দুদিনৰ মূৰত সেইফালেদি অহা এখন জাহাজ দেখিলোঁ। মই
পাগুৰিটো নিচান কৰি দেখুৱালোঁ আৰু জাহাজখনে এখন নাও
পঠিয়াই মোক তুলি লৈ গ’ল।
অধ্যক্ষজনে মোক মোৰ চিনাকি সুধিলত, মই আচল ঘটনা লুকুৱাই জাহাজ বুৰি সেই ঠাইত উঠি প্ৰাণ ৰক্ষা কৰিছিলোঁ বুলি ক’বলৈ বাধ্য হলোঁ। কিয়নো জাহাজৰ অধ্যক্ষজন সেই ঠাইৰে মানুহ; আচল কাহিনী শুনা হ’লে তেওঁ মোক ঘূৰাই নি আকৌ পুতিবলৈ দিহা কৰিলেহেঁতেন। আমি বাটত কেইবাটাও দ্বীপ পাই শেষত কিলা বন্দৰ পালোঁগৈ। তাতে বেলসৰলৈ যাবলৈ এখন জাহাজ সাজু হৈ আছিল। মোৰ জীৱন ৰক্ষা পৰাৰ প্ৰতিদান স্বৰূপে মোৰ টোপোলাৰ পৰা উলিয়াই অলপ মণি-মুকুতা অধ্যক্ষজনক উপহাৰ দি মই সেই জাহাজত উঠিলোঁ, আৰু শেষত বাগদাদ পালোঁহি।
পঞ্চম জলযাত্ৰা
মই আগৰ বিপদ-আপদবোৰৰ কথা পাহৰি আকৌ জল-যাত্ৰা কৰিবৰ মনেৰে মোৰ নিজা খৰচত এখন জাহাজ সজালোঁ। নানা বহুমূলীয়া বস্তুৰে জাহাজখন সজাই-পৰাই লৈ আন কেইজনমান সদাগৰেৰে এদিন পাল তৰি দিলোঁ। আমাক বাটত এটা ধুমুহাই বৰ লটি-ঘটি কৰি এটা নিজান দ্বীপত লগালেগৈ।
আমি তাত পানী খাবলৈ নিৰ্মল পানী বিচাৰি যাওঁতে আগৰ এবাৰ দেখাটোৰ নিচিনা ডাঙৰ ৰোক্ চৰাইৰ কণী এটা দেখা পালোঁ। সদাগৰ আৰু নাৱিক সকলোৱে কণীটো বেঢ়ি ধৰিলে আৰু মোৰ হাক নুশুনি কুঠাৰেৰে কণীটো ফালি ভিতৰৰ পৰা চৰাই পোৱালীটো উলিয়াই আনিলে। তাৰ পাছত তাক ডোখৰ-ডোখৰকৈ কাটি ভাজি খাবলৈ ধৰিছে। এনেতে আকাশ ঢাকি দুটা ডাঙৰ চৰাই আমাৰ ফালে