পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/১৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
মই বগুৱা বাই বাই তাৰ ঠেঙৰ ওচৰ পালোঁগৈ।

লৰি সেই বস্তুটোৰ ওচৰ পালোঁগৈ। কাষ চাপি গৈ মই আৰু আচৰিত হ'লোঁ। তাৰ মেৰটো একুৰি বাৰ-তেৰ হাতমান আৰু সি হাতী দাঁতৰ নিচিনা বগা আৰু মিহি। চাৰিওফালে ঘূৰি ঘূৰি চালোঁ, কেনিও বিন্ধা এটাকে নাই।

 এইদৰে তাৰে আলেখ-লেখ চাওঁতেই ক্ৰমে বেলি পৰোঁ পৰোঁ হ’ল। এনেতে হঠাৎ আকাশখন ক’লা হৈ অহা যেন লাগিল আৰু মই