পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ভূমিকা

 

 “এই ঠাইত আমি যি কেই-আষাৰ কথা কম, বিশ্ববাসীয়ে তাৰ লেখ নলয় আৰু কোনেও বেছিদিনলৈ মনতো নেৰাখিব।”

 যোৱা ১৮৬৩ চনৰ ১৯ নবেম্বৰৰ দিনা পেন্‌চিল্‌ভেনিয়াৰ গেটীচ্‌বাৰ্গত আব্ৰাহাম লিঙ্কনে এইদৰে অতি বিনম্ৰভাবে ভাষণ দিয়ে। এইটো আছিল তেওঁৰ আন্তৰিক অভিমত। তেওঁৰ কেইষাৰিমান সাধাৰণ কথাকে ৰাইজে নো সুৱঁৰি থাকিব কেলেই? কিয়নো এই ঠাইতেই এখন তয়াময়া ৰণত ভালেমানে প্ৰাণ বিসৰ্জন দিলে আৰু মাথোন এই ৰণৰ কাৰণেই গেটীচ্‌বাৰ্গৰ নাম চিৰস্মৰণীয় হৈ থাকিব।

 তথাপিও কিন্তু লিঙ্কনে এই খিনিতে এনে ভবাটো অমূলক আছিল। সেইদিনা তেওঁ যি কেই আষাৰ সাধাৰণ কথা কৈছিল, আজিও তাক ৰাইজে সুৱঁৰি আছে আৰু আগলৈকেও থাকিব— যেতিয়ালৈকে তেওঁৰ এই ভাষণপ্ৰসূত আদৰ্শসমূহ মানুহৰ কাম্য হৈ থাকিব। প্ৰসিদ্ধ গেটীচবাৰ্গ ভাষণত বাগ্মিতাপূৰ্ণ অথচ সংক্ষিপ্তভাৱে এইবোৰ আদৰ্শকেই দাঙি ধৰা হৈছিল।

 গেটীচবাৰ্গ ভাষণৰ দৰে লিঙ্কনে তেওঁৰ জীৱিত কালত দিয়া আনবোৰ ভাষণ আৰু লিখা ৰচনাৱলীও “যাউতি যুগীয়া হৈ থাকিব” বুলি আশা কৰা নাছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ পিছত জাতিৰ অতিশয় সঙ্কটপূৰ্ণ কালছোৱাত তেওঁ দেশৰ প্ৰেচিডেণ্ট পদত অধিষ্ঠিত আছিল। তেওঁ অৱশ্যে জানিছিল যে তেওঁ বুৰঞ্জীৰ গঢ় দিব ধৰিছে। তেওঁৰ ওপৰত ন্যস্ত এই মহান্ দায়িত্ব সম্পৰ্কে তেওঁ সম্পূৰ্ণভাবেসচেতন আছিল আৰু দেশবাসীৰ আগত ভাষণ দিওঁতে শব্দ-বাচনিত সতৰ্ক হৈছিল। কিন্তু সেই বুলি তেওঁৰ ভাষণে ৰাইজৰ অন্তৰ পৰশিব পাৰিছিল।

 “ৰাইজৰ কাৰণে, ৰাইজৰ দ্বাৰা নিৰ্ব্বাচিত, ৰাইজৰ চৰকাৰ”ৰ মুখ্য কম্মকৰ্ত্তা হিচাবে দেশবাসীৰ ওঁপৰত এনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰিছিল যাতে তেওঁলোকে উচিত সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাক মানি চলে। এয়েই আছিল তেওঁৰ বক্তৃতা আৰু ৰচনাৰ মূল