এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী
এনে কৰিবলৈ হলে আমি আমাৰ বিপদসমূহৰ বিষয়ে ভাবি-চিন্তি, অনুশীলন কৰি, প্ৰকৃত সত্য উপলব্ধি কৰিব লাগিবই।
কুপাৰ প্ৰতিষ্ঠানত দিয়া ভাষণ
বুৰঞ্জীত তেওঁ ‘মহান্ মুক্তিদাতা’ বুলি জনাজত কিয়নো তেওঁ দাসসকলক স্বাধীন কৰি দিয়ে আৰু তাৰ দ্বাৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কলঙ্ক-স্বৰূপ দাসপ্ৰথাৰ বিলোপ সাধন কৰে। কিন্তু গৃহযুদ্ধৰ আগৰ কালছোৱাত লিঙ্কনৰ লক্ষ্য আছিল চৰকাৰৰ আদেশৰ জৰিয়তে অবিলম্বে দাসপ্ৰথা বিলোপ সাধন কৰাতকৈ ৰাইজৰ চেতনাবোধ জগাই তুলি ক্ৰমে ক্ৰমে ইয়াৰ বিলোপ সাধন কৰা। তেওঁ এইটোকেই আশা কৰিছিল যে অনিচ্ছাসত্ত্বে হলেও দাসপ্ৰথা প্ৰৱৰ্ত্তিত ৰাজ্যসমূহে এনেকুৱা পৰিকল্পনা এখন গ্ৰহণ কৰিব আৰু তাৰ ফলতে ইউনিয়ন অক্ষুণ্ন থাকিব। এনেদৰে আশা কৰিছিল যদিও দাস প্ৰথাৰ নৈতিকতাৰ ফালৰ পৰা নিন্দনীয় দাসপ্ৰথাক গৰিহনা দি তেওঁ যি মৰ্ম্মস্পৰ্শী ভাষণ দিছিল সমগ্ৰ দেশতে তাৰ ধ্বনি-প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছিল। নিউইয়ৰ্কৰ পূবফালে ভ্ৰমণ কৰোঁতে দিয়া ভাষণটো এই প্ৰসঙ্গত উল্লেখযোগ্য। কুপাৰ প্ৰতিষ্ঠানত ৰিপাব্লিকান সকলৰ সভা এখনত তেওঁ এই ভাষণৰ সামৰণিত কোৱা হয়:—
যদি দাসপ্ৰথা নিৰ্ভুল হয়, তেনেহলে ইয়াৰ বিৰুদ্ধে কোৱা সকলোবোৰ কথা, গ্ৰহণ
কৰা সকলোবোৰ আইন আৰু সংবিধানেই ভুল আৰু সেইবোৰৰ কণ্ঠৰোধ কৰিব লাগে আৰু
দলিয়াই পেলাই দিব লাগে। যদি এই প্ৰথা নিৰ্ভুল হয় তেনেহলে ইয়াক জাতীয় আৰু
সাৰ্ব্বজনীন প্ৰথা বুলি ধৰি লোৱাত আমি প্ৰতিবাদ কৰাটো অনুচিত। কিন্তু যদি ভুল হয়
তেনেহলে ইয়াৰ সমৰ্থকসকলে এই প্ৰথাৰ বিস্তাৰ বা সম্প্ৰসাৰণত জোৰ দিব নোৱাৰে। আমি
যদি দাসপ্ৰথাক নিৰ্ভুল বুলিয়েই ধৰি লওঁ, তেনেহলে তাৰ সমৰ্থকসকলে বিচৰা সকলোবোৰ
অধিকাৰতেই আমি অনুমোদন জনাব লাগিব। কিন্তু তেওঁলোকে যদি এই প্ৰথা ভুল বুলি
ভাবে তেনেহলে আমি বিচৰা অধিকাৰত তেওঁলোক সম্মত হব লাগে। তেওঁলোকৰ চিন্তাধাৰা
ভুল নে আমাৰেই ভুল— তাৰ ওপৰতেই নিৰ্ভৰ কৰিছে এই গোটেই খিনি বাদ বিসম্বাদ।
তেওঁলোকে ইয়াক নিৰ্ভুল বুলি ভাবে যেতিয়া ইয়াৰ পূৰ্ণ স্বীকৃত প্ৰদানৰ কাৰণে ইচ্ছুক হোৱাত
আমি তেওঁলোকক দোষ দিব নোৱাৰোঁ। কিন্তু আমি ইয়াক ভুল বুলি ভাবোঁ যেতিয়া
৩২