পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্যকাল

ভগবানৰ উদ্দেশ্য পূৰা কৰিবলৈ আটাইতকৈ বেছি উপযোগী। কথাষাৰ সম্ভৱতঃ সচাঁ বুলিয়েই কব খোজা যে এই বিবাদ ভগবানৰেই অভিপ্ৰেত আৰু ভগবানৰ ইচ্ছাৰ কাৰণেই ই এতিয়াও শেষ হোৱা নাই। এই বিবাদত অংশগ্ৰহণকাৰীসকলৰ মনৰ ওপৰত তেওঁৰ যি প্ৰভাৱ আছে অকল সেই শক্তিৰেই তেওঁ আমাৰ ইউনিয়নখনক ৰক্ষা অথবা ধ্বংস কৰি দিব পাৰে— কোনো মানুহৰ প্ৰতিযোগিতাৰ দৰকাৰ নপৰে। তথাপিও এই প্ৰতিযোগিতাৰ সূচনা হল। আৰু আৰম্ভনিৰ পিছতো তেওঁ যি কোনো দিনেই দুটো দলৰ এটাক জয়ী কৰি দিব পাৰিলেহেঁতেন। তথাপিও এই প্ৰতিযোগিতা চলি আছে।

 

দাসৰ মালিক সকললৈ ক্ষতিপূৰণ

 

 (দাসসকলৰ) মুক্তিৰ ঘোষণাপত্ৰত দিয়া প্ৰতিশ্ৰুতি মতে লিঙ্কনে ১৮৬২ চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছলৈ দিয়া তেওঁৰ ২য় বাণীত সংবিধানৰ এটা সংশোধন দাঙি ধৰে। এই সংশোধনমতে যিবোৰ দাসপ্ৰথা প্ৰচলিত ৰাজ্যই ইচ্ছাকৃতভাবে দাসপ্ৰথাৰ বিলোপ সাধন কৰে সেইবোৰ ৰাজ্যক দাসবোৰক মুক্তি দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ দিব। তেওঁ তেতিয়াও আশা কৰিছিল যে যুক্তি আৰু শুভেচ্ছাৰ দ্বাৰা দাসপ্ৰথা প্ৰচলিত ৰাজ্যসমূহক ইউনিয়নৰ ভিতৰলৈ আনিব পাৰিব আৰু বাণীত তেওঁ এই আশাকেই ফুটাই তুলিছিল।

 

 মোৰ দৃঢ়বিশ্বাস, কেৱল শক্তিপ্ৰয়োগৰ দ্বাৰা যিমান সম্ভৱ তাতোকৈ আচনিটোৱে দ্ৰুত শান্তি প্ৰতিষ্ঠা কৰিব আৰু তাক চিৰস্থায়ী কৰি তুলিব।

 এতেকে মই যি আচনি দাঙি ধৰিছোঁ আৰু যদি তাক গ্ৰহণ কৰা হয় তেনেহলে যুদ্ধ সোনকালেই শেষ হব আৰু তাৰ ফলত ধনজনৰ ক্ষতিও কমি আহিব। এই বিষয়ে কাৰোবাৰ সন্দেহ আছেনে? ইয়ে জাতীয় ক্ষমতা আৰু জাতীয় ঐশ্বৰ্য্য সুপ্ৰতিষ্ঠিত আৰু চিৰস্থায়ী কৰিব এই বিষয়ে জানো সন্দেহৰ অৱকাশ আছে? আমি— কংগ্ৰেছ আৰু কাৰ্য্যকৰী সভাই যে এই আচনিখন গ্ৰহণ কৰিৱ পাৰোঁ ইয়াত সন্দেহৰ উদ্ৰেক হয়নে? ঐক্যবদ্ধ আৰু অকপটচিত্তে যদি আমি প্ৰাৰ্থনা জনাওঁ তেনেহলে সৎ মানুহ সকলৰ সহযোগিতা নেপামনে? আমি অথবা তেওঁলোকেও আন কোনো উপায়ে সোনকালে এই গুৰুত্বপূৰ্ণ সুফল পাবলৈ নিশ্চয়কৈ আশা দিব পাৰেনে? আমি গাইগুটীয়াভাবেহে সাফল্য অৰ্জন কৰিব পাৰোঁ। এইটো ‘আমাৰ ভিতৰত কোনোবাই বেছি ভালকৈ কল্পনা কৰিব পৰা বস্তু’ নহয়। ‘আমি আটায়ে মিলি বেছি ভালকৈ কৰিব পাৰোঁ নে’ এই কথাষাৰ হে ইয়াত খাটে। ‘আমি আটায়ে মিলি বেছি ভালকৈ কৰিব পাৰোঁনে’– এনেদৰে ভাবিলে যি কোনো উদ্দেশ্যই অতি সহজ হৈ পৰে।

৪৫