পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্যকাল

 

মনোনয়নপত্ৰ গ্ৰহণ

 

 ১৮৬০ চনৰ মে’ মাহত ‘ৰিপাব্লিক নেচনেল্ অভিবৰ্ত্তনে’ ইলিনয়চৰ চিকাগোতে বহা মিটিঙৰ সিদ্ধান্তক্ৰমে লিঙ্কনক প্ৰেচিডেণ্টৰ আসনৰ বাবে মনোনীত কৰে। লিঙ্কনে অতি বিনম্ৰভাৱে সেই মনোনয়ন গ্ৰহণ কৰে।

 
স্প্ৰীংফিল্ড, ইলিনয়চ,
২৩মে, ১৮৬০ চন।

মাননীয় জৰ্জ আস্মুন
‘ৰিপাব্লিক নেচনেল্ অভিবৰ্ত্তন’ৰ সভাপতি

 

মহোদয়,

 মই অভিবৰ্ত্তনে দিয়া মনোনয়ন-পত্ৰ গ্ৰহণ কৰিলোঁ‌। আপুনি এই অভিবৰ্ত্তনত সভাপতিত্ব কৰিছিল আৰু অভিবৰ্ত্তনে আপোনাক আৰু আন কেইজনমানকলৈ মনোনয়ন-পত্ৰ সম্পৰ্কীয় কমিটি এখন গঠন কৰি দিছিল। আপোনালোকৰ চিঠিৰে মোক আনুষ্ঠানিকভাবে মনোনয়ন-পত্ৰ দিয়া হৈছে।

 চিঠিত যি নীতি আৰু মনোভাৱ ব্যক্ত কৰা হৈছে তাত মোৰ অনুমোদন আছে আৰু এইবোৰ যাতে অৱজ্ঞা বা লঙ্ঘন কৰা নহয় তালৈ মই দৃষ্টিদিম।

 ভগবানক চিন্তি আৰু অভিবৰ্ত্তনত উপস্থিত প্ৰতিনিধিসকলৰ অভিমত আৰু মনোভাব, আটাইবোৰ ৰাজ্যৰ, অঞ্চলৰ আৰু জাতিৰ অধিকাৰ, সংবিধানৰ অলঙ্ঘনীয়তা আৰু চিৰস্থায়ী ইউনিয়ন, সকলোৰে সম্প্ৰীতি আৰু সমৃদ্ধিৰ কথা যথাযোগ্যভাবে বিবেচনা কৰি অভিবৰ্ত্তনত ঘোষিত নীতিসমূহৰ বাস্তৱ সাফল্যত সহযোগিতা কৰিবলৈ পাই মই অতিকৈ সন্তোষ পাইছোঁ‌।

আপোনাৰ কৃতজ্ঞ বন্ধু আৰু সহনাগৰিক,
এ. লিঙ্কন
 

৩৫