পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনে বক্তৃতাৱলী

 

প্ৰেচিডেণ্টৰ শেষ, চুটি আৰু শ্ৰেষ্ঠ বক্তৃতা

 

 যোৱা সপ্তাহত বৃহস্পতিবাৰে টেনেচীৰ দুগৰাকী মহিলা প্ৰেচিডেণ্টৰ লগত সাক্ষাৎ কৰে আৰু জন্‌চন্‌চ্‌ দ্বীপত যুদ্ধবন্দীহিচাবে আটক ৰখা তেওঁলোকৰ স্বামীদুজনক এৰি দিবলৈ অনুৰোধ কৰে। তেওঁলোকক শুক্ৰবাৰে আহিবলৈ কোৱা হয় আৰু সেইদিনা আহিলত শনিবাৰে আকৌ দেখা কৰিবলৈ কোৱা হয়। প্ৰতি সাক্ষাৎকাৰতেই মহিলা দুগৰাকীৰ এগৰাকীয়ে এই দৰে কৈছিল যে তেওঁৰ স্বামী হেনো এজনা ধাৰ্মিক মানুহ। শনিবাৰে প্ৰেচিডেণ্ট এই যুদ্ধবন্দী দুজনক এৰি দিবলৈ আদেশ দিয়ে আৰু সেই মহিলা গৰাকীক এইদৰে কয়— “আপুনি কৈছে— আপোনাৰ স্বামী এজনা ধাৰ্ম্মিক মানুহ। আপুনি যেতিয়া তেওঁক লগ পায় মোৰ কথা এইদৰে কব যে মই ধৰ্ম্মৰ বিচাৰক নহওঁ কিন্তু চৰকাৰে এজনে আনজনৰ শ্ৰমৰ ওপৰত খাবলৈ নিদিয়াৰ কাৰণে যিধৰ্ম্মই মানুহক সেই চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ শিকায় মোৰ বোধেৰে সেই ধৰ্ম্মই স্বৰ্গৰ দুৱাৰ মুকলি কৰি নিদিয়ে।

এ, লিঙ্কন 

 

দ্বিতীয় উদ্বোধনী ভাষণ

 

 ১৮৬৫ চনৰ ৪ মাৰ্চ্চৰ দিনা লিঙ্কনে ২য় বাৰ প্ৰেচিডেণ্ট হিচাবে শপথ গ্ৰহণ কৰি তেওঁৰ ২য় উদ্বোধনী ভাষণ দিয়ে। যদিও যুদ্ধ চলিয়েই আছিল, তাৰ মাজেৰে জয়ৰ আশা সুনিশ্চিত হৈ উঠিছিল, আৰু যিসকল এদিনাখন তেওঁৰ শত্ৰু আছিল ‘কাৰোপ্ৰতি হিংসা পোষণ নকৰি আৰু সকলোৰে প্ৰতি সদ্ভাৱ লৈ’ তেওঁলোকক লিঙ্কন আকৌ ইউনিয়নলৈ ওভোতাই আনিবলৈ আশা কৰিছিল। এই চমুভাষণটোয়ে লিঙ্কনৰ মহত্বৰ পৰিচয় দিয়ে।

 

৫৬