পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিতৰ্কেৰ সমৰছোৱা

প্ৰতি হাবিয়াহ বেছি। জনসংখ্যা অভূতপূৰ্বভাবে বৃদ্ধি পাবই আৰু অদূৰ ভবিষ্যতে এনে এটা মূল্যবান্ কৌশলৰ উদ্ভাৱন হব যাৰ দ্বাৰা অকনমানি এডোখৰ মাটিৰ পৰা সুচলভাবে জীৱন নিৰ্ব্বাহ কৰা যাব। যি সমাজত প্ৰতিজন নাগৰিকে এই কৌশলৰ অধিকাৰী হব, সেই সমাজ কোনো ৰকমৰ উৎপীড়নৰ সম্মুখীন কাহানিও হবলগাত নপৰে; এনেকুৱা সমাজ, মুকুটধাৰী ৰজা, ধনৰ ৰজা আৰু মাটিৰ ৰজা কাৰোৰেই পৰাধীন নহয়......।

 

আত্মজীৱনী

 

 প্ৰেচিডেণ্ট পদৰ সম্ভাৱ্য প্ৰাৰ্থীহিচাবে লিঙ্কনৰ প্ৰতি ৰাইজৰ আগ্ৰহ বঢ়াৰ লগে লগে তেওঁৰ জীৱনী লিখিবলৈ সা-সম্বল বিচাৰি ভালেমানে অনুৰোধ জনাবলৈ ধৰে। এজন বন্ধুৰ অনুৰোধত তেওঁ তলৰ কথা কেইটিৰে লক্ষণীয়ভাবে চমুকৈ নিজৰ জীৱনৰ বিৱৰণী দিয়ে।

 

 কেণ্টাকীৰ হাৰ্ডিন কাউণ্টিত ১৮০৯ চনৰ ১২ ফেব্ৰুয়াৰীৰ দিনা মই জন্মগ্ৰহণ কৰোঁ‌। মোৰ আইবোপাই দুজনেই ভাৰ্জিনিয়াত সাধাৰণ পৰিয়ালত— মোৰ বোধেৰে কবলৈ গলে ২য় খাপৰ পৰিয়ালত জন্মগ্ৰহণ কৰে। মোৰ বয়স যেতিয়া দহ বছৰ আছিল তেতিয়াই মই মাউৰা হওঁ‌। তেওঁ হেঙ্কছ্ নামৰ পৰিয়ালৰ ছোৱালী আছিল। এই পৰিয়ালৰ কিছুমানে এতিয়া আদম্‌চত আৰু আনসকল ইলিনয়চৰ মেকেন কাউণ্টিত বসবাস কৰিছে। মোৰ ককাদেউতা (দেউতাৰ দেউতা) আব্ৰাহাম লিঙ্কন ভাৰ্জিনিয়াৰ ৰকিংহাম কাউণ্টিৰ পৰা ১৭৮১ অথবা ১৭৮২ চন মানত কেণ্টাকীলৈ গুচি আহে। তাতেই দুই বছৰৰ পিছত ‘ইণ্ডিয়ান’সকলে দেউতা হাবিত মাটি ভাঙি থকা অৱস্থাতে তেওঁক পিছফালৰ পৰা হত্যা কৰে। তেওঁৰ পূৰ্ব্বপুৰুষসকল ‘কোয়েকাৰ’ আছিল আৰু পেনিছিলভেনিয়াৰ বাৰ্কছ কাউণ্টিৰ পৰা ভাৰ্জিনিয়ালৈ যায়। তেওঁলোকৰ পৰিয়ালটোক একে নামৰ ‘নিউ ইংলণ্ডে’ পৰিয়াল বুলি সাব্যস্ত কৰিবলৈ চেষ্টা হৈছিল, কিন্তু দুয়োটা পৰিয়ালৰ এনোক, লেভি, মৰ্ডেকাই, ছ’লোমন, আব্ৰাহাম ইত্যাদি উপাধিৰ দৰে একে উপাধিৰ বাহিৰে নিশ্চিত একোকে সাব্যস্ত কৰিব পৰা হোৱা নাই।


২৯