পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/১৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
মই ধৰা কাঠডোখৰ সোঁতত উটি গৈ গৈ এটা সৰু দ্বীপত লাগিলগৈ।

ছটিয়াবলৈ ধৰিলোঁ। মই অকল যে পৈতৃক ধন-সম্পত্তিবোৰকেহে নষ্ট কৰিলোঁ এনে নহয়, তাৰ লগে লগে মোৰ স্বাস্থ্যও হেৰুৱালোঁ। তাৰ পাছত মই এটা ডাঙৰ নৰিয়াত পৰিলোঁ। তেতিয়া মোৰ সেই সম্পদৰ লগৰীয়াসকলে মোক এৰি গ'ল আৰু দিনে-ৰাতিয়ে পাটিত পৰি থাকি ডেকা বয়সৰ সেই কুকাৰ্যবোৰৰ বিষয়ে ভাবিবলৈ মোৰ বহুত আহৰি ওলাল। বেমাৰৰ পৰা অলপ সকাহ পাই যেতিয়া মই ক্ৰমে