পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

মই শপথ খাই কওঁ যে, মোৰ দেশ, মোৰ জীৱন, মোৰ স্বাধীনতা আৰু দেশপ্ৰেমৰ কাৰণে মই যিটো ন্যায় বুলি বিবেচনা কৰিম তাৰ কারণে চিৰদিন সংগ্ৰাম চলাই যাম— ফলাফল যিয়েই নহওক লাগিলে। মোৰ দৰেই যি সকলে চিন্তা কৰে তেওঁলোকেনো নিৰ্ভীকভাবে মোৰ দৰেই শপথ গ্ৰহণ নকৰিব কেলেই? নিজকে ন্যায়নিষ্ঠ বুলি ভাবিলে ইতস্ততঃ কৰাৰ কোনো কাৰণ নাই আৰু আমি সফলকাম হবও পাৰোঁ। কিন্তু যদি শেষত গৈ আমি ব্যৰ্থতাকে বৰণ কৰিবলগীয়া হওঁ তাতো দুখ কৰিবলগীয়া একো নাই। তেতিয়াও আমি এই দৰে গৰ্ব্ব অনুভৱ কৰিম যে, দুৰ্গতি, দাসত্ব, উৎপীড়ন আৰু মৃত্যুৰ মাজতো আমি আমাৰ বিচাৰ-শক্তিৰে অনুমোদিত আৰু হৃদয়ত পূজিত আদৰ্শ অক্ষুন্ন ৰখাত কেতিয়াও বিচলিত হোৱা নাই। ইয়াকে কৈ আমাৰ বিবেকক আৰু দেশৰ অবলুপ্ত স্বাধীনতাক সান্ত্বনা দিম।


 

ধৰ্ম্মৰ বিষয়ত অভিমত

 

 ১৮৪৬ চনত লিঙ্কন মাৰ্কিন কংগ্ৰেছৰ সদস্য পদৰ প্ৰাৰ্থী হিচাবে থিয় হৈছিল। পিছত তেওঁ কংগ্ৰেছলৈ নিৰ্ব্বাচিত হয়। তেওঁ ধৰ্ম্মক লৈ উপহাস কৰিছিল বুলি নিৰ্ব্বাচনৰ সময়ত অভিযোগ শুনা গৈছিল। ৰাজহুৱাভাবে এই অভিযোগৰ সমুচিত উত্তৰ দিয়াটো তেওঁ আৱশ্যক বুলি বিবেচনা কৰিছিল।


 

৭ম ‘কংগ্ৰেছনাল ডিষ্ট্ৰিক্ট’ৰ ভোটাৰসকললৈ

 


বন্ধুসকল,

 এই ‘ডিষ্ট্ৰিক্ট’ৰ ওচৰে-কাষৰে সম্প্ৰতি কিছুমান ঠাইত মোৰ বিষয়ে এটা অভিযোগ প্ৰচাৰিত হৈছে। এই অভিযোগৰ মূল কথা হ’ল— মই খৃষ্টধৰ্ম্মক উপহাস কৰোঁ। মোৰ কিছুমান সহৃদয় বন্ধুৰ পৰামৰ্শক্ৰমে অভিযোগৰ মূল বিষয়টো এই বুলিয়েই ধৰি লৈছোঁ। মই যে খৃষ্টধৰ্ম্মৰ কোনো সম্প্ৰদায়ভুক্ত নহওঁ এই কথা সঁচা, কিন্তু মই কেতিয়াও পবিত্ৰ ধৰ্ম্মগ্ৰন্থৰ সত্যতা অস্বীকাৰ কৰা নাই আৰু কেতিয়াও ইচ্ছাকৃতভাবে ধৰ্ম্মৰ— বিশেষকৈ খৃষ্টধৰ্ম্মৰ কোনো মতবাদৰ প্ৰতি অশ্ৰদ্ধাও দেখুৱা নাই। এইটো সঁচা যে, জীৱনৰ আগছোৱাত মই জনাহিচাবে ‘ডক্‌ট্ৰিন অব্ নেছেচিটি’ৰ বিষয়ে (আৱশ্যকতাৰ মতবাদ) বিশ্বাস কৰিবলৈ মোৰ মন ঢাল লৈছিল। এই মতবাদৰ দ্বাৰা মই ইয়াকেই বুজিছিলোঁ যে, মানুহৰ মনটো কোনোবা অদৃশ্য১০