পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্যকাল

আপুনি এগৰাকী সাহসী আৰু দক্ষ সৈনিক বুলি মই বিশ্বাস কৰোঁ আৰু এই কথা ভাবি মই ভালো পাও। আপোনাৰ জীৱিকাৰ লগত ৰাজনীতি লিপ্ত নাই বুলি মই বিশ্বাস কৰোঁ। এইটো আপুনি ঠিক পন্থাকে গ্ৰহণ কৰিছে। নিজৰ ওপৰত আপোনাৰ বিশ্বাস আছে— এইটো অপৰিহাৰ্য্য নহলেও মূল্যবান্ কথা। আপুনি উচ্চাকাঙ্খী; যুক্তিসঙ্গত সীমালৈকে উচ্চাকাঙ্খী হলে ক্ষতিতকৈ লাভহে বেছি হয়। কিন্তু মই ভাবোঁ, জেনাৰেল বাৰ্নচাইড্ যেতিয়া এই সেনাবাহিনীৰ অধিনায়ক আছিল তেতিয়া আপুনি নিজৰ উচ্চাকাঙ্খৰ প্ৰৰোচনা অনুসৰি কাম কৰিছিল আৰু তেওঁক ব্যৰ্থকাম কৰিবলৈ আপুনি যৎপৰনাস্তি চেষ্টা কৰিছিল। ইয়াৰে আপুনি দেশৰ বিৰাট ক্ষতি কৰিছে আৰু এগৰাকী কৃতিত্বশীল সম্মানিত, সহানুগামী বিষয়াৰো বিৰাট ক্ষতি কৰিছে। আপুনি এইদৰে কৈছে বুলি শুনিবলৈ পাইছোঁ যে সেনাবাহিনী আৰু চৰকাৰৰ কাৰণে এজন স্বেচ্ছাচাৰী একনায়ক শাসকৰ আৱশ্যক। কথাষাৰি মই এনে ধৰলে শুনিবলৈ পাইছোঁ যাক মই বিশ্বাস নকৰি নোৱাৰোঁ। আপুনি ধৰি নলব যে মই এই কথাষাৰিৰ কাৰণে আপোনাক অধিনায়কত্ব দিছোঁ,— এই বুলিতে ধৰি লব যে কথাষাৰি শুনাসত্ত্বেও আপোনাক নতুন অধিনায়ক নিযুক্ত কৰিছোঁ। যি সকল সামৰিক অধিনায়কে সাফল্যলাভ কৰিব পাৰে সেই সকলেহে স্বেচ্ছাচাৰী শাসনব্যৱস্থা প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে মই আপোনাৰ পৰা সামৰিক সাফল্যহে বিচাৰিছোঁ আৰু তাৰ দ্বাৰা মই ভবিষ্যতে স্বেচ্ছাচাৰী শাসন-ব্যৱস্থা প্ৰৱৰ্ত্তনৰ সম্ভাব্য বিপদ মূৰত চপাই লৈছোঁ। চৰকাৰে আপোনাক যথাসাধ্য সহায় কৰিব। আন অধিনায়কসকলকো চৰকাৰে সিমান সহায় কৰিয়েই আছে আৰু আগলৈকো কৰিব। মই এই ভাবিহে ভয় কৰিছোঁ যে অধিনায়কৰ সমালোচনা কৰা আৰু অধিনায়কৰ ওপৰত বিশ্বাস হেৰোৱাৰ যি মনোভাৱৰ বীজ আপুনি সেনাবাহিনীত সিঁচিছে তাৰ প্ৰতিফল হয়তো আপুনিও ভোগ কৰিবলগা হব পাৰে। এই মনোভাৱ দমন কৰাত মই আপোনাক যিমানখিনি পাৰোঁ সহায় কৰিম। সেনাবাহিনীত এনেকুৱা মনোভাৱ এটা চলি থাকিলে তাৰ পৰা আপুনি কোনো সুফল লাভ কৰিব নোৱাৰে, আনকি নেপোলিয়ন যদি আজি জীয়াই থাকিলেহেঁতেন তেৱোঁ কোনো সুফল লাভ কৰিব নোৱাৰিলেহেঁতেন।

 গতিকে এতিয়া কোনো কাম কৰাৰ আগতে ভালদৰে ভাবিচিন্তি লব। হঠকাৰিতাৰ বিষয়ত সাৱধান হব, আৰু সদায়েই সকলো সময়তে সতৰ্ক দৃষ্টি ৰাখিব। উৎসাহেৰে আগবাঢ়ি যাওক আৰু আমাক বিজয়ী কৰক।

আপোনাৰ বিশ্বাসী
এ, লিঙ্কন
 

ধন্যবাদ জ্ঞাপনৰ দিবস ঘোষণা

 

 যুদ্ধৰ দুখদুৰ্গতি আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজত লিঙ্কনে ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰাপ্ত দেশবাসীক ঈশ্বৰৰ আশীৰ্ব্বাদ লাভৰ অৰ্থে ধন্যবাদ জ্ঞাপনৰ দিন এটা পালন কৰিবলৈ আহ্বান জনায়। তেতিয়াৰে পৰা আজিলৈকো মাৰ্কিন যুক্তৰাষ্ট্ৰত ধন্যবাদ জ্ঞাপনৰ দিনটো বছৰেকীয়া জাতীয় ছুটিৰ দিন বুলি পৰিগণিত হৈ আহিছে।

 

৪৭