পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি

পাৰস্য দেশৰ পুৰণি ৰজাসকলৰ ইতিবৃত্তত অতি প্ৰসিদ্ধ এজন ৰজা আছিল। তেওঁ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু চীন দেশলৈকে তেওঁৰ ৰাজ্যৰ বিস্তাৰ কৰিছিল। তেওঁৰ পাছত তেওঁৰ বৰ পুতেক শ্বাৰিয়াৰে তেওঁৰ ৰাজ্যৰ সৰহ ফাল অধিকাৰ কৰিছিল আৰু সৰু পুতেক শ্বাজেনান সমৰকণ্ডৰ অধিপতি হৈছিলগৈ।

 দহ বছৰ এইদৰে এৰা-এৰি হৈ থকাৰ পাছত শ্বাৰিয়াৰে মৰমৰ ভায়েক শ্বাজেনানক চাবলৈ বৰ হেঁপাহ কৰি সসম্মানে তেওঁক মাতি আনিবলৈ বহুত লগুৱা-লিগিৰা আৰু পৰিজনেৰে মন্ত্ৰীক পঠাই দিলে। শ্বাজেনানে সমুচিত সম্ভ্ৰমেৰে তেওঁলোকক শুশ্ৰুষা কৰিলে, আৰু মন্ত্ৰীৰ, মুখে চেনেহৰ সহোদৰৰ ইচ্ছা বুজি তেওঁ বৰ আহ্লাদিত হ’ল। তেওঁ ৰাজ্যৰ ভাৰ অলপ দিনৰ বাবে আনৰ হাতত অৰ্পণ কৰি দহ দিনৰ ভিতৰতে তেওঁলোকৰ লগত ছুলটানৰ ওচৰলৈ যাবলৈ দিহা-যুগুতি কৰিবলৈ ধৰিলে।

 দহ দিনৰ পাছত প্ৰজাবৎসল ৰজা শ্বাজেনানে ৰাণীৰ পৰা মেলানি লৈ নগৰৰ বাহিৰ ওলাল। কিন্তু নগৰৰ বাহিৰতে টম্বু তৰি সেইদিনা তেওঁ সেই মন্ত্ৰীৰ লগত মাজ নিশালৈকে নানা কথা-বতৰা পাতি থাকিল। আকৌ এবাৰ আহি তেওঁ তেওঁৰ প্ৰাণসমা ৰাণীক চাই যাবৰ হেঁপাহেৰে নগৰ সোমাল। কিন্তু কি অদৃষ্টৰ ফেৰ! তেওঁ আহি দেখে যে প্ৰাণতকৈও অধিক আদৰৰ বুলি যাক সদায় ভাবি আহিছিল, সেই ৰাণী বিশ্বাস ঘাতকিনী, অসতী!! তেওঁ ততালিকে ফাঁকৰ পৰা তৰোৱাল উলিয়াই লৈ সেই পাতকিনীক নিজ হাতে তাইৰ উপযুক্ত দণ্ড বিহিলে।

 পিছদিনা পুৱাই তেওঁলোক সেই মাননীয় ছুলটানৰ ৰাজধানীৰ ফালে বেগাই যাত্ৰা কৰিলে। ৰাজধানীৰ ওচৰ চাপোঁতেই চুলতানে নিজে সপৰিজনে অতি সমাৰোহে সমৰকণ্ডৰ অধিপতিক আদৰি নিলেহি। ইমান