দিহা কৰিলে। তেতিয়ালৈকে মই মোৰ মনৰ ভাব লুকুৱাই
ৰাখিছিলোঁ; কিন্তু এতিয়া মই ৰজাৰ ভৰিত পৰি কাওবাও কৰি মোৰ
জীৱন ভিক্ষা মাগিলোঁ। কিন্তু মোৰ সকলো কাকূতি-মিনতি অথলে
গ’ল; তেওঁলোকে মোক বলেৰে ধৰি সেই পেৰাত ভৰাই গাতটোলৈ
পেলাই দিলে। মোৰ কান্দোনত গুহা প্ৰতিধ্বনিত হ’ল আৰু
তেওঁলোকে তালৈ আওকাণ কৰি গাতটোৰ মুখ এছটা বৰ ডাঙৰ
শিলেৰে জপাই গুচি গ'ল। মই তাৰ ৰুটি আৰু পানী খাই
কেইদিনমান জীয়াই থাকিলোঁ। তাৰ পাছত ৰুটি-পানী ঢুকালত, মই
ভোক আৰু শোকত সেই প্ৰকাণ্ড গুহাটোৰ আন এডোখৰ ঠাইলৈ
গ’লো। শৰীৰ বৰ অৱস লগাত মই মৰিবলৈ বুলি ভাবি তাৰে
এঠাইত দীঘল দি পৰিলোঁ আৰু মৰণৰ সময় আহক বুলি বাট চাই
ৰলোঁ। এনেতে কিহবাই খোজকঢ়া আৰু ফোচ্ফোচোৱা শব্দ
শুনিলোঁ। মই চক্ খাই উঠিলো। মই ঠিয় হ’লত তাৰ ফোচ্ফোচনি
আৰু ঘন হ’ল, আৰু সি তাৰ আগফালে লৰ মাৰিলে। ময়ো কিবা
ভাবি তাৰ পিছে পিছে খেদা দিলোঁ। সি মাজে মাজে ৰয় যেন লাগে,
কিন্তু মই তাৰ কাষ চপাৰ আগতে সি আকৌ ভিৰাই লৰ ধৰে!
এইদৰে গৈ গৈ শেষত তৰাৰ নিচিনা এটা পোহৰ দেখিলোঁ। তেতিয়া
মোৰ আৰু গৈ থাকিবৰ মন গ'ল। মই গৈ আছোঁ, গৈ গৈ এটা ডাঙৰ
গাঁত পাই মই সেইফালেই ওলাই গ'লোঁ।
সেইফালে ওলাই গৈ মই সাগৰৰ পাৰত ওলালোঁ। বাহিৰ ওলাই দেখিলোঁ, সেই ফোচ্ফোচোৱা বস্তুটো এটা জলচৰ জন্তু। সি পানীত থাকে আৰু ৰাতি গৈ তাত থকা মৰা মানুহবোৰ খায়। মই মন কৰিলোঁ সেই পৰ্বতটোৱে নগৰখন আৰু সাগৰৰ মাজলৈকে কেইবা মাইলো জুৰি আছে। তেতিয়া মই মোক পুতিবলৈ অনা সেই মানুহবোৰৰ হাত সাৰিলোঁ বুলি জানি আঁঠুকাঢ়ি ঈশ্বৰক এটি সেৱা জনালোঁ।