দেখা পালে, তেতিয়া তেওঁ ততালিকে ঘৈণীয়েকক হত্যা কৰাই পেলালে আৰু সেই দাসী কেইজনীক নিজ হাতে তৰোৱালৰ আগত খণ্ড-বিখণ্ড কৰিলে।
তেতিয়াৰে পৰা সেই সৰলচিতীয়া প্ৰজাবৎসল চুলতান অতি কঠোৰ হ’ল, আৰু তেওঁৰ এই নিষ্ঠুৰ প্ৰতিজ্ঞা ৰাজ্যত শুনাই দিলে যে তেওঁ প্ৰত্যেক দিনে এজনী ন ন ছোৱালী ঘৰলৈ আনিব আৰু পিছদিনা পুৱাই তাইক মৰাই পেলাব। যেই কথা সেই কাম। ৰজাৰ এই অমানুষিক আচৰণ দেখি সকলো প্ৰজাই অতি ত্ৰাস পালে আৰু সকলো তেনেই বিবুদ্ধি হ’ল।
চুলতানৰ এই নৃশংস কাৰ্য্যৰ অনিচ্ছুক যন্ত্ৰ আছিল তেওঁৰ মন্ত্ৰী। এই মন্ত্ৰীৰ দুজনী জীয়েক আছিল। ডাঙৰজনী শ্বেহৰাজাদী, অতি বিচক্ষণ বুদ্ধি আৰু শক্তিসম্পন্না আছিল; কিন্তু সৱাৰো উপৰি আছিল শ্বেহৰাজাদীৰ দেহৰ অতুলন ৰূপ-লাৱণ্য। সৰুজনী ডিনাৰজাদীও, বায়েকৰ অনুপাতেই বুদ্ধিমতী আৰু গুণৱতী আছিল।
এদিন কথাৰ ছলতে শ্বেহৰাজাদীয়ে মন্ত্ৰীক জনালে, তেওঁ নিজে ৰজাত বিয়া সোমাব খোজে। মন্ত্ৰীয়ে জীয়েকৰ এই প্ৰস্তাৱ শুনি নিজৰ কাণকে বিশ্বাস কৰিবলৈ টান পালে আৰু জীয়েকে কি কৈছে ভাঙি ক’বলৈ ক'লে। তেতিয়া শ্বেহৰাজাদীয়ে ক’লে বোলে তেওঁ বিয়া সোমাই চুলতানৰ এই অমানুষিক কাৰ্য্যৰ গতিত বাধা দি নিজৰ নিচিনা সহস্ৰ গাভৰুৰ জীৱন ৰক্ষা কৰি ৰজা, মন্ত্ৰী আৰু দেশৰ সুনাম ৰক্ষা কৰিব পাৰিব বুলি তেওঁৰ বিশ্বাস। কিন্তু মন্ত্ৰীয়ে একোপধ্যে এই প্ৰস্তাৱত সম্মতি প্ৰকাশ নকৰে। শ্বেহৰাজাদীয়ে বুজালে বোলে এনে এটি শুভ চেষ্টাত প্ৰাণ গ’লেও সেই মৃত্যু চিৰস্মৰণীয় হ’ব। শেষত অগত্যা জীয়েকৰ প্ৰস্তাৱত সম্মতি দিবলৈ মন্ত্ৰী বাধ্য হ’ল।
পিছদিনা যেতিয়া মন্ত্ৰীয়ে সেই প্ৰস্তাৱ নিজে দাঙি ধৰিলে, চুলতানে আচৰিত হৈ ক’লে, “কি কৈছা? তুমি পাহৰিছানেকি মই এজনী ছোৱালী দুদিনৰ কাৰণে বিয়া নকৰাওঁ বুলি কৰা কঠোৰ প্ৰতিজ্ঞা? ভাবি চোৱা, কাইলৈ পুৱাই প্ৰাণদণ্ডৰ বাবে শ্বেহৰাজাদীক তোমাৰ হাতত সঁপিম, আৰু তুমি তাত দোধোৰমোৰ কৰিলে তোমাৰ নিজ মূৰ কটা যাব।” তেওঁ ক'লে, “চুলতান, মই সকলো বুজিছোঁ। কিন্তু শ্বেহৰাজাদী নিজ প্ৰতিজ্ঞাত অটল।”