পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

সকলো মানুহেই সমান অধিকাৰ ভোগ কৰিব পাৰিছিল বা তেওঁলোকক সোনকালেই এই অধিকাৰ দিয়া ব্যৱস্থা হাতত লোৱা হব ধৰিছিল— এনে ধৰনৰ জল্‌জল্ পট্‌পট্‌কৈ মিছা কথা দলিল ৰচোঁ‌তা সকলে দাঙি ধৰা নাছিল। প্ৰকৃতপক্ষে এনে অধিকাৰ দিয়াৰ ক্ষমতা তেওঁলোকৰ নাছিল। তেওঁলোকে অধিকাৰটোহে ঘোষণা কৰিছিল যাতে পৰিস্থিতিৰ ক্ৰমোন্নতিৰ লগে লগে যিমান সোনকালে সম্ভৱ সেই অধিকাৰবোৰ প্ৰয়োগ কৰা সম্ভৱ হয়। তেওঁলোকে স্বাধীন সমাজৰ নীতিৰ এটা আদৰ্শ মান নিৰ্ণয় কৰি যাব খুজিছিল যিটো সকলোৱে বুজিব আৰু শ্ৰদ্ধাৰে মানি চলিব, আৰু যাৰ ওপৰত সদায় ভৰসা কৰিব পাৰিব, সদায় কঠোৰ পৰিশ্ৰম কৰিও যাক সম্পূৰ্ণৰূপে পাব নোৱাৰিব অথচ যথাসম্ভৱ ওচৰলৈ আহিব পাৰিব যাৰ ফলত ইয়াৰ প্ৰভাৱ দৈনন্দিন বাঢ়ি গৈ সকলোৰে মনত সেই আদৰ্শ শিপাব আৰু লগে লগে সকলো ঠাইৰ সকলো বৰ্ণৰ মানুহৰ জীৱনৰ মূল্য আৰু সুখ-শান্তি ক্ৰমাৎ বাঢ়ি গৈ থাকিব। ‘সকলো মানুহে সমান অধিকাৰ লৈ জন্ম গ্ৰহণ কৰিছে’– এই অতি সঁচা কথাষাৰে অমোক গ্ৰেট্ ব্ৰিটেনৰ পৰা আঁতৰি অহাত কোনোপ্ৰকাৰে সহায় কৰা নাই আৰু এই কথাষাৰ ঘোষণাপত্ৰতো সেই কাৰণে লিখা নাই; ভবিষ্যতৰ কথা ভাবিহে এই কথাষাৰ লিখা হৈছিল। ইয়াৰ ৰচোঁ‌তা সকলৰ উদ্দেশ্য এয়েই আছিল যে যিসকল মানুহে স্বাধীন জাতি এটাক স্বেচ্ছাচাৰী শাসনৰ তলতীয়া ঘৃণনীয় বাটত লৈ যাবলৈ বিচাৰে তেওঁলোকৰ পক্ষে এইটো এটা বিৰাট বাধাস্বৰূপ হব। ভগবানক ধন্যবাদ যে এই কথা সম্প্ৰতি ফালিয়াবলৈ আৰম্ভ কৰিছে।

 

বিভক্ত বিধানমণ্ডল

 

 দাসত্বৰ প্ৰশ্নটো লৈ বাদ-বিসম্বাদ বৃদ্ধি পোৱাৰ লগে লগে দেশৰ ৰাজনৈতিক দলসমূহৰো কিছু সালসলনি হল। আগৰ হুইগ্ পাৰ্টিটোৰ অস্তিত্ব নাইকীয়া হল। লিঙ্কন এই দলৰে সদস্য আছিল। লিঙ্কনক অন্যতম নেতা হিচাবে লৈ এটা নতুন দল— ৰিপাব্লিকান পাৰ্টী গঠন কৰা হল। ১৮৫৮ চনৰ জুন মাহত ৰিপাব্লিকান ৰাষ্ট্ৰীয় অভিবৰ্ত্তনৰ সামৰণিত লিঙ্কনে ভাষণ এটি দিয়ে। এই ভাষণৰ দ্বাৰা তেওঁ সেই সময়ৰ সৰহভাগ ৰাজনৈতিক নেতাৰ তুলনাত ইমান ধুনীয়াকৈ আৰু ইমান সাহসেৰে দেশৰ সন্মুখত দেখা দিয়া প্ৰশ্নবোৰ দাঙি ধৰে যাৰ ফলত এইবাৰেই প্ৰথম তেওঁক জাতীয় নেতা হিচাবে স্বীকৃতি দিয়া হয়। ভাষণটোৰ আৰম্ভণিৰ কথাখিনিয়ে প্ৰকৃততে কবলৈ গলে গোটেই জাতিটোকে চকখুৱাই দিয়ে।

 

 আমি কেনেকুৱা অৱস্থাত আছোঁ, কোন ফালে যাবলৈ বিচাৰিছোঁ‌ যদি এই কথা জানিব পাৰোঁ তেনেহলে আমি কি কৰা উচিত আৰু কেনেকৈ কৰা উচিত সেইবিষয়ে ভালদৰে বিবেচনা কৰিব পাৰিম।
২২