পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

দেখিবলৈ পাওঁ। গতিকে তোমাৰ আচৰণত কিবা খুঁত থাকিবই লাগিব। সেইটো নো কি বোধ কৰোঁ মই ধৰিব পাৰিছোঁ। তুমি এলেহুৱা নোহোৱা তথাপিও তুমি কাম কৰাত হেলা কৰা। মই তোমাক দেখাৰে পৰা তুমি কোনো এটা দিনেই পূৰা কাম কৰিছানে নাই মোৰ সন্দেহ হয়। কাম কৰিবলৈ তুমি বেয়া নোপোৱা তথাপি তুমি বেছি কাম নকৰা। কিয়নো তুমি ভাবা, বেছিকৈ কাম কৰিলে তোমাৰ লাভ বেছি নহব। তোমাৰ আহুকালৰ মুলতে হ’ল সময়ৰ এই দৰে অপব্যৱহাৰ কৰাটোৱে। তোমাৰ পক্ষে বিশেষকৈ তোমাৰ লৰাছোৱালী সকলৰ কাৰণে তুমি এই কুঅভ্যাস এৰাটো অতিশয় গুৰুত্বপূৰ্ণ। লৰাছোৱালীসকলৰ কথা কৈছোঁ‌ এই কাৰণে যে, তেওঁলোকে তোমাতকৈও বেছিদিন জীয়াই থাকিব লাগিব আৰু এলাহৰ বশীভূত হোৱাৰ পিছত তাৰ হাত সৰাতকৈ এই কুঅভ্যাসৰ পৰা আঁতৰি থকাটো তেওঁলোকৰ পক্ষে বেছি উজু হব।

 সম্প্ৰতি তোমাৰ সহজলভ্য ধনৰ প্ৰয়োজন আৰু সেই গতিকে মই পৰামৰ্শ দিওঁ যে তুমি এনে এজনৰ হৈ কায়মনোবাক্যে কাম কৰিবা, যিয়ে তোমাক টকা দিব। তোমাৰ দেউতা আৰু পুতেকহঁতে ঘৰৰ কাম চাওক— খেতিবাতিৰ কাম কৰক আৰু তুমি এনে ঠাইত কাম কৰাগৈ য’ত ভালদৰে ধন ঘটিব পাৰিবা অথবা আগধৰি লোৱা ঋণ শোধ কৰিব পাৰিবা। ইয়াকে যদি কৰা তাৰ পুৰস্কাৰ হিচাবে মই তোমাক এতিয়াই প্ৰতিশ্ৰুতি দিওঁ যে আজিৰ পৰা অহা পহিলা মে’ৰ ভিতৰত কাম কৰি তুমি যি ধন ঘটিবা অথবা যিখিনি ঋণ শোধ কৰিবা তাৰ প্ৰতি ডলাৰৰ কাৰণে মই তোমাক এক ডলাৰকৈ দিম। অৰ্থাৎ তুমি যদি এমাহত দহ ডলাৰ উপাৰ্জন কৰা তেনেহলে তুমি মোৰ পৰা আৰু দহ ডলাৰ পাবা। গতিকে, কাম কৰি তুমি এমাহত ২০ ডলাৰ পাবা। সেই বুলি মই তোমাক সৌ দূৰণিৰ চেইণ্ট্ লুইচ্ অথবা সীহৰ খনি অথবা কালিফৰ্ণিয়াৰ সোণৰ খনিলৈ কাম কৰিবলৈ যাবলৈ কোৱা নাই। কোল্‌ছ্ কাউণ্টিত ঘৰৰ ওচৰতে— যত ভাল বানচ পাব পাৰি ত’তেই কাম কৰিবলৈ কৈছো। এতিয়া তুমি যদি ইয়াকে কৰা তেনেহলে সোনকালে ঋণমুক্ত হবা আৰু তাতোকৈ ভাল হব— ইয়াৰ ফলত তুমি টকা ধাৰে লোৱা অভ্যাসৰ পৰা মুক্তি পাবা। কিন্তু এতিয়াই যদি মই তোমাৰ ঋণবোৰ শোধ কৰি দিওঁ তেনেহলে অহাবছৰত পুনৰায় তুমি ঋণত পোঁত যাবা। তোমাৰ গোটেইখিনি পুণ্যৰ বিনিময়ত তুমি ৭০ অথবা ৮০ ডলাৰ বিচাৰিছা। পুণ্য ইমানেই সস্তিয়া বুলি ভাবিছাঁ? মই নিশ্চিত যে, মই তোমাক যি পৰামৰ্শ দিছোঁ সেইদৰে কাম কৰিলে চাৰি-পাঁচ মাহৰ ভিতৰতে ৭০/৮০ ডলাৰ পাবা। টকা দিলে মোৰ ওচৰত তুমি মাটি বন্ধক থবা বুলি কৈছাঁ আৰু এইদৰে লিখিছা যে তুমি টকা দিব নোৱাৰিলে মাটিডোখৰ মোৰ নামত কৰি দিবা। বলীয়া হৈছা নেকি? যদি মাটিডোখৰ থাকোঁতেই এতিয়া চলিব নোৱাৰা হৈছাঁ, নেথাকিলে তেতিয়া তুমি চলিবা কেনেকৈ? তুমি মোলৈ সদায় মৰম দেখুৱাইছাঁ আৰু ময়ো তোমালৈ অমৰমীয়াল হবলৈ নিবিচাৰো। আনহাতে তুমি যদি মোৰ পৰামৰ্শমতে কাম কৰা তেনেহলে দেখিবা যে ইয়াৰ মূল্য ৮০ ডলাৰৰ আঠগুণৰো বেছি।

তোমাৰ মৰমৰ 

এ. লিঙ্কন 

 


১২