মাৰি মেলি দিলোঁ। ঘৰটো সোমায়েই তাৰ ভিতৰত মৰা মানুহৰ হাড়-
মূৰ আৰু জঁকাবোৰ আৰু মানুহ সিজাবৰ কাৰণে জুইৰ ওপৰত
থোৱা কেইডালমান খৰি দেখিবলৈ পালোঁ। পিছ মুহূৰ্ততেই খাজুৰী
গছৰ সমান ওখ, ক’লা আৰু আপচু দৈত্য এটা ওলাই আহিল। তাৰ
মুঠেই চকু এটা; দাঁতবোৰ বৰ দীঘল আৰু খুৰৰ ধাৰ যেন চোকা।
তাৰ নখবোৰ ডাঙৰ চৰাইৰ নখৰ নিচিনা। সি পোনেই মোক মেকুৰী
পোৱালিটো, দঙাদি ওপৰলৈ দাঙি ল'লে। মোক লেৰেলা-চেপেটা
দেখি পিছ মুহূৰ্ততে সি আকৌ মোক থেকেচা মাৰি বহুৱাই থ’লে।
আমাৰ জাহাজৰ অধ্যক্ষজনেই আমাৰ আটাইবোৰতকৈ শকত-আৱত
আৰু বলী আছিল দেখি সি জয়ে জয়ে তেওঁৰে আধ্যা পেলালে। এই
আহাৰ সমাপন কৰি দৈত্যটোৱে তাৰ চ'ৰাঘৰতে ডাঙৰ শিলৰ খাট
এখনত দীঘল দি পৰিল আৰু সেইপিনে তাৰ টোপনি গ'ল। তাৰ
নাকৰ ঘোট-ঘোটনি বজ্ৰৰ শব্দতকৈয়ো ডাঙৰ। সেইদৰে সি ওৰে
ৰাতি শুই পুৱা উঠি গুচি গ'ল।
মই মোৰ লগৰীয়াসকলক কলোঁ, “ভাইহঁত, অনাহক শোকত কাল নকটাবা। আহাঁ, আমি কাঠ কাটি ভুৰ সাজি লওঁ।”এই বুলি লৰালৰিকৈ কাঠ কাটি দৈত্যটো ঘূৰি অহাৰ আগতে ভুৰ ঠিক কৰিবলৈ থিৰ কৰিলোঁ। কিন্তু আমাৰ হাতত বিশেষ একো সঁজুলি নথকা গতিকে আমি কাম শেষ কৰাৰ আগতে গধূলি হ’ল। আমি ভুৰখন ঠেলিবলৈ দিহা কৰিব খোজোঁতেই যমৰ মূৰ্তি ধৰি দৈত্যটো ওলালহি আৰু আমাক ঘৰলৈ খেদি লৈ গ'ল।
সেই গধুলিও আমাৰ এজন তাৰ আহাৰ হ’ল, আৰু সি নাক ঘোট-ঘোটাই আগৰ নিশাৰ দৰেই টোপনি গ'ল।
প্ৰাণত হতাশ হৈ হৈ আমাৰ সাহ বাঢ়িল আৰু আমাৰ বাকী ন জন হাতত সাৰে ভৰিত সাৰে উঠি তাত পৰি থকা লো কেডালৰ আগকেইটা জুইত দিলোঁ। যেতিয়া লো কেইডালৰ আগকেইটা টিক্টিককৰে ৰঙা হ'ল, তেতিয়া আমি আটাইকেইডাল লো নি