কোনোমতে এৰাব নোৱাৰি সি ভয়ে ভয়ে পিছে পিছে গ'ল আৰু সেই ঘৰৰ ভিতৰ পালেগৈ। তাত এখন ডাঙৰ মেজত বহুমূলীয়া খোৱা বস্তুৰে ভালেমান কাঁহী সজোৱা আছে আৰু তাৰ চাৰিওফালে চকীত কেইবাজনো ডাঙৰ মানুহ বহি কথা-বতৰা হৈছে। তাৰ ভিতৰৰে এজন বুঢ়া চানেকীয়া মানুহ তাৰ চকুত পৰিল, আৰু সেইজনেই ঘৰৰ গৰাকী বুলি অনুমান কৰিলে। সেই মানুহজন মৰমিয়াল বুলি তাৰ ধাৰণা হ’লআৰু তেওঁৰ চকু দুটিতো সি মৰম বিৰিঙি উঠা দেখিলে। তেতিয়া তাৰ ভয় পাতলিল। তাৰ পাছত সেই মানুহজনে তেনেকুৱা খোৱা বস্তুৰে সৈতে একাঁহী বস্তু তাক পেট ভৰাই খাবলৈ দিলে।
খুৱাই-ধুৱাই সন্তুষ্ট কৰি সিন্দ্বাদে তাক মৰমেৰে সুধিলে, “তুমি কোন? ক’ৰপৰা আহিছা? সি উত্তৰ দিলে, “মই এটা খৰিভাৰী। মই নিচেই দুখীয়া। মোৰ নাম হিন্দবাদ।” তেতিয়া তেওঁ তাক মৰমেৰে আকৌ ক'লে, “মই এইমাত্ৰ তোমাৰ মুখত দুখৰ কথা শুনিহে তোমাক ইয়ালৈ মাতি পঠাইছিলোঁ। মই যিমান সহজে ইমান চহকী হৈছোঁ বুলি তুমি ভাবিছা, সি সঁচা নহয়। মই ইমান বিপদ-আপদৰ মাজেদি ইমান দুখ-কষ্টেৰে ধনী হৈছোঁ যে অতি ধনলোভী মানুহেও মোৰ কাহিনী শুনি আৰু ধন ঘটিব নুখুজিব। বাৰু, মই মোৰ কাহিনী কওঁ শুনা।” এইবুলি তেওঁ হিন্দবাদক সুধি তাৰ খৰিভাৰ ঘৰলৈ পঠাই দিয়ালে। সিন্দবাদৰ কাহিনী শুনিবলৈ আটাইৰে হেঁপাহ হ’ল। তেওঁ ক’বলৈ ধৰিলে—
প্ৰথম জলযাত্ৰা
মোৰ চালুকীয়া অৱস্থাতে পিতাদেউ ঢুকাল। মই পিতাদেউৰ ভালেমান ধন-সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পালোঁ। পোনৰ ডেকাকাল পাই ধনক ধন নুবুলি কুসঙ্গত পৰি মই দুই হাতে সেই ধন