পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

শান্ত অতীতৰ সূত্ৰবোৰ এতিয়াৰ বিপদবহুল বৰ্ত্তমানৰ কাৰণে যথেষ্ট নহয়। আমাৰ উদ্দেশ্য কণ্টকাকীৰ্ণ আৰু এই উদ্দেশ্য সফলৰ কাৰণে আমি সজাগ হব লাগিব। আমাৰ কামটো যেতিয়া নতুন, আমি নতুনৰ দৃষ্টিভঙ্গিৰে তাক চিন্তা কৰিব লাগিব আৰু নতুনভাবে কাম কৰিব লাগিব। আমি নিজকে বন্ধনমুক্ত কৰিবই লাগিব— তেতিয়াহলেহে আমি আমাৰ দেশৰক্ষা কৰিব পাৰিম।

 সহনাগৰিক বন্ধুসকল, আকি বুৰঞ্জীৰ ঘটনাৱলীৰ পৰা ফালৰি কাটি যাব নোৱাৰোঁ। আমাক, এই কংগ্ৰেছ আৰু প্ৰশাসনৰ লোকসকলক সকলোৱে মনত ৰাখিব। ব্যক্তিগতভাবে ডাঙৰেই হওঁ বা সৰুৱেই হওঁ কোনেও এই বুৰঞ্জীৰ বিচাৰৰ পৰা হাত সাৰিব নোৱাৰিম। আমি যি অগ্নি পৰীক্ষাৰ মাজেৰে যাব ধৰিছোঁ— ইয়ে আমাক শেষ উত্তৰাধিকাৰীজনলৈকে মৰ্য্যাদ বা অমৰ্য্যাদাৰে জীৱন্ত কৰি ৰাখিব। আমি কৈছোঁ যে আমি ইউনিয়নৰ সপক্ষে। আমাৰ এই কথাষাৰ পৃথিবীয়ে নেপাহৰে। ইউনিয়নক কেনেকৈ ৰক্ষা কৰিব লাগে, আমি জানোঁ। পৃথিবীয়েও জানে— ইউনিয়নক ৰক্ষা কৰাৰ উপায় আমি জানোঁ। আমি, এনেকি আমালৌক যি কেইজনে ইয়াত গোট খাইছোঁ, শক্তিৰ অধিকাৰী বুলি এই দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। দাসসকলক স্বাধীনতা দিওঁতে আমি স্বাধীনসকলৰো স্বাধীনতা অক্ষুণ্নৰখাৰ প্ৰতিশ্ৰুতি দিছোঁ। আমি যি দিওঁ আৰু আমি যিটো ৰক্ষা কৰিব লাগে দুয়োটা ক্ষেত্ৰতে সমান দায়িত্বশীল। আমি মহত্বক ৰক্ষা কৰিম আৰু নীচতাক বিসৰ্জন দিম— এইটোৱে পৃথিবীৰ শেষ শ্ৰেষ্ঠ আশা। অন্য পন্থা কাৰ্য্যকৰী হবও পাৰে, কিন্তু এই পন্থা অব্যৰ্থ। ই সাধাৰণ, শান্তিপূৰ্ণ উদাৰ আৰু ন্যায় পন্থা। যদি ইয়াক অনুসৰণ কৰা হয় পৃথিবীয়ে আমাকে চিৰদিনলৈ হৰ্ষধ্বনীৰে অভিনন্দ জনাব আৰু আমি সদায় ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিম।

 

সামৰিক অধিনায়ক এজনলৈ লিখা চিঠি এটি

 

 যুদ্ধৰ প্ৰথম কেইবছৰত সামৰিক অধিনায়কসকলৰ নেতৃত্বত লিঙ্কন কিমান হতাশ হৈছিল ই বুৰঞ্জীত জনাজাত। অধিনায়কসকলৰ কেবাবাৰো সালসলনি কৰা হয় আৰু এবাৰ এজন নবনিযুক্ত সেনাপতিলৈ তেওঁ বিশেষত্ব পূৰ্ণ স্পষ্ট চিঠি এখন লিখিছিল।

 
“এক্সিকিউটিভ্ মেন্‌চন্”
বাশ্বিংটন, ২৬ জানুৱাৰী, ১৮৬৩ চন

মেজৰ জেনাৰেল হুকাৰলৈ,
জেনাৰেল,

 মই আপোনাক পাটোমেকৰ সেনাবাহিনীৰ প্ৰধান নিয়োগ কৰিছোঁ। মোৰ বোধেৰে যথেষ্ট যুক্তি থকাৰ কাৰণে মই এই কাম কৰিছোঁ; কিন্তু তথাপিও মই ভাবোঁ, আপুনি এই কথা জনাটো উচিত হব যে কিছুমান বিষয়ত মই আপোনাৰ ওপৰত সম্পূৰ্ণভাবে সন্তুষ্ট নহওঁ।
৪৬