পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেন্টৰূপে কাৰ্যকাল

কৰিবলৈ ৰাজহুৱা বিনয়, প্ৰাৰ্থনা আৰু অনশনৰ এনে দিন এটা ধাৰ্য্য কৰি দিবৰ বাবে তেওঁক অনুৰোধ কৰিছে— যিদিনা ৰাইজে যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা আৰু মঙ্গলৰ অৰ্থে সৰ্ব্বশক্তিমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব আৰু বাহুত শক্তি দিবলৈ আৰু শান্তি পুনৰ প্ৰতিষ্ঠিত হবলৈ ভগবানৰ আশীৰ্ব্বাদ মাগিব;

 আৰু যিহেতু, সৰ্ব্বশক্তিমান্ ভগবানক স্বীকাৰ কম আৰু ৺ৰ প্ৰতি শ্ৰদ্ধা জনোৱাটো, কৰুণাময় ভগবানৰ ওচৰত সবিনয়ে আত্মসমৰ্পণ কৰাটো, ঈশ্বৰভীতিয়েই জ্ঞানৰ সূৰুয এই বিশ্বামত নিজৰ পাপ আৰু পদস্খলন স্বীকাৰ কৰা আৰু গৰিহনা দিয়াটো, অতীতৰ দোষত্ৰুটিৰ কাৰণে ক্ষমা বিচাৰি আৰু বৰ্ত্তমান আৰু ভবিষ্যতৰ কাৰণে আশীৰ্ব্বাদ মাগি আগ্ৰহ আৰু অনুতাপ সহকাৰে প্ৰাৰ্থনা কৰাটো সকলো সময়তে সকলো লোকৰ পক্ষে সমুচিত;

 আৰু যেহেতু, ঈশ্বৰৰ আশীৰ্ব্বাদত আমাৰ প্ৰিয় যি মাতৃভূমি এসময়ত ঐক্যবদ্ধ, সমৃদ্ধিশালী আৰু সুখী দেশ ৰূপে পৰিগণিত হৈছিল আৰু সেই মাতৃভূমি যেতিয়া দলাদলি আৰু গৃহযুদ্ধত লিপ্ত হৈছে, তেতিয়া এনেকুৱা ভয়ানক পৰিস্থিতিত আমি জাতি আৰু ব্যক্তি হিচাবে নিজৰ দোষ আৰু অপৰাধ সুৱঁষি ঈশ্বৰৰ শক্তি স্বীকাৰ কৰাটো আৰু যাতে ভগবানে আমাক ন্যায়সঙ্গত প্ৰাপ্য শাস্তিৰ পৰা অব্যাহতি দিয়ে, সমগ্ৰ দেশতে আইন শৃঙ্খলা আৰু শান্তি পুনৰ স্থাপনৰ কাৰণে আমাৰ বাহুত যথেষ্ট পৰিমাণে কাৰ্য্যক্ষম শক্তি দিয়ে, ভগবানৰ সহায়ত আৰু আমাৰ পূৰ্ব্বপুৰুষ সকলৰ অশেষ কষ্টলব্ধ ব্যক্তি আৰু ধৰ্ম্মীয় স্বাধীনতা পূৰ্ব্বৰ দৰে অক্ষুণ্ন থাকে তাৰ কাৰণে কৃপাময়ৰ কৃপাবিচাৰি প্ৰাৰ্থনা কৰাটো আমাৰ পক্ষে বিশেষভাৱে প্ৰয়োজনীয় হৈ পৰিছে।

 সেইগতিকে, মই, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেসিডেণ্ট আব্ৰাহাম লিঙ্কনে অহা চেপ্তম্বৰ মাহৰ শেষ বৃহস্পতিবাৰৰ দিনটো দেশৰ সকলো লোকৰ কাৰণে বিনয়, প্ৰাৰ্থনা আৰু অনশনৰ দিন ধাৰ্য্য কৰি দিলোঁ আৰু মই একান্তভাৱে সকলোলোকৰ ওচৰত বিশেষকৈ ভিন্ ভিন্ মতাৱলম্বী ধৰ্ম্মীয় গুৰু আৰু শিক্ষক সকল আৰু পৰিয়ালৰ বৰমূৰীয়া সকলৰ ওচৰত আহবান জনাওঁ যেন তেওঁলোক নিজৰ নিজৰ ধৰ্ম্মমত অনুসরি এই দিনটো পালন কৰে যাতে সমূহীয়া প্ৰাৰ্থনা ঈশ্বৰৰ কাষ পায়গৈ আৰু আমাৰ দেশৰ ওপৰত ঈশ্বৰে আশীৰ্ব্বাদ বৰষে।

 ১৮৬১ চনৰ ১২ আগষ্ট আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰেৰ স্বাধীনতা লাভৰ ৮৬তম বছৰত মই এই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিলোঁ আৰু যুক্তৰাষ্ট্ৰৰ চিলমোহৰ লগালোঁ।

এব্ৰাহাম লিঙ্কন 

 

৪১