পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী


 আপোনালোক নিজৰ পৰিয়ালবৰ্গ আৰু বন্ধুবান্ধৱ সকলৰ লগত দেখা কৰিবলৈ যাবলৈ ওলাইছে বুলি অনুমান কৰোঁ। আমি সম্প্ৰতি যি বিৰাট সংগ্ৰামত লিপ্ত হৈছোঁ তাত আপোনালোকে যিখিনি সহায় কৰিছে তাৰ কাৰণে মই মোৰ দেশৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ। সৈলিকসকলৰ আগত মই যেতিয়া কিবা কথা কওঁ তেতিয়া তেওঁলোকক আমাৰ বৰ্ত্তমান যুদ্ধত সাফল্যৰ গুৰুত্ব সম্পৰ্কে উপলব্ধি কৰাবলৈ মোৰ ইচ্ছা হয়। অকল বৰ্ত্তমানৰ কাৰণে নহয়, ভবিষ্যতৰ কাৰণেও আমি আমাৰ জীৱনত যি মহান্ আৰু স্বাধীন চৰকাৰ পাইছোঁ তাক আমাৰ লৰাছোৱালী, নাতি-পুতি সকলৰ কাৰণে স্থায়ী কৰি ৰাখিব লাগে। আপোনালোকে এই কথা অকল মোৰ কাৰণেই নহয়— আপোনালোকৰ নিজৰ কাৰণেও মনত ৰাখিব। মই এই বিশাল হোৱাইট হাউচটো অস্থায়ীভাবে অধিকাৰ কৰি আছোঁ। মই এটা জীৱন্ত প্ৰমাণ যে মোৰ দেউতাৰ লৰাৰ দৰে আপোনালোকৰো লৰাছোৱালীয়ে ইয়াত আহিবলৈ আশা কৰিব পাৰে। এইটো সঠিক কথা যে আমি যি স্বাধীন চৰকাৰৰ সুবিধা পাইছোঁ সেই চৰকাৰৰ জৰিয়তে আপোনালোকৰ প্ৰত্যেকে শিল্প, উদ্যোগ আৰু বুদ্ধি খটোৱাৰ এটি অবাধ আৰু ন্যায়সঙ্গত সুযোগ পাব; আপোনালোকে মানসম্মত উচ্চাকাঙ্খাৰে জীৱনৰ প্ৰতিযোগিতাত সমান সুযোগ পাব। উদ্দেশ্য বা লক্ষ্য সাধনৰ অৰ্থে এবছৰ নহয়, দুইতিনিবছৰো যুদ্ধ কৰিব লগা হব পাৰে— যাতে আমি আমাৰ জন্মগত অধিকাৰ হেৰুৱাবলগা নহয়। এনেকুৱা অমূল্য সম্পদ লাভৰ অৰ্থে যুদ্ধ কৰাটো জাতিৰ পক্ষে লাভজনক।

 

অদৃশ্য শক্তি

 

 ১৮৬৪ চনৰ চেপ্টেম্বৰ মাহত বন্ধু এজনলৈ লিখা চিঠি এখনত যুদ্ধ-পৰীক্ষাৰ মাজেদি মনত যি বিশ্বাস উপজিছিল তাক প্ৰকাশ কৰে।

 
“এক্সিকিউটিভ্ মেন্‌‌চন্”
ৱাশ্বিংটন, ৪ চেপ্টেম্বৰ, ১৮৬৪ চন

এলিজা পি গাৰ্ণীলৈ:
মাননীয় বন্ধুবৰ,

 দুবছৰ আগতে এদিনাখন দেওবাৰে দুপৰীয়া আপুনি আৰু আপোনাৰ বন্ধুসকল মোৰ ইয়ালৈ অহাৰ কথাটো মই পাহৰা নাই আৰু বোধ কৰোঁ কেতিয়াও নেপাহৰোঁ। প্ৰায় এবছৰ পিছত লিখা চিঠিখনৰ কথাও মই পাহৰা নাই। মুঠতে কবলৈ গলে ভগবানৰ ওপৰত মোৰ আস্থা বঢ়োৱাটোৱেই আপোনালোকৰ উদ্দেশ্য। দেশৰ সজ্জন খৃষ্টান ৰাইজৰ ওচৰত
৫২