পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাতি চুলতানে তেওঁৰ শোৱাকুঠৰীত শ্বেহৰাজাদীক ওৰণি গুচাবলৈ আদেশ দি দেখিলে —পবিত্ৰ সুধাসনা মুখখনি। তেওঁ তন্ময় হ’ল। কিন্তু তাৰ লগতে তেওঁৰ চকুত পৰিল সেই সুন্দৰীৰ দুগালেদি বোৱা দুধাৰি চকুলো। ততালিকে চুলতানে তেওঁক তাৰ কাৰণ সুধিলে। শ্বেহৰাজাদীয়ে ক'লে, “মাননীয় চুলতান, এয়ে মোৰ শেষ ৰাতি, মই ভালকৈ বুজিছোঁ। কিন্তু মোৰ এজনী অতি মৰমৰ ভনী আছে, তাইক যদি এই ৰাতি মোৰ লগতে এই কুঠৰীত শুবলৈ দিয়ে তেনেহ'লে মোৰ শেষ ইচ্ছা পূৰণ হ'ব!” চুলতানে তাত অনুমতি দিলে।

 ৰাতি পুৱাবলৈ আৰু এপৰমান সময় আছে, এনেতে ডিনাৰজাদীয়ে মাত লগালে, "বাইদেউ, তুমি জনা সেই সোৱাদলগা সাধুবোৰৰ এটা সাধু মোক ক'বানে? তুমি নহ'লে আৰুনো কোনে মোক তেনেকুৱা সাধু ক'ব?" শ্বেহৰাজাদীয়ে চুলতানৰ অনুমতি খুজিলে, আৰু তেওঁ অনুমতি দিলে। তেতিয়া শ্বেহৰাজাদীয়ে ভণীয়েকক শুনিবলৈ কৈ চুলতানক সম্বোধন কৰি এটা সাধু ক'বলৈ ধৰিলে।

 সাধুটো আধা কোৱা হৈছে, এনেতে ৰাতি পুৱাল। ডিনাৰজাদীয়ে ক'লে, "বাইদেউ, কেনে আচৰিত সাধুটো। শ্বেহৰাজাদীয়ে ক'লে, "বাকীছোৱা আৰু আচৰিত। মাননীয় চুলতানে যদি মোক অহা নিশাটো জীয়াই থাকিবলৈ দিয়ে, তেনেহ'লে সেইছোৱা শুনি দুয়ো অদ্ভূত মানিবা।" চুলতানে সাধুটো বিশেষ মনোযোগেৰে শুনি আছিল। তেওঁ ভাবিলে, "শ্বেহৰাজাদীতো মোৰ আঁঠুৱা তলৰ ম'হ, যেতিয়াই মোহাৰ মাৰোঁ তেতিয়াই মৰিব। বাৰু, এৰাতি সময় দি সাধুটো শেষ কৰাওঁ।" এই বুলি তেওঁক আৰু এৰাতি সময় দিলে।

 চুলতান সোনকালে উঠিল। মন্ত্ৰীয়ে নানা চিন্তা-উদ্বিগ্নতাৰে মৰমৰ জীয়েকৰ প্ৰাণদণ্ডৰ আদেশ পাবলৈ ভয় কৰি বাট চাই আছে। কিন্তু তেওঁ আহি তেনে কোনো আদেশ নিদিয়াকৈ শান্তভাৱে ৰাজকাৰ্যত মন দিয়া দেখি মন্ত্ৰী অতি আচৰিত হ'ল। কিন্তু তাৰ কাৰণ ভাবি নাপালে।

 পিছ নিশাও ছল-বুদ্ধি কৰি আন এটা সাধু ক'বলৈ আৰু এনিশা সময় ল'লে আৰু চুলতানে তাত আপত্তি কৰিব নোৱাৰিলে। এইদৰে এনিশা-দুনিশাকৈ এহেজাৰ এনিশা শ্বেহৰাজাদীয়ে সাধু কৈয়েই থাকিল: