সমললৈ যাওক

পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

 

মূলধন আৰু বনুৱা সম্পৰ্কে

 

 ১৮৬১ চনৰ ডিসেম্বৰমাহত কংগ্ৰেছলৈ দিয়া প্ৰথম বছৰেকীয়া বাণী প্ৰসঙ্গত লিঙ্কনে যুদ্ধৰ বাহিৰেও জাতিৰ মঙ্গল সংক্ৰান্ত ভালেমান বিষয়ৰ পৰ্য্যালোচনা কৰে। ইয়াৰে এটা হ’ল মূলধন আৰু বনুৱাৰ সম্পৰ্ক।

 

 ...বনুৱাৰ স্থান মূলধনৰ আগত আৰু ই মূলধনৰ পৰা স্বতন্ত্ৰ। মূলধন অকল্ শ্ৰমৰ ফলতহে ওপজে আৰু যদি বনুৱা প্ৰথমতে নেথাকিলেহেঁতেন তেনেহলে মূলধনো কাহানিও সৃষ্টি নহলহেঁতেন। বনুৱা মূলধনতকৈ শ্ৰেষ্ঠ আৰু এই বিষয়ত বেছি ধিয়ান দিব লাগে। মূলধনৰ নিজস্ব অধিকাৰ আছে আৰু আনবোৰ অধিকাৰৰ দৰে সেইবোৰৰো ৰক্ষণাবেক্ষণ কৰিব লাগে। এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে বনুৱা আৰু মূলধনৰ মাজতে পাৰস্পৰিক কল্যাণপ্ৰসূত এটা বিশেষ সম্পৰ্ক আছে আৰু বোধ হয় সদায় এই সম্পৰ্ক চলি থাকিব। এইদৰে ধৰি লোৱাটোহে প্ৰকৃততে ভুল যে এই সম্পৰ্কৰ পৰিধিৰ ভিতৰতেই সমগ্ৰ বনুৱা সম্প্ৰদায়ৰ অস্তিত্ব নিৰ্ভৰ কৰে। মুষ্টিমেয় লোকৰহে মূলধন আছে আৰু তেওঁলোকে পৰিশ্ৰম কৰিবলৈ নিবিচাৰে। তেওঁলোকৰ মূলধনেৰে আন কিছুমান মুষ্টিমেয় শ্ৰমিক ভাড়া কৰি অথবা কিনি তেওঁলোকৰ হকে কাম কৰোৱাবলৈ যত্ন কৰে। কিন্তু বেছিৰ ভাগ মানুহেই এই দুই শ্ৰেণীৰ কোনোটোতে নপৰে— লোকৰ কাৰণে খাটিও নিদিয়ে আৰু আনকো নিজৰ কামত নখটুৱায়। দক্ষিণ অঞ্চলৰ ৰাজ্যসমূহত বৰ্ণনিৰ্বিশেষে বেছিৰ ভাগ মানুহ দাসও নহয় আৰু প্ৰভুও নহয়। আনহাতে উত্তৰ অঞ্চলৰ সৰহভাগ লোক ভাড়াও নকৰে আৰু ভাড়ালৈও নেযায়। সকলোবোৰ মানুহে তেওঁলোকৰ ঘৈণীয়েক, লৰাছোৱালী আদি কৰি সপৰিয়ালে নিজৰ কাৰণেই তেওঁলোকৰ খেতিপথাৰত, ঘৰত আৰু দোকান পোহাৰত কাম কৰে আৰু তাৰ ফলভোগও তেওঁলোকে নিজেই কৰে। এহাতে তেওঁলোকে যেনেকৈ মূলধনৰ আশা নকৰে আনহাতে তেনেকৈ শ্ৰমিক বা দাসৰো মুখাপেক্ষী নহয়। এই কথা আত্তকান কৰা নাই যে, যথেষ্ট সংখ্যক মানুহে তেওঁলোকৰ শ্ৰম আৰু মূলধনৰ মিলন ঘটায়। অৰ্থাৎ তেওঁলোকে নিজেও কাম কৰে আনকো ভাড়া কৰি আনি কামত খটুৱায়। কিন্তু সেইটোক নতুন শ্ৰেণী এটা বুলি ধৰি লব নোৱাৰি— দুটাৰ মিলনহে। এই মিশ্ৰিত শ্ৰেণীটোৰ অস্তিত্বৰ কাৰণে কোনো নীতিৰেই লঙ্ঘন হোৱা নাই।

 আকৌ, আগতেই কোৱা হৈছে যে দৰাচলতে স্বাধীন ভেৰণীয়া বনুৱা বুলি মানুহৰ জীৱনত কোনো স্তৰ নাই। এই ৰাজ্যসমূহত বহুত ঠাইত বহুত স্বাধীন মানুহে কেবছৰমান আগতেই ভেৰনীয়া বনুৱা হিচাবে কাম কৰিছিল। পৃথিবীৰ প্ৰত্যেক ৰিক্তহস্ত আৰু বুদ্ধিমান মানুহেই কিছুদিনৰ কাৰণে বানচলৈ কাম কৰে, তাৰে অলপ সাঁচে আৰু সেই ধনেৰে নিজাকৈ আহিলা-পাতি আৰু মাটি কিনি লয়। তাৰ পিছত তেওঁ নিজৰ মাটিত আৰু কিছুদিন কাম
৪২