পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা

মাৰিলে আৰু মই কেউফালে চাই কাকো নেদেখি অতি আচৰিত হ'লোঁ। দ্বীপটো নিচেই সৰু, আৰু মণিব পৰালৈকে তাৰ চাৰিওফালে কোনো জন-প্ৰাণী নাই। মই মোৰ নিজৰ আশা এৰি দিলোঁ। তাতে দ্বীপটোত ভয়ঙ্কৰ সাপ আৰু জল-জন্তুবোৰ দেখি মোৰ পেটতে হাত- ভৰি লুকাল। তথাপি মই এই কথা ভালকৈ বুজিছিলোঁ, এই জন্তুবোৰ বৰ ভয়াতুৰ আৰু মাৰি এডাল হাতত ল'লেই সিহঁতে পানীত লুকাবলৈ তৎ হেৰুৱায়।

 পিছদিনাও মাজনিশা আকৌ সেইদৰে ডবা, কাঁহ, ঘণ্টা বজা শুনিবলৈ পালোঁ আৰু ৰাতিপুৱা আকৌ সকলো নিজম পৰিল। তাৰ পিছদিনা কেইটামান মানুহ দেখি মোৰ মুখলৈ পানী আহিল। সিহঁতে মোক দেখি বৰ আচৰিত হৈ মই কোন আৰু ক'ৰপৰা তালৈ কেনেকৈ আহিলোঁ বুলি সোধাত মই সকলো কথাৰ সমিধান দিলোঁ। তেতিয়া সিহঁতে ক'লে, “এইটো দিলায়েল নামে এটা যক্ষৰ দ্বীপ। যক্ষই প্ৰতি নিশা ডবা, কাঁহ, ঘণ্টাৰ বাদ্যেৰে এই দ্বীপ চাই যায়হি। আমি মিৰেজ ৰজাৰ ঘোঁৰাৰখীয়া। যক্ষটোৱে এই দ্বীপতে মিৰেজ ৰজাৰ ঘোঁৰা ৰাখিবলৈ অনুমতি দিছে। আমি ছমাহে ছমাহে ৰজালৈ ঘোঁৰা বাছি নিওঁহি।”

 তাৰ পাছত সিহঁতে মোক মিৰেজ ৰজাৰ গুৰিলৈ নিলে আৰু মোৰ সকলো কাহিনী শুনি ৰজাই বৰ সন্তোষ পালে। ৰজাক মই ফুৰা সেই নানা দেশৰ ৰীতি-নীতি, চলন-ফুৰণৰ কথা কওঁ, আৰু সেইবোৰত পৰম প্ৰীতি পাই তেওঁ মোক তেওঁৰ লগত সদায় লৈ ফুৰায়।

 এইদৰে অলপ দিন থকাৰ পিছত এদিন এখন জাহাজ তাৰ বন্দৰত ৰখাই বস্তু উঠা-নমা কৰা চাবলৈ গ'লোঁ। সেই জাহাজতে মই মোৰ বেলসৰলৈ নিয়া বস্তুবোৰ দেখা পালোঁ। তেতিয়াই মই লৰালৰিকৈ অধ্যক্ষজনৰ ওচৰলৈ গৈ ক'লোঁ, “অধ্যক্ষ, মই সিন্দবাদ”। তেওঁ চক্ খাই উঠিল আৰু ইবোৰ নাৱিকৰ ফালে চাই