পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্যকাল


 ৱাশ্বিংটন চহৰত ১৮৬৩ খৃষ্টাব্দৰ অক্টোবৰৰ ৩ তাৰিখে আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভৰ ৮৮ তম্ বছৰত মই এই ঘোষণা-পত্ৰত স্বাক্ষৰ কৰিলোঁ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিলমোহৰ লগালোঁ।

এব্ৰাহাম্ লিঙ্কন 

 

গেটীচবাৰ্গ ভাষণ

 

 ১৮৬৩ চনৰ ১৯ নবেম্বৰৰ দিন এটা কবৰৰ উছৰ্গা উপলক্ষে অনুষ্ঠান এটাত যোগদান কৰিবলৈ লিঙ্কনে পেন্‌চিলভেনিয়াৰ গেটীচ্‌বাৰ্গলৈ যায়। সেই সময়ৰ প্ৰসিদ্ধ বক্তা এডৱাৰ্ড এভাৰেটে মুখ্য ভাষণ দিয়াৰ কথা আছিল; কিন্তু প্ৰেচিডেণ্টকো কেইটিমান কথা কবলৈ অনুৰোধ জনোৱা হয়। এই কথা কেইটিয়ে বুৰঞ্জীত “গেটীচ্‌বাৰ্গ ভাষণ” বুলি জনাজাত।

 

 ৮৭ বছৰ আগত আমাৰ পূৰ্ব্বপুৰুষসকলে এই মহাদেশত এটা নতুন জাতিৰ সৃষ্টি কৰিলে। এই জাতিটোৰ ভিত্তি হল স্বাধীনতা আৰু আদৰ্শ হল সকলো মানুহৰ সমান জন্মগত অধিকাৰ।

 সম্প্ৰতি আমি এখন বিৰাট গৃহযুদ্ধত লিপ্ত হৈছোঁ। এই ভিত্তি আৰু আদৰ্শত প্ৰতিষ্ঠিত আমাৰ জাতিটো অথবা আন যি কোনো জাতি টিকি থাকিব পাৰেনে নোৱাৰে এই গৃহযুদ্ধই তাকেহে প্ৰমাণ কৰিব। আমি গৃহযুদ্ধৰ এখন বিৰাট সমৰক্ষেত্ৰত সমবেত হৈছোঁ, আৰু এই সমৰক্ষেত্ৰৰ এটা অংশক সেই লোকসকলৰ অন্তিমশয্যাৰ কাৰণে উছৰ্গা কৰিবলৈ আহিছোঁ যি সকলে এই জাতিটোক জীয়াই ৰখাৰ কাৰণে প্ৰাণ বিসৰ্জন দিছে। এনে কৰাটো আমাৰ পক্ষে তেনেই সমুচিত।

 কিন্তু বৃহত্তৰ অৰ্থৰ পৰা বিবেচনা কৰিলে আমি ন কৈ এই ভূমি উছৰ্গা কৰিব নোৱাৰোঁ,— পবিত্ৰ কৰিব নোৱাৰোঁ। যিসকল— জীৱস্ত অথবা মৃত সাহসী পুৰুষে ইয়াত যুদ্ধ কৰিছে তেওঁলোকেই এই ভূমিক পবিত্ৰ কৰি তুলিছে। ইয়াক কম বা বেছি পবিত্ৰ কৰাৰ ক্ষমতা আমাৰ নাই।

 আমি ইয়াত যিখিনি কথা কৈছোঁ বিশ্বই তাৰ বৰ কমেই লেখ লব অথবা বেছিদিনলৈ সুঁৱৰি নেথাকিব। কিন্তু আমাৰ সাহসী সৈনিকসকলৰ কীৰ্ত্তি বিশ্বই কাহানিও নেপাহৰে। সৈনিকসকলে যি কাম আগুৱাই থৈ গৈছে তাক সমাপ্ত কৰিবলৈ নিজকে উছৰ্গা কৰাটোহে বৰং

৪৯