পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্য্যকাল

 

স্বাধীনতা সম্পৰ্কীয় অভিমত

 

 ১৮৬৪ চনৰ এপ্ৰিলমাহত বাল্টিমোৰৰ চাফ্‌চিকোণতা সম্পৰ্কীয় প্ৰদৰ্শনীত লিঙ্কনে যি ভাষণ দিছিল সেই ভাষণৰ উদ্ধত অংশটিত তেওঁ কিভাবে স্পষ্টৰূপে ৰূপক অলঙ্কাৰ ব্যৱহাৰ কৰিছিল তাৰ পৰিচয় পোৱা যায়।

 

 ‘স্বাধীনতা’ শব্দটিৰ ভাল সংজ্ঞা পৃথিবীত এতিয়াও পোৱা নেয়ায় আৰু সম্প্ৰতি মাৰ্কিন ৰাইজৰ ভাল সংজ্ঞা এটি প্ৰয়োজন হৈছে। আমি সকলোৰে স্বাধীনতাৰ কথা ঘোষণা কৰোঁ, কিন্তু সেই একে শব্দ ব্যৱহাৰ কৰোঁতে আমি একে অৰ্থকে নুবুজাওঁ। কিছুমানৰ ক্ষেত্ৰত স্বাধীনতাৰ অৰ্থহল প্ৰতিজন লোকে নিজৰ পছন্দ বা ইচ্ছা অনুসৰি কাম কৰা আৰু সেই কামৰ পৰা পোৱা ফলাফল। আনহাতে কিছুমানে ইয়াৰ অৰ্থ এই বুলি ধৰি লয় যে তেওঁলোকে আনৰ হতুৱাই যিমান ইচ্ছা কাম কৰিব পাৰে আৰু আনলোকৰ শ্ৰমৰ ফল্ ভোগ কৰিব পাৰে। এই দুটা অৰ্থ অকল পৃথকেই নহয়, এটৰে লগত আনটো ৰজিতাও নেখায়। অথচ্ দুয়োটা ক্ষেত্ৰতেই ‘স্বাধীনতা’ শব্দটো ব্যৱহাৰ কৰা হৈছে। আৰু ইয়াক এইদৰে ব্যাখ্যা কৰিব পাৰি যে সংশ্লিষ্ট দলে একেটা কথাকে স্বাধীনতা অথবা অত্যাচাৰ বুলি অভিহিত কৰিব পাৰে, যদিও দুটা শব্দৰেই অৰ্থ তেনেই বিপৰীত।

 ভেড়াৰখীয়াই কুকুৰনেচীয়া বাঘক খেদি দি ভেড়াৰ প্ৰাণ ৰক্ষা কৰে আৰু সেইবাবে ভেড়াই ৰখীয়াক মুক্তিদাতা বুলি ধন্যবাদ দিয়ে। আনহাতে বাঘে ভেড়াৰখীয়াক সেই একে কামৰ কাৰণে স্বাধীনতা ধ্বংসকাৰী বুলি গৰহিনা দিয়ে বিশেষকৈ ভেড়াৰ গাৰবৰণ যদি ক’লা হয়। সাধাৰণ কথাত কবলৈ গলে ভেড়া আৰু বাঘে স্বাধীনতা শব্দৰ সংজ্ঞাত একমত নহয়; আৰু সংক্ষেপে কবলৈ গলে আমাৰ বৰ্ত্তমান মানৱ সমাজ তো আন কি উত্তৰ অঞ্চলতো আৰু স্বাধীনতাপ্ৰেমিক বুলি প্ৰচাৰকাৰী সকলৰ মাজত অনুৰূপ মতানৈক্যই চলি আছে। গতিকে আমি এনে এটা ব্যৱস্থা দেখিবলৈ পাইছোঁ যি ব্যৱস্থাত হেজাৰ হেজাৰ লোক দাসত্বৰ শিকলিৰ পৰা মুক্তি পাইছে আৰু কিছুমানে ইয়াক স্বাধীনতাৰ অগ্ৰগতি বুলি অভিহিত কৰিছে, কিছুমানে আকৌ স্বাধীনতাৰ বিনাশ হল বুলি চকুলো টুকিছে।

 

ৰণত অভিজ্ঞসকললৈ উপদেশ

 

 ১৮৬৪ চনৰ মাজভাগতমানত যুদ্ধৰ গতি ইউনিয়নৰ অনুকূলে ঢাল লয় আৰু লিঙ্কনক প্ৰেচিডেণ্ট পদৰ কাৰণে পুনৰ মনোনীত কৰা হয়। সেই বছৰে আগষ্ট মাহত চাকৰীৰ পৰা অৱসৰ লবলগীয়া ৰণত অভিজ্ঞ সেনাদল এটাৰ আগত এটি চমুভাষণ দিয়ে।

 

৫১