পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্যকাল

আপোনালোক অসন্তুষ্ট হৈছে, তেনেহলে বিৰোধৰ অভ্ৰান্ত পক্ষটোতেই আপোনালোকে ধৰি থাকক, ততাতৈয়াকৈ প্ৰতিব্যৱস্থা গ্ৰহণৰ এতিয়াও কোনো কাৰণ দেখা দিয়া নাই। বুদ্ধিমত্তা, স্বদেশ প্ৰেম, স্বধৰ্ম্ম, আৰু ঈশ্বৰৰ ওপৰত অচলা বিশ্বাস এতিয়াও আমাৰ বৰ্ত্তমান আহুকলীয়া পৰিস্থিতিক সুচাৰু কৰি দিব পাৰে— আমাৰ মাতৃভূমি ঈশ্বৰৰ কৃপাৰ পৰা এতিয়ালৈকে বঞ্চিত হোৱা নাই।

 হে মোৰ বিতুষ্ট ভাইভনীসকল, গৃহযুদ্ধৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো আপোনালোকৰ হাততে নিৰ্ভৰ কৰিছে— মোৰ হাতত নহয়। চৰকাৰে আপোনালোকৰ ওপৰত আক্ৰমণাত্মক ব্যৱস্থা গ্ৰহণ নকৰে। আপোনালোকে আৰম্ভ নকৰিলে কোনো বিবাদেই দেখা নিদিব। ভগবানক সাক্ষী কৰি আপোনালোকে চৰকাৰক থানবান কৰি দিবলৈ শপথ গ্ৰহণ কৰা নাই, আনহাতে মই চৰকাৰক ৰক্ষা কৰিবলৈ অতি পবিত্ৰ শপথ গ্ৰহণ কৰিছোঁ।

 মই ইয়াতেই সামৰণি মাৰিবলৈ বিচাৰোঁ। আমি শত্ৰু নহওঁ— মিত্ৰহে। আমি শত্ৰু হোৱাটো কেতিয়াও উচিত নহব। ভাবাবেগৰ বশীভূত হৈছোঁ যদিও আমাৰ প্ৰীতিৰ সম্পৰ্ক বিচ্ছিন্ন হব নেলাগে। স্বাধীনতা-যুদ্ধৰ স্মৃতি, স্বদেশপ্ৰেমিক শহীদসকলৰ স্মৃতিয়ে আমাক উদ্বুদ্ধ কৰি তোলক আৰু আত্মাৰূপী পৰমাত্মাৰ অংশই আমাক সুবুদ্ধি দিয়ক, সমগ্ৰ দেশতেই ইউনিয়নৰ সমবেত ধ্বনিয়ে আকাশ-পাতাল মুখৰিত কৰক। এইটো নিশ্চিত বুলি মোৰ ধ্ৰুব বিশ্বাস।

 

যুদ্ধ : কংগ্ৰেছলৈ দিয়া বাণী

 

 ১৮৬১ চনৰ এপ্ৰিলমাহত ইউনিয়নৰ পৰা ওলাই যোৱা ৰাজ্য সমূহৰ সেনাবাহিনীয়ে ফৰ্ট চাম্‌টাৰৰ যুক্তৰাষ্ট্ৰীয় দুৰ্গৰক্ষী সৈন্যবাহিনীৰ ওপৰত গুলীবৰ্ষণ কৰে আৰু ইয়াৰ ফলত যুদ্ধ অনিবাৰ্য্য হৈ উঠে। সেই বছৰৰে জুলাইৰ ৪ তাৰিখে কংগ্ৰেছলৈ দিয়া এটা বাণীত লিঙ্কনে গভীৰভাবে পৰিস্থিতি পৰ্য্যালোচনা কৰে।

 

 ফৰ্ট চাম্‌টাৰৰ ঘটনাৱলীয়ে...... চৰকাৰৰ ওপৰত আক্ৰমণৰ ফলত দেশৰ সন্মুখত এটা সুস্পষ্ট প্ৰশ্নই দেখা দিছে। প্ৰশ্নটো হৈছৈ অবিলম্বে ইউনিয়ন ভঙ্গ অথবা ৰক্তপাত।

 আৰু এই প্ৰশ্নৰ লগত অকল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভাগ্যই নহয়, লগতে আন এটা ডাঙৰ বিষয়ো জড়িত আছে। সমগ্ৰ মানৱ জাতিৰেই সম্মুখত আজি এই প্ৰশ্ন দেখা দিছে— সাংবিধানিক গণৰাজ্য অথবা ৰাইজৰ দ্বাৰা নিৰ্ব্বাচিত গণতান্ত্ৰিক চৰকাৰে আভ্যন্তৰীণ শত্ৰুৰ বিৰুদ্ধে আঞ্চলিক অখণ্ডতা বহাল ৰাখিব পাৰে নে নোৱাৰে। এই প্ৰশ্ন উপস্থাপিত কৰা হৈছে যে মূল আইনৰ দৃষ্টিত শাসন নিৰ্ব্বাহৰ ক্ষেত্ৰত তেনেই সংখ্যালঘিষ্ঠ কেইজনমানলোকে অসন্তুষ্ট হৈ বৰ্ত্তমানৰ বিষয়টোত দেখুৱা অজুহাত অথবা আন কোনো অজুহাত দেখুৱাই অথবা