পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা

সুস্থ অৱস্থালৈ আহিলোঁ, তেতিয়া মোৰ যি অলপ ধন-সম্পত্তি বাকী আছিল, তাৰে কিছুমান মাল কিনি লৈ বেপাৰ-বাণিজ্য কৰিবৰ মনেৰে বেলসৰ বন্দৰলৈ জাহাজত যাত্ৰা কৰিলোঁ।

 যাওঁতে কেইবাটাও বন্দৰত আমাৰ জাহাজ ৰখাই বস্তু বেচা- কিনা কৰি যাবলৈ ধৰিলোঁ। এইদৰে গৈ গৈ আমি সাগৰৰ মাজত এটি সৰু দ্বীপ দেখিলোঁ। দ্বীপটি পৰিস্কাৰ-পৰিচ্ছন্ন দেখি, তাতে শোৱা- লোৱাৰ দিহা কৰিবৰ মনেৰে আমি সকলো যাত্ৰী তাতে নামি নানা হাঁহি-ধেমালি কৰিছোঁ। তেনেতে দ্বীপটো লৰিবলৈ ধৰিলে। আমাৰ সকলোৰে বৰ ভয় লাগিল। “আমি সাগৰৰ এটা বৰ ডাঙৰ তিমি মাছৰ পিঠিতহে উঠি আছো” বুলি আমি আটায়ে চিঞৰ-বাখৰ লগালোঁ। তেতিয়া জাহাজৰ নাৱত কিছুমান জাপ মাৰি উঠিল আৰু কিছুমান সাঁতুৰি সাঁতুৰি জাহাজত উঠিলগৈ। মই নৌ জাপ মাৰিবলৈ পাওঁতেই সেই প্ৰকাণ্ড পানীৰ জন্তুটোৱে তললৈ বুৰ মাৰি দিলে।

 ভাত-খোৱা মেজৰ কাম চলাবলৈ মই এডোখৰ আহল-বহল কাঠ নিছিলোঁ। তাতে ধৰি কোনোমতে মই ৰক্ষা পৰিলোঁ। মই ধৰা কাঠডোখৰ সোঁতত উটি গৈ গৈ এটা সৰু দ্বীপত লাগিলগৈ। তাতে মই নামিলোঁ। নামিয়েই ইফালে সিফালে চালোঁ, কতো জন-প্ৰাণীৰ সঞ্চাৰ নেদেখিলোঁ। তাত মুঠেই কেইটামান ঘোঁৰা পোৱালি চৰি আছে। কিছুমান গুটি-লগা গছ দেখি তেতিয়াই অলপ ফলাহাৰ কৰিলোঁ। তাৰ পাছত অলপ দূৰতে এটা গুহা দেখিলোঁ আৰু তালৈ গৈ গুহাটোতে এপৰমান বেলি শুলোঁ। সাৰ পাই উঠি আকৌ কেইটামান গছৰ গুটি খাই ৰাতিটোৰ কাৰণে জিৰাবলৈ এজোপা ডাঙৰ ওখ গছত উঠিলোঁ।

 দ্বীপটোৰ চাৰিওফালে দুপৰমান নিশাত ডবা, কাঁহ, ঘণ্টাৰ বাদ্য বজা শুনিবলৈ পাই মোৰ সেই চিলমিলকৈ ধৰা টোপনি ভাগিল। সেই বাদ্য ৰাতিপুৱালৈকে বাজিয়ে আছিল। ৰাতি পুৱালত সকলো নিতাল