পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম জীৱনেৰ কথা

 

প্ৰথম ৰাজহুৱা বিবৃতি

 

 লিঙ্কনে ইলিনয়চ্ সাধাৰণ পৰিষদৰ এটি আসনৰ প্ৰাৰ্থী হৈ দিয়া বিবৃতিটোৰেই তেওঁৰ প্ৰথম ৰাজহুৱা বিবৃতি বুলি জনাজাত। তেওঁ এই বিবৃতি দিছিল ১৮৩২ চনত; তেতিয়া তেওঁৰ বয়স মাথোন ২৩ বছৰ। স্থানীয় আইন সম্পৰ্কে তেওঁৰ অভিমতৰ বিতং বিবৰণী বাদ দি বিবৃতিৰ বাকী অংশ ইয়াত তুলি দিয়া হ’ল। ইয়াৰ পৰা সেই সময়ত তেওঁৰ ৰাপ আৰু মনোবৃত্তিৰ পৰিচয় পোৱা যায়।

 

ৰাইজসকল,

 এই ৰাজ্যৰ অহা সাধাৰণ পৰিষদত আপোনালোকৰ এগৰাকী প্ৰতিনিধিৰ সম্মানিত আসনৰ কাৰণে মই প্ৰাৰ্থী হিচাবে থিয় হৈছোঁ। গতিকে চিৰাচৰিত প্ৰথা আৰু প্ৰকৃত গণৰাজ্যিক নীতি অনুসৰি আপোনালোকৰ আগত— যিসকল ৰাইজৰ হৈ মই প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰিছোঁ— স্থানীয় বিষয় সম্পৰ্কত মোৰ মনোভাব ব্যক্ত কৰা মোৰ কৰ্ত্তব্য বুলি বিবেচনা কৰোঁ।

 বহুযুগৰ অভিজ্ঞতাই আভ্যন্তৰীণ উন্নয়নৰ ৰাজহুৱা সাৰ্থকতা প্ৰমাণিত কৰিছে। এই কথা কোনেও অস্বীকাৰ নকৰিব যে, অতিকৈ দুখীয়া আৰু জনসংখ্যা-বিৰল দেশবোৰো ভাল আলিবাট নিৰ্মাণ আৰু নৌপথ মুকলি কৰাৰ ফলত বৰকৈ লাভবান হব। কিন্তু সেইবুলি এইবোৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিব পৰা সম্ভৱ হয় নে নহয়, তাৰ গম নোলোৱাকৈ তেনেবোৰ কামত হাত দিয়াটো ভুল হব, কিয়নো আধৰুৱা কাম সাধাৰণতে ব্যৰ্থশ্ৰম বুলিয়েই প্ৰমাণিত হয়......।

 শিক্ষাসম্পৰ্কত মোৰ নিজৰ কোন আচনি অথবা পদ্ধতি মই জাপি দিবলৈ খোজা নাই। মই অকল ইয়াকেই কব খোজোঁ যে, এইটো ৰাইজৰ পক্ষে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়ত মনোযোগ দিয়াটো এটা জাতীয় কৰ্ত্তব্য বুলি মই অভিমত পোষণ কৰোঁ। প্ৰতি গৰাকী নাগৰিকে অন্ততঃ নিজৰ আৰু আনদেশৰ বুৰঞ্জী পঢ়িব পৰাকৈ শিক্ষালাভ কৰিব লাগে যাতে তেওঁ আমাৰ স্বাধীন প্ৰতিষ্ঠানবোৰৰ মূল্য যথাৰ্থভাবে উপলব্ধি কৰিব পাৰে। ধৰ্মীয় আৰু নৈতিক বিষয়ৰ আন আন কিতাপ পঢ়ি লাভ কৰা সুযোগ-সুবিধা আৰু

তৃপ্তিৰ কথা এৰি দিলেও অকল উপৰোক্ত কাৰণতেই শিক্ষাৰ গুৰুত্ব প্ৰতিপন্ন হয়। মই এনে