এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী
প্ৰথম উদ্বোধনী ভাষণ
১৮৬১ চনৰ ৪ মাৰ্চ্চৰ দিনা দিয়া প্ৰথম উদ্বোধনী ভাষণ-প্ৰসঙ্গত লিঙ্কনে দক্ষিণ অঞ্চলৰ ৰাজ্যসমূহক ধৈৰ্য্যসহকাৰে বুজাই-বঢ়াই ইউনিয়নভুক্ত কৰি ৰাখিবলৈ পন্থা এটিৰ থুলমূল বিৱৰণী দিয়ে আৰু এই ৰাজ্যসমূহক গৃহযুদ্ধত লিপ্ত নহবলৈ আহবান জনায়।
......মুখ্য বিচাৰকে তেওঁৰ গোটেইখিনি ক্ষমতা ৰাইজৰ পৰাই লাভ কৰে। ৰাইজে ৰাজ্যসমূহকে বিভক্তকৰাৰ কোনো ক্ষমতাকেই তেওঁক দিয়া নাই। ৰাইজে যদি বিচাৰে তেনেহলে তেওঁলোকে নিজেই এই কাম সমাধা কৰিব পাৰে। কিন্তু প্ৰধান কাৰ্য্যনিৰ্ব্বাহক বিষয়াৰ এই বিষয়ত কৰিবলগীয়া একোনাই। তেওঁৰ কৰ্ত্তব্য হৈছে বৰ্ত্তমান চৰকাৰটোক যিদৰে পাইছে সেইদৰে পৰিচালনা কৰা আৰু অক্ষুণ্ন অৱস্থাত উত্তৰাধিকাৰীৰ হাতত শোধাই দিয়া।
শেহান্তৰত ৰাইজে যে ন্যায় বিচাৰ কৰিব সেই কথাৰ ওপৰত ধৈৰ্য্যেৰে আস্থা নৰখাৰ কাৰণ কি থাকিব পাৰে? পৃথিবীত ইয়াৰ সমান অথবা ইয়াতকৈ ভাল কিবা আশা আছেনে? আমাৰ বৰ্ত্তমান মতানৈক্যত উভয় দলেই জানো নিজকে অভ্ৰান্ত বুলি বিশ্বাস কৰা নাই? সৰ্ব্বশক্তিমান্ সৰ্ব্বনেতা ঈশ্বৰ চিৰন্তন সত্য আৰু ন্যায় সহকাৰে আপোনালোকৰ উত্তৰ পক্ষকেই সমৰ্থন কৰক অথবা দক্ষিণ পক্ষকেই সমৰ্থন কৰক, মহান্ মাৰ্কিন ৰাইজৰ সুবিচাৰে চিৰন্তন সত্য আৰু ন্যায়ৰ জয় কৰিবই।
আমি যেনেকুৱা শাসন ব্যৱস্থাৰ অধীনত আছোঁ এই ব্যৱস্থা অনুসৰি ৰাইজে সুচিন্তিতভাবে চৰকাৰী বিষয়া সকলক ক্ষমতা অপব্যৱহাৰেৰ সুবিধা দিয়াই নাই বুলিয়েই কব পাৰি আৰু যিখিনি দিছে তাকো বৰ কমসময়ৰ ভিতৰতেই ওভোতাই নিয়াৰ ব্যৱস্থা কৰি ৰাইজে নিজৰ জ্ঞান গৰিমাৰহে পৰিচয় দিছে।
এহাতে ৰাইজে নিজৰ হাতত প্ৰকৃত ক্ষমতা আৰু সতৰ্ক তত্ত্বাবধানৰ ক্ষমতা ন্যস্ত ৰাখিছে আৰু আনহাতে কোনো প্ৰশাসকেই মাত্ৰ চাৰিবছৰ সময়ৰ ভিতৰত চৰম নিৰ্বুদ্ধিতা আৰু দুষ্টালিৰ দ্বাৰা চৰকাৰৰ গুৰুতৰ ক্ষতি কৰিব নোৱাৰে।
হে মোৰ দেশবাসী সকল, আপোনালোক সকলোৱে এই গোটেই বিষয়টো লৈ
ভালদৰে আৰু শান্তভাৱে চিন্তা কৰক। চিন্তা কৰোঁতে সময় গলেও আমাৰ বৰ লোকচান নহব। লৰাধপৰাকৈ উপনীত হব লগা লক্ষ্যত লৰাধপৰা নক{{বঙালী ৰি}লে লক্ষ্যভ্ৰষ্ট হব পাৰে, কিয়নো ভালদৰে ভাবিচিন্তি ললে আপুনি হয়তো সেইপিনে মুখেই নক{{বঙালী ৰি}লেহেঁতেন। কিন্তু লক্ষ্য যদি ভাল হয় তেনেহলে সি কেতিয়াও ভ্ৰষ্ট নহয়। আপোনালোকৰ যিসকলে বৰ্ত্তমানে
অসন্তুষ্ট তেওঁলোকৰ আগত এতিয়াও পুৰণি সংবিধানখনেই আছে আৰু এই সংবিধান অনুসৰি
প্ৰনয়ণ কৰা আইনবোৰো বাতিল হোৱা নাই। আনহাতে নতুন প্ৰশাসনে এই সংবিধান আৰু
আইনবোৰৰ সাল সলনি ততাতৈয়াকৈ কৰিব নোৱাৰে। যদি স্বীকাৰ কৰি লোৱা হয় যে
৩৮