীন উপাদান লৈহে কাম আৰম্ভ কৰিব লাগিব। আমাৰ নিচিনা ৰাজভক্ত মানুহসকলৰে যে সংগঠনৰ ধৰণধাৰণ আৰু উপায় সম্পৰ্কে মতানৈক্য ঘটে এইটো কম লাজৰ কথা নহয়।

 এই বিষয়ত আমি সকলোৱে একমত যে ইউনিয়নৰ পৰা তথাকথিত বিচ্ছিন্ন ৰাজ্যসমূহ ইউনিয়নৰ বাস্তৱ সম্পৰ্কৰ পৰাও আঁতৰি গৈছে আৰু এই চৰকাৰৰ একমাত্ৰ উদ্দেশ্য হল আকৌ সেইবোৰ ৰাজ্যক বাস্তৱ সম্পৰ্কলৈ ঘুৰাই লে অহা। মই বিশ্বাস কৰোঁ, এই কামটো অকল সম্ভৱেই নহয় দৰাচলতে সহজ এই ৰাজ্যসমূহ ইউনিয়নৰ লগত থাকক বা নেথাকক। পুনৰমিলন যেতিয়া হৈছে, তেতিয়া আৰু অতীতৰ বিচ্ছেদৰ কথা ভবাৰ সকাম নাই। এইবোৰ ৰাজ্য আৰু ইউনিয়নৰ মাজত উপযুক্ত বাস্তৱ সম্পৰ্ক পুনৰ স্থাপন কৰাত আমি যথাসাধ্য চেষ্টা কৰোঁহঁক। এই যত্ন কৰোঁতে প্ৰত্যেকেই এই কথাত নিজৰ অভিমত ভালদৰে খটুৱাব লাগিব যে যথাৰ্থতে এইবোৰ ৰাজ্যক বাহিৰৰ পৰা আনি ইউনিয়নভুক্ত কৰা হল নে [ ৬৩ ] ৰাজ্যবোৰ কাহানিও ইউনিয়নৰ পৰা ওলাই যোৱা নাছিল বুলি ধৰিলৈ উপযুক্ত সাহায্য দিয়া হল।

 

তেওঁৰ শেষদিনৰ স্মৃতি

 

 ১৮৬৫ চনৰ ১৪ এপ্ৰিল— জীৱনৰ শেষ দিন লিঙ্কনে ভালেমান চিঠি আৰু স্মাৰকপত্ৰ লিখিছিল। ইয়াৰে এখন হল জেনাৰেল জেমচ্ এইচ্ ভান এলেনলৈ লিখা।

 

ৱাশ্বিংটন, ১৪ এপ্ৰিল, ১৮৬৫ চন

প্ৰিয় মহাশয়,

 মই মোৰ বন্ধুবৰ্গৰ পৰামৰ্শ লবলৈ আৰু যথাযথ সতৰ্কতা অৱলম্বন কৰিবলৈ ইচ্ছা কৰিছোঁ। আপোনাৰ ভাষাত কবলৈ গলে সকলো ৰাজ্যই মিলিজুলি হৃদয়ত হৃদয় মিলাই হাতত হাত মিলাই ঐক্যবদ্ধভাবে ইউনিয়নক পুনৰ স্থাপন কৰাত মই যি চেষ্টা কৰিব পাৰোঁ তাত আপোনালোকৰ নিচিনা ৰক্ষণশীলসকলৰো সমৰ্থন পাম বুলি প্ৰতিশ্ৰুতি দিয়াত মই আপোনাক ধন্যবাদ জনাইছোঁ।

আপোনাৰ বিশ্বাসী
এ, লিঙ্কন।
 

জাতীয় ৰাজধানী ৱাশ্বিংটন ডি, চি, ত থকা লিঙ্কনৰ তেজঃপুঞ্জ
প্ৰতিকৃতিটোকেই শিল্পীয়ে তেওঁৰ তুলিৰে ফুটাই তুলিবলৈ বিচাৰিছে।

 

[ ৬৪ ]
 
 

[ ৬৫ ]
 
 

PRODUCED BY THE UNITED STATES INFORMATION SERVICE

 

আমেৰিকা যুক্তৰাষ্ট্ৰত এই লেখা পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখা বা কৰ্ম হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল চৰকাৰৰ (চাওক: 17 U.S.C. 105)।