ক'লে, “আমি নিশ্চয় সিন্দবাদক এই ঠাইৰ পৰা দুশ-তিনিশ মাইলমান দূৰত ঢৌৱে গিলি হোৱা দেখিছিলোঁ।” যেতিয়া সকলো নাৱিক মোৰ কাষ চাপি আহিল, তেওঁলোকে চিনি পালে আৰু মই পৰিত্ৰাণ পোৱা বাতৰিত সকলোৱে আনন্দ প্ৰকাশ কৰিলে। অধ্যক্ষজনেও মোৰ সকলো বস্তু ৰঙেৰে ওলোটাই দিলে।
ঘূৰি আহি মই মিৰেজ ৰজাক অলপ বহুমূলীয়া উপহাৰ দিলোঁ আৰু তেৱোঁ মোক ততোধিক মূল্যৰ উপহাৰ যাচিলে। তেতিয়া আৰু কিছুমান মাল কিনি বেলসৰলৈ যাত্ৰা কৰিলোঁ। তাত সেই মালখিনি বেচি মই প্ৰায় চাৰি লাখ টকাৰ সম্পত্তি কৰিলোঁ আৰু তাৰে তাতে খাই-শুই মহাসুখে কাল কটাবলৈ থিৰ কৰিলোঁ।
দ্বিতীয় জলযাত্ৰা
অলপ দিনৰ ভিতৰতে এনে সুখ-শান্তিয়েও মোক আমুওৱা হ’ল, আৰু সেইদৰে থাকি থাকি আমনি লাগিলত আৰু কিছুমান মাল-বস্তু কিনি-কুটি সদাগৰ কেইজনমানেৰে মই আকৌ সাগৰত ফুৰিবলৈ ওলালোঁ। যাওঁতে বাটত আমি বহুত ঠাইত জাহাজ লগাই নামি গৈছিলোঁ, আৰু গৈ গৈ শেষত এটা সৰু দ্বীপত নামিলোঁগৈ। তাতে বহি সকলোৱে নানান আমোদ-প্ৰমোদ কৰিলোঁ। মই অলপ আহাৰ আৰু ফটিকা খাই অলপ দূৰত বহি থাকোঁতে মোক সেইফালে টোপনিয়ে হেঁচা মাৰি ধৰিলে। বহুত পৰৰ পাছত সাৰ পাই উঠি চকামকাকৈ কেউফালে চাই দেখোঁ, মোৰ সহযাত্ৰীসকল নাই। পাহৰণতে তেওঁবিলাকে মোক তাতে এৰি থৈ পাল তৰি গুচি গ'ল।
তেতিয়া মই বৰ দোধোৰ-মোৰত পৰিলোঁ আৰু মোৰ বৰ ভয় লাগিল। হতাশ হৈ শেষত মোৰ এই ভয় পাতলিল। মই এজোপা বৰ ওখ গছত উঠিলোঁ। গছৰ ওপৰৰ পৰা বহুত দূৰত বৰ ডাঙৰ আৰু বগা ঘূৰণীয়া কিবা এটা বস্তু দেখিলোঁ। তেতিয়া মই গছৰপৰা নামি