পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্য্যকাল

মই তেওঁলোকৰ প্ৰাৰ্থনা আৰু সান্ত্বনাৰ কাৰণে যথেষ্ট ঋণী। তেওঁলোকতকৈ আপোনাৰ ওচৰত বেছি ঋণী। আমি মৰণশীল নৰগণে ৺ৰ ইচ্ছা আগধৰি সঠিকভাবে ধৰিব নোৱাৰিব পাৰোঁ। কিন্তু সৰ্ব্বশক্তিমান ভগবানৰ উদ্দেশ্য বিশুদ্ধ আৰু সি সাধিত হবই। এই প্ৰলয়ঙ্কৰ যুদ্ধৰ ভালেদিন আগতেই শুভ অৱসান হব বুলি আমি আশা কৰিছিলোঁ, কিন্তু ভগবানৰ অভিপ্ৰায় ভগবানেহে জানে আৰু এই অভিপ্ৰায় আমাৰ অভিপ্ৰায়ৰ লগত মিলা নাই। তথাপিও পৰমপিতাৰ সূক্ষ্মবিচাৰ আৰু আমাৰ নিজৰ ভুল স্বীকাৰ কৰিম। ইতিমধ্যে আমি কৃপাময়ৰ কৃপা অনুসৰি ঐকান্তিকভাবে কাম কৰি কাবই লাগিব— কাম কৰোঁতে এইদৰে বিশ্বাস কৰিম যে দয়াময়ৰ নিৰ্দ্দেশত কিবা এটি মহান্ উদ্দেশ্য সাধনৰ অৰ্থে মি কাম কৰি গৈছোঁ। নিশ্চয় কৃপাসিন্ধুই এই প্ৰৱল আন্দোলনৰ পৰা কিবা এটি মহান সুফল দিবলৈ বিচাৰিছে, আমি অধম সন্তানসকলে তাক ৰোধ কৰিব নোৱাৰোঁ।

 এই দেশৰ ৰাইজ আপোনাৰ বন্ধুবৰ্গই— এটা বিৰাট পৰীক্ষাৰ সম্মুখীন হৈছে। নীতিগত আৰু বিশ্বাসগত ভাবে তেওঁলোক যুদ্ধ আৰু উৎপীড়নৰ বিৰোধী। এতিয়া তেওঁলোকে প্ৰকৃততে অকল যুদ্ধৰ দ্বাৰাহে উৎপীড়নৰ প্ৰতিৰোধ কৰিব পাৰে। এই উভয় সঙ্কটত কিছুমানে এফালে গৈছে কিছুমানে আনফালে গৈছে। যি সকলে মোৰ বিবেকৰ দোহাই দি আহ্বান জনাইছে তেওঁলোকৰ কাৰণে মই আইনতঃ গ্ৰহণ কৰা শপথ অনুসৰি মোৰ বিবেকসম্মত কৰিবলগীয়া কামখিনি মই যথাসাধ্যে চেষ্টা কৰিছোঁ আৰু আগলৈকো কৰি থাকিম। আপোনালোকে এই কথা বিশ্বাস কৰে, মোৰ তাত অকনো সন্দেহ নাই। আৰু তাকে বিশ্বাস কৰি আমাৰ দেশৰ হকে আৰু মোৰ হকে পৰমপিতাৰ ওচৰত আপোনালোকৰ ঐকান্তিক প্ৰাৰ্থনা মই এতিয়াও লাভ কৰিম।

আপোনাৰ ঐকান্তিক বন্ধু
এ, লিঙ্কন।
 

অবাধ নিৰ্ব্বাচন

 

 ১৮৬৪ চনৰ নবেম্বৰ মাহত এখন সান্ধ্য-সঙ্গীত সভাত লিঙ্কনে তেওঁৰ পুনৰ নিৰ্ব্বাচন সম্পৰ্কে ব্যাখ্যা কৰে।

 

 ৰাইজৰ স্বাধীনতা ৰক্ষাৰ কাৰণে যথেষ্ট শক্তি নেথাকিলে কোনোবা চৰকাৰে বিৰাট জৰুৰীকালীন অৱস্থাত নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ যথেষ্ট শক্তিশালী হয়নে নহয়, বহুদিনৰ পৰা এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আহিছে।

 এই প্ৰশ্নসম্পৰ্কত আমাৰ গণৰাজ্যই বৰ্ত্তমান বিদ্ৰোহৰ এটা প্ৰৱল পৰীক্ষাৰ সম্মুখীন হৈছে। আৰু বিদ্ৰোহৰ সময়ত স্বাভাৱিক পদ্ধতিত প্ৰেচিডেণ্টৰ নিৰ্ব্বাচন বৰ সাধাৰণ কথা নহয়। বিদ্ৰোহৰ বিৰুদ্ধে আমাৰ অনুগত ৰাইজ সঙ্ঘবদ্ধ হৈ সৰ্ব্বশক্তি প্ৰয়োগ কৰিছে

৫৩