পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

ঠাইত উইচ্‌কন্‌চিন্ ৰাজ্যিক কৃষি সমিতিত তেওঁ বছৰেকীয়া ভাষণ দিয়ে। কৃষি শিক্ষাৰ অগ্ৰগতিৰ বহুবছৰ আগতেই তেওঁ সেই শিক্ষাৰ আৱশ্যকতা আৰু তাৰ প্ৰসাৰ সম্ভৱ বুলি ভাবিছিল। ইয়াত উদ্ধত ভাষণৰ পৰা সেইভাৱৰেই ওৰিচয় পোৱা যায়।

 

 ......শাৰীৰিক পৰিশ্ৰম আৰু মানসিক চিন্তাৰ লাভজনক আৰু মনোৰম মিলন কৃষিৰ বাহিৰে আন কোনো কামতেই দেখা নেযায়। যি কোনো নতুন আৰু মূল্যবান্ বস্তু আবিষ্কাৰ কৰাত যিমান আনন্দ পোৱা যায় সিমান আনন্দ আন কোনো কামত পোৱা যায় বুলি মই নেজানো। আৰু এনে আবিষ্কাৰৰ কাৰণে যি প্ৰচেষ্টা সেয়ে পৰিশ্ৰম লাঘৱ আৰু মধুৰ কৰি তোলে। আৰু এই কৃষিয়েই তেনে বিচিত্ৰ আবিষ্কাৰৰ কাৰণে সুবৃহৎ ক্ষেত্ৰ। গাৱঁলীয়া বা চহৰীয়া শিক্ষাৰ সাঁচেৰে গঢ়া মনে ইয়াক হিতকৰ আনন্দৰ অফুৰন্ত উৎস বুলি ধৰি লবলৈ অসমৰ্থ নহয়। প্ৰতি পাহি ঘাঁহেই অধ্যয়নৰ বিষয়। এপাহি ঘাঁ‌হক দুপাহি কৰিব পৰাটো হিতকৰ আৰু নিৰ্ম্মল আনন্দদায়ক। কেৱল ঘাঁহেই নহয়, মাটি, বীজ, ঋতু, বেৰ, খাল, হেঙাৰ জলসিঞ্চন, হালবোৱা, মৈ দিয়া, বনবছা, শস্যকটা, মৰনীমৰা, শস্যবোৰক নানা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰা, শস্যৰ বেমাৰ আৰু তাৰ প্ৰতিকাৰৰ উপায়, হালৰ আহিলা-পাতি, বাচন-বৰ্ত্তন আৰু যন্ত্ৰ আৰু তাৰ উন্নতি বিধান, গাহৰি ঘোৰা, গৰু, ভেৰা, ছাগলী আৰু হাঁহকুকুৰা, গছ-গছনি, ফলফুল আৰু তেনেকুৱা হেজাৰ হেজাৰ বস্তুৰ প্ৰতিটোৱেই একোটা অধ্যয়নৰ বিষয়।

 এই সকলোবোৰ বিষয়তেই পুথিগত বিদ্যাৰ অভাৱ নাই। কিতাপ পঢ়াৰ নিচা আৰু ক্ষমতাৰ দ্বাৰা আনে ইতিমধ্যে আবিষ্কাৰ কৰা বস্তুবোৰৰ বিষয়ে জানিব পৰা যায়। ইতিমধ্যে সমাধান কৰা সমস্যাবোৰ জানিবলৈ হলে এইটোৱেই হল চাবিকাঠি। কেৱল এয়েই নহয় ইয়ে এতিয়াও অমীমাংসিত অৱস্থাত থকা বহুতো সমস্যাৰ সমাধানত সহায় কৰে। বিজ্ঞানৰ মূল্যবান মূলসূত্ৰবোৰৰ বিষয়ে জ্ঞান বিশেষে কাৰ্য্যকৰী হয়। উদ্ভিদবিজ্ঞানৰ বিষয়ে জানিলে শাক-পাছলী আৰু আন আন শস্যৰ বিষয়ে চিন্তাকৰাত সহায় হয়। ৰসায়ন বিদ্যাত জ্ঞান থাকিলে মাটি বিশ্লেষণ কৰাত, সাৰ বাচি লোৱাত আৰু দিয়াত আৰু তেনেকুৱা নানা বিষয়ত সহায় হয়। প্ৰাকৃতিক দৰ্শনৰ যন্ত্ৰবিজ্ঞানৰ ফালটোৱে সকলো সময়তে আৰু বিশেষকৈ আহিলা-পাতি আৰু যন্ত্ৰৰ বিষয়ে সহায় কৰে।

 এইটো সততে মন কৰিবলগীয়া কথা যে শিক্ষা— পৰিণত চিন্তাধাৰা আৰু কৃষিজীৱি সকলৰ অক্লান্ত পৰিশ্ৰমৰ মিলনৰ ভিত্তি হব লাগিব সম্পূৰ্ণ নিখুঁ‌ত। অসাৱধান, অমনোযোগী আৰু আধৰুৱা কামৰ সৈতে জ্ঞানৰ কেতিয়াও মিলন সম্ভৱ নহয়। নিখুঁতভাবে কাম কৰিবলৈ হলে অকনমানি এডোখৰ মাটিয়েই প্ৰত্যেকৰ কাৰণে যথেষ্ট। এই কথা এনেখন বিশ্বৰ ঘটনাপ্ৰবাহৰ লগত ৰজিতা খায়— যিখন বিশ্বত আগৰ তুলনাত যুদ্ধৰ হাবিয়াহ কম আৰু শান্তিৰ
২৮