পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৱিতৰ্কেৰ সময়ছোৱা

 

মুক্তিৰ সাহস

 

 ১৮৫৮ চনৰ চেপ্টেম্বৰ মাহত লিঙ্কনে ইলিনয়চৰ এড্‌‌ৱাৰ্ডভাইল্‌চত এটা ভাষণ দিয়ে। তেওঁৰ ভাষণৰ দুই-এটা খণ্ডহে সংৰক্ষণ কৰা হৈছে। ইয়াৰে এটা খণ্ড লিঙ্কনৰ বাগ্মিতাৰ পৰিচয় দিয়ে।

 

 ......আপোনালোকে এতিয়া নিগ্ৰোসকল মানুহ নহয় বুলি প্ৰমাণ কৰাত সক্ষম হৈছে; পথাৰৰ পশুৰ মৰ্য্যাদাৰ বাহিৰে আন কোনো মৰ্য্যাদা পোৱাটো সিহঁতৰ কাৰণে চিৰদিনলৈ অসম্ভৱ কৰি তুলিছে; সিহঁতৰ জীবনৰ বন্তি নুমাই দিছে আৰু নিৰাশাৰ এন্ধাৰে সিহঁতক আৱৰি ধৰিছে— যি এন্ধাৰত যেনিবা ঘৃণিত, নিন্দিত সকলৰ প্ৰেতাত্মা হে বিচৰণ কৰিছে। ইয়াৰ দ্বাৰা আপোনালোকে যি অসুৰ শক্তিক জগাই তুলিছে, সেই শক্তিয়ে যে আপোনালোকক এদিন আক্ৰমণ নকৰিব আৰু আপোনালোকক টুকুৰা টুকুৰ কৰি নিদিব সেই বিষয়ে আপোনালোক জানো নিশ্চিত? আমাৰ স্বাধীনতাৰ মূলশক্তি কি? যুদ্ধৰ বিপুল সাজ-সৰঞ্জাম, বিশাল সমুদ্ৰপাৰ, যুদ্ধজাহাজৰ বৰতোপ অথবা সাহসী আৰু শৃঙ্খলাবদ্ধ সেনাবাহিনীয়ে আমাৰ স্বাধীনতাৰ মূল শক্তি নহয়। স্বৈৰতন্ত্ৰৰ অত্যাচাৰৰ পৰা আমাৰ মাতৃভূমিক ৰক্ষা কৰিবৰ কাৰণে এই বিলাক বহিঃশক্তিয়েই নিৰ্ভৰযোগ্য ৰক্ষাকবচ নহয়। কিয়নো আত্মৰক্ষাৰ কাৰণে আমাক সবল বা দুৰ্বল নকৰাকৈয়ে এইবিলাক আমাৰ প্ৰকৃত স্বাধীনতাৰ বিৰুদ্ধে প্ৰযুক্ত হব পাৰে। প্ৰকৃত স্বাধীনতা ৰক্ষাৰ শক্তি নিহিত আছে— আমাৰ স্বাধীনতা প্ৰেমত; ঈশ্বৰে আমাৰ অন্তৰত এই প্ৰেম সিঁচি দিছে। যি আত্মাই সকলো সময়তে, সকলো ঠাইতে, সকলো মানুহৰ ঐতিহ্য হিচাবে স্বাধীনতাক আসন দিয়ে সেই আত্মাৰ সংৰক্ষণেই হল প্ৰকৃত প্ৰতিৰক্ষা। এই আত্মাক ধ্বংস কৰাৰ অৰ্থই হল নিজকে নিজে স্বৈৰতন্ত্ৰৰ কৰাল গ্ৰাসলৈ ঠেলি দিয়া। পৰাধীনতাৰ শিকলিৰ লগত পৰিচয় হোৱা মানে এই শিকলি পিন্ধিবলৈকো সাজু হোৱা। চুবুৰীয়াৰ অধিকাৰ ক্ষুণ্ণ কৰি আপোনালোকে নিজৰ স্বাধীনতাৰ প্ৰতিভা হেৰুৱাইছে। গতিকে আপোনালোক নব অভ্যুত্থিত স্বৈৰতন্ত্ৰী অত্যাচাৰী শাসকৰ উপযুক্ত প্ৰজাৰূপে পৰিগণিত হৈছে......!

 

দাসপ্ৰথাৰ সমৰ্থক ধৰ্ম্মমত

 

 লিঙ্কনৰ ভাষণৰ আন এটা উদ্ধত খণ্ডৰ পৰা বুজিব পাৰি যে সেই বছৰত তেওঁ দাসপ্ৰথাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিছিল। এইবোৰ ১৮৫৮ চনৰ চেপ্টেম্বৰত লিখা বুলি বিশ্বাস হয়।

 

২৫