পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম জীৱনেৰ কথা

শক্তিৰ দ্বাৰা পৰিচালিত যাৰ ওপৰত মনৰ কোনো আধিপত্য নাই। কেতিয়াবা কেতিয়াবা দুই এজনৰ লগত যুক্তিৰে এই অভিমত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টাও কৰিছিলোঁ— ৰাজহুৱা ভাৱে কাহানিও আলোচনা কৰা নাছিলোঁ। অৱশ্যে আজি ৫ বছৰৰো অধিক হ’ল মই এই লৈ তৰ্ক কৰাৰ অভ্যাস একেবাৰে এৰি পেলাইছোঁ। মই আৰু কব খোজোঁ যে, খৃষ্টধৰ্ম্মৰ বহুত সম্প্ৰদায়ে মোৰ দৰেই অভিমত পোষণ কৰে। মুঠতে চমুকৈ কবলৈ গলে এইটোৱেই হ’ল আচল কথা।

 যিজনক ধৰ্ম্মৰ শত্ৰু আৰু উপহাসক বুলি জানোঁ তেওঁক ময়ো সদস্যপদৰ বাবে সমৰ্থন কৰিব পাৰিলোঁহেঁতেন বুলি মোৰ মনে নধৰে। স্ৰষ্টা আৰু সৃষ্টিৰ মাজত চিৰন্তন সম্পৰ্কৰ বিষয়টো উচ্চখাপৰ। এই আধ্যাত্মিক কথাবোৰ বাদ দিলেও মই কেতিয়াও নেভাবোঁ‌ যে, কোনো মানুহৰেই তেওঁৰ সম্প্ৰদায়ৰ মনোভাৱ লৈ বিদ্ৰূপ কৰা আৰু নৈতিকতাক আঘাত কৰাৰ অধিকাৰ আছে। তথাপিও যদি মই এনেকুৱা অসৎ আচৰণত লিপ্ত বুলি দোষী সাব্যস্ত হওঁ, মোক গৰিহণা-দিওঁতাৰ ওপৰত দোষাৰোপ নকৰোঁ। কিন্তু যিসকলে— তেওঁলোক যিয়েই নহক লাগিলে— মোৰ বিৰুদ্ধে মিছা অভিযোগ আনে তেওঁলোকক দোষী সাব্যস্ত নকৰি নোৱাৰোঁ।

এ. লিঙ্কন

৩১ জুলাই, ১৮৬৪ চন।


 

আত্মীয়জনলৈ উপদেশ

 


 লিঙ্কনৰ জন্ম যে দুখীয়াৰ ঘৰত এই কথা সকলোৱে জানে। তেওঁ পৃথিবীত প্ৰতিপত্তি লাভ কৰাৰ লগে লগে তেওঁৰ পৰিয়ালৰ আন আন লোকে প্ৰায়েই তেওঁৰ পৰা সহায় বিচাৰিছিল। তেওঁৰ ধনৰ মোনাটো টনকিয়াল নাছিল যদিও সাধাৰণতে তেওঁ‌ উদাৰভাবেই পৰিয়ালবৰ্গক সহায় কৰিছিল। ১৮৪৮ চনত ৱাশ্বিংটনত কংগ্ৰেছৰ সদস্য হিচাবে থাকোঁতে সম্বন্ধীয় ভাই এজনে তেওঁৰ পৰা সহায় বিচাৰি পঠিয়াইছিল। তাৰ উত্তৰত লিঙ্কনে যি উপদেশ দিছিল তাত পৰিণত মনৰ সন্ধান পোৱা যায়।

 

মৰমৰ জন্‌ষ্টন্‌,

 তুমি ৮০ ডলাৰ (মাৰ্কিন টকা) বিচাৰি পঠিয়াইছাঁ। মই কিন্তু তোমাৰ অনুৰোধ ৰক্ষা কৰাটো সম্প্ৰতি সমীচীন নহব বুলি বিবেচনা কৰোঁ। কেবাবাৰো মই যেতিয়া তোমাক সামান্যভাবে সহায় কৰিছিলোঁ তুমি মোক কৈছিলা— “এতিয়াৰ পৰা আমি ভালদৰে চলিব পাৰিম”, কিন্তু অলপ কেইদিন মানৰ ভিতৰতেই তোমাৰ অৱস্থা আকৌ একেধৰণে আহুকলীয়া

১১