এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী
বিদায় ভাষণ : স্প্ৰীংফিল্ড
১৮৬১ চনৰ ফেব্ৰুয়াৰী মাহত ৱাশ্বিংটন প্ৰেচিডেণ্টৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ লিঙ্কনে ইলিনয়চৰ স্প্ৰীংফিল্ডৰ বাসভবনৰ পৰা বিদায় লয়। তেতিয়া তেওঁ যি চমু ভাষণটো দিছিল, গৃহযুদ্ধ আৰু হত্যা আদি পিছৰ ঘটনাৱলীৰ আধাৰত পঢ়ি চালে তাৰ তাৎপৰ্য বেছি স্পষ্ট হৈ ফুটি ওলায়।
বন্ধুসকল,
আজিৰ এই বিদায়-পৰত মই যি দুখ পাইছোঁ মোৰ অবস্থাত নপৰিলে কোনেও তাক অনুভৱ কৰিব নোৱাৰিব! এই ঠাইডোখৰ আৰু আপোনালোকৰ ওচৰত মই সকলোফালৰ পৰাই ঋণী। ইয়াতেই মই জীৱনৰ ২৫ বছৰ কাল কটালোঁ আৰু যৌৱনৰ পৰা বাৰ্দ্ধক্যত পদাৰ্পণ কৰিলোঁ। ইয়াতেই মোৰ সন্তান-সন্ততিসকলে প্ৰথম সুৰুযৰ মুখ দেখিলে আৰু এজনে শেষ নিশ্বাসো ত্যাগ কৰিলে। এতিয়া মই বিদায় মাগিছোঁ— কব নোৱাৰোঁ কাহিনীকৈ উভতি আহিম, নে একেবাৰে নাহোঁৱেই। মোৰ ওপৰত জৰ্জ ৱাশ্বিংটনতকৈও এটি গধূৰ কামৰ দায়িত্ব পৰিছে। ঈশ্বৰৰ আশীৰ্ব্বাদ নহলে মই ব্যৰ্থ নহম। ভগবানে যেন মোক সহায় কৰে, আপোনালোকক সহায় কৰে আৰু সকলো সজলোককে সহায় কৰে। ৺ৰ ওপৰত ভৰসা কৰি আমি নিশ্চিতভাবে আশাকৰোঁহক যেন সকলো কাম সুকলমে সমাধা হয়। মই প্ৰাৰ্থনা কৰোঁ, ভগবানে আপোনালোকৰ মঙ্গল কৰক আৰু আশা কৰো, আপোনালোকেও মোৰ হকে প্ৰাৰ্থনা কৰিব। আপোনালোকৰ সম্প্ৰীতি কামনা কৰি বিদায় মাগিলোঁ।
‘ইন্ডিপেন্ডেন্চ্ হল’ত দিয়া ভাষণ
লিঙ্কনৰ নিৰ্ব্বাচনত দাসপ্ৰথা প্ৰচলিত থকা ৰাজ্যসমূহ তিক্তবিৰক্ত আৰু আশঙ্কিত হৈ উঠিল। এনেকি তেওঁ স্প্ৰীংফিল্ডৰ পৰা যাত্ৰা কৰাৰ আগতে এই ৰাজ্যসমূহে ইউনিয়নৰ পৰা আঁতৰি যাব বুলি ঘোষণা কৰিবলৈ আৰম্ভ কৰে। ৱাশ্বিংটন অভিমুখে ফিলাডেলফিয়াৰ ‘ইন্ডিপেন্ডেন্চ্ হল’ত লিঙ্কনে এটি চমু ভাষণ প্ৰসঙ্গত গণ্ডগোলিয়া পৰিস্থিতি সম্পৰ্কে মনোভাৱ ব্যক্ত কৰে। এই ‘ইন্ডিপেন্ডেন্চ্ হল’তেই বহুবছৰ আগতে স্বাধীনতাৰ ঘোষণাপত্ৰ স্বাক্ষৰিত কৰা হৈছিল।
৩৬