পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

৮২ বছৰ ধৰি আমি হাত সাৱটি বহি আছিলোঁ বুলি বিশ্বাস কৰো। দাসপ্ৰথা বিলোপৰ যি কোনো সমৰ্থনকাৰীৰ দৰে মই এই কথা ঘিণাও। মই এজন পূৰনি হুইগ পন্থী। মই সদায় দাসপ্ৰথা ঘিণাই আহিছোঁ‌। কিন্তু ‘নেব্ৰাস্কা বিল’ প্ৰৱবৰ্ত্তনৰ পিছত নতুন যুগৰ সূচনা হোৱালৈকে মই মনে মনে আছিলোঁ। মই সদায় বিশ্বাস কৰোঁ‌ প্ৰত্যেকেই এই প্ৰথাৰ বিৰোধী আৰু শেহত গৈ এই প্ৰথা বিলোপ হবই। জাতিৰ সৰহভাগ লোকেই এদিন যে দাসপ্ৰথা বিলোপ হব তাকেই বিশ্বাস কৰি নিশ্চিন্ত আছিল। তেনেকৈ বিশ্বাস কৰাৰ কাৰণো আছে।

 সংবিধান গ্ৰহণ আৰু ইয়াৰ পিছৰ বুৰঞ্জীয়ে ৰাইজৰ মনত এই বিশ্বাস সুমুৱাই দিছে আৰু সংবিধান ৰচোঁ‌তা সকলোৱে তেনেকুৱাই বিশ্বাস কৰিছিল। সংবিধান গ্ৰহণৰ সময়ত প্ৰবীণ লোকসকলে নো এই দৰে ৰায় দিছিল কেলেই যে যিবোৰ নতুন অঞ্চলত দাসপ্ৰথাৰ প্ৰচলন নাই সেইবোৰ অঞ্চলত দাসপ্ৰথা প্ৰৱৰ্ত্তিত হব নেলাগে। কেলেইনো ঘোষণা কৰা হৈছিল যে দাসৰ যোগানবাহী আফ্ৰিকান দাসব্যৱসায়ক ২০ বছৰৰ ভিতৰতে কংগ্ৰেছে নিশ্চিহ্ন কৰি দিব পাৰে? এইবোৰ আইন প্ৰণয়ণৰ কাৰণ কি? মই তেনে ধৰণৰ বহুত আইনৰ কথা উনুকিয়াব পাৰোঁ, কিন্তু বোধ কৰো এয়েই যথেষ্ট। এইবোৰেই স্পষ্ট আভাষ দিয়ে যে সংবিধান ৰচোঁ‌তা সকলে দাসপ্ৰথা বিলোপেই কামনা কৰিছিল। ময়ো এতিয়া ইয়াকেই কওঁ যে দাসপ্ৰথাৰ দাসপ্ৰথাৰ বিৰোধী সকলে ইয়াৰ সম্প্ৰসাৰণত বাধা দিব লাগে আৰু ৰাইজৰ মনত এনেকৈ আস্থা জন্মাব লাগে যে এদিন গৈ দাসপ্ৰথা বিলোপ হব। বিচাৰপতি ডগলাচে মোৰ কথাখিনিকে উদ্ধৃত কৰিছে। এই চৰকাৰ প্ৰতিষ্ঠাতা সকলে এই কথাটো যি দৰে ব্যাখ্যা কৰিছিল মোৰ কথাৰো ব্যাখ্যা সেইদৰে দয়ো হব বুলি মই আশা কৰোঁ।

 

দাসপ্ৰথা সম্পৰ্কে এটি বিখ্যাত উক্তি

 

 যেতিয়াই কোনো কথা লিঙ্কনৰ মনলৈ আহিছিল তেতিয়াই তেওঁ কাগজত টুকি ৰাখিছিল আৰু এইবোৰ টোকা সযত্নে ৰখা হৈছিল। এনে এটা টোকা যিটো বেছিকৈ উদ্ধত কৰা হয় সেইটো ১৮৫৮ চনৰ আগষ্ট মাহত লিখা হৈছিল বুলি অনুমান হয়।

 

 যিহেতু মই দাস নহম্ সেই কাৰণে মই প্ৰভুও নহম। মই গণতন্ত্ৰৰ অৰ্থ মই যি বুজোঁ এই কথাষাৰেই তাক প্ৰকাশ কৰিছে। এই মতৰ লগত যিটোৰ অনৈক্য সেই অনৈক্যখিনিলৈকে সেইটো গণতন্ত্ৰ নহয়।

এ. লিঙ্কন।

 


২৪