পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা

 নিশা চাপি আহিল। মই এটা গুহাৰ আশ্ৰয় ল'লোঁ৷ ডাঙৰ ডাঙৰ শিলেৰে তাৰ মুখখন মাৰি ল'লোঁ। তথাপি ওৰে ৰাতি মই সাপৰ ফোঁচফোঁচনিত চকুৰে টিপকে মাৰিব নোৱাৰিলোঁ। ৰাতিপুৱা যেতিয়া সাপবোৰ দিহাদিহি নিজৰ গাতত সোমালগৈ, মই মৰণত শৰণ লৈ কোনোমতে বাহিৰলৈ পলাই আহিলোঁ। মই তাৰ পিছত এই ঠাই-এৰি যাবলৈ বুলি আগলৈ খোজ দিলোঁ। ভালেখিনি বাট গৈ বৰ ভাগৰ লাগিলত জিৰণি ল’বলৈ মই তাতে অলপ বহিলোঁ। ততালিকে মোৰ টোপনি আহিল। মোৰ ওচৰতে কিবা এটা ধূমুচকৰে পৰি আকৌ মোক সাৰ পোৱাই দিলে। চক্‌মক্‌ খাই চকু মেলি দেখোঁ এটুকুৰা বৰ ডাঙৰ কেঁচা মঙহ! অলপ পাছতে তেনেকুৱা আৰু কেইবা টুকুৰাও মঙহ দেখিলোঁ।

তেতিয়া মই ভালকৈ বুজিলোঁ, মই সেই বিখ্যাত হীৰাৰ ভৈয়ামত আছোঁ। এই মঙহবোৰত হীৰা লাগিব আৰু তেতিয়া তাক ঈগল চৰায়ে নি পৰ্বতত তুলিব, এই আশাৰে কোনোবা সদাগৰে সেইবোৰ তালৈ দলিয়াইছে। তেতিয়া মই লৰালৰিকৈ বাচি বাচি কিছুমান বহুমূলীয়া হীৰা টোপোলা বান্ধি কঁকালত মেৰিয়াই ল’লোঁ, আৰু মোৰ পাগুৰিটোৰ এটুকুৰা ডাঙৰ মঙহ মোৰ পিঠিত মই আঁটি আঁটি বান্ধি তললৈ পেট পেলাই পৰি থাকিলোঁ। অলপ পাছতে ক’ৰবাৰপৰা এটা ডাঙৰ ঈগল চৰাই আহি মঙহটুকুৰা কামোৰ মাৰি ধৰি উৰা মাৰিলে আৰু মোৰে সৈতে নি পৰ্বতৰ ওপৰৰ গছ এজোপাৰ খোৰোঙত তুলিলেগৈ। আনবোৰ ঈগলেও সেইদৰে হীৰা- লগা মঙহ লৈ এই পৰ্বতলৈকে উৰি আহিছিল। তাকে দেখি মঙহ এৰি উৰি যাবৰ কাৰণে সদাগৰবোৰে হায়ৌ বিয়ৌ কৰি ঈগলবোৰক ভয় খুৱাবলৈ ধৰিলে। তৎ নেপাই মঙহবোৰ তাতে এৰি ঈগলবোৰ উৰি গুচি গ'ল, আৰু সদাগৰবোৰ সেই গছত উঠিল।

 মঙহত লাগি থকা হীৰাবোৰ নিবলৈ তাৰে এজনে মই থকা চৰাই খোৰোংটোলৈ আহি মোক তাত দেখি বৰ চক্ খাই উঠিল। তাৰ