পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তথাপি তেওঁৰ সাধুৰ ওৰ নপৰিল। তাৰ লগে লগে চুলতান শ্বাৰিয়াৰ বুকু কুমলিবলৈ ধৰিলে আৰু তেওঁৰ কঠোৰ প্ৰতিজ্ঞাৰ বান্ধ ঢিলা হ’ল। তেওঁ অন্তৰেৰে শ্বেহৰাজাদীৰ অদ্ভুত শক্তিৰ প্ৰশংসা কৰিলে আৰু পোনতে কি অসীম দুঃসাহক সাৰথি কৰি শ্বাৰিয়াৰ চুলতানা হ’বলৈ আহিছিল সিও তেওঁৰ মনত পৰিল। শ্বেহৰাজাদীয়ে কোৱা সাধুবোৰত এনে অপূৰ্ব মহিমা সোমাই আছিল যে তাৰ গুণত শ্বাৰিয়াৰ শিলেৰে বন্ধোৱা হিয়াও ফুলৰ দৰে কোমল হ'ল আৰু তাৰ গুণত দোঁ-খাই শেহত শ্বেহৰাজাদীক কলে— “অনুপমা শ্বেহৰাজাদী, মই বঢ়িয়াকৈ বুজিছোঁ, তোমাৰ এই সোৱাদ সাধুৰ ৰহঘৰা সহজে শেষ নহয়। এই সাধুবোৰৰ গুণতে এতিয়া মোৰ মনৰ খং মনতে মাৰ গৈছে, আৰু শুধ চিতেৰে মই সেই নিষ্ঠুৰ আইন তুলি লৈছোঁ। আৰু জগতে এতিয়া জানিব যে মোৰ ন্যায়সঙ্গত প্ৰতিশোধৰ জুইত জাহ যাব লগা সহস্ৰ গাভৰুৰ তুমিয়েই ত্ৰাণ-কৰ্ত্ৰী।”

 শ্বেহৰাজাদীয়ে কৃতজ্ঞতাপূৰ্ণ হিয়াৰে তেওঁৰ ভৰিত দীঘল দি পৰিল। মন্ত্ৰী, সভাসদ আৰু গোটেই ৰাজ্যৰ মাজত এই সু-সম্বাদ ৰাষ্ট্ৰ হৈ পৰিল; চুলতান আৰু চুলতানৰ মূৰত সমগ্ৰ ৰাজ্যৰ শুভ ইচ্ছা আৰু আশীৰ্বাদৰ জয়মালা পৰিবলৈ ধৰিলে।

 এই সাধুবোৰেই “এহেজাৰ এনিশা” বা “আৰবীয় নিশা” সাধু নামে প্ৰায় গোটেই পৃথিৱীত প্ৰথিত। এই সাধুবোৰৰ অতি সুপ্ৰসিদ্ধ সৰবৰহী সাধুৰ ভিতৰত “আলিবাবা”, “সিন্দ্‌বাদ” আৰু “আল্লাউদ্দিন” সাধুৱেই প্ৰধান বুলি সকলোৱে একেমুখে কয়। সেই দেখি “আলিবাবা”ৰ পিছতে “সিন্দবাদ” সাধু লেখিকাই ৰাইজৰ আগলৈ উলিয়াইছে আৰু সকলোৰে উৎসাহ সমাদৰ পাব বুলি আশা কৰিছে।

শুৱনী পজা, যোৰহাট
ফাগুন, ১৮৫৯ শক

শ্ৰীডিম্বেশ্বৰ নেওগ