পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

 মোৰ দেউতাৰ বয়স তেওঁৰ দেউতাকৰ মৃত্যুৰ সময়ত ৬ বছৰ আছিল। প্ৰকৃততে কোনো ৰকমৰ শিক্ষা নোপোৱাকৈ তেওঁৰ ডাঙৰ দীঘল হয়। মোৰ বয়স যেতিয়া ৮ বছৰ তেতিয়া তেওঁ ইণ্ডিয়ানাৰ এতিয়াৰ স্পেন্সাৰ কাণ্টিলৈ গুচি যায়। ৰাজ্যখন ইউনিয়নৰ অন্তৰ্ভুক্ত হোৱাৰ সময়তেই আমি আমাৰ নতুন বাসস্থানত উপস্থিত হলোঁ‌। অঞ্চলটো তেতিয়াও হাবিৰে ভৰি আছিল, হাবিত বনৰীয়া ভালুক আৰু আন আন জীৱজন্তু পোৱা গৈছিল। তাতেই মই ডাঙৰ দীঘল হওঁ। তাত কেইখন মান তথাকথিত স্কুল আছিল সঁচা, কিন্তু এই স্কুলৰ শিক্ষকতাৰ কাৰণে সাধাৰণ লিখাপঢ়া আৰু অঙ্ক জনাৰ যোগ্যতাই যথেষ্ট আছিল। ওচৰে-কাষৰে কোনোবাই যদি ‘লেটিন’ জানিছিল তেওঁক যাদুকৰ বুলিহে মানুহে ভাবিছিল। কবলৈ গলে শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱাৰ কাৰণে একোৱেই নাছিল। মই জনাবুজা হোৱালৈকে আচলতে মই একোকে শিকা নাছিলোঁ। তথাপিও মই কোনোমতে লিখিব পঢ়িব আৰু সাধাৰণ অঙ্ক কৰিব পাৰিছিলোঁ— অকল সেয়েহে, তাৰ বেছি নহয়। তেতিয়াৰে পৰা মই আৰু স্কুললৈ যোৱা নাই। এতিয়া মই যি অকনমানি শিক্ষাৰ পোহৰ পাইছোঁ‌ সিও প্ৰয়োজনৰ খাতিৰতহে অৰ্জন কৰা।

 মই পাথৰৰ কামত লাগি যাওঁ আৰু ২২ বছৰ বয়সলৈকে এই কামকে কৰিছিলোঁ‌। ২১ বছৰ বয়সত মই ইলিনয়চলৈ আহোঁ‌ আৰু মেকোন কাউণ্টিত প্ৰথম বছৰটো কটাওঁ। তাৰ পৰা নিউ চালেমলৈ যাওঁ। (নিউ চালেম তেতিয়া চেঙ্গামনত আছিল আৰু এতিয়া মেনাৰ্ড কাউণ্টিৰ অন্তৰ্ভুক্ত। তাত মই গুদাম এটাত এবছৰমান কেৰাণীৰ বিধৰ কাম কৰিছিলোঁ)। তাৰ পৰা ব্লেক হকৱাৰলৈ আহোঁ আৰু স্বেচ্ছাসেৱকসকলৰ ‘কেপ্টেইন’ নিৰ্ব্বাচিত হওঁ। ইয়াৰ আগলৈকে আন একোতেই এই সাফল্যৰ নিচিনা আনন্দ পোৱা নাছিলোঁ। মই অভিযান আৰম্ভ কৰিলোঁ, ওপৰলৈ উধালোঁ আৰু সেই বছৰতেই (১৮৩২ চন) বিধান মণ্ডলৰ সদস্যপ্ৰাৰ্থী হিচাবে থিয় দি পৰাজয় বৰণ কৰিবলগাত পৰিলোঁ। অকল এই বাৰেহে ৰাইজে মোক ভোট দিয়া নাছিল। পিছৰ বছৰত আৰু দুবছৰৰ পিছে পিছে আন তিনিবাৰৰ নিৰ্ব্বাচনত মই বিধানমণ্ডললৈ নিৰ্ব্বাচিত হওঁ। পিছত আৰু মই প্ৰাৰ্থী হিচাবে থিয় হোৱা নাছিলোঁ। বিধানমণ্ডলৰ সদস্য হিচাবে থাকোঁতে মই আইন অধ্যয়ন কৰোঁ‌ আৰু আইন ব্যৱসায় কৰিবলৈ স্প্ৰীংফিল্ডলৈ বাসস্থান সলনি কৰোঁ‌। ১৮৪৬ চনত মই এবাৰ কংগ্ৰেছৰ নিম্নসদনৰ সদস্য নিৰ্ব্বাচিত হওঁ আৰু পুনৰ নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী হোৱা নাছিলোঁ। ১৮৪৯ চনৰ পৰা ১৮৫৪ চনলৈকে এই ছবছৰ কাল আগৰ তুলনাত বেছি একাণপতীয়াকৈ আইনৰ ব্যৱসায় কৰোঁ‌। ৰাজনীতিত মই সদায় এজন হুইগ্ আৰু সাধাৰণতে হুইগ্‌দলৰ মনোনীত প্ৰাৰ্থী হিচাবে নিৰ্ব্বাচনত থিয় হৈছিলোঁ‌ আৰু নিৰ্ব্বাচনৰ অভিযানত সক্ৰিয় অংশ গ্ৰহণ কৰিছিলোঁ। ৰাজনীতিত মোৰ আগ্ৰহ কমি আহিছিল কিন্তু ‘মিচৌৰী আপোচ্’ প্ৰত্যাহাৰ কৰাত মোৰ আগ্ৰহ আকৌ বাঢ়ি আহিল। তাৰ পিছৰ পৰা মই কি কৰিছোঁ‌ ৰাইজে ভালদৰে জানে।

 মোৰ ব্যক্তিগত বৰ্ণনা যদি আৱশ্যক বুলি ভাবে, তেনেহলে কওঁ মই দীঘলে প্ৰায় ৬ ফুট ৪ ইঞ্চি কিন্তু গতে মঙ্গহ কম, ওজন গঢ়ে ১৮০ পাউণ্ড, গাৰ বৰণ বৰ উজ্বল
৩০