সিন্দবাদ আৰু সাতোটি জলযাত্ৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ বেটুপাত ]
Sindabad Aru Satoti Jaljatra (page 1 crop).jpg
সিন্দবাদ
আৰু
সাতোটি জলযাত্ৰা
আজলীতৰা নেওগ

[ প্ৰথম ]
 

সিন্দবাদ
আৰু
সাতোটি জলযাত্ৰা

 

আজলীতৰা নেওগ

 

[ প্ৰকাশন ]
 

SINDABAD ARU SATOTI JALJATRA : Adopted from Arabian Nights in Assamese by Ajaleetara Neog and published by Xuwani Prakash, Guwahati - 781005.


 

© শুৱনী প্ৰকাশ

 

প্ৰথম তাঙৰণ : ১৮৫৯ শক
দ্বিতীয় তাঙৰণ : ১৮৬২ শক
তৃতীয় তাঙৰণ : ১৮৭৫ শক
পুনৰ মুদ্ৰণ : ৫ ডিচেম্বৰ, ২০০৫

 

মূল্য : ২০.০০ টকা

 

বেটুপাত আৰু অঙ্গসজ্জা : শ্ৰীঅতুল বৰুৱা

 

প্ৰকাশক : শুৱনী প্ৰকাশ
 গুৱাহাটী-শ্বিলং পথ
 ভঙাগড়, গুৱাহাটী - ৭৮১০০৫

 

মুদ্ৰক : শৰাইঘাট ফুটো টাইপছ
 উদ্যোগ পাম, বামুণীমৈদাম
 গুৱাহাটী - ৭৮১০২১

 

[ অৰ্পণ ]
 

অৰ্পণ

 

দয়া আৰু কৰুণাৰ
প্ৰতিমূৰ্তি স্বৰূপা
অকৃত্ৰিম স্নেহময়ী
শ্ৰীযুক্তা চন্দ্ৰপ্ৰভা নেওগনী
শাহু আইৰ পৱিত্ৰ শ্ৰীচৰণ কমলত

 

বোৱাৰীয়েকৰ ভক্তিৰ অৰ্ঘ্য
“শুৱনীকণ”

 

[ পাতনি ]
 

পাতনি

পাৰস্য দেশৰ পুৰণি ৰজাসকলৰ ইতিবৃত্তত অতি প্ৰসিদ্ধ এজন ৰজা আছিল। তেওঁ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু চীন দেশলৈকে তেওঁৰ ৰাজ্যৰ বিস্তাৰ কৰিছিল। তেওঁৰ পাছত তেওঁৰ বৰ পুতেক শ্বাৰিয়াৰে তেওঁৰ ৰাজ্যৰ সৰহ ফাল অধিকাৰ কৰিছিল আৰু সৰু পুতেক শ্বাজেনান সমৰকণ্ডৰ অধিপতি হৈছিলগৈ।

 দহ বছৰ এইদৰে এৰা-এৰি হৈ থকাৰ পাছত শ্বাৰিয়াৰে মৰমৰ ভায়েক শ্বাজেনানক চাবলৈ বৰ হেঁপাহ কৰি সসম্মানে তেওঁক মাতি আনিবলৈ বহুত লগুৱা-লিগিৰা আৰু পৰিজনেৰে মন্ত্ৰীক পঠাই দিলে। শ্বাজেনানে সমুচিত সম্ভ্ৰমেৰে তেওঁলোকক শুশ্ৰুষা কৰিলে, আৰু মন্ত্ৰীৰ, মুখে চেনেহৰ সহোদৰৰ ইচ্ছা বুজি তেওঁ বৰ আহ্লাদিত হ’ল। তেওঁ ৰাজ্যৰ ভাৰ অলপ দিনৰ বাবে আনৰ হাতত অৰ্পণ কৰি দহ দিনৰ ভিতৰতে তেওঁলোকৰ লগত ছুলটানৰ ওচৰলৈ যাবলৈ দিহা-যুগুতি কৰিবলৈ ধৰিলে।

 দহ দিনৰ পাছত প্ৰজাবৎসল ৰজা শ্বাজেনানে ৰাণীৰ পৰা মেলানি লৈ নগৰৰ বাহিৰ ওলাল। কিন্তু নগৰৰ বাহিৰতে টম্বু তৰি সেইদিনা তেওঁ সেই মন্ত্ৰীৰ লগত মাজ নিশালৈকে নানা কথা-বতৰা পাতি থাকিল। আকৌ এবাৰ আহি তেওঁ তেওঁৰ প্ৰাণসমা ৰাণীক চাই যাবৰ হেঁপাহেৰে নগৰ সোমাল। কিন্তু কি অদৃষ্টৰ ফেৰ! তেওঁ আহি দেখে যে প্ৰাণতকৈও অধিক আদৰৰ বুলি যাক সদায় ভাবি আহিছিল, সেই ৰাণী বিশ্বাস ঘাতকিনী, অসতী!! তেওঁ ততালিকে ফাঁকৰ পৰা তৰোৱাল উলিয়াই লৈ সেই পাতকিনীক নিজ হাতে তাইৰ উপযুক্ত দণ্ড বিহিলে।

 পিছদিনা পুৱাই তেওঁলোক সেই মাননীয় ছুলটানৰ ৰাজধানীৰ ফালে বেগাই যাত্ৰা কৰিলে। ৰাজধানীৰ ওচৰ চাপোঁতেই চুলতানে নিজে সপৰিজনে অতি সমাৰোহে সমৰকণ্ডৰ অধিপতিক আদৰি নিলেহি। ইমান [ পাতনি ] দিনৰ মূৰত ভায়েকক দেখা পাই তেওঁৰ আনন্দ, আদৰ-সমাদৰ আৰু যতনৰ সীমা নোহোৱা হ'ল।

 কিন্তু ইমানৰ মূৰতো যে ভায়েক গহীন আৰু চিন্তাযুক্ত, এই কথা চুলতানৰ চকুত ভালকৈয়ে পৰিছিল। তেওঁ তাৰ কাৰণ নিবিচাৰি ভায়েকৰ মনত ৰঙ লগাবৰ কাৰণে যতন কৰিবলৈ ধৰিলে। এদিন তেওঁ চিকাৰৰ দিহা কৰি ভায়েকক লগত নিবলৈ চেষ্টা কৰিলে, কিন্তু শৰীৰ অসুখ বুলি ককায়েকক পঠিয়াই এটা কোঠালিত নিজে দুৱাৰ মাৰি সোমাই থাকিল।

 এই কুঠৰীৰ পৰা খিৰিকিয়েদি ৰজাৰ ফুলনি বাৰী দেখি। হঠাৎ তেওঁ ফুলনিৰ ফালে এখন গুপ্ত দুৱাৰ মেল খোৱা দেখা পালে। তাৰ পাছতে ৰাণীক মাজত লৈ সেইফালে বোৰ্‌খা পিন্ধা কুৰিজনী তিৰুতা ওলাই অহা তেওঁৰ চকুত পৰিল। ততালিকে সিহঁতে বোৰ্‌খা খহাই পেলালে। আৰু তেওঁ দেখি আচৰিত হ'ল, তাৰে দহোটা ক’লা গোলাম আৰু গাইপতি সিহঁতৰ একোজনী তিৰুতা। এনেতে চুলতানাই হাতেৰে এটা চাপৰি মাৰি মাত লগালে, ‘মছৌদ্‌, মছৌদ্! তৎক্ষণাৎ এটা ক’লা মানুহ তেওঁৰ ওচৰলৈ লৰি গ'ল, আৰু তাতে সকলোটি কথা-বতৰা পাতি থাকিল। শ্বাজেনানৰ মন আৰু মুখ একেলগে মুকলি হ’ল— তেনেহ'লে মই অনাহক ভাবিছিলোঁ বোলোঁ মোতকৈ দুৰ্ভগীয়া আৰু পৃথিবীত নাই! তেতিয়াৰে পৰা তেওঁৰ মনৰ গধূৰ ভাৰ খহি পৰিল, আৰু তেওঁ খাই- পিন্ধি ৰঙ-আনন্দত কাল কটাবলৈ ধৰিলে।

 চুলতান আহি ভায়েকৰ এনে সুন্দৰ পৰিবৰ্তন দেখি অতি আনন্দিত হ’ল, আৰু তেওঁক এতিয়া আগৰ অৱস্থা আৰু এতিয়াৰ পৰিবৰ্তনৰ কাৰণ সুধিলে। ভায়েকে যথাক্ৰমে সকলো কথা নিসঙ্কোচে ককায়েকক বুজাই ক’লে। পোনতে ভাই-বোৱাৰীয়েকৰ সেই বিশ্বাসঘাতকতা আৰু তাৰ পৰিণামৰ কথা শুনি তেওঁ ভাবিছিল যে তেওঁৰ তিৰুতা নিশ্চয় তেনেকুৱা হ’ব নোৱাৰে; কিন্তু নিজ ককায়েকৰ মুখে যেতিয়া তেওঁৰ চুলতানাৰো এনে অসৎ চৰিত্ৰৰ কথা শুনিলে, তেওঁ বিস্মিত হোৱাৰ লগে লগে ভায়েকক তাৰ প্ৰমাণ খুজিলে। ভায়েকৰ নিৰ্দ্দেশমতে তেওঁ আকৌ এটা চিকাৰৰ দিহা কৰি চিকাৰলৈ নগৈ ভায়েকৰ লগত সেই কুঠৰীটোত লুকাই থাকিল। যেতিয়া অবিকল ভায়েকৰ কথামতে নিজ চকুৰে তেওঁ সকলো [ পাতনি ] দেখা পালে, তেতিয়া তেওঁ ততালিকে ঘৈণীয়েকক হত্যা কৰাই পেলালে আৰু সেই দাসী কেইজনীক নিজ হাতে তৰোৱালৰ আগত খণ্ড-বিখণ্ড কৰিলে।

 তেতিয়াৰে পৰা সেই সৰলচিতীয়া প্ৰজাবৎসল চুলতান অতি কঠোৰ হ’ল, আৰু তেওঁৰ এই নিষ্ঠুৰ প্ৰতিজ্ঞা ৰাজ্যত শুনাই দিলে যে তেওঁ প্ৰত্যেক দিনে এজনী ন ন ছোৱালী ঘৰলৈ আনিব আৰু পিছদিনা পুৱাই তাইক মৰাই পেলাব। যেই কথা সেই কাম। ৰজাৰ এই অমানুষিক আচৰণ দেখি সকলো প্ৰজাই অতি ত্ৰাস পালে আৰু সকলো তেনেই বিবুদ্ধি হ’ল।

 চুলতানৰ এই নৃশংস কাৰ্য্যৰ অনিচ্ছুক যন্ত্ৰ আছিল তেওঁৰ মন্ত্ৰী। এই মন্ত্ৰীৰ দুজনী জীয়েক আছিল। ডাঙৰজনী শ্বেহৰাজাদী, অতি বিচক্ষণ বুদ্ধি আৰু শক্তিসম্পন্না আছিল; কিন্তু সৱাৰো উপৰি আছিল শ্বেহৰাজাদীৰ দেহৰ অতুলন ৰূপ-লাৱণ্য। সৰুজনী ডিনাৰজাদীও, বায়েকৰ অনুপাতেই বুদ্ধিমতী আৰু গুণৱতী আছিল।

 এদিন কথাৰ ছলতে শ্বেহৰাজাদীয়ে মন্ত্ৰীক জনালে, তেওঁ নিজে ৰজাত বিয়া সোমাব খোজে। মন্ত্ৰীয়ে জীয়েকৰ এই প্ৰস্তাৱ শুনি নিজৰ কাণকে বিশ্বাস কৰিবলৈ টান পালে আৰু জীয়েকে কি কৈছে ভাঙি ক’বলৈ ক'লে। তেতিয়া শ্বেহৰাজাদীয়ে ক’লে বোলে তেওঁ বিয়া সোমাই চুলতানৰ এই অমানুষিক কাৰ্য্যৰ গতিত বাধা দি নিজৰ নিচিনা সহস্ৰ গাভৰুৰ জীৱন ৰক্ষা কৰি ৰজা, মন্ত্ৰী আৰু দেশৰ সুনাম ৰক্ষা কৰিব পাৰিব বুলি তেওঁৰ বিশ্বাস। কিন্তু মন্ত্ৰীয়ে একোপধ্যে এই প্ৰস্তাৱত সম্মতি প্ৰকাশ নকৰে। শ্বেহৰাজাদীয়ে বুজালে বোলে এনে এটি শুভ চেষ্টাত প্ৰাণ গ’লেও সেই মৃত্যু চিৰস্মৰণীয় হ’ব। শেষত অগত্যা জীয়েকৰ প্ৰস্তাৱত সম্মতি দিবলৈ মন্ত্ৰী বাধ্য হ’ল।

 পিছদিনা যেতিয়া মন্ত্ৰীয়ে সেই প্ৰস্তাৱ নিজে দাঙি ধৰিলে, চুলতানে আচৰিত হৈ ক’লে, “কি কৈছা? তুমি পাহৰিছানেকি মই এজনী ছোৱালী দুদিনৰ কাৰণে বিয়া নকৰাওঁ বুলি কৰা কঠোৰ প্ৰতিজ্ঞা? ভাবি চোৱা, কাইলৈ পুৱাই প্ৰাণদণ্ডৰ বাবে শ্বেহৰাজাদীক তোমাৰ হাতত সঁপিম, আৰু তুমি তাত দোধোৰমোৰ কৰিলে তোমাৰ নিজ মূৰ কটা যাব।” তেওঁ ক'লে, “চুলতান, মই সকলো বুজিছোঁ। কিন্তু শ্বেহৰাজাদী নিজ প্ৰতিজ্ঞাত অটল।”

[ পাতনি ]  ৰাতি চুলতানে তেওঁৰ শোৱাকুঠৰীত শ্বেহৰাজাদীক ওৰণি গুচাবলৈ আদেশ দি দেখিলে —পবিত্ৰ সুধাসনা মুখখনি। তেওঁ তন্ময় হ’ল। কিন্তু তাৰ লগতে তেওঁৰ চকুত পৰিল সেই সুন্দৰীৰ দুগালেদি বোৱা দুধাৰি চকুলো। ততালিকে চুলতানে তেওঁক তাৰ কাৰণ সুধিলে। শ্বেহৰাজাদীয়ে ক'লে, “মাননীয় চুলতান, এয়ে মোৰ শেষ ৰাতি, মই ভালকৈ বুজিছোঁ। কিন্তু মোৰ এজনী অতি মৰমৰ ভনী আছে, তাইক যদি এই ৰাতি মোৰ লগতে এই কুঠৰীত শুবলৈ দিয়ে তেনেহ'লে মোৰ শেষ ইচ্ছা পূৰণ হ'ব!” চুলতানে তাত অনুমতি দিলে।

 ৰাতি পুৱাবলৈ আৰু এপৰমান সময় আছে, এনেতে ডিনাৰজাদীয়ে মাত লগালে, "বাইদেউ, তুমি জনা সেই সোৱাদলগা সাধুবোৰৰ এটা সাধু মোক ক'বানে? তুমি নহ'লে আৰুনো কোনে মোক তেনেকুৱা সাধু ক'ব?" শ্বেহৰাজাদীয়ে চুলতানৰ অনুমতি খুজিলে, আৰু তেওঁ অনুমতি দিলে। তেতিয়া শ্বেহৰাজাদীয়ে ভণীয়েকক শুনিবলৈ কৈ চুলতানক সম্বোধন কৰি এটা সাধু ক'বলৈ ধৰিলে।

 সাধুটো আধা কোৱা হৈছে, এনেতে ৰাতি পুৱাল। ডিনাৰজাদীয়ে ক'লে, "বাইদেউ, কেনে আচৰিত সাধুটো। শ্বেহৰাজাদীয়ে ক'লে, "বাকীছোৱা আৰু আচৰিত। মাননীয় চুলতানে যদি মোক অহা নিশাটো জীয়াই থাকিবলৈ দিয়ে, তেনেহ'লে সেইছোৱা শুনি দুয়ো অদ্ভূত মানিবা।" চুলতানে সাধুটো বিশেষ মনোযোগেৰে শুনি আছিল। তেওঁ ভাবিলে, "শ্বেহৰাজাদীতো মোৰ আঁঠুৱা তলৰ ম'হ, যেতিয়াই মোহাৰ মাৰোঁ তেতিয়াই মৰিব। বাৰু, এৰাতি সময় দি সাধুটো শেষ কৰাওঁ।" এই বুলি তেওঁক আৰু এৰাতি সময় দিলে।

 চুলতান সোনকালে উঠিল। মন্ত্ৰীয়ে নানা চিন্তা-উদ্বিগ্নতাৰে মৰমৰ জীয়েকৰ প্ৰাণদণ্ডৰ আদেশ পাবলৈ ভয় কৰি বাট চাই আছে। কিন্তু তেওঁ আহি তেনে কোনো আদেশ নিদিয়াকৈ শান্তভাৱে ৰাজকাৰ্যত মন দিয়া দেখি মন্ত্ৰী অতি আচৰিত হ'ল। কিন্তু তাৰ কাৰণ ভাবি নাপালে।

 পিছ নিশাও ছল-বুদ্ধি কৰি আন এটা সাধু ক'বলৈ আৰু এনিশা সময় ল'লে আৰু চুলতানে তাত আপত্তি কৰিব নোৱাৰিলে। এইদৰে এনিশা-দুনিশাকৈ এহেজাৰ এনিশা শ্বেহৰাজাদীয়ে সাধু কৈয়েই থাকিল: [ পাতনি ] তথাপি তেওঁৰ সাধুৰ ওৰ নপৰিল। তাৰ লগে লগে চুলতান শ্বাৰিয়াৰ বুকু কুমলিবলৈ ধৰিলে আৰু তেওঁৰ কঠোৰ প্ৰতিজ্ঞাৰ বান্ধ ঢিলা হ’ল। তেওঁ অন্তৰেৰে শ্বেহৰাজাদীৰ অদ্ভুত শক্তিৰ প্ৰশংসা কৰিলে আৰু পোনতে কি অসীম দুঃসাহক সাৰথি কৰি শ্বাৰিয়াৰ চুলতানা হ’বলৈ আহিছিল সিও তেওঁৰ মনত পৰিল। শ্বেহৰাজাদীয়ে কোৱা সাধুবোৰত এনে অপূৰ্ব মহিমা সোমাই আছিল যে তাৰ গুণত শ্বাৰিয়াৰ শিলেৰে বন্ধোৱা হিয়াও ফুলৰ দৰে কোমল হ'ল আৰু তাৰ গুণত দোঁ-খাই শেহত শ্বেহৰাজাদীক কলে— “অনুপমা শ্বেহৰাজাদী, মই বঢ়িয়াকৈ বুজিছোঁ, তোমাৰ এই সোৱাদ সাধুৰ ৰহঘৰা সহজে শেষ নহয়। এই সাধুবোৰৰ গুণতে এতিয়া মোৰ মনৰ খং মনতে মাৰ গৈছে, আৰু শুধ চিতেৰে মই সেই নিষ্ঠুৰ আইন তুলি লৈছোঁ। আৰু জগতে এতিয়া জানিব যে মোৰ ন্যায়সঙ্গত প্ৰতিশোধৰ জুইত জাহ যাব লগা সহস্ৰ গাভৰুৰ তুমিয়েই ত্ৰাণ-কৰ্ত্ৰী।”

 শ্বেহৰাজাদীয়ে কৃতজ্ঞতাপূৰ্ণ হিয়াৰে তেওঁৰ ভৰিত দীঘল দি পৰিল। মন্ত্ৰী, সভাসদ আৰু গোটেই ৰাজ্যৰ মাজত এই সু-সম্বাদ ৰাষ্ট্ৰ হৈ পৰিল; চুলতান আৰু চুলতানৰ মূৰত সমগ্ৰ ৰাজ্যৰ শুভ ইচ্ছা আৰু আশীৰ্বাদৰ জয়মালা পৰিবলৈ ধৰিলে।

 এই সাধুবোৰেই “এহেজাৰ এনিশা” বা “আৰবীয় নিশা” সাধু নামে প্ৰায় গোটেই পৃথিৱীত প্ৰথিত। এই সাধুবোৰৰ অতি সুপ্ৰসিদ্ধ সৰবৰহী সাধুৰ ভিতৰত “আলিবাবা”, “সিন্দ্‌বাদ” আৰু “আল্লাউদ্দিন” সাধুৱেই প্ৰধান বুলি সকলোৱে একেমুখে কয়। সেই দেখি “আলিবাবা”ৰ পিছতে “সিন্দবাদ” সাধু লেখিকাই ৰাইজৰ আগলৈ উলিয়াইছে আৰু সকলোৰে উৎসাহ সমাদৰ পাব বুলি আশা কৰিছে।

শুৱনী পজা, যোৰহাট
ফাগুন, ১৮৫৯ শক

শ্ৰীডিম্বেশ্বৰ নেওগ

 

[  ]

সিন্দবাদ আৰু সাতোটি জলযাত্ৰা

 একালত বাগদাদ্‌ নগৰত হিন্দ্‌বাদ নামে এটা দুখীয়া খৰিভাৰী আছিল। সি দিনটো কাঠ কাটি কান্ধেৰে কঢ়িয়াই নি নগৰত বেছি কোনোমতে তাৰ ল’ৰা–তিৰোতাৰ সৈতে পেট প্ৰৱৰ্তাইছিল। এদিন সি জহকালি বৰ ৰ'দত কান্ধত মেটমৰা খৰি এভাৰ লৈ ঘামি-জামি আহিছিল। ভাগৰ লাগি বাটৰ কাষৰ এজোপা বৰ গছৰ তলতে খৰিভাৰ নমাই সি জিৰণি ল’বলৈ বহিল।

 অলপ পাৰৰ পাছতে বতাহৰ ঢালত ক’ৰবাৰ মধুৰ সঙ্গীত আৰু সুগন্ধ উটি আহি তাৰ দুখ-ভাগৰ পাতলাই দিলে। ইমান সুৱলা গীত আৰু এনে সুমধুৰ গোন্ধ, সি যে জীৱনত কেতিয়াও পোৱা নাই! ঘূৰি চাই সি ভালেমান দুৱাৰ-খিৰিকি থকা ৰাজ কাৰেঙৰ নিচিনা এটা ঘৰ দেখিবলৈ পালে আৰু সেই ঘৰটোৰ ভিতৰৰ পৰাই সেই গীত আৰু গোন্ধ উটি আহিছিল বুলি সি অনুমান কৰিলে।

 চহৰখনৰ এই অঞ্চললৈ হিন্দ্‌বাদ আগেয়ে কেতিয়াও অহা নাছিল। সেইদেখি সি ওচৰতে এটা মানুহ লগ পাই সুধিলে, “এইটো কাৰ ঘৰ?” মানুহটোৱে ক'লে, “কিয়, তুমি জানো এই চহৰৰে মানুহ নোহোৱা? এইটো সেই ধনী নাৱিক সিন্দ্‌বাদৰ ঘৰ!” সিন্দ্‌বাদৰ নাম আৰু অতুল ঐশ্বৰ্যৰ কথা হিন্দ্‌বাদে আগেয়েই শুনিছিল। সেই দেখি সি নিজে নিজে ক’বলৈ ধৰিলে, “এই সিন্দ্‌বাদ আৰু মোৰ ভিতৰত কিমান প্ৰভেদ! মই যিমান ছাল-ছিগা ভিকুহু, এওঁ সিমান চহকী। মই ওৰে দিনটো মূৰৰ ঘাম মাটিত পেলাই কাম কৰিও দুবেলা দুমুঠি পেট, ভৰাই খাবলৈ নাপাওঁ, আৰু এওঁ বহি বহিয়ে এনে সুখ-সম্পদ ভোগ কৰে। ঈশ্বৰৰ এনে অবিচাৰ!”

 এইদৰে নানান আকাশ-পাতাল গুণি থাকোঁতেই সেই ঘৰৰ এটা [  ]
ভাগৰ লাগি বাটৰ কাষৰ এজোপা বৰ গছৰ তলতে খৰিভাৰ নমাই সি জিৰণি ল'বলৈ বহিল।

লগুৱা আহি হিন্দবাদক ক’লে বোলে তাক সেই ঘৰৰ গিৰিহঁতে মাতি পঠাইছে। হিন্দবাদৰ ভয় লাগিল, জানোচা সেই ঘৰৰ গিৰিহঁতজনে সি নিজে নিজে কোৱা কথা শুনিলেই!’ এইবুলি সি নাযাবলৈ চেলু বিচাৰি মানুহটোক ক'লে, “মই তালৈ যাব নোৱাৰোঁ। মই মোৰ এই ভাৰখন বহুত দূৰলৈ লৈ যাব লাগিব।” তেতিয়া মানুহটোৱে ক'লে, “গিৰিহঁতে তোমাৰ এই ভাৰখন যলৈ নিব লাগে নিয়াই দিব, এতিয়া তুমি মোৰ পিছে পিছে আহাঁ।” [  ]  কোনোমতে এৰাব নোৱাৰি সি ভয়ে ভয়ে পিছে পিছে গ'ল আৰু সেই ঘৰৰ ভিতৰ পালেগৈ। তাত এখন ডাঙৰ মেজত বহুমূলীয়া খোৱা বস্তুৰে ভালেমান কাঁহী সজোৱা আছে আৰু তাৰ চাৰিওফালে চকীত কেইবাজনো ডাঙৰ মানুহ বহি কথা-বতৰা হৈছে। তাৰ ভিতৰৰে এজন বুঢ়া চানেকীয়া মানুহ তাৰ চকুত পৰিল, আৰু সেইজনেই ঘৰৰ গৰাকী বুলি অনুমান কৰিলে। সেই মানুহজন মৰমিয়াল বুলি তাৰ ধাৰণা হ’লআৰু তেওঁৰ চকু দুটিতো সি মৰম বিৰিঙি উঠা দেখিলে। তেতিয়া তাৰ ভয় পাতলিল। তাৰ পাছত সেই মানুহজনে তেনেকুৱা খোৱা বস্তুৰে সৈতে একাঁহী বস্তু তাক পেট ভৰাই খাবলৈ দিলে।

 খুৱাই-ধুৱাই সন্তুষ্ট কৰি সিন্দ্‌বাদে তাক মৰমেৰে সুধিলে, “তুমি কোন? ক’ৰপৰা আহিছা? সি উত্তৰ দিলে, “মই এটা খৰিভাৰী। মই নিচেই দুখীয়া। মোৰ নাম হিন্দবাদ।” তেতিয়া তেওঁ তাক মৰমেৰে আকৌ ক'লে, “মই এইমাত্ৰ তোমাৰ মুখত দুখৰ কথা শুনিহে তোমাক ইয়ালৈ মাতি পঠাইছিলোঁ। মই যিমান সহজে ইমান চহকী হৈছোঁ বুলি তুমি ভাবিছা, সি সঁচা নহয়। মই ইমান বিপদ-আপদৰ মাজেদি ইমান দুখ-কষ্টেৰে ধনী হৈছোঁ যে অতি ধনলোভী মানুহেও মোৰ কাহিনী শুনি আৰু ধন ঘটিব নুখুজিব। বাৰু, মই মোৰ কাহিনী কওঁ শুনা।” এইবুলি তেওঁ হিন্দবাদক সুধি তাৰ খৰিভাৰ ঘৰলৈ পঠাই দিয়ালে। সিন্দবাদৰ কাহিনী শুনিবলৈ আটাইৰে হেঁপাহ হ’ল। তেওঁ ক’বলৈ ধৰিলে—

প্ৰথম জলযাত্ৰা

 মোৰ চালুকীয়া অৱস্থাতে পিতাদেউ ঢুকাল। মই পিতাদেউৰ ভালেমান ধন-সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পালোঁ। পোনৰ ডেকাকাল পাই ধনক ধন নুবুলি কুসঙ্গত পৰি মই দুই হাতে সেই ধন [  ]
মই ধৰা কাঠডোখৰ সোঁতত উটি গৈ গৈ এটা সৰু দ্বীপত লাগিলগৈ।

ছটিয়াবলৈ ধৰিলোঁ। মই অকল যে পৈতৃক ধন-সম্পত্তিবোৰকেহে নষ্ট কৰিলোঁ এনে নহয়, তাৰ লগে লগে মোৰ স্বাস্থ্যও হেৰুৱালোঁ। তাৰ পাছত মই এটা ডাঙৰ নৰিয়াত পৰিলোঁ। তেতিয়া মোৰ সেই সম্পদৰ লগৰীয়াসকলে মোক এৰি গ'ল আৰু দিনে-ৰাতিয়ে পাটিত পৰি থাকি ডেকা বয়সৰ সেই কুকাৰ্যবোৰৰ বিষয়ে ভাবিবলৈ মোৰ বহুত আহৰি ওলাল। বেমাৰৰ পৰা অলপ সকাহ পাই যেতিয়া মই ক্ৰমে [  ] সুস্থ অৱস্থালৈ আহিলোঁ, তেতিয়া মোৰ যি অলপ ধন-সম্পত্তি বাকী আছিল, তাৰে কিছুমান মাল কিনি লৈ বেপাৰ-বাণিজ্য কৰিবৰ মনেৰে বেলসৰ বন্দৰলৈ জাহাজত যাত্ৰা কৰিলোঁ।

 যাওঁতে কেইবাটাও বন্দৰত আমাৰ জাহাজ ৰখাই বস্তু বেচা- কিনা কৰি যাবলৈ ধৰিলোঁ। এইদৰে গৈ গৈ আমি সাগৰৰ মাজত এটি সৰু দ্বীপ দেখিলোঁ। দ্বীপটি পৰিস্কাৰ-পৰিচ্ছন্ন দেখি, তাতে শোৱা- লোৱাৰ দিহা কৰিবৰ মনেৰে আমি সকলো যাত্ৰী তাতে নামি নানা হাঁহি-ধেমালি কৰিছোঁ। তেনেতে দ্বীপটো লৰিবলৈ ধৰিলে। আমাৰ সকলোৰে বৰ ভয় লাগিল। “আমি সাগৰৰ এটা বৰ ডাঙৰ তিমি মাছৰ পিঠিতহে উঠি আছো” বুলি আমি আটায়ে চিঞৰ-বাখৰ লগালোঁ। তেতিয়া জাহাজৰ নাৱত কিছুমান জাপ মাৰি উঠিল আৰু কিছুমান সাঁতুৰি সাঁতুৰি জাহাজত উঠিলগৈ। মই নৌ জাপ মাৰিবলৈ পাওঁতেই সেই প্ৰকাণ্ড পানীৰ জন্তুটোৱে তললৈ বুৰ মাৰি দিলে।

 ভাত-খোৱা মেজৰ কাম চলাবলৈ মই এডোখৰ আহল-বহল কাঠ নিছিলোঁ। তাতে ধৰি কোনোমতে মই ৰক্ষা পৰিলোঁ। মই ধৰা কাঠডোখৰ সোঁতত উটি গৈ গৈ এটা সৰু দ্বীপত লাগিলগৈ। তাতে মই নামিলোঁ। নামিয়েই ইফালে সিফালে চালোঁ, কতো জন-প্ৰাণীৰ সঞ্চাৰ নেদেখিলোঁ। তাত মুঠেই কেইটামান ঘোঁৰা পোৱালি চৰি আছে। কিছুমান গুটি-লগা গছ দেখি তেতিয়াই অলপ ফলাহাৰ কৰিলোঁ। তাৰ পাছত অলপ দূৰতে এটা গুহা দেখিলোঁ আৰু তালৈ গৈ গুহাটোতে এপৰমান বেলি শুলোঁ। সাৰ পাই উঠি আকৌ কেইটামান গছৰ গুটি খাই ৰাতিটোৰ কাৰণে জিৰাবলৈ এজোপা ডাঙৰ ওখ গছত উঠিলোঁ।

 দ্বীপটোৰ চাৰিওফালে দুপৰমান নিশাত ডবা, কাঁহ, ঘণ্টাৰ বাদ্য বজা শুনিবলৈ পাই মোৰ সেই চিলমিলকৈ ধৰা টোপনি ভাগিল। সেই বাদ্য ৰাতিপুৱালৈকে বাজিয়ে আছিল। ৰাতি পুৱালত সকলো নিতাল [  ] মাৰিলে আৰু মই কেউফালে চাই কাকো নেদেখি অতি আচৰিত হ'লোঁ। দ্বীপটো নিচেই সৰু, আৰু মণিব পৰালৈকে তাৰ চাৰিওফালে কোনো জন-প্ৰাণী নাই। মই মোৰ নিজৰ আশা এৰি দিলোঁ। তাতে দ্বীপটোত ভয়ঙ্কৰ সাপ আৰু জল-জন্তুবোৰ দেখি মোৰ পেটতে হাত- ভৰি লুকাল। তথাপি মই এই কথা ভালকৈ বুজিছিলোঁ, এই জন্তুবোৰ বৰ ভয়াতুৰ আৰু মাৰি এডাল হাতত ল'লেই সিহঁতে পানীত লুকাবলৈ তৎ হেৰুৱায়।

 পিছদিনাও মাজনিশা আকৌ সেইদৰে ডবা, কাঁহ, ঘণ্টা বজা শুনিবলৈ পালোঁ আৰু ৰাতিপুৱা আকৌ সকলো নিজম পৰিল। তাৰ পিছদিনা কেইটামান মানুহ দেখি মোৰ মুখলৈ পানী আহিল। সিহঁতে মোক দেখি বৰ আচৰিত হৈ মই কোন আৰু ক'ৰপৰা তালৈ কেনেকৈ আহিলোঁ বুলি সোধাত মই সকলো কথাৰ সমিধান দিলোঁ। তেতিয়া সিহঁতে ক'লে, “এইটো দিলায়েল নামে এটা যক্ষৰ দ্বীপ। যক্ষই প্ৰতি নিশা ডবা, কাঁহ, ঘণ্টাৰ বাদ্যেৰে এই দ্বীপ চাই যায়হি। আমি মিৰেজ ৰজাৰ ঘোঁৰাৰখীয়া। যক্ষটোৱে এই দ্বীপতে মিৰেজ ৰজাৰ ঘোঁৰা ৰাখিবলৈ অনুমতি দিছে। আমি ছমাহে ছমাহে ৰজালৈ ঘোঁৰা বাছি নিওঁহি।”

 তাৰ পাছত সিহঁতে মোক মিৰেজ ৰজাৰ গুৰিলৈ নিলে আৰু মোৰ সকলো কাহিনী শুনি ৰজাই বৰ সন্তোষ পালে। ৰজাক মই ফুৰা সেই নানা দেশৰ ৰীতি-নীতি, চলন-ফুৰণৰ কথা কওঁ, আৰু সেইবোৰত পৰম প্ৰীতি পাই তেওঁ মোক তেওঁৰ লগত সদায় লৈ ফুৰায়।

 এইদৰে অলপ দিন থকাৰ পিছত এদিন এখন জাহাজ তাৰ বন্দৰত ৰখাই বস্তু উঠা-নমা কৰা চাবলৈ গ'লোঁ। সেই জাহাজতে মই মোৰ বেলসৰলৈ নিয়া বস্তুবোৰ দেখা পালোঁ। তেতিয়াই মই লৰালৰিকৈ অধ্যক্ষজনৰ ওচৰলৈ গৈ ক'লোঁ, “অধ্যক্ষ, মই সিন্দবাদ”। তেওঁ চক্ খাই উঠিল আৰু ইবোৰ নাৱিকৰ ফালে চাই [  ] ক'লে, “আমি নিশ্চয় সিন্দবাদক এই ঠাইৰ পৰা দুশ-তিনিশ মাইলমান দূৰত ঢৌৱে গিলি হোৱা দেখিছিলোঁ।” যেতিয়া সকলো নাৱিক মোৰ কাষ চাপি আহিল, তেওঁলোকে চিনি পালে আৰু মই পৰিত্ৰাণ পোৱা বাতৰিত সকলোৱে আনন্দ প্ৰকাশ কৰিলে। অধ্যক্ষজনেও মোৰ সকলো বস্তু ৰঙেৰে ওলোটাই দিলে।

 ঘূৰি আহি মই মিৰেজ ৰজাক অলপ বহুমূলীয়া উপহাৰ দিলোঁ আৰু তেৱোঁ মোক ততোধিক মূল্যৰ উপহাৰ যাচিলে। তেতিয়া আৰু কিছুমান মাল কিনি বেলসৰলৈ যাত্ৰা কৰিলোঁ। তাত সেই মালখিনি বেচি মই প্ৰায় চাৰি লাখ টকাৰ সম্পত্তি কৰিলোঁ আৰু তাৰে তাতে খাই-শুই মহাসুখে কাল কটাবলৈ থিৰ কৰিলোঁ।

দ্বিতীয় জলযাত্ৰা

 অলপ দিনৰ ভিতৰতে এনে সুখ-শান্তিয়েও মোক আমুওৱা হ’ল, আৰু সেইদৰে থাকি থাকি আমনি লাগিলত আৰু কিছুমান মাল-বস্তু কিনি-কুটি সদাগৰ কেইজনমানেৰে মই আকৌ সাগৰত ফুৰিবলৈ ওলালোঁ। যাওঁতে বাটত আমি বহুত ঠাইত জাহাজ লগাই নামি গৈছিলোঁ, আৰু গৈ গৈ শেষত এটা সৰু দ্বীপত নামিলোঁগৈ। তাতে বহি সকলোৱে নানান আমোদ-প্ৰমোদ কৰিলোঁ। মই অলপ আহাৰ আৰু ফটিকা খাই অলপ দূৰত বহি থাকোঁতে মোক সেইফালে টোপনিয়ে হেঁচা মাৰি ধৰিলে। বহুত পৰৰ পাছত সাৰ পাই উঠি চকামকাকৈ কেউফালে চাই দেখোঁ, মোৰ সহযাত্ৰীসকল নাই। পাহৰণতে তেওঁবিলাকে মোক তাতে এৰি থৈ পাল তৰি গুচি গ'ল।

 তেতিয়া মই বৰ দোধোৰ-মোৰত পৰিলোঁ আৰু মোৰ বৰ ভয় লাগিল। হতাশ হৈ শেষত মোৰ এই ভয় পাতলিল। মই এজোপা বৰ ওখ গছত উঠিলোঁ। গছৰ ওপৰৰ পৰা বহুত দূৰত বৰ ডাঙৰ আৰু বগা ঘূৰণীয়া কিবা এটা বস্তু দেখিলোঁ। তেতিয়া মই গছৰপৰা নামি [  ]
মই বগুৱা বাই বাই তাৰ ঠেঙৰ ওচৰ পালোঁগৈ।

লৰি সেই বস্তুটোৰ ওচৰ পালোঁগৈ। কাষ চাপি গৈ মই আৰু আচৰিত হ'লোঁ। তাৰ মেৰটো একুৰি বাৰ-তেৰ হাতমান আৰু সি হাতী দাঁতৰ নিচিনা বগা আৰু মিহি। চাৰিওফালে ঘূৰি ঘূৰি চালোঁ, কেনিও বিন্ধা এটাকে নাই।

 এইদৰে তাৰে আলেখ-লেখ চাওঁতেই ক্ৰমে বেলি পৰোঁ পৰোঁ হ’ল। এনেতে হঠাৎ আকাশখন ক’লা হৈ অহা যেন লাগিল আৰু মই [  ] ততালিকে ওপৰলৈ চাই দেখোঁ,এচপৰা ক’লা ডাৱৰ যেন মোৰ ফাললৈ লৰি আহিছে। মই সেই ফাললৈ চাওঁতে চাওঁতেই সেই ডাৱৰছটা এটা প্ৰকাণ্ড পাখিলগা প্ৰাণীত পৰিণত হ'ল। তাক আৰু চৰাই বুলিব নোৱাৰি। সি ইমান ডাঙৰ যে এটা হাতী পোৱালিও সি ধৰি উৰাই লৈ যাব পাৰে। সি নামি আহি পোনেই সেই বগা ঘূৰণীয়া বস্তুটোৰ ওপৰত পৰিল। তেতিয়া, সেই বগা বস্তুটো তাৰে কণী বুলি মই অনুমান কৰিলোঁ। মই বগুৱা বাই বাই তাৰ ঠেঙৰ ওচৰ পালোঁগৈ। তাৰ এটা ঠেঙেই এজোপা ডাঙৰ গছৰ গুৰিটোৰ সমান হ’ব।

 মই পৰুৱাটো বগোৱাৰ দৰে বগাই গৈ তাৰ ঠেঙত উঠিলোঁ আৰু মোৰ মূৰৰ পাগুৰিটো লাহেকৈ সোলোকাই তাৰ ঠেঙত মেৰিয়াই গাটো আঁটি আঁটি বান্ধি ললোঁ।

 পিছদিনা পুৱা মোক ঠেঙত বান্ধি লৈ চৰাইটো আকাশলৈ উৰা মাৰিলে আৰু সি মোক এই দ্বীপৰ পৰা পৰিত্ৰাণ কৰিলে। সি ইমান ওপৰলৈ গৈছিল যে মই পৃথিৱীখন একেবাৰে চকুৰে নমনা হ'লোঁ। তাৰ পাছত সি আকৌ ছোঁ মাৰি ইমান কোবেৰে তললৈ নামি আহিছিল যে মই তেতিয়াই মূৰ্চ্ছা গৈছিলোঁ। তাৰ পাছত চেতনা পাই দেখোঁ যে মই আকৌ মাটি পালোঁহি। তেতিয়া মই তাৰ ঠেঙৰ পৰা ততালিকে মোৰ বান্ধটো মোকোলাই পেলালোঁ। তাৰ অলপ পাছত চৰাইটোৱে এটা ডাঙৰ অজগৰ ধৰি লৈ উৰা মাৰি গুচি গ'ল।

 মই ইফালে সিফালে চাই দেখোঁ—মই এটা দ ভৈয়ামত আছোঁ। তাৰ দুই দাঁতিৰ পৰ্বতকেইটা ইমান ওখ, যে ওপৰলৈ উঠিবৰ কাৰো সাধ্য নাই। মই দুখ-বেজাৰত বিমোৰ হৈ ইফাল-সিফাল কৰি ফুৰিছোঁ, এনেতে অ'ত ত'ত বৰ ডাঙৰ ভালেমান হীৰা সিঁচৰতি হৈ থকা মোৰ চকুত পৰিল। এই বিষয়ে আনন্দ ওপজাৰ লগে লগে মোৰ ভয়ৰো কাৰণ উদ্ভৱ হ’ল। ডাঙৰ ডাঙৰ সাপবোৰে সিহঁতৰ গাতৰ পৰা মুখ উলিয়াই জুমি আছে।

[ ১০ ]  নিশা চাপি আহিল। মই এটা গুহাৰ আশ্ৰয় ল'লোঁ৷ ডাঙৰ ডাঙৰ শিলেৰে তাৰ মুখখন মাৰি ল'লোঁ। তথাপি ওৰে ৰাতি মই সাপৰ ফোঁচফোঁচনিত চকুৰে টিপকে মাৰিব নোৱাৰিলোঁ। ৰাতিপুৱা যেতিয়া সাপবোৰ দিহাদিহি নিজৰ গাতত সোমালগৈ, মই মৰণত শৰণ লৈ কোনোমতে বাহিৰলৈ পলাই আহিলোঁ। মই তাৰ পিছত এই ঠাই-এৰি যাবলৈ বুলি আগলৈ খোজ দিলোঁ। ভালেখিনি বাট গৈ বৰ ভাগৰ লাগিলত জিৰণি ল’বলৈ মই তাতে অলপ বহিলোঁ। ততালিকে মোৰ টোপনি আহিল। মোৰ ওচৰতে কিবা এটা ধূমুচকৰে পৰি আকৌ মোক সাৰ পোৱাই দিলে। চক্‌মক্‌ খাই চকু মেলি দেখোঁ এটুকুৰা বৰ ডাঙৰ কেঁচা মঙহ! অলপ পাছতে তেনেকুৱা আৰু কেইবা টুকুৰাও মঙহ দেখিলোঁ।

তেতিয়া মই ভালকৈ বুজিলোঁ, মই সেই বিখ্যাত হীৰাৰ ভৈয়ামত আছোঁ। এই মঙহবোৰত হীৰা লাগিব আৰু তেতিয়া তাক ঈগল চৰায়ে নি পৰ্বতত তুলিব, এই আশাৰে কোনোবা সদাগৰে সেইবোৰ তালৈ দলিয়াইছে। তেতিয়া মই লৰালৰিকৈ বাচি বাচি কিছুমান বহুমূলীয়া হীৰা টোপোলা বান্ধি কঁকালত মেৰিয়াই ল’লোঁ, আৰু মোৰ পাগুৰিটোৰ এটুকুৰা ডাঙৰ মঙহ মোৰ পিঠিত মই আঁটি আঁটি বান্ধি তললৈ পেট পেলাই পৰি থাকিলোঁ। অলপ পাছতে ক’ৰবাৰপৰা এটা ডাঙৰ ঈগল চৰাই আহি মঙহটুকুৰা কামোৰ মাৰি ধৰি উৰা মাৰিলে আৰু মোৰে সৈতে নি পৰ্বতৰ ওপৰৰ গছ এজোপাৰ খোৰোঙত তুলিলেগৈ। আনবোৰ ঈগলেও সেইদৰে হীৰা- লগা মঙহ লৈ এই পৰ্বতলৈকে উৰি আহিছিল। তাকে দেখি মঙহ এৰি উৰি যাবৰ কাৰণে সদাগৰবোৰে হায়ৌ বিয়ৌ কৰি ঈগলবোৰক ভয় খুৱাবলৈ ধৰিলে। তৎ নেপাই মঙহবোৰ তাতে এৰি ঈগলবোৰ উৰি গুচি গ'ল, আৰু সদাগৰবোৰ সেই গছত উঠিল।

 মঙহত লাগি থকা হীৰাবোৰ নিবলৈ তাৰে এজনে মই থকা চৰাই খোৰোংটোলৈ আহি মোক তাত দেখি বৰ চক্ খাই উঠিল। তাৰ [ ১১ ] পাছত মই আগতে কথা কৈ তেওঁৰ ভয় ভাঙি দিলোঁ। মোক তেওঁ সুধিলে, “তুমি কোন? ইয়ালৈ কেনেকৈ আহিলা?” তেতিয়া মই মোৰ সকলো কথা, সকলো কাহিনী জনালোঁ। আটাইকেইজন সদাগৰে মোৰ কাহিনী শুনি মোৰ সাহ আৰু বুদ্ধি দেখি আচৰিত হ'ল আৰু মোক বৰ শলাগিলে। মই তেওঁলোকক মোৰ টোপোলাটো মেলি দেখুৱালোঁ। তেতিয়া একেমুখে সকলোৱে সৈ কাঢ়িলে বোলে তেওঁলোকে জনমত তেনে ডাঙৰ আৰু উজ্জ্বল হীৰা দেখা নাই।

 মই সদাগৰসকলৰ সৈতে সেই হীৰাবোৰো বুটলিলোঁ। পিছদিনা পুৱাই আমি সেই ঠাই এৰিলোঁ আৰু পৰ্বতবোৰ পাৰ হৈ এটা বন্দৰ পালোঁহি। তাৰপৰা জাহাজত উঠি আমি আকৌ ৰহা দ্বীপলৈ যাত্ৰা কৰিলোঁ। ৰহাত নামি মই মোৰ কিছুমান হীৰা বেচি আন বস্তু কিনিলোঁ, আৰু তাৰপৰা বেলসৰলৈ উলটিলোঁ। তাৰ পাছত মই আকৌ মোৰ জন্মভূমি এই বাগদাদ চহৰ পাই, অতুল সুখ-সম্পদেৰে কাল কটাবলৈ ধৰিলোঁ।


তৃতীয় জলযাত্ৰা

 আকৌ বাগদাদ্‌ নগৰত সৰহ দিন সুখে-শান্তিৰে থাকি মোৰ ভাল নলগা হ'ল। ইজিপ্তৰ ভালেমান বহুমূলীয়া বস্তু কিনি লৈ মই পুনৰ বেলসৰৰ জাহাজত উঠিলোঁ। কেই সপ্তাহমান যোৱাৰ পাছত এটা আপদীয়া ধুমুহাই আমাক বেৰি ধৰিলে। বতাহে আমাৰ জাহাজখন ঠেলি নি এটা দ্বীপত লগালেগৈ। জাহাজৰ অধ্যক্ষজনে এই দ্বীপটোত জাহাজ যাতে নালাগে তাৰ বাবে বৰ যত্ন কৰিছিল, কিন্তু নোৱাৰিলে। অধ্যক্ষজনে জানিছিল যে এই দ্বীপত ডেৰ হাতমান ওখ আৰু বনৰীয়া জন্তুৰ দৰে নোমাল বহুত বন-মানুহ আছে, সিহঁতে আমাক পালে শুদাই নেৰিব। এই বুলি কথা-বতৰা হওঁতেই বহুত

দূৰত এজাক বন-মানুহ আমাৰ ফাললৈ বেগাই অহা দেখিলোঁ। [ ১২ ]
সি পোনেই মোক মেকুৰী পোৱালিটো দঙাদি ওপৰলৈ দাঙি ল'লে।

আহিয়েই সিহঁতে আমাৰ জাহাজত উঠি পালবোৰ ছিঙি পেলালে, আৰু আটাইবোৰে বল দি জাহাজখন বামত লগালেগৈ। সিহঁতে আমাকো বামলৈ যাবলৈ তৎ নিদিলে।

 তাৰ পাছত গৰু খেদাৰ দৰে খেদি নি সিহঁতে আমাক এটা বৰ ডাঙৰ ঘৰত সুমুৱালেগৈ। দ্বীপটোৰ সোঁমাজতে এটা অতি ওখ কাৰেং আৰু তাৰ সমুখত কাঠৰ এখন ডাঙৰ দুৱাৰ! মই দুৱাৰখন ঠেলা [ ১৩ ] মাৰি মেলি দিলোঁ। ঘৰটো সোমায়েই তাৰ ভিতৰত মৰা মানুহৰ হাড়- মূৰ আৰু জঁকাবোৰ আৰু মানুহ সিজাবৰ কাৰণে জুইৰ ওপৰত থোৱা কেইডালমান খৰি দেখিবলৈ পালোঁ। পিছ মুহূৰ্ততেই খাজুৰী গছৰ সমান ওখ, ক’লা আৰু আপচু দৈত্য এটা ওলাই আহিল। তাৰ মুঠেই চকু এটা; দাঁতবোৰ বৰ দীঘল আৰু খুৰৰ ধাৰ যেন চোকা। তাৰ নখবোৰ ডাঙৰ চৰাইৰ নখৰ নিচিনা। সি পোনেই মোক মেকুৰী পোৱালিটো, দঙাদি ওপৰলৈ দাঙি ল'লে। মোক লেৰেলা-চেপেটা দেখি পিছ মুহূৰ্ততে সি আকৌ মোক থেকেচা মাৰি বহুৱাই থ’লে। আমাৰ জাহাজৰ অধ্যক্ষজনেই আমাৰ আটাইবোৰতকৈ শকত-আৱত আৰু বলী আছিল দেখি সি জয়ে জয়ে তেওঁৰে আধ্যা পেলালে। এই আহাৰ সমাপন কৰি দৈত্যটোৱে তাৰ চ'ৰাঘৰতে ডাঙৰ শিলৰ খাট এখনত দীঘল দি পৰিল আৰু সেইপিনে তাৰ টোপনি গ'ল। তাৰ নাকৰ ঘোট-ঘোটনি বজ্ৰৰ শব্দতকৈয়ো ডাঙৰ। সেইদৰে সি ওৰে ৰাতি শুই পুৱা উঠি গুচি গ'ল।

 মই মোৰ লগৰীয়াসকলক কলোঁ, “ভাইহঁত, অনাহক শোকত কাল নকটাবা। আহাঁ, আমি কাঠ কাটি ভুৰ সাজি লওঁ।”এই বুলি লৰালৰিকৈ কাঠ কাটি দৈত্যটো ঘূৰি অহাৰ আগতে ভুৰ ঠিক কৰিবলৈ থিৰ কৰিলোঁ। কিন্তু আমাৰ হাতত বিশেষ একো সঁজুলি নথকা গতিকে আমি কাম শেষ কৰাৰ আগতে গধূলি হ’ল। আমি ভুৰখন ঠেলিবলৈ দিহা কৰিব খোজোঁতেই যমৰ মূৰ্তি ধৰি দৈত্যটো ওলালহি আৰু আমাক ঘৰলৈ খেদি লৈ গ'ল।

 সেই গধুলিও আমাৰ এজন তাৰ আহাৰ হ’ল, আৰু সি নাক ঘোট-ঘোটাই আগৰ নিশাৰ দৰেই টোপনি গ'ল।

 প্ৰাণত হতাশ হৈ হৈ আমাৰ সাহ বাঢ়িল আৰু আমাৰ বাকী ন জন হাতত সাৰে ভৰিত সাৰে উঠি তাত পৰি থকা লো কেডালৰ আগকেইটা জুইত দিলোঁ। যেতিয়া লো কেইডালৰ আগকেইটা টিক্‌টিককৰে ৰঙা হ'ল, তেতিয়া আমি আটাইকেইডাল লো নি [ ১৪ ] একেলগে সেই দৈত্যটোৰ চকুটোত সুমুৱাই দিলোঁ। সি বজ্ৰতকৈয়ো ডাঙৰ শব্দেৰে এটা চিঞৰ মাৰিলে। তাৰ পাছত উমানে উমানে আমাক চাৰিওফালে খেপিয়াবলৈ ধৰিলে। আমাক নাপাই সি দুৱাৰখন মেলিলে আৰু পোনচাটেই বাহিৰ ওলাই গুচি গ'ল। আমি তেতিয়াই সি ঘূৰি নৌ আহোঁতেই যেনে তেনে প্ৰকাৰে সেই ঠাইৰপৰা গুচি যাবৰ দিহা কৰিলোঁ।

 আমি সাগৰৰ পাৰ পাইছোঁগৈ, এনেতে সেই বিকট দৈত্যটো আশে-পাশে তেনেকুৱা আৰু কেইটামান দৈত্য লগত লৈ আকৌ ওলালহি। সিহঁতক দেখি আমাৰ চুলিৰ আগে জীৱ গ'ল আৰু ভুৰখনত জাঁপ মাৰি উঠি তৎক্ষণাৎ আটায়ে প্ৰাণটাকি ভুৰখন দলৈ ঠেলা মাৰি দিলোঁ। তেতিয়া সিহঁতে পৰ্বতৰ পৰা ডাঙৰ ডাঙৰ শিলবোৰ খহাই আনিলে আৰু এককাল পানীলৈ নামি শিলবোৰ আমাৰ ভুৰলৈ দলিয়ালে। ফলত আমাৰখনৰ বাহিৰে আন আটাইবোৰ ভুৰ বুৰি সকলো লগৰীয়া মৰিল। মই আৰু দুজন বাকী ৰলোঁ। আমি বৰ বেগাই ভুৰ চলালোঁ আৰু সিহঁতৰ হাতৰপৰা কোনোমতে ৰক্ষা পৰিলোঁ।

 গৈ গৈ আমি দুদিনৰ মূৰত এটা মনোৰম দ্বীপত ভুৰ ৰখালোঁ আৰু তাতে নামি গছৰ গুটি দুটামান খাই শুলোঁ। কিন্তু কিবা ডাঙৰ জন্তু এটাৰ ফোচফোচনিত আমি সোনকালে সাৰ পালোঁ। সাৰ পাই দেখোঁ, আমাৰ লগৰ এজনক এটা ডাঙৰ সাপে গিলি পেলাইছে। ভয়ত মই লৰালৰিকৈ এজোপা ওখ গছত উঠিলোঁ। মোক উঠা দেখি মোৰ পিছে পিছে ইজনো সেই গছতে উঠিল। কিন্তু সৰহ উঠিবলৈ নৌ পাওঁতেই সেই ভয়ঙ্কৰ সাপটোৱে গছজোপাত মেৰাই ধৰি মোৰ ইজন লগৰীয়াক গিলি পেলালে। তাৰ পাছত সাপটো লাহে লাহে আঁতৰি গ'ল। মই কিন্তু পিছদিনা পুৱালৈকে সেই গছৰ পৰা নানামিলোঁ। [ ১৫ ]  আকৌ গধূলি হ’ল, আৰু মই গছজোপাৰ গুৰিটো কেউফালে কাঠ, বাঁহ আৰু ডাঙৰ ডাঙৰ কাঁইটেৰে বেৰি দিলোঁ। আটাইতকৈ ওপৰৰ মুঠাবোৰ মই ওপৰৰ ডাঙৰ ডালত বান্ধি দিলো আৰু তলৰখিনিও এনেদৰে গা-গছত বান্ধি দিলোঁ যাতে সাপটোৱে সেইবোৰ খহাই পেলাই গছজোপা বগাই আহিব নোৱাৰে। মই নিজে গছজোপাৰ একেবাৰে আগত উঠি ললোঁ। নিশা সাপটো আকৌ আহিল, আৰু গছজোপাৰ ওপৰলৈ উঠিবলৈ প্ৰাণপনে চেষ্টা কৰিলে। বিফল মনোৰথ হৈ শেষত সি উলটি গুচি গ'ল।

 পিছদিনা মোৰ এনে ভয় লাগিল যে মই প্ৰাণৰ মায়া এৰি সাগৰত জাপ মাৰিয়েই মৰো বুলি থিৰ কৰিলোঁ। ঠিক এনেতে মোৰ পৰম সৌভাগ্যৰ হেতু সাগৰেদি এখন জাহাজ অহা দেখিলোঁ। ততালিকে মই মোৰ পাগুৰিটো মূৰৰপৰা সোলোকাই লৈ তাকে নিচান কৰি নাৱিকহঁতে নেদেখে মানে জোকাৰিবলৈ ধৰিলোঁ। তেওঁলোকে নিচান দেখি শেষত জাহাজখন ৰখালে আৰু তাতে মোক তুলি ল'লে। মই তেওঁলোকক মোৰ সকলো কাহিনী জনালোঁ। তেতিয়া তাৰ অধ্যক্ষজনৰ মোলৈ বৰ মৰম লাগিল, আৰু মোক ক'লে, “আমি এটা দ্বীপত কেতিয়াবাই এজন সদাগৰক পাহৰি এৰি থৈ আহিছিলোঁ। এতিয়া তেওঁ মৰিব পায়। তেওঁৰ মালবোৰ ইয়াতে আছে আৰু মই সেইবোৰ মাল বেচি ধনখিনি সেই সদাগৰজনৰ বন্ধু-বান্ধৱক ভগাই দিম। তুমিও অলপমান বেচি দিব পাৰিলে তাৰে অলপ ধন পাবা।”

 তেতিয়া মোৰ মনত পৰিল, “মই দ্বিতীয় ভ্ৰমণত এই জাহাজতে এই অধ্যক্ষৰ লগতে আহিছিলোঁ। তেতিয়া মই আগবাঢ়ি অধ্যক্ষজনক ক’লোঁ, “ডাঙৰীয়া, ময়ে সেই সিন্দবাদ।” পোনতে তেওঁ প্ৰত্যয় যাব নুখুজিছিল যদিও, পাছত মোক চিনি পাই মোৰ কথাত ৰং পালে আৰু তৎক্ষণাত মোৰ বস্তুখিনি দেখুৱাই ক'লে, “এয়া তোমাৰ [ ১৬ ] বস্তু।” তেতিয়া মই সেই যাত্ৰাত বস্তুখিনি বেচি ভালেখিনি ধন- সম্পত্তি লাভ কৰি আনন্দেৰে বাগদাদলৈ উলটিলোঁ।

চতুৰ্থ জলযাত্ৰা

 দেশে-বিদেশে ফুৰি ফুৰিবৰ হেঁপাহ মোৰ অন্তৰলৈ পুনৰ আহিল আৰু ঘৰত থাকি থাকি মোৰ আমুৱালে। মোৰ বস্তু-বাহানি সকলোবোৰ দিহা লগাই থৈ টালি-টোপোলা বান্ধি বামেদি পাৰস্য দেশলৈ গ’লোঁ। তাতে ভালেমান বস্তু কিনি লৈ ভৰাই দি জাহাজত বেলসৰলৈ যাত্ৰা কৰিলোঁ। জাহাজখন অলপ দূৰ গৈয়েই এটা ডাঙৰ শিলত খুন্দা খাই গুড়ি হ’ল। মই আৰু আন কেইজনমান মানুহ সোঁতত উটি গৈ কোনোমতে এটা দ্বীপত লাগিলোঁ।

 অলপ পিছতে ক’লা অসভ্য বন-মানুহ কিছুমান আহি আমাক সিহঁত থকা ঠাইলৈ লৈ গ'ল, আৰু কিছুমান বন-শাক আৰু ঘাঁহ, আমাক খাবলৈ দিলে। শোক আৰু বেজাৰত মোৰ সেইবোৰ একো খাবৰ সত নগ’ল। কিন্তু মোৰ লগৰীয়াকেইজনে পানীৰপৰা উঠি বৰ ভোকত সেই বন-শাক আৰু ঘাঁহবোৰ দকচি খাই পেলালে। তাৰ অলপ পাছতে মই মন কৰিলোঁ, তেওঁলোকে ক্ৰমে নিজৰ জ্ঞান : হেৰুৱালে আৰু পগলা হ’ল। তেতিয়া সেই বন-মানুহকেইটাই কিছুমান চাউল, নাৰিকল আৰু তেল সানি তেওঁলোকক খাবলৈ দিলে। মোৰ দুৰ্ভগীয়া লগৰীয়াহঁতে সেইবোৰো দগৰি খালে। তাৰ পাছত বন-মানুহকেইটাই এটি এটিকৈ তেওঁলোকক দিহা লগালে এই নিয়মেৰেহে হেনো সিহঁতে মানুহ খাই জুতি পায়।

 মোৰ দেহ-মন বৰ বেয়া আছিল দেখি সিহঁতে মোক গতি লগাবৰ মন নকৰিলে। সিহঁতৰ এটা বুঢ়াৰ হাতত মোক এৰি থৈ সিহঁত গুচি গ’ল। সেই বুঢ়াৰ হাতৰপৰা পলাবলৈ মোৰ সৰহপৰ নালাগিল। মানুহকেইটা যি বাটে গৈছিল, মই সেই বাটে নগৈ আন [ ১৭ ] এটা বাট ল'লো। গৈ আছোঁ, গৈ আছোঁ; বাটৰ ওৰ নপৰেহে নপৰে! ৰাতি হ’লত এজোপা গছত উঠি তাতে ৰাতিটো কটালোঁ। এইদৰে সাদিন গ’লোঁ; সাদিনৰ মূৰত সাগৰৰ পাৰ দেখিবলৈ পাই মোৰ বৰ ভাল লাগিল। তাতে কিছুমান বগা মানুহ দেখিলোঁ। ওচৰ পালত সিহঁতে মোক দেখি আচৰিত হৈ মই ক'ৰ মানুহ, ক'ৰপৰা আহিছোঁ, সকলো কথা মোক আৰবী ভাষাৰে সুধিলে। তাৰ পাছত মোৰ বৃত্তান্ত শুনি সিহঁতে বৰ ৰং পালে, আৰু মোক বৰ মৰম কৰি সিহঁতৰ ৰজাৰ ওচৰলৈ লৈ গ'ল। মোৰ সকলো কাহিনী শুনি ৰজায়ো মোক বৰ আদৰ-সাদৰ কৰি তেওঁৰ লগত ৰখালে।

 এদিন ৰজা আৰু মন্ত্ৰী দুয়ো দুটা ঘোঁৰাত উঠি মৃগয়ালৈ গৈছে। মই দেখি বিচূৰ্তি হ’লোঁ, দুইৰো ঘোঁৰাত লেকাম আৰু জিন্ নাই। পাছতহে জানিলোঁ, সেই দুটা বস্তুনো কি আৰু কেনেকুৱা, তাৰ মানুহে ক’বই নোৱাৰে। পিছদিনা মই তাৰে এটা বনুৱা লগত লৈ এখন জিন্ আৰু এডাল লেকাম তৈয়াৰ কৰি ঘোঁৰাত লগাই ৰজাক উঠিবলৈ দিলোঁ। তেওঁ তৎক্ষণাত ৰং মনে সেই ঘোঁৰাত উঠিল আৰু উঠিবৰ সুখ পাই ওৰে দিনটো ঘোঁৰাৰ পিঠিৰপৰা ননমাই হ’ল। তেতিয়া সেই ৰাজ্যৰ মন্ত্ৰী আৰু সভাসদ আদি ডাঙৰীয়াসকলে মোক ইমান জিন আৰু লেকাম কৰিবলৈ দিলে আৰু সেইবোৰ যোগাই মই ইমানখিনি বহুমূলীয়া উপহাৰ পালোঁ যে কেইদিনমানৰ ভিতৰতে মই বৰ ধনী হৈ পৰিলোঁ।

 তাৰ পাছত ৰজাই জনালে বোলে মই সেই ঠাইতে চিৰস্থায়ী হৈ থাকি তাতে বিয়া-বাৰু কৰাই তেওঁলোকৰ জাতিৰে এজন হৈ পৰিলে তেওঁ বৰ প্ৰীতি লাভ কৰিব। ৰজাৰ অনুৰোধ কোনোমতে এৰাব নাৱাৰি সেই ৰাজ্যৰ সম্ভ্ৰান্ত সভাসদ এজনৰ জীয়েকক মই বিয়া কৰিলোঁ। সেই কন্যা গাভৰু, ৰূপহী, গুণী আৰু সজ চৰিত্ৰৰ আছিল। যৌতুকত তেওঁক অজস্ৰ ধন-সম্পত্তি আৰু ৰাজকাৰেঙৰ দৰে এটা [ ১৮ ] ডাঙৰ ঘৰ দিছিল। সেই ঘৰতে আমি বৰ সুখে-সন্তোষে কাল কটাবলৈ ধৰিলোঁ।

 এদিন হঠাতে মোৰ সেই ঠাইৰ এজন বিশিষ্ট বন্ধুৰ পত্নী ঢুকুৱাৰ বাতৰি পালোঁ। মই ততালিকে তেওঁৰ কাষলৈ গৈ তেওঁক নানাভাৱে বুজনি দিলোঁ। মোৰ কথাৰ অন্তত তেওঁ মোক ভাঙি ক’লে বোলে তেওঁ ঘৈণীয়েকৰ মৰণত যে সিমান দুখ কৰিছে এনে নহয়, সেই দেশত এনে এটা নিয়ম আছে যে ঘৈণীয়েক মৰিলে গিৰিয়েকক জীয়াই জীয়াই লগতে পুতিব লাগে, আৰু সেইমতে তেওঁকো এঘণ্টাৰ পাছতে নি পুতিবগৈ। কথাটো শুনিয়েই মই উচপ খাই উঠিলোঁ।

 তাৰ অলপ পাছতে সেই মৰা মানুহগৰাকীক গা-পা ধুৱাই বৰ জাক-জমক সাজ-পাৰ আৰু মণি-অলঙ্কাৰ পিন্ধাই এটা মুকলি পেৰাত ভৰাই পুতিবলৈ লৈ গ'ল। পিছে পিছে গিৰিয়েকো গৈছে। মই আৰু তেওঁৰ আন বন্ধু-বান্ধৱ সকলে লগতে যাত্ৰা কৰি এটা পৰ্বতৰ ওপৰলৈ গ’লোঁ। তেওঁলোকে এটা বৰ দ গাতৰ মুখৰ বৰ ডাঙৰ শিল এছটা গুচাই তাতে সেই পেৰাটোৰে সৈতে মৰা শৱটো পেলাই দিলে। আমাক সকলোকে মাত লগাই অঁতালত সেই বন্ধুজনক সাতোটা সৰু ৰুটি আৰু এলোটা পানী দি তেওঁলোকে আন এটা মুকলি পেৰাত ভৰালে। আৰু পেৰাটো সেই গাতলৈকে পেলাই দি এছটা ডাঙৰ শিলেৰে গাতটো ঢাকি পেলালে। তাৰ পাছত সকলো ঘৰাঘৰি গুচি আহিল।

 এই দৃশ্য দেখি মোৰ মনত যি ভয় সোমাল, সেই ভয়ৰ ভিতৰতেই মোৰ ঘৰৰ ঘৈণী নৰিয়াত পৰিল আৰু সেই বেমাৰতে ঢুকাল। মোৰ প্ৰতি স্নেহ আৰু সহানুভূতি থকাৰ কাৰণে ৰজা আৰু ঘাই সভাসদসকলে মোকো সেইদৰেই সেই সমাধিৰ ঠাইলৈ নিবলৈ আহিল। মোৰ ঘৈণীগৰাকীক এটা মুকলি পেৰাত ভৰাই আগে আগে নিছে আৰু ময়ো পিছে পিছে গৈছোঁ। শেষত সেই পবৰ্তটো পালোঁগৈ আৰু সাতোটা ৰুটি আৰু এলোটা পানী থৈ মোক তাতে ভৰাবলৈ [ ১৯ ] দিহা কৰিলে। তেতিয়ালৈকে মই মোৰ মনৰ ভাব লুকুৱাই ৰাখিছিলোঁ; কিন্তু এতিয়া মই ৰজাৰ ভৰিত পৰি কাওবাও কৰি মোৰ জীৱন ভিক্ষা মাগিলোঁ। কিন্তু মোৰ সকলো কাকূতি-মিনতি অথলে গ’ল; তেওঁলোকে মোক বলেৰে ধৰি সেই পেৰাত ভৰাই গাতটোলৈ পেলাই দিলে। মোৰ কান্দোনত গুহা প্ৰতিধ্বনিত হ’ল আৰু তেওঁলোকে তালৈ আওকাণ কৰি গাতটোৰ মুখ এছটা বৰ ডাঙৰ শিলেৰে জপাই গুচি গ'ল। মই তাৰ ৰুটি আৰু পানী খাই কেইদিনমান জীয়াই থাকিলোঁ। তাৰ পাছত ৰুটি-পানী ঢুকালত, মই ভোক আৰু শোকত সেই প্ৰকাণ্ড গুহাটোৰ আন এডোখৰ ঠাইলৈ গ’লো। শৰীৰ বৰ অৱস লগাত মই মৰিবলৈ বুলি ভাবি তাৰে এঠাইত দীঘল দি পৰিলোঁ আৰু মৰণৰ সময় আহক বুলি বাট চাই ৰলোঁ। এনেতে কিহবাই খোজকঢ়া আৰু ফোচ্‌ফোচোৱা শব্দ শুনিলোঁ। মই চক্ খাই উঠিলো। মই ঠিয় হ’লত তাৰ ফোচ্‌ফোচনি আৰু ঘন হ’ল, আৰু সি তাৰ আগফালে লৰ মাৰিলে। ময়ো কিবা ভাবি তাৰ পিছে পিছে খেদা দিলোঁ। সি মাজে মাজে ৰয় যেন লাগে, কিন্তু মই তাৰ কাষ চপাৰ আগতে সি আকৌ ভিৰাই লৰ ধৰে! এইদৰে গৈ গৈ শেষত তৰাৰ নিচিনা এটা পোহৰ দেখিলোঁ। তেতিয়া মোৰ আৰু গৈ থাকিবৰ মন গ'ল। মই গৈ আছোঁ, গৈ গৈ এটা ডাঙৰ গাঁত পাই মই সেইফালেই ওলাই গ'লোঁ।

 সেইফালে ওলাই গৈ মই সাগৰৰ পাৰত ওলালোঁ। বাহিৰ ওলাই দেখিলোঁ, সেই ফোচ্‌ফোচোৱা বস্তুটো এটা জলচৰ জন্তু। সি পানীত থাকে আৰু ৰাতি গৈ তাত থকা মৰা মানুহবোৰ খায়। মই মন কৰিলোঁ সেই পৰ্বতটোৱে নগৰখন আৰু সাগৰৰ মাজলৈকে কেইবা মাইলো জুৰি আছে। তেতিয়া মই মোক পুতিবলৈ অনা সেই মানুহবোৰৰ হাত সাৰিলোঁ বুলি জানি আঁঠুকাঢ়ি ঈশ্বৰক এটি সেৱা জনালোঁ। [ ২০ ]
মই পাগুৰিটো নিচান কৰি দেখুৱালোঁ

মই বাহিৰত কিবা-কিবি অলপ খাই সেই গাতটোলৈ আকৌ সোমাই গ'লোঁ আৰু আন্ধাৰত জিলিকি থকা যিমানখিনি মণি-মুকুতা পালোঁ সকলোখিনি মোৰ পাগুৰিটোৰ কাপোৰেৰে মেৰাই লৈ সেই মৰা মানুহ ভৰোৱা পেৰাবোৰ ওলোমাই দিয়া জৰীৰে বান্ধিলোঁ, আৰু সেই টোপোলাটো লৈ গৈ সাগৰৰ পাৰত সেইপিনে যোৱা জাহাজৰ কাৰণে বাট চাই ৰ'লোঁ। [ ২১ ] দুদিনৰ মূৰত সেইফালেদি অহা এখন জাহাজ দেখিলোঁ। মই পাগুৰিটো নিচান কৰি দেখুৱালোঁ আৰু জাহাজখনে এখন নাও পঠিয়াই মোক তুলি লৈ গ’ল।

 অধ্যক্ষজনে মোক মোৰ চিনাকি সুধিলত, মই আচল ঘটনা লুকুৱাই জাহাজ বুৰি সেই ঠাইত উঠি প্ৰাণ ৰক্ষা কৰিছিলোঁ বুলি ক’বলৈ বাধ্য হলোঁ। কিয়নো জাহাজৰ অধ্যক্ষজন সেই ঠাইৰে মানুহ; আচল কাহিনী শুনা হ’লে তেওঁ মোক ঘূৰাই নি আকৌ পুতিবলৈ দিহা কৰিলেহেঁতেন। আমি বাটত কেইবাটাও দ্বীপ পাই শেষত কিলা বন্দৰ পালোঁগৈ। তাতে বেলসৰলৈ যাবলৈ এখন জাহাজ সাজু হৈ আছিল। মোৰ জীৱন ৰক্ষা পৰাৰ প্ৰতিদান স্বৰূপে মোৰ টোপোলাৰ পৰা উলিয়াই অলপ মণি-মুকুতা অধ্যক্ষজনক উপহাৰ দি মই সেই জাহাজত উঠিলোঁ, আৰু শেষত বাগদাদ পালোঁহি।

পঞ্চম জলযাত্ৰা

 মই আগৰ বিপদ-আপদবোৰৰ কথা পাহৰি আকৌ জল-যাত্ৰা কৰিবৰ মনেৰে মোৰ নিজা খৰচত এখন জাহাজ সজালোঁ। নানা বহুমূলীয়া বস্তুৰে জাহাজখন সজাই-পৰাই লৈ আন কেইজনমান সদাগৰেৰে এদিন পাল তৰি দিলোঁ। আমাক বাটত এটা ধুমুহাই বৰ লটি-ঘটি কৰি এটা নিজান দ্বীপত লগালেগৈ।

 আমি তাত পানী খাবলৈ নিৰ্মল পানী বিচাৰি যাওঁতে আগৰ এবাৰ দেখাটোৰ নিচিনা ডাঙৰ ৰোক্‌ চৰাইৰ কণী এটা দেখা পালোঁ। সদাগৰ আৰু নাৱিক সকলোৱে কণীটো বেঢ়ি ধৰিলে আৰু মোৰ হাক নুশুনি কুঠাৰেৰে কণীটো ফালি ভিতৰৰ পৰা চৰাই পোৱালীটো উলিয়াই আনিলে। তাৰ পাছত তাক ডোখৰ-ডোখৰকৈ কাটি ভাজি

খাবলৈ ধৰিছে। এনেতে আকাশ ঢাকি দুটা ডাঙৰ চৰাই আমাৰ ফালে [ ২২ ]

তাৰ কথামতেই মই তাক নৈৰ সিপাৰৰ পৰা বোকোচাত তুলি আনিলোঁ।

উৰি অহা দেখিলোঁ। আমি য'ৰে বস্তু ত’তে এৰি ততাতৈয়াকৈ জাহাজত উঠি পাল তৰি দিলোঁ। আমি সৰহ দূৰ নৌ পাওঁতেই চৰাই হালে আমাক পিছে পিছে খেদি অহা দেখা পালোঁ। অলপ পৰ অনাই- বনাই ফুৰি সিহঁতৰ এটাই পোনতে আমাৰ জাহাজৰ ওপৰত এটা বৰ শিল পেলাই দিলে। কিন্তু সি জাহাজৰ ওপৰত নপৰি দাঁতিৰ পানীত পৰিল। তাৰ পাছত সিটো চৰায়ে আন এটা শিল পেলাই জাহাজখন [ ২৩ ] চুৰমাৰ কৰিলে। মই সেই ভগা জাহাজৰে খোলা এডোখৰত ধৰি সোঁত আৰু সাগৰৰ জোৱাৰৰ সহায়ত কোনোমতে এটা দ্বীপত নামিলোঁগৈ। তাৰ ওখ পাৰেদি বগুৱা বাই উঠি শুকান মাটি পালোঁগৈ। তাতে অলপ নিৰ্মল পানী আৰু গছৰ গুটি খাই যেনিবা মোৰ ধাতু আহিল। অলপ সুস্থ হৈ মই দ্বীপটোৰ আৰু ভিতৰলৈ গ'লোঁ। গৈ গৈ মই এখন নৈ আৰু তাৰ সিপাৰে এটা আলৰ-আথৰ বুঢ়া বহি থকা দেখা পালোঁ। সিনো কোন আৰু সেইখিনি কেনেকৈ পালেহি বুলি সোধাত সি মাথোন মোক ঠাৰে-চিয়াৰে বুজালে, মই তাক নৈখন পাৰ কৰি আনিব লাগে।

 তাৰ কথামতেই মই তাক নৈৰ সিপাৰৰ পৰা বোকোচাত তুলি আনিলোঁ। কিন্তু ইপাৰ পাই যেতিয়া তাক নমাব খোজোঁ, কি আপদ! সি কোনোমতে মোৰ বোকোচাৰ পৰা নানামে। সি তাৰ হাত আৰু ভৰিৰে মোৰ ডিঙিয়ে-কঁকালে এনেদৰে টেপা মাৰি ধৰিলে যে মই উশাহ ল’ব নোৱৰা যেন হ'লোঁ। ভয় খাই আৰু কষ্ট ভুগি মই সেইপিনেই মূৰ্চ্ছা গ'লোঁ।

 বহুত পৰৰ পাছত চেতন পাই দেখোঁ, সি তেতিয়াও মোক টেপা মাৰি ধৰিয়ে আছে। চেতনা পোৱা দেখি সি মোক ঠিয় কৰাই ঘোঁৰা চলোৱাদি গছবোৰৰ তলেদি চলাই লৈ গ'ল। গুটি লগা গছ পালেই সি মোৰ পিঠিত উঠিয়ে গছৰ গুটি ছিঙি ছিঙি খায়, এইদৰে কেইবাদিনো গ'ল। এদিন এইদৰে তাক বোকোচাত লৈ ফুৰোতে এটা ডাঙৰ লাও পালোঁ। মই লাওটো খুলিলোঁ আৰু কিছুমান আঙুৰ ছিঙি তাতে ৰস চেপি ভৰাই থ'লোঁ! কেইবাদিনৰ মূৰত চালোঁ, সেইবোৰ বৰ সুন্দৰ ফটিকা হৈ আছে। তেতিয়া মই তাৰে এটোপা খালোঁ। লগে লগে মনত মোৰ বৰ স্ফূৰ্তি লাগিল আৰু মই মোৰ সকলো দুখ পাহৰি গান গাবলৈ ধৰিলোঁ। তেতিয়া মোক লাওটো খুজি লৈ সিও তাৰে অলপ চাকি চালে আৰু জুতি পাই আটাইখিনি ফটিকাৰ আধ্যা পেলালে। তেতিয়া সি মতলীয়া হ’ল। মোৰ ডিঙিৰ পৰা তাৰ হাত [ ২৪ ] এৰাই সি-মাটিত পৰি মূৰ্চ্ছা গ'ল আৰু অলপ পাছতে মৰি থাকিল।

 তাৰ পাছত মই লৰালৰিকৈ সাগৰৰ পাৰলৈ গ'লোঁ, আৰু তাতে কেইজনমান নাৱিক দেখিলোঁ। তেওঁলোকে মোক মৰম কৰি তেওঁলোকৰ জাহাজত তুলি ল'লে। তেওঁলোকে ক'লে, মই সাগৰৰ বুঢ়া মানুহটোৰ হাতত পৰিছিলোঁ আৰু হেনো ময়েই প্ৰথমে তাৰ হাতৰ পৰা সাৰি আহিছোঁ। তেওঁলোকৰ লগত আহি এখন ঠাইত নমাত অধ্যক্ষজনে মোক কিছুমান মানুহৰ গুৰিলৈ লৈ গ'ল। সেই মানুহবোৰক গছৰ পৰা নাৰিকল পৰা কামত লগোৱা হৈছিল। বৰ ওখ এই নাৰিকল গছবোৰৰ ওপৰত বান্দৰ উঠি আছিল। আমি বুদ্ধি কৰি শিলগুটি দলিয়াই জোকাই ললোঁ আৰু সিহঁতে খঙত আমালৈ সেই নাৰিকলবোৰকে গছৰ পৰা ছিঙি ছিঙি আমালৈ দলিয়াবলৈ ধৰিলে। এইদৰে আমি গাইপতি যিমান পাৰিলোঁ নাৰিকল কঢ়িয়াই নি জাহাজত তুলিলোঁ আৰু সেইবোৰ আন নগৰত বেচি ভালেখিনি ধন পালোঁ। সেই ধন লৈ মই আকৌ মোৰ নিজৰ দেশলৈ উলটিলোঁ।

ষষ্ঠ জলযাত্ৰা

 এবছৰৰ অন্তত মই আকৌ যষ্ঠবাৰ জল-যাত্ৰাৰ কাৰণে সাজু হ'লোঁ। আমাৰ এইবাৰৰ যাত্ৰা বহুত বিপদ-আপদেৰে পৰিপূৰ্ণ হ'ল। কাৰণ জাহাজৰ গুৰিয়ালজনে বাট হেৰুৱালে আৰু জাহাজ কেনি পোনাব লাগে তাক নাজানিলে। অৱশেষত গুৰিয়ালজনে আমাক ক’লে বোলে অলপতে জাহাজখনে এটা শিলত খুন্দা খাই ভাগি ডোখৰ ডোখৰ হ'ব আৰু এতিয়া মৰণৰ কাৰণে আটায়ে সাজু হ'ব লাগিব। গুৰীয়ালে এইবুলি কওঁতে-কওঁতেই সঁচাকৈয়ে জাহাজখন আহি এটা শিলত খুন্দা খাই ভাগি থাকিল। মইহে দৈৱক্ৰমে কেনেবাকৈ প্ৰাণ ৰক্ষা কৰিব পৰিলো। কিন্তু তাত ৰক্ষা পৰিলে কি হ’ব? মই এটা পৰ্বতৰ তলত ৰ'লোঁগৈ; পৰ্বতটো ইমান ঠিয় আছিল [ ২৫ ]
মই সেই নৈখনৰ আশ্ৰয় ল'লোঁ আৰু তাত পৰি থকা কাঠেৰে এখন ভুৰ সাজি তাতে উঠি লৈ সোঁতত ভুৰ এৰি দিলোঁ।

যে তাৰ ওপৰলৈ উঠিবৰ কোনো মানুহৰে সাধ্য নাই। তেতিয়া মই ভাবিলোঁ, যাত্ৰীসকলৰ দশাই মোৰ দশা হ’ল! তথাপি প্ৰাণৰ মায়া এৰিব নোৱাৰি মৰণত শৰণ দি পৰিত্ৰাণৰ উপায় বিচাৰিলোঁ।

 তাৰে এটা ডাঙৰ গুহাৰ মাজেদি এখন নৈ বৈ গৈছে। মই সেই নৈখনৰ আশ্ৰয় ল'লোঁ আৰু তাত পৰি থকা কাঠেৰে এখন ভুৰ সাজি তাতে উঠি লৈ সোঁতত ভুৰ এৰি দিলোঁ। অতি সোনকালে মই [ ২৬ ] পোহৰৰ লগত সকলো সম্বন্ধ হেৰুৱালোঁ, আৰু মোৰ দিন-ৰাতি, সমান হ’ল। মোৰ ভয় লাগিল আৰু আন্ধাৰতে গৈ গৈ মোৰ টোপনি আহিল। ডেৰদিন মানৰ মূৰত সাৰ পাই চাওঁ মই এখন বৰ ৰম্যপুৰীত ওলালোঁহি। কিছুমান ক’লা মানুহে মোৰ ভুৰখন বান্ধি থৈছে। মই সুধিলত সিহঁতে ক’লে, বোলে সিহঁতে মোক সেই দেশৰ নৈত উটি অহা পাই ভুৰখন ধৰি বান্ধিছে। সিহঁতৰ পৰা আৰু জানিব পাৰিলোঁ যে সেই দেশৰ নাম চেবিণ্ডিব। সিহঁতে মোক আহাৰ-পানী যতাই দিলেহি আৰু তাৰ পাছত সিহঁতৰ ৰজাৰ ওচৰলৈ মোক লৈ গ’ল।

 ৰজাক মই মোৰ কাহিনী জনালত তেওঁ শুনি বৰ ৰং পালে আৰু ততালিকে মোৰ কথাখিনি সোণৰ আখৰেৰে লিখি থ’বলৈ আদেশ দিলে। তাতে অলপ দিন থাকি মই ৰজাক সেই পৰ্বতত পাই অনা ফটিক-শিলবোৰৰ অতি বিতোপন এডোখৰ উপহাৰ দিলোঁ আৰু মোক মোৰ দেশলৈ পঠাই দিয়াব লাগে বুলি অনুৰোধ কৰিলোঁ। ৰজা তাত ৰংমনে মান্তি হ'ল, আৰু আমাৰ ৰজা খলিফা হাৰুণ- আল্‌-ৰছিদলৈ এখন চিঠি আৰু এটি উপহাৰ দি মোক নিজ দেশলৈ পঠাই দিলে। সেই উপহাৰৰ ভিতৰত আছিল এটি মুকুতা লগোৱা হীৰাৰ বাল্‌টি, কেঁচা সোণৰ নিচিনা আৰু মাৰি-মৰক গুচাব পৰা গুণ থকা এটি সাপৰ মোট, কিছুমান চন্দন কাঠ আৰু কফুৰ, আৰু এজনী বৰ সুন্দৰী বান্দী। মই গৈয়ে আমাৰ খলিফাক সেই উপহাৰ কেইটা দিলোঁ। তেওঁ বৰ সন্তোষ পাই মোক বহুমূলীয়া উপহাৰ দিলে।

সপ্তম জলযাত্ৰা

 তাৰ বহুদিনৰ পাছত খলিফা হাৰুণ্‌-আল-ৰছিদে এদিন মোক মতাই নি ক’লে বোলে মই ছেৰিণ্ডিয় ৰজালৈ এটা উপহাৰ লৈ যাব [ ২৭ ]
এটা হাতীয়ে শুৰেৰে মোক তাৰ পিঠিলৈ তুলি ল'লে, আৰু মোক আনি এটা বহল পৰ্বতৰ ওপৰত এৰি থৈ গ'ল।

লাগে। মোৰ এতিয়া বয়স হোৱাত আৰু জল-যাত্ৰাবোৰৰ বিপদ- আপদত প্ৰায় জুৰুলা হৈ মই আকৌ জল-যাত্ৰা কৰিবলৈ ইচ্ছা নকৰিলোঁ। সেইমতে মই ৰজাক মোৰ আগৰ জল-যাত্ৰাবোৰৰ কথা ক'লোঁ আৰু মোক যাবলৈ পুনৰ নক’বলৈ অনুৰোধ কৰিলোঁ। কিন্তু এই কথাত কোনোমতে মই তেওঁক সন্মত কৰাব নোৱাৰিলোঁ। শেষত মই ছেৰিণ্ডিৱ পালোঁগৈ আৰু ৰজাৰ সাক্ষাত পাব খুজিলোঁ। ৰজাক সাক্ষাত কৰি আমাৰ খলিফাই দিয়া বিতোপন শিল্প কাৰ্যটি আৰু বহুত ধন-সোণৰ উপহাৰ অৰ্পণ কৰিলোঁ। ৰজাই এই উপহাৰ পাই অতি [ ২৮ ] সন্তোষ পালে আৰু মোৰ কষ্টৰ হৈ মোক অশেষ ধন্যবাদ জনালে। আহিবৰ সময়ত ৰজাই মোক বহুমূলীয়া উপহাৰ দি স্নেহেৰে বিদায় দিলে।

 অলপ দূৰ যোৱাৰ পাছতে আমাৰ জাহাজখন পানীৰ ডকাইতে পালে আৰু ধন-বস্তু লুটি আমাৰ আটাইখিনি মানুহ বন্দী কৰি নিলে। মোক নি এজন সদাগৰক বেচিলে। মই সেই সদাগৰৰ লগতে থাকিলোঁ। এদিন সদাগৰে মোক লগত লৈ এটা হাতীত উঠি চিকাৰ কৰিবলৈ গ'ল। আমি গৈ গৈ এখন অটব্য অৰণ্য পালোঁ। আমি লগত এপাচিমান খোৱা বস্তু নিছিলোঁ। মই কাঁড়েৰে ভালকৈ লক্ষ্যভেদ কৰিব পাৰিছিলোঁ। সদাগৰজনে মোক এজোপা বৰ ওখ ডাঙৰ গছ দেখুৱাই তাত উঠিবলৈ ক'লে আৰু সেই গছৰ তলেদি অহা হাতীৰ এটা কঁড়িয়াই মাৰিব পাৰিলে পিছদিনা পুৱা গৈ তেওঁক নগৰত বাতৰি জনাই আহিবলৈ আদেশ দি তেওঁ গুচি গ'ল। সেইমতেই গছত উঠি থাকি মই পিছদিনা পুৱা সেইফালেদি অহা এজাক হাতী দেখি কাঁড় মাৰিলোঁ। মোৰ বিষসনা কাঁড়ত তাৰে এটা দঁতাল হাতী পৰি ছটফটাবলৈ ধৰিলে আৰু বাকীবোৰ গুচি গ'ল। মই ততালিকে গৈ মোৰ গৰাকীক বাতৰি জনালত তেওঁ বৰ সন্তোষ পালে। তেতিয়া দুয়ো আহি এটা গাত খানি হাতীটো পচিবলৈ বুলি মাটি দি পুতি পেলালোঁ। এই ব্যৱসায়তে মই প্ৰায় দুমাহ থাকিলোঁ আৰু প্ৰায় দিনেপতি এটাকৈ হাতী মাৰিলোঁ। এদিন ৰাতিপুৱা জাক বান্ধি এজাক হাতী মই উঠি থকা গছজোপাৰ তললৈ আহি আটাইবোৰে একেলগে বৰ খঙেৰে চিঞৰিবলৈ ধৰিলে। এটা ডাঙৰ দঁতালে তাৰ দাঁতেৰে গছজোপা শিপাইদি ফালি উঘালি পেলালে। গছজোপাৰ লগতে ময়ো মাটিত পৰিলোঁহি।

 মই সেইখিনিতে মোৰ আধ্যা পৰিল বুলি ভাবিলোঁ। কিন্তু বহুত পৰৰ মূৰত দেখো যে এটা হাতীয়ে শুৰেৰে মোক তাৰ পিঠিলৈ তুলি ল’লে, আৰু মোক আনি এটা বহল পৰ্বতৰ ওপৰত এৰি থৈ গ'ল। [ ২৯ ] মই কেউফালে চাই দেখোঁ তাত মৰা হাতীৰ হাড়-মূৰবোৰ ভৰি পৰি আছে। তেতিয়া মই জানিলোঁ, এইডোখৰেই হাতী পোতা ঠাই। তাৰ পাছত মই মোৰ গৰাকী সদাগৰজনৰ ঘৰৰ ফালে খোজ ল'লোঁ। মই তেতিয়াও জীয়াই আছোঁ বুলি তেওঁ ভবাই নাছিল, কিয়নো তেওঁ সেই উঘলা গছজোপা আৰু মোৰ ধনু-কাঁড় তাত নিজে দেখি আহিছিলগৈ। গতিকে এতিয়া তেওঁ মোক দেখিবলৈ পাই বৰ আচৰিত হ'ল। তেতিয়া তেওঁক মই মোৰ ঘটনাৰ সবিশেষ বিৱৰি জনালোঁ আৰু সেই হাতী পোতা ঠাইলৈ লৈ গ'লোঁ। সদাগৰজনে তেওঁৰ হাতীটো ল'লে আৰু তাতে দুয়ো যিমান পাৰিলোঁ সেই পুতি থোৱা হাতীবোৰৰ দাঁত বুটলি তাত লাদি দিলোঁ। এইদৰেই আমি যিমান পাৰিলোঁ হাতীদাঁত সদাগৰজনৰ ঘৰলৈ কঢ়িয়ালোঁ। তাৰ পাছত আন আন সদাগৰেও এই ঠাইৰ বাতৰি পাই পাৰেমানে হাতী দাঁত কঢ়িয়ালে। সকলো সদাগৰে মোক অশেষ ধন্যবাদ জনালে আৰু নানা বহুমূলীয়া উপহাৰ আৰু অনেক ধন-সম্পত্তি দি মোৰ গৰাকী সদাগৰজনে মোক মোৰ নিজ ঠাইলৈ উলটিবলৈ অনুমতি দিলে। মই এখন জাহাজত তাৰ বহুত হাতী দাঁত আৰু এই সকলোবোৰ বস্তু লৈ নিজ দেশলৈ উলটি আহিলোঁ। তাৰ পাছত মই বেলসৰ পাই মোৰ সেই হাতী দাঁতবোৰ বেচি আশাৰ অতীত ধন পালোঁ আৰু তাৰ পাছত বামেদি বাগদাদলৈ আহিলোঁ। খলিফাৰ গুৰিলৈ গৈ মই তেওঁৰ আদেশ কেনেদৰে পালন কৰিলোঁ, সকলো জনালোঁ। তেওঁ এই সকলোবোৰ কথা সোণৰ আখৰেৰে লিখাই তেওঁৰ ৰাজ কাৰেঙত ৰখালে।

 সিন্দবাদে ক'লে, “এতিয়া মোৰ ভ্ৰমণ কাহিনীবোৰ শেষ কৰি সোধোঁ—“হিন্দ্‌বাদ! ইমান বিপদ-আপদৰ পাছত এতিয়া জীৱনৰ আবেলিত এই শান্তিময় আৰু সুখৰ জীৱন ভোগ কৰাটো জানো মোৰ যুক্তিসঙ্গত হোৱা নাই?”
[ ৩০ ]  হিন্দ্‌বাদে সেই বুঢ়া পথিকৰ হাতত সম্ভ্ৰমেৰে এটি চুমা খাই ক'লে, “আপুনি দীৰ্ঘজীৱী হৈ এই অতুল সুখ-সম্পদ ভোগ কৰক, এতিয়া মোৰ এই বাঞ্ছা হৈছে।” সিন্দ্‌বাদে তাক কিছুমান বহুমূলীয়া উপহাৰ দিলে আৰু তাক খৰিভাৰী কাম এৰি দি নিতৌ তাতে খাবলৈ আহিবলৈ একেবাৰে নিমন্ত্ৰণ জনাই থ'লে।

⸻⸻

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।