পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা


সন্তোষ পালে আৰু মোৰ কষ্টৰ হৈ মোক অশেষ ধন্যবাদ জনালে। আহিবৰ সময়ত ৰজাই মোক বহুমূলীয়া উপহাৰ দি স্নেহেৰে বিদায় দিলে।

 অলপ দূৰ যোৱাৰ পাছতে আমাৰ জাহাজখন পানীৰ ডকাইতে পালে আৰু ধন-বস্তু লুটি আমাৰ আটাইখিনি মানুহ বন্দী কৰি নিলে। মোক নি এজন সদাগৰক বেচিলে। মই সেই সদাগৰৰ লগতে থাকিলোঁ। এদিন সদাগৰে মোক লগত লৈ এটা হাতীত উঠি চিকাৰ কৰিবলৈ গ'ল। আমি গৈ গৈ এখন অটব্য অৰণ্য পালোঁ। আমি লগত এপাচিমান খোৱা বস্তু নিছিলোঁ। মই কাঁড়েৰে ভালকৈ লক্ষ্যভেদ কৰিব পাৰিছিলোঁ। সদাগৰজনে মোক এজোপা বৰ ওখ ডাঙৰ গছ দেখুৱাই তাত উঠিবলৈ ক'লে আৰু সেই গছৰ তলেদি অহা হাতীৰ এটা কঁড়িয়াই মাৰিব পাৰিলে পিছদিনা পুৱা গৈ তেওঁক নগৰত বাতৰি জনাই আহিবলৈ আদেশ দি তেওঁ গুচি গ'ল। সেইমতেই গছত উঠি থাকি মই পিছদিনা পুৱা সেইফালেদি অহা এজাক হাতী দেখি কাঁড় মাৰিলোঁ। মোৰ বিষসনা কাঁড়ত তাৰে এটা দঁতাল হাতী পৰি ছটফটাবলৈ ধৰিলে আৰু বাকীবোৰ গুচি গ'ল। মই ততালিকে গৈ মোৰ গৰাকীক বাতৰি জনালত তেওঁ বৰ সন্তোষ পালে। তেতিয়া দুয়ো আহি এটা গাত খানি হাতীটো পচিবলৈ বুলি মাটি দি পুতি পেলালোঁ। এই ব্যৱসায়তে মই প্ৰায় দুমাহ থাকিলোঁ আৰু প্ৰায় দিনেপতি এটাকৈ হাতী মাৰিলোঁ। এদিন ৰাতিপুৱা জাক বান্ধি এজাক হাতী মই উঠি থকা গছজোপাৰ তললৈ আহি আটাইবোৰে একেলগে বৰ খঙেৰে চিঞৰিবলৈ ধৰিলে। এটা ডাঙৰ দঁতালে তাৰ দাঁতেৰে গছজোপা শিপাইদি ফালি উঘালি পেলালে। গছজোপাৰ লগতে ময়ো মাটিত পৰিলোঁহি।

 মই সেইখিনিতে মোৰ আধ্যা পৰিল বুলি ভাবিলোঁ। কিন্তু বহুত পৰৰ মূৰত দেখো যে এটা হাতীয়ে শুৰেৰে মোক তাৰ পিঠিলৈ তুলি ল’লে, আৰু মোক আনি এটা বহল পৰ্বতৰ ওপৰত এৰি থৈ গ'ল।