পোহৰৰ লগত সকলো সম্বন্ধ হেৰুৱালোঁ, আৰু মোৰ দিন-ৰাতি,
সমান হ’ল। মোৰ ভয় লাগিল আৰু আন্ধাৰতে গৈ গৈ মোৰ টোপনি
আহিল। ডেৰদিন মানৰ মূৰত সাৰ পাই চাওঁ মই এখন বৰ
ৰম্যপুৰীত ওলালোঁহি। কিছুমান ক’লা মানুহে মোৰ ভুৰখন বান্ধি
থৈছে। মই সুধিলত সিহঁতে ক’লে, বোলে সিহঁতে মোক সেই দেশৰ
নৈত উটি অহা পাই ভুৰখন ধৰি বান্ধিছে। সিহঁতৰ পৰা আৰু জানিব
পাৰিলোঁ যে সেই দেশৰ নাম চেবিণ্ডিব। সিহঁতে মোক আহাৰ-পানী
যতাই দিলেহি আৰু তাৰ পাছত সিহঁতৰ ৰজাৰ ওচৰলৈ মোক লৈ
গ’ল।
ৰজাক মই মোৰ কাহিনী জনালত তেওঁ শুনি বৰ ৰং পালে আৰু ততালিকে মোৰ কথাখিনি সোণৰ আখৰেৰে লিখি থ’বলৈ আদেশ দিলে। তাতে অলপ দিন থাকি মই ৰজাক সেই পৰ্বতত পাই অনা ফটিক-শিলবোৰৰ অতি বিতোপন এডোখৰ উপহাৰ দিলোঁ আৰু মোক মোৰ দেশলৈ পঠাই দিয়াব লাগে বুলি অনুৰোধ কৰিলোঁ। ৰজা তাত ৰংমনে মান্তি হ'ল, আৰু আমাৰ ৰজা খলিফা হাৰুণ- আল্-ৰছিদলৈ এখন চিঠি আৰু এটি উপহাৰ দি মোক নিজ দেশলৈ পঠাই দিলে। সেই উপহাৰৰ ভিতৰত আছিল এটি মুকুতা লগোৱা হীৰাৰ বাল্টি, কেঁচা সোণৰ নিচিনা আৰু মাৰি-মৰক গুচাব পৰা গুণ থকা এটি সাপৰ মোট, কিছুমান চন্দন কাঠ আৰু কফুৰ, আৰু এজনী বৰ সুন্দৰী বান্দী। মই গৈয়ে আমাৰ খলিফাক সেই উপহাৰ কেইটা দিলোঁ। তেওঁ বৰ সন্তোষ পাই মোক বহুমূলীয়া উপহাৰ দিলে।
সপ্তম জলযাত্ৰা
তাৰ বহুদিনৰ পাছত খলিফা হাৰুণ্-আল-ৰছিদে এদিন মোক মতাই নি ক’লে বোলে মই ছেৰিণ্ডিয় ৰজালৈ এটা উপহাৰ লৈ যাব