পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

 

তৰুণ এগৰাকীলৈ উপদেশ

 

 আব্ৰাহাম লিঙ্কন আইনজীৱী হিচাবে খ্যাতি অৰ্জন কৰিছিল। কিছুমান ডেকালৰাই তেওঁৰ অফিচত আইন অধ্যয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি মাজে-সময়ে চিঠি দিছিল। ১৮৫৫ চনত তেওঁলোকৰ এজনলৈ লিঙ্কনে কিছুমান মূল্যবান্ উপদেশ দি লিখিছিল।

 

স্প্ৰীং ফিল্ড, ৫ নভেম্বৰ, ১৮৫৫ চনত


ইশ্বাম ৰিয়াভিচ্

প্ৰিয় মহাশয়,

 মই ঘৰলৈ আহিয়েই আপোনাৰ যোৱামাহৰ ২৩ তাৰিখৰ চিঠিখন পালোঁ। মই বেছিৰভাগ সময় ঘৰৰ পৰা বাহিৰত থাকোঁ গতিকে মোৰ লগত বহি আপোনাৰ নিচিনা উদ্যোগী ডেকালৰা এজনে আইন অধ্যয়ন কৰাটো বৰ সুবিধাজনক নহব। আপুনি যদি এজন আইনজীৱী হবলৈ দৃঢ়প্ৰতিজ্ঞ তেনেহলে আপোনাৰ এই দৃঢ়প্ৰতিজ্ঞাই আপোনাৰ কাম আধাতকৈ বেছি সম্পন্ন কৰি দিছেই। আপুনি কাৰোবাৰ ওচৰত পঢ়ে নে নপঢ়ে সেইটো বৰ বিশেষ ধৰিবলগীয়া কথা নহয়। মই নিজেওতো কাৰো ওচৰত পঢ়া নাছিলোঁ। কিতাপবোৰ গোটাই লওক, আৰু কিতাপৰ মূল কথাবোৰ ভালকৈ নুবুজালৈকে পঢ়ক– অধ্যয়ন কৰক। এইটোৱেই হৈছে আচল কথা। পঢ়াশুনা কৰিবলৈ যে কোনো ডাঙৰ চহৰত থাকিব লাগে, এইটো বৰ প্ৰয়োজনীয় কথা নহয়। মই নিউ চালেমত পঢ়িছিলোঁ; তাৰ জনসংখ্যা তিনিশৰ বেছি নাছিল। কিতাপ আৰু কিতাপৰ কথাবোৰ বুজিব পৰা ক্ষমতা সকলো ঠাইতে সমানে থাকে। মিঃ ড্ৰামাৰ এগৰাকী টেঙৰ মানুহ আৰু বৰ ভাল উকীল (আইনৰ কথা মোতকৈ বহুত বেছি জানে) আৰু মই এই বিষয়ে নিঃসন্দেহ যে আপুনি কি কি কিতাপ পঢ়িব লাগিব তেওঁ আনন্দেৰে আপোনাক কব আৰু আৱশ্যক হলে কিতাপো ধাৰে দিব।

 সদায় মনত ৰাখিব হে, সফলকামৰ কৃতসঙ্কল্পই হৈছে গুৰুত্বপূৰ্ণ কথা, আন একোৱেই ইয়াতকৈ বেছি হব নোৱাৰে।

প্ৰকৃততে আপোনাৰ বন্ধু 

এ. লিঙ্কন 

 

মানুহৰ সমান অধিকাৰৰ বিষয়ে

 

 ১৮৫৭ চনত যুক্তৰাষ্ট্ৰৰ চুপ্ৰিম কোৰ্টে তথাকথিত ‘ড্ৰেড্ স্কট্ কেচ’ত ভোটাধিক্যৰ দ্বারা এটা ৰায় দিয়ে। সেই ৰায়ৰ বিষয়ে বহুতেই একমত হব পৰা নাই। এই ৰায়ে দাসপ্ৰথাৰ প্ৰশ্নটো আৰু বেছি জটিল আৰু বিতৰ্ক-


২০