সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
একালত বাগদাদ্ নগৰত হিন্দ্বাদ নামে এটা দুখীয়া খৰিভাৰী আছিল। সি দিনটো কাঠ কাটি কান্ধেৰে কঢ়িয়াই নি নগৰত বেছি কোনোমতে তাৰ ল’ৰা–তিৰোতাৰ সৈতে পেট প্ৰৱৰ্তাইছিল। এদিন সি জহকালি বৰ ৰ'দত কান্ধত মেটমৰা খৰি এভাৰ লৈ ঘামি-জামি আহিছিল। ভাগৰ লাগি বাটৰ কাষৰ এজোপা বৰ গছৰ তলতে খৰিভাৰ নমাই সি জিৰণি ল’বলৈ বহিল।
অলপ পাৰৰ পাছতে বতাহৰ ঢালত ক’ৰবাৰ মধুৰ সঙ্গীত আৰু সুগন্ধ উটি আহি তাৰ দুখ-ভাগৰ পাতলাই দিলে। ইমান সুৱলা গীত আৰু এনে সুমধুৰ গোন্ধ, সি যে জীৱনত কেতিয়াও পোৱা নাই! ঘূৰি চাই সি ভালেমান দুৱাৰ-খিৰিকি থকা ৰাজ কাৰেঙৰ নিচিনা এটা ঘৰ দেখিবলৈ পালে আৰু সেই ঘৰটোৰ ভিতৰৰ পৰাই সেই গীত আৰু গোন্ধ উটি আহিছিল বুলি সি অনুমান কৰিলে।
চহৰখনৰ এই অঞ্চললৈ হিন্দ্বাদ আগেয়ে কেতিয়াও অহা নাছিল। সেইদেখি সি ওচৰতে এটা মানুহ লগ পাই সুধিলে, “এইটো কাৰ ঘৰ?” মানুহটোৱে ক'লে, “কিয়, তুমি জানো এই চহৰৰে মানুহ নোহোৱা? এইটো সেই ধনী নাৱিক সিন্দ্বাদৰ ঘৰ!” সিন্দ্বাদৰ নাম আৰু অতুল ঐশ্বৰ্যৰ কথা হিন্দ্বাদে আগেয়েই শুনিছিল। সেই দেখি সি নিজে নিজে ক’বলৈ ধৰিলে, “এই সিন্দ্বাদ আৰু মোৰ ভিতৰত কিমান প্ৰভেদ! মই যিমান ছাল-ছিগা ভিকুহু, এওঁ সিমান চহকী। মই ওৰে দিনটো মূৰৰ ঘাম মাটিত পেলাই কাম কৰিও দুবেলা দুমুঠি পেট, ভৰাই খাবলৈ নাপাওঁ, আৰু এওঁ বহি বহিয়ে এনে সুখ-সম্পদ ভোগ কৰে। ঈশ্বৰৰ এনে অবিচাৰ!”
এইদৰে নানান আকাশ-পাতাল গুণি থাকোঁতেই সেই ঘৰৰ এটা