পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাবলী

ৰাজ্যবোৰ কাহানিও ইউনিয়নৰ পৰা ওলাই যোৱা নাছিল বুলি ধৰিলৈ উপযুক্ত সাহায্য দিয়া হল।

 

তেওঁৰ শেষদিনৰ স্মৃতি

 

 ১৮৬৫ চনৰ ১৪ এপ্ৰিল— জীৱনৰ শেষ দিন লিঙ্কনে ভালেমান চিঠি আৰু স্মাৰকপত্ৰ লিখিছিল। ইয়াৰে এখন হল জেনাৰেল জেমচ্ এইচ্ ভান এলেনলৈ লিখা।

 

ৱাশ্বিংটন, ১৪ এপ্ৰিল, ১৮৬৫ চন

প্ৰিয় মহাশয়,

 মই মোৰ বন্ধুবৰ্গৰ পৰামৰ্শ লবলৈ আৰু যথাযথ সতৰ্কতা অৱলম্বন কৰিবলৈ ইচ্ছা কৰিছোঁ। আপোনাৰ ভাষাত কবলৈ গলে সকলো ৰাজ্যই মিলিজুলি হৃদয়ত হৃদয় মিলাই হাতত হাত মিলাই ঐক্যবদ্ধভাবে ইউনিয়নক পুনৰ স্থাপন কৰাত মই যি চেষ্টা কৰিব পাৰোঁ তাত আপোনালোকৰ নিচিনা ৰক্ষণশীলসকলৰো সমৰ্থন পাম বুলি প্ৰতিশ্ৰুতি দিয়াত মই আপোনাক ধন্যবাদ জনাইছোঁ।

আপোনাৰ বিশ্বাসী
এ, লিঙ্কন।
 

জাতীয় ৰাজধানী ৱাশ্বিংটন ডি, চি, ত থকা লিঙ্কনৰ তেজঃপুঞ্জ
প্ৰতিকৃতিটোকেই শিল্পীয়ে তেওঁৰ তুলিৰে ফুটাই তুলিবলৈ বিচাৰিছে।

 

৬০