পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্যকাল


 মই আজি এই ঠাইত ভাষণ দিবলৈ থিয় হৈ গভীৰ আবেগত অভিভূত হৈ পৰিছোঁ‌। ইয়াতেই এসময়ত জ্ঞান, স্বাধীনতা, প্ৰেম আৰু আদৰ্শনিষ্ঠাৰ মিলন হৈছিল— যাৰ পৰায়ে আমি বৰ্ত্তমানৰ ৰাষ্ট্ৰ আৰু সমাজ ব্যৱস্থা লাভ কৰিছোঁ‌। আপোনালোকে আভাষ দিছে যে, দেশৰ বৰ্তমানৰ গণ্ডগোলীয়া অৱস্থাত শান্তি পুনৰস্থাপন কৰাৰ ভাৰ মোৰ ওপৰতেই পৰিছে। মই ইয়াকেই কব পাৰোঁ, মই এতিয়ালৈকে যিখিনি ৰাজনৈতিক মনোভাৱ গ্ৰহণ কৰিছোঁ‌ তাৰ উৎস এই ইন্‌ডিপেন্‌ডেন্‌চ্ হলটোৱেই। স্বাধীনতা ঘোষণা পত্ৰত সন্নিৱিষ্ট নোহোৱা কোনো ৰাজনৈতিক মনোভাৱ মই গ্ৰহণ কৰা নাই। ইয়াত যি সকল জ্ঞানী লোক সমবেতহৈ স্বাধীনতা ঘোষণাপত্ৰ যুগুত কৰি গ্ৰহণ কৰিছিল তেওঁলোকে লগতে যিবোৰ বিপদ স্বীকাৰ কৰিছিল সেইবোৰৰ কথা মই প্ৰায়েই চিন্তা কৰোঁ। যিসকল বিষয়া আৰু সৈনিকে স্বাধীনতা লাভ কৰিলে তেওঁলোকৰ পৰিশ্ৰমৰ কথাও মই ভাৱোঁ‌। কি মহান্ নীতি বা আদৰ্শৰ বলত ইমানদিন ধৰি আমাৰ ‘কন্‌ফেডাৰেচী’ অক্ষুণ্ন আছে তাৰ ভূলবলৈ মই যত্ন কৰিছোঁ‌। অকল মাতৃভূমিৰ পৰা উপনিৱেশ সমূহক পৃথক কৰাৰ কথাই নহয়, যি আদৰ্শৰ অনুধ্যান প্ৰতিফলিত হৈছে স্বাধীনতাৰ ঘোষণা পত্ৰত তাৰ কথাকে মই ভাবো। এই ঘোষণাপত্ৰই অকল দেশবাসীকেই নহয়, মোৰ বোধেৰে ভবিষ্যতলৈ সমগ্ৰ পৃথিবীকেই স্বাধীনতা প্ৰদান কৰিব। ইয়াতে এই প্ৰতিশ্ৰুতি দিয়া হৈছে যে যথাসময়ত সকলোকেই পৰাধীনতাৰ শিকলিৰ পৰা মুক্তি দিয়া হব। স্বাধীনতা ঘোষণাপত্ৰত এই মনোভাৱ নিহিত আছে। বন্ধুসকল, ইয়াৰ ভিত্তিত দেশক ৰক্ষা কৰিব পাৰিনে? যদি পাৰি আৰু যদি তাকে কৰোঁ‌তে মই কিবা সহায় কৰিব পাৰোঁ তেনেহলে মোতকৈ আন কোনোৱে বেছি সুখী নহব। এই আদৰ্শৰ ভিত্তিত যদি দেশক ৰক্ষা কৰিব নোৱাৰি তেনেহলে ই সচাঁকৈ দুখৰ কথা। কিন্তু যদি আদৰ্শক বিসৰ্জন নিদিয়াকৈ দেশক ৰক্ষা কৰিব নোৱাৰি তেনেহলে মই প্ৰায় ইয়াকে কব খোজোঁ যে এই আদৰ্শ বিসৰ্জন দিয়াতকৈ বৰং মোক ইয়াতেই হত্যা কৰা হক। মোৰ বোধেৰে বৰ্ত্তমান পৰিস্থিতিত ৰক্তপাত অথবা যুদ্ধৰ প্ৰয়োজন নহব— ইয়াৰ কোনো প্ৰয়োজন নাই। মই এনেকুৱা অৱস্থা সমৰ্থন নকৰোঁ‌ আৰু আগতীয়াকৈ ইয়াকে কব পাৰো যে চৰকাৰক বাধ্য কৰা নহলে ৰক্তপাত নহব। বাধ্যত পৰিলেহে চৰকাৰে আত্মৰক্ষাৰ অৰ্থে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব।

 বন্ধুসকল, মোৰ ভাষণটো তেনেই অপ্ৰত্যাশিত আৰু মই যেতিয়া ইয়ালৈ আহিছিলোঁ‌ তেতিয়া মই ভাষণ দিব লাগিব বুলি আশা কৰা নাছিলোঁ‌। পতাকা উত্তোলন সম্পৰ্কীয় কিবা কাম কৰিব লাগিব বুলিয়েই মই ধৰি লৈছিলোঁ‌। গতিকে মই কিবা অসংযত কথা কবও পাৰোঁ। যি আদৰ্শত মই বিশ্বাসী আৰু ভগবানৰ অভিপ্ৰেত হলে যাৰ হকে মই প্ৰাণ বিসৰ্জন দিব পাৰোঁ‌, তেনেকুৱা কথাৰ বাহিৰে মই আন একোকে কোৱা নাই।

 

৩৭