পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লক্ষ্য। অকল মাৰ্কিন যুক্তৰাষ্ট্ৰৰেই নহয়, লগতে সমগ্ৰ বিশ্বৰেই অগনণ ভাবী বংশধৰসকলে যে তেওঁৰ ভাষণবোৰ পঢ়িব আৰু অনুশীলন কৰিব আৰু সেইবোৰ লৈ দকৈ চিন্তা কৰিব সেই কথা এই সৰল মানুহ গৰাকীৰ মনলৈ অহা নাছিল। মাথোঁ কেই বছৰমান আগতে তেওঁ বন্ধু এজনলৈ এইদৰে লিখিছিল—

 “মই সৰল সহজভাৱে এই কথা কবই লাগিব যে মই প্ৰেচিডেণ্ট পদৰ কাৰণে নিজকে উপযুক্ত বুলি বিবেচনা নকৰোঁ।”

 কিন্তু আজি লিঙ্কন ইহলোকৰ পৰা বিদায় লোৱাৰ প্ৰায় এশবছৰ হল আৰু এই সময়ছোৱাৰ ভিতৰত অকল প্ৰেচিডেণ্ট হৈ থকা সময়তেই নহয় জীৱনৰ আন সময়তো তেওঁ যিবোৰ কথা কৈছিল বা লিখিছিল সেইবোৰ অতি আগ্ৰহেৰে সংগ্ৰহ কৰা হৈছে, যতনেৰে সংৰক্ষণ কৰা হৈছে, প্ৰকাশ কৰা হৈছে আৰু পুনঃপ্ৰকাশ কৰা হৈছে। কাৰ্ল চেণ্ডবাৰ্গ নামৰ তেওঁৰ এগৰাকী প্ৰসিদ্ধ জীৱনী-লিখোঁতাই আঙুলিয়াই দিছে যে, লিঙ্কনৰ ছপা হৈ ওলোৱা ভাষণ আৰু ৰচনাৱলীৰ শব্দৰ সংখ্যা সম্প্ৰতি মুঠ ১,০৭৮,৩৬৫টা হব।

 লিঙ্কচৰ ভাষণ আৰু ৰচনাণাৱলী মাৰ্কিন ৰাইজৰ মহান্ ঐতিহ্য সমৃদ্ধ কৰি তুলিছে। তেওঁৰ দেড়শ বছৰীয়া জন্মদিবস উপলক্ষ্যে যুগুত কৰা এই পুস্তিকাখনিত ইয়াৰে নিৰ্ব্বাচিত কেইটিমান ৰচনা উদ্ধত কৰি দিয়া হল।

 লিঙ্কনৰ সম্পূৰ্ণ ৰচনাৱলীৰ বিশিষ্ট সম্পাদক ৰয় পি বেছলাৰৰ ভাষাত কবলৈ গলে— “ইয়াত প্ৰকাশ পাইছে মহান্ অন্তৰৰ বৈশিষ্ট্য য’ৰ পৰা তেওঁ আদৰ্শত অটল অচল, থাকিবলৈ, কৰ্ত্তব্যত ন্যায় পৰায়ণ হবলৈ আৰু ভাষণত মাধুৰ্য্য দিয়াৰ প্ৰেৰণা পাইছে। তেওঁৰ বিবেকত আছিল নবযুগ সৃষ্টিৰ প্ৰেৰণা আৰু তেওঁতেই এতিয়াও মূৰ্ত্ত হৈছে উনবিংশ শতাব্দীৰ আমেৰিকা। লিঙ্কনৰ আন্তৰিক দেশাত্মবোধৰ কথাত যেনেকৈ সন্দেহৰ অৱকাশ নাই আৰু তাৰ প্ৰকাশভঙ্গীও যেনেকৈ অননুকৰণীয়, তেনেকৈ তেওঁৰ মুখনিঃসৃত কথাবোৰো তেওঁৰ যুগৰ স্থায়ী প্ৰতিভূ হিচাবে বৰ্ত্তমান থাকিব। এইদৰে আমি তেওঁক যিমানেই দকৈ অনুশীলন কৰোঁ তিমানেই পৌৰাণিক চৰিত্ৰৰ দৰে তেওঁক মানুহতকৈ এধাপ ওপৰত আসন দিবলৈ বিচাৰোঁ। ব্যক্তিগত নাগৰিক আৰু প্ৰেচিডেণ্ট হিচাবে তেওঁৰ কীৰ্ত্তিসমূহৰ ঘটনাগত তাৎপৰ্য্য সময়ৰ সোঁতত বিলীন হৈ যাব পাৰে, কিন্তু তেওঁৰ ভাষণ সমূহৰ চিৰন্তন সত্য আমি সদায় উপলব্ধি কৰি থাকিম।”

দ্ৰঃ ওপৰত মিঃ ৰয় পি বেছলাৰৰ উদ্ধৃত কথাখিনি ‘এব্ৰাহাম লিঙ্কন: তেওঁৰ ভাষণ আৰু ৰচনাৱলী’— কিতাপখনিৰ পাতনিৰ পৰা তুলি দিয়া হৈছে। কিতাপখন মিঃ বেছলাৰৰ দ্বাৰা সম্পাদিত আৰু ‘দি ৱাৰ্ল্ড পাব্লিশিং কোম্পানী’ৰ দ্বাৰা প্ৰকাশিত। আৰু তেওঁলাকৰ অনুমোদন ক্ৰমে ইয়াত পুনমুদ্ৰন কৰা হৈছে। (চি) ১৯৪৬, “দি ৱাৰ্ল্ড পাব্লিশ্বিং কোম্পানী”।